Breaking

ৰাজ্যৰ বৰ্ধিত নিবনুৱা সমস্যাৰ মাজতেই পানী ফিল্টাৰ কৰা মেচিন বিক্ৰী কৰি স্বাৱলম্বী হৈছে মাজবাটৰ এজন উদ্যমী যুৱক কিশোৰ শৰ্মা

0 1,099

দেশৰ লগতে ৰাজ্যৰ বৰ্তমানৰ সকলোতকৈ ডাঙৰ সমস্যাই হল নিবনুৱা সমস্যা । বৰ্ধিত নিবনুৱা সমস্যাই ৰাজ্য বাসীক চিন্তিত কৰি তোলা সময়ত  ওদালগুৰি জিলাৰ মাজবাট বিধানসভা সমষ্টিৰ অন্তৰ্গত ওৰাঙৰ এজন কিশোৰ শৰ্মা নামৰ যুৱক জনে  অঞ্চলটোৰ ৰাইজৰ চকু আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে । 
ওৰাং নিবাসী কিশোৰ শৰ্মা নামৰ এজন উদ্যমী যুৱক এজন ব্যৱসায়ী হিচাপে পৰিচিত  হোৱাৰ উপৰিও এজন সমাজসেৱী ও দক্ষ  যুৱ নেতা হিচাপে সমগ্ৰ মাজবাট অঞ্চলত নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে ।   বৰ্তমান কিশোৰ শৰ্মাই ওদালগুৰি জিলাৰ ওৰাঙৰ দৰে পিছ পৰি থকা অঞ্চলত থাকিও ৰাজ্যৰ সকলো জিলাৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ  চৰকাৰী অফিচ ,কাৰ্য্যালয়, ঘৰ ,হোটেল , ৰেষ্টুৰেণ্ট আদিত আধুনিক পদ্ধতিৰ পানী ফিল্টাৰ মেচিন বহুৱাই দূষিত পানীক বিশুদ্ধ খোৱা পানীলৈ ৰূপান্তৰিত কৰি উদ্যামী যুৱক কিশোৰ শৰ্মাই সমাজ সেৱাৰ লগতে নিজৰ ব্যৱসায়কো শীর্ষ শিখৰলৈ লৈ যোৱা পৰিলক্ষিত হৈছে । উদ্যামী যুৱক কিশোৰ শৰ্মাই জানিব দিয়া মতে বৰ্তমান অসম চৰকাৰে ৰাজ্যৰ বৃহৎ খোৱাপানীৰ সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ স্কুল ,অংগনাবাদী কেন্দ্ৰ সমূহত অসমৰ বিভিন্ন জিলাত PHE কাৰ্য্যালয়ৰ তত্বাৱধানত প্ৰথম অৱস্থাত কিছু  স্কুল , অংগনাবাদী কেন্দ্ৰ আদিত একোখন কৈ আইৰণ ৰি’মভ ফিল্টাৰ বহুৱাই থকা হৈছে । অসমৰ প্ৰত্যেক জিলাৰ যিসকল PHE ঠিকাদাৰ সকলে এই IRON REMOVE FILTER ৰ ঠিকা বোৰ লাভ কৰিছে সেই ঠিকাদাৰ  সকলকৰ লগতে ৰাইজকো  মাজবাটৰ উদ্যামী যুৱক কিশোৰ শৰ্মাই পানীৰ ফিল্টাৰ বজাৰ মূল্যত কৈ কিছু কম মূল্যত আৰু চৰকাৰে চৰ্ত দিয়া অনুযায়ী মেচিনৰ সতে  CSIR লাইচেন্স  সহ মেচিন যোগান ধৰি আহিছে  । কিশোৰ শৰ্মাই ৰাজ্য তথা বৰ্হি ৰাজ্যতো কেইবাটাও মিনাৰাল ৱাটাৰৰ ফেক্টৰীৰ মেচিন যোগান ধৰি আহিছে । কিশোৰ শৰ্মাই ৰাজ্যৰ বিভিন্ন জিলাত আজিকালি বজাৰত দেখিবলৈ পোৱা 20 লিটাৰৰ বিশুদ্ধ খোৱা পানী তৈয়াৰ কৰা ফেক্টৰী আৰম্ভ কৰি স্বাৱলম্বী হব বিচৰা ৰাজ্যৰ যুৱক সকলকো R.O PLANT চাপ্লাই কৰি আহিছে ।লগত পানী ফেক্টৰীৰ বাবে প্ৰয়োজনীয় সকলো মেটেৰীয়েল যেনে 20  লিটাৰ খালি বটল ,বটলত খোপা , ডিছপেন্সৰ আদিও যোগান ধৰি আহিছে ।   শৰ্মাই বিশুদ্ধ খোৱাপানীৰ বাবে IRON REMOVE ফিল্টাৰ বহুৱাই নিজৰ ব্যৱসায়ক আগুৱাই লৈ যোৱা পৰিলক্ষিত হৈছে ।  মাজবাট অঞ্চলৰ  নিবনুৱা সকলৰ বাবে এক উদাহৰণ স্বৰূপ হৈ পৰা কিশোৰ শৰ্মাৰ ব্যৱসায় প্ৰতিষ্ঠান টোৰ নাম TINA ITNERNATIONAL নামাৰে পঞ্জীয়ন কৰা আছে । জানিব পৰা মতে এই TINA INTERNATIOANL নামৰ  কিশোৰ শৰ্মাৰ ব্যৱসায় প্ৰতিষ্ঠান টো আজি প্ৰায় ১৩ বছৰ আগৰে পৰা পশ্ছিম বঙ্গতো  আৰম্ভ কৰা হৈছে বুলি শৰ্মাই জানিব দিয়ে

Leave A Reply