Home Blog Page 2971

বিশ্বনাথত নৱনিৰ্মিত ক’ভিড প্ৰতিষেধক ভড়ালৰ শুভ উদ্বোধন কৰিলে অভিভাৱক মন্ত্ৰী পীয়ুষ হাজৰিকাই

অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী তথা বিশ্বনাথ জিলা প্ৰশাসনৰ অভিভাৱক মন্ত্ৰী  পীয়ুষ হাজৰিকাই মঙলবাৰে বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ৰ সমিপত প্ৰায় চাৰি লাখ টকা ব্যয়সাপেক্ষে নিৰ্মিত ক’ভিড প্ৰতিষেধক ভড়াল এটিৰ শুভ উদ্বোধন কৰে। উল্লেখযোগ্য যে অতি কম দিনৰ ভিতৰতে বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্ত তত্বাৱধানত আৰু  বিশ্বনাথ জিলা প্ৰশাসন তথা স্বাস্থ্য বিভাগৰ উদ্যোগত আৰু টি কে ইঞ্জিনীয়াৰিঙ প্ৰাইভেট লিমিটেড আৰু বিশিষ্ট সমাজকৰ্মী  উদয় আদিত্য গোস্বামীৰ অৰ্থ সাহায্যত ক’ভিড প্ৰতিষেধক ভড়ালটি নিৰ্মাণ কৰি উলিওৱা হৈছে। নিজৰ ভাষণ প্ৰসঙ্গত মন্ত্ৰী  হাজৰিকাই নিৰ্ধাৰিত সময়ৰ ভিতৰতে ক’ভিড টীকা ভড়ালটিৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰি তোলাৰ বাবে জিলা প্ৰশাসন আৰু অৰ্থ সাহায্য প্ৰদান কাৰীসকলৰ শলাগ লয়। ইয়াৰ অভাৱত পূৰ্বতে শোণিতপুৰ জিলাৰ পৰা ক’ভিডৰ প্ৰতিষেধক আনিব লগা হৈছিল যাৰফলত বিশ্বনাথ জিলাত টিকাকৰণ কাৰ্যসূচী কিছু পৰিমাণে ধীৰ হৈ পৰিছিল। সম্প্ৰতি ৪০,০০০ পালি টীকা মজুতকৰণৰ ক্ষমতা থকা ভড়ালটি উদ্বোধন কৰি মন্ত্ৰী  হাজৰিকাই কয় যে দেশৰ প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোডী আৰু অসমৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতাৰ বাবেই আজি অধিক সংখ্যক মানুহে ক’ভিডৰ প্ৰতিষেধক গ্ৰহণ কৰিবলৈ সমৰ্থ হ’ব পাৰিছে। মন্ত্ৰীগৰাকীয়ে কয়, “ভেকচিন ল’বলৈ মানুহ আগ্ৰহী। ভেকচিন লৈ, মাস্ক পিন্ধি, সামাজিক দূৰত্ব বজাই ৰাখি অথবা সঘনাই হাত বীজাণুমুক্ত কৰিহে আমি ক’ভিডক জয় কৰিব পাৰিম”। আনহাতে কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰে ব্যাপক হাৰত আৰম্ভ কৰা ক’ভিড ১৯ ৰ টীকাকৰণৰ বাবে আৰু অধিক সংখ্যক মানুহক ওলাই আহিবলৈ মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়। উদ্বোধনী কাৰ্যসূচীত ভাগ লৈ প্ৰাক্তন মন্ত্ৰী তথা বিহালীৰ বিধায়ক  ৰঞ্জিত দত্তই সকলো ৰাইজকে চৰকাৰে আগবঢ়োৱা বিনামূলীয়া টীকাকৰণৰ সুবিধা গ্ৰহণ কৰি ক’ভিডৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দিবলৈ আহ্বান জনায়। মন্ত্ৰীগৰাকীৰ সৈতে আজিৰ কাৰ্যসূচীত অভিভাৱক সচিব ৰাজেশ প্ৰসাদ, বিশ্বনাথৰ বিধায়ক  প্ৰমোদ বৰঠাকুৰ, জিলা উপাযুক্ত  প্ৰণৱ কুমাৰ শৰ্মা, সমাজকৰ্মী উদয় আদিত্য গোস্বামী, অন্যান্য বিষয়াবৰ্গ, টি কে ইঞ্জিনীয়াৰিঙ প্ৰাইভেট লিমিটেডৰ বিষয়াবৰ্গ আদি উপস্থিত আছিল।ইয়াৰ পূৰ্বে মন্ত্ৰী  পীয়ুষ হাজৰিকাই দুটাকৈ ক’ভিড ১৯ প্ৰতিষেধক প্ৰদান কেন্দ্ৰত উপস্থিত হৈ কেন্দ্ৰীয় চৰকাৰে যোৱা সোমবাৰৰ পৰা আৰম্ভ কৰা “সকলোৰে বাবে বিনামূলীয়া টীকাকৰণ” অভিযানৰ বুজ লয়। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰা “সকলোৰে বাবে বিনামূলীয়া টীকাকৰণ” অভিযানৰ অংশস্বৰূপে অসমত ১৮ বছৰৰ উৰ্দ্ধৰ দৈনিক তিনি লাখ ব্যক্তিক প্ৰায় ২০০০ টীকাকৰণ কেন্দ্ৰৰ জড়িয়তে বিনামূলীয়াকৈ ক’ভিড ১৯ ৰ টীকা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। বিশ্বনাথ জিলাতো অৰ্ধশতাধিক কেন্দ্ৰত ক’ভিড ১৯ ৰ টীকাকৰণৰ চলি আছে। মন্ত্ৰীগৰাকীয়ে জিলাখনৰ নাগ শঙ্কৰ হাইস্কুলস্থিত আৰু মোনাবাৰী চাহবাগিছাৰ প্ৰতিষেধক প্ৰদান কেন্দ্ৰ দুটা পৰিদৰ্শন কৰি টীকাকৰণৰ সমগ্ৰ কাৰ্যসূচী তথা ব্যৱস্থাৱলীৰ পৰ্যবেক্ষণ কৰে।

ফটাশিল,আমিনগাঁওত আবকাৰী বিভাগৰ অভিযান : দেশী-বিদেশী সুৰা জব্দ,৩ জনক আটক

ক’ভিড কেন্দ্ৰীক ভয়াবহতা স্বত্তেও গুৱাহাটী মহানগৰীত একাংশ লোকে কৌশলৰে চলাই আছে দেশী – বিদেশী অবৈধ সুৰাৰ বেহা । এনে অবৈধ বেহা বন্ধ কৰিবলৈ   আবকাৰী বিভাগৰ  কামৰূপ মহানগৰ জিলাৰ আবকাৰী অধীক্ষক মানৱী দাসৰ  নেতৃত্বত কালি দিনৰ ভাগত  গুৱাহাটী সদৰ আবকাৰী চক্ৰই  মহানগৰীৰ ফটাশিল আমবাৰীৰ হৰিজন কলনী আৰু শৰাইঘাট দলঙৰ কাষৰীয়া আমিনগাঁও বজাৰত  অবৈধ সুৰাৰ বিৰুদ্ধে এক অভিযান চলায় ।আৱকাৰী বিভাগৰ সূত্ৰই সদৰি কৰা ফটাশিল আমবাৰীৰ হৰিজন কলনীত  চলোৱা অভিযানত   প্ৰায় ৫০ লিটাৰ  চুলাই মদ জব্দ কৰা হয় । তেনেদৰে আমিনগাঁও বজাৰত  ২২  কার্টুন বিভিন্ন ব্ৰেণ্ডৰ বিদেশী সুৰা আৰু বিয়েৰ   জব্দ কৰে অভিযানকাৰী দলটোৱে । আনহাতে  অভিযানকাৰী দলটোৱে ফটাশীলত এজন আৰু আমিনগাঁওত দুজনসহ মুঠ তিনিজন লোকক হাতে লোটে আটক কৰে । আটকাধীন তিনিওজনকে কামৰূপ মহানগৰ জিলাৰ মুখ্য দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱাত আদালতে তেওঁলোকক জেললৈ প্ৰেৰণ কৰে । ইফালে যোৱাকালিও অভিযানকাৰী দলটোৱে বিৰুৱাৰীৰ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ সমীপত অভিযান চলায় ৫ কাৰ্টুন বিভিন্নজনে বিভিন্ন ব্ৰেণ্ডৰ বিদেশী সুৰাসহ এজন লোকক আটক কৰিছিল ।

গোলাঘাটত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ ক’ভিড প্ৰতিষেধক কেন্দ্ৰ পৰিদৰ্শন :পৰিস্থিতি সাপেক্ষে অধিক কঠোৰ হোৱাৰ ঘোষণা

গোলাঘাট জিলাৰ অভিভাৱক মন্ত্ৰী তথা ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই আজি জিলাখনৰ বিভিন্ন ক’ভিড প্ৰতিষেধক কেন্দ্ৰ পৰিদৰ্শন কৰে। দুপৰীয়াৰ ভাগত  উপস্থিত হোৱা ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে গোলাঘাটৰ স্প’ৰ্টচ কমপ্লেক্সত থকা ক’ভিড প্ৰতিষেধক টীকাকৰন কেন্দ্ৰ পৰিদৰ্শন কৰি সামগ্ৰীক পৰিস্থিতিৰ বুজ লয় । ক’ভিড প্ৰতিষেধক টিকাকৰন কেন্দ্ৰ পৰ্যবেক্ষণ কৰি গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশব মহন্তই। বৰ্তমান ৰাজ্যত ক’ভিডৰ সৈতে মোকাবিলা কৰিব পৰাকৈ  পৰ্যাপ্ত পৰিমানৰ ভেকচিন,অক্সিজেন মজুত আছে বুলিও জানিবলৈ দিয়ে । আনহাতে সম্পূৰ্ণ  লকডাউন দিয়া সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দি কয় যে , গোলাঘাট জিলাখনত আংশিক লকডাউনেই হৈ থাকিব যদিও প্ৰয়োজনত অংশবিশেষ  লকডাউন দিয়া  বা কন্টেইমেন্ট জ’ন ঘোষণা কৰা হ’ব পাৰে বুলি কয়। যদিও সেইয়া স্পষ্টকৈ কোৱা পৰিলক্ষিত নহ’ল।  অৱশ্যে  লকডাউনৰ নীতি -নিৰ্দেশনা  পূৰ্বতকৈ কঠোৰ হ’ব বুলি স্পষ্টকৈ  জানিবলৈ দিয়ে মন্ত্ৰী জনে। ইয়াৰোপৰি আজি মন্ত্ৰী জনে জিলা খনৰ বোকাখাত নাট্য মন্দিৰ, বৰপথাৰৰ আদৰ্শ হিন্দী হাইস্কুল, সৰুপথাৰৰ থুৰাজান এম ই স্কুল ,খুমটাইৰ জয়া গগৈ কলেজ, পাঁচ আলি শিৱ মন্দিৰ আৰু দেৰগাঁৱৰ মাৰোৱাৰী ধৰ্মশালা আদি সাতটা প্ৰতিষেধক প্ৰদান কেন্দ্ৰত উপস্থিত হৈ সবিশেষ বুজ লয়।

বিদ্যালয় একত্ৰীকৰণকলৈ পূব নলবাৰীৰ খাতা কেন্দ্ৰত জৰুৰী সভা

অসম চৰকাৰৰ শেহতীয়া এক সিদ্ধান্তৰ বাবে একাংশ ৰাইজৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আধা কিল’মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত থকা যিবোৰ নিম্ন প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা এশতকৈ কম, প্ৰতিটো শ্ৰেণীত চল্লিশজনতকৈ কম থকা আৰু এক কিল’মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত থকা উচ্চ প্ৰাথমিক বিদ্যালয় একত্ৰীকৰণ সন্দৰ্ভত চৰকাৰীভাৱে জাৰি কৰা নিৰ্দেশৰ পৰিপ্ৰেক্ষিতত পূব নলবাৰী শিক্ষাখণ্ডৰ অধীনস্থ ১নং খাতা মণ্ডল সমল কেন্দ্ৰৰ এখন জৰুৰী সভা কালি ক্ষুদ্ৰচেনিকুছি প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হয়। ক’ভিড প্ৰ’ট’কল সম্পূৰ্ণৰূপে মানি অনুষ্ঠিত সভাখনত পৌৰহিত্য কৰে সমল কেন্দ্ৰটোৰ সমন্বয়ক সুভাষ বৰ্মনে। সভাখনত উত্তৰ পূব খাতা বিদ্যাপীঠ মধ্য ইংৰাজী বিদ্যালয়-ক্ষুদ্ৰচেনিকুছি প্ৰাথমিক বিদ্যালয় আৰু দিব্যজ্যোতি বালিকা বিদ্যাপীঠ মধ্য ইংৰাজী বিদ্যালয়-প্ৰেম নাৰায়ণ প্ৰাথমিক বিদ্যালয়-৮৩৩নং গন্ধিয়াতোলা প্ৰাথমিক বিদ্যালয়ৰ একত্ৰীকৰণ সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয়। সমন্বয়ক সুভাষ বৰ্মনে বিভাগীয় নীতি-নিৰ্দেশনাখিনি তুলি ধৰাত শিক্ষকসকলে বিদ্যালয় পৰিচালনা সমিতিৰে প্ৰস্তাৱটো আলোচনা কৰাৰ পোষকতা কৰে যদিও চৰকাৰীভাৱে সময় নিদিয়াত শিক্ষকসকল বিপাঙত পৰে। আজি উত্তৰ পূব খাতা বিদ্যাপীঠৰ হৈ প্ৰধান শিক্ষক ৰজনী কান্ত হালৈ, জ্যেষ্ঠ সহঃ শিক্ষক অমূল্য তালুকদাৰ, ক্ষুদ্ৰচেনিকুছি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী যামিনী দাস, দিব্যজ্যোতি বালিকা বিদ্যাপীঠ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক যাদব দাস,সহঃ শিক্ষকদ্বয় অৰবিন্দ ডেকা আৰু চক্ৰধৰ পাঠক, প্ৰেম নাৰায়ণ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক দেবেন দাস আৰু ৮৩৩নং গন্ধিয়াতোলা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক যতীন বৈশ্যই নিজ নিজ অভিমত তুলি ধৰে। বিদ্যালয়ৰ একত্ৰীকৰণৰ কথাখিনি প্ৰচাৰ হোৱাৰ লগে লগে স্থানীয় ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। একাংশই একত্ৰীকৰণ প্ৰক্ৰিয়া আদৰণি জনোৱাৰ বিপৰীতে আন একাংশই অসমীয়া মাধ্যমৰ বিদ্যালয় ক্ষতিগ্ৰস্ত হ’ব বুলি আশংকা ব্যক্ত কৰে।

নলবাৰীৰ কঞাকুছিত বিনামূলীয়া ক’ভিড ভেকচিন প্ৰদান

ক’ভিড মহামাৰীৰ উপদ্ৰপৰ পৰা ৰক্ষা পোৱাৰ হেতু ৰাজ্যৰ চহৰ, নগৰ, গ্ৰাম্যাঞ্চলত ১৮ বছৰ আৰু ৪৫ বছৰৰ উৰ্ধৰ বয়সৰ লোকসকলক বিনামূলীয়া ভাৱে সহজলভ্য কভিড ভেকচিন উপলব্ধ কৰা হৈছে। নলবাৰী জিলাৰ অন্তৰ্গত ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ কঞাকুছি প্ৰাথমিক বিদ্যালয়ত যোৱা ২১ জুনত ২২০ জনক, ২২ জুনত ১৩০ জনক ইতিমধ্যে ভেকচিন দিয়া হৈ গৈছে। ২৩ জুনটো একে ঠাইতে ৰাতিপুৱা ৯ বজাৰ পৰা ভেকচিন দিয়া হ’ব বুলি জানিব পৰা গৈছে। এতিয়ালৈ কেন্দ্ৰটোত কভিড পজিটিভ ব্যাক্তি ওলোৱা নাই। কভিড পজিটিভ হ’লে এতিয়াৰ পৰাই হোম কোৱাৰেন্টেন হ’ব নোৱাৰিব আৰু ৰোগী জনক বাহিৰে বাহিৰে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হ’ব। এই ভয়তে এতিয়াও বহুতেই ভেকচিনটো লোৱাৰ পৰা বিৰত আছে। কঞাকুছি গাওঁৰ গাওঁবুঢ়া ৰমেশ কলিতাই অৱশ্যে মানুহক সজাগ আৰু সচেতনতা বৃদ্ধি কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে। সহজতে উপলব্ধ কোনা ধৰণৰ সমস্যা নোহোৱাকৈয়ে বিভিন্ন গাওঁৰ মানুহে কেন্দ্ৰটো সুন্দৰ পৰিপাটিৰে ভেকচিন লৈছে। কেন্দ্ৰটোৰ দায়িত্বত থকা আটায়ে অতি নিয়াৰিকৈ কাম বিলাক কৰি ৰাইজক সহায়-সহযোগিতা আগবঢ়োৱা পৰিলক্ষিত হৈছে। অৱশ্যে ৰাইজে মাস্ক পৰিধান কৰিলেও দূৰত্ব বজাই ৰখা পৰিলক্ষিত হোৱা নাই। আশা কৰা হৈছে ভেকচিনটো সকলোৱে লৈ মহামাৰী ক’ৰোনাক প্ৰতিহত কৰি সুস্থ-সৱল সমাজ গঢ়াত সহযোগিতা আগবঢ়াব।

অসমৰ জনপ্ৰিয় ভলীবল খেলক আৰু অধিক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত জ্যেষ্ঠ ভলীবল প্ৰশিক্ষক গনেশ শৰ্মাৰ মনৰ কিছু অনুভৱ

অতি কম খৰছী, কম ঠাইত খেলিব পৰা, আঘাটৰ বিশেষ কোনো সমস্যা নথকা ভলীবল খেল অসমৰ এক অতি জনপ্ৰিয় খেল । জনপ্ৰিয় হ’লেও কিন্তু ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভলীবল প্ৰতিযোগিতাত বৰ্তমান সময়ত অসমৰ ফলাফল উন্নত নহয় । মাজে মাজে দুই এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভলীবল প্ৰতিযোগিতাত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে যদিও ধাৰাবাহিকতা ৰক্ষা কৰিব পৰা নাই । অসমৰ ভলীবলৰ ক্ষেত্ৰখনক আৰু অধিক আগবঢ়াই নি ৰাষ্ট্ৰীয় পৰ্যায়ত অসমে কি দৰে ধাৰাবাহিকভাৱে ভাল প্ৰদৰ্শন ডাঙি ধৰি প্ৰতিষ্ঠা লাভ কৰিব পাৰে তাৰ বাবে ভলীবল প্ৰশিক্ষক গনেশ শৰ্মাই তেখেতৰ মনৰ ভাৱ ব্যক্ত কৰিছে । তেখেতৰ মতে ৰাষ্ট্ৰীয় পৰ্যায়ত অসমে উন্নত ফলাফল লাভ কৰিবলৈ হ’লে বা এই ধাৰাবাহিকতা ৰক্ষা কৰাতো আমাৰ সকলোৰে লক্ষ্য হোৱা উচিত ৷ অসমৰ ভলীবলৰ ক্ষেত্ৰখনৰ ভেটিটো বহল আৰু শক্তিশালী কৰা । ভেটিটো বহল কৰিবলৈ অধিক সংখ্যক চেমনীয়া খেলুৱৈক ভলীবলৰ প্ৰতি আকৰ্ষিত কৰিব লাগিব । ইয়াক শক্তিশালী কৰিবলৈ অৰ্হতাসম্পন্ন প্ৰশিক্ষকৰ দ্বাৰা বিজ্ঞানসন্মতভাবে দীৰ্ঘকালীন প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব লাগিব । এনে ধৰনৰ ভেটি গঢ়ি তুলিবলৈ হ’লে সমান্তৰালকৈ সুচিন্তিত, বিজ্ঞানসন্মত, দীৰ্ঘকালীন আঁচনিও প্ৰস্তুত কৰিব লাগিব । এই আঁচনি প্ৰস্তুত কৰোঁতে গুৰুত্ব দিবলগীয়া বিষয়সমূহ হ’ল-

(১) প্ৰশিক্ষকৰ সংখ্যা বৃদ্ধি :- প্ৰশিক্ষকৰ সংখ্যা বৃদ্ধি হ’লেহে খেলুৱৈৰ সংখ্যা বৃদ্ধি হ’ব । এই ক্ষেত্ৰত চৰকাৰৰ ক্ৰীড়া বিভাগত নিয়োজিত হৈ থকা শাৰীৰিক নিৰ্দেশক, যিসকল একোজন প্ৰাক্তন ৰাষ্ট্ৰীয় পৰ্যায়ৰ সুদক্ষ ভলীবল খেলুৱৈ, তেখেতসকলক বছৰেকত এজনকৈ হ’লেওঁ এবছৰীয়া ডিপ্ল’মা পাঠ্যক্ৰমৰ বাবে পঠাব পাৰে বা ইচ্ছুক খেলুৱৈ ক্ৰীড়া সংগঠকসকলক এই সুবিধা প্ৰদান কৰিব পাৰে । তাৰোপৰি অসম ভলীবল সন্থাইও ইচ্ছুক প্ৰাক্তন খেলুৱৈ তথা ক্ৰীড়া সংগঠকক উক্ত পাঠ্যক্ৰমৰ বাবে পঠোৱাৰ দিহা কৰিব পাৰে । ইয়াৰ উপৰিও অসম ভলীবল সন্থাই বছৰেকত ২০-৩০ জন ইচ্ছুক প্ৰাক্তন খেলুৱৈক চমু প্ৰশিক্ষণৰ পাঠ্যক্ৰমৰ ব্যৱস্থা কৰিব পাৰে । ইয়াৰ বাবে বাহিৰৰ প্ৰশিক্ষকৰ প্ৰয়োজন নাই । তেওঁলোকক প্ৰশিক্ষণ দিব পৰাকৈ অসমত ভলীবল প্ৰশিক্ষকৰ অভাৱ নহ’ব । ইয়াৰ বাবে বহুত টকা-পইচাৰো আবশ্যক নহয় ।
(২) প্ৰশিক্ষণ কেন্দ্ৰৰ সংখ্যা বৃদ্ধি কৰা:- সৰু সজাইৰ বাহিৰে অসমত থকা ইণ্ডোৰ ষ্টেডিয়ামসমূহৰ অৱস্থা সুবিধাজনক নহয় । ছাইৰ অধীনত উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত অসমত এটি ভলীবলৰ একাডেমী প্ৰতিষ্ঠা হ’ব লাগিব । লগতে ৰাজ্য চৰকাৰৰ পৰাও অসমত এটি একাডেমী গঢ়ি তোলাটো নিতান্তই প্ৰয়োজনীয় । কিয়নো আমাৰ খেলুৱৈসকলৰ এই সুবিধা নথকা বাবে বছৰজোৰা অনুশীলনৰ পৰা বিৰত থাকিবলগীয়া হৈছে । ইয়াৰ উপৰিও অসম ভলীবল মিছন-১০০ৰ প্ৰশিক্ষণ শিৱিৰৰ লগতে স্থায়ী প্ৰশিক্ষণ শিৱিৰসমূহো সমান্তৰালভাৱে চলি থাকিব লাগিব ।
(৩) প্ৰতিযোগিতাৰ সংখ্যা বৃদ্ধি:- বিশেষকৈ মিনি আৰু চাব-জুনিয়ৰ ভলীবল প্ৰতিযোগিতাত অধিক গুৰুত্ব দিব লাগিব । কিয়নো এই খেলুৱৈসকলৰ বাবে আন্তঃজিলা প্ৰতিযোগিতাৰ বাহিৰে অসমত অইন প্ৰতিযোগিতা অনুষ্ঠিত নহয় । অসমত আমন্ত্ৰনমূলক প্ৰাইজমানি চিনিয়ৰ ভলীবল প্ৰতিযোগিতাহে অনুষ্ঠিত হৈ থাকে । উক্ত প্ৰতিযোগিতাত অসমৰ বছা বছা প্ৰায় ৪০ জনমান খেলুৱৈহে অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈ আহিছে । ইয়াত মিনি বা ছাব-জুনিয়ৰৰ খেলুৱৈসকলৰ খেলিবলৈ সুযোগ আৰু সুবিধা নাথাকে । অথচ এইসকল খেলুৱৈৰ বাবেহে অধিক ভলীবল প্ৰতিযোগিতাৰ আৱশ্যক । কিয়নো এইসকল খেলুৱৈৰ দ্বাৰাইহে অদূৰ ভবিষ্যতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভলীবল প্ৰতিযোগিতাত সুফল আশা কৰিব পৰা যায় ।
(৪) প্ৰতিভা অন্নেষণ:- কোনজন খেলুৱৈয়ে ভলীবল খেলিলে লাভৱান হ’ব পাৰিব এই কথাটো বিচাৰ বিশ্লেষণ কৰিহে খেলুৱৈগৰাকীক অনুশীলন কৰাব লাগে । তেতিয়াহে প্ৰতিভাৱান খেলুৱৈসকলে ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভলীবল প্ৰতিযোগিতাত সুফল কঢ়িয়াই আনিবলৈ সক্ষম হ’ব ।
(৫) উপযুক্ত প্ৰশিক্ষণৰ বাবে খেলৰ সা-সামগ্ৰী:- বল ২টা আৰু নেট ১ খনৰ জড়িয়তে খেলুৱৈক প্ৰশিক্ষণ দি ভাল ফলাফল আশা কৰাতো আকাশত চাং পতাৰ দৰে কথা হ’ব । অইন ৰাজ্যসমূহৰ লগত আমাৰ খেলুৱৈয়ে ফেৰ মাৰিবলৈ হ’লে অত্যাধুনিক খেলৰ সামগ্ৰীৰ দ্বাৰাই অনুশীলন কৰিবই লাগিব । অন্যথা প্ৰতিযোগিতাত যোগদান কৰাৰ বাহিৰে ফলাফলৰ নামত থাকিব বৃহৎ শূন্য । সকলো কেন্দ্ৰতে এই সুবিধা থকাটো বাঞ্চনীয় ।
(৬) পূজি বৃদ্ধি:- পূজি নহ’লে আঁচনি ৰূপায়ন কৰাটো সম্ভৱ নহয় । অসম ভলীবল সন্থাৰ পূজি বুলি ক’বলৈ একোৱেই নাই । জোৰা-টাপলি মাৰিহে কিবাকৈ কামবোৰ কৰি থকা হৈছে । পূজিৰ অভাৱতে বহুত কামেই পৰি ৰৈছে । স্থায়ী পূজি এই ক্ষেত্ৰত লাগিবই । অন্যথা ভৱা কথা মনতে মাৰ যাব । ইয়াৰ বাবে এটি মাল্টিদিচিপ্লিনাৰী টাস্কফ’ৰ্চ গঠন কৰাৰ বাবেও প্ৰশিক্ষক গনেশ শৰ্মাই আহ্বান জনায় । পূজি সংগ্ৰহ কৰাৰ উপৰিও এই কমিটিৰ সদস্যসকলে ৪-৫ জনীয়া গ্ৰুপ হৈ প্ৰশিক্ষণ, প্ৰতিযোগিতা অনুষ্ঠিত কৰা, প্ৰতিভা অন্বেষণ, প্ৰচাৰ, ৰাষ্ট্ৰীয় ভলীবল প্ৰতিযোগিতাত অসম দলৰ অংশগ্ৰহণ ইত্যাদি ইত্যাদি বিভিন্ন কামৰ বাবে বিভাগে বিভাগে কাম কৰিব পাৰিলেহে অসমৰ ভলীবল লাভৱান হ’ব ।
(৭) মিনি ভলীবল ফেষ্টিভেলৰ আয়োজন:-মিনি ভলীবল ফেষ্টিভেল অনুষ্ঠিত কৰাৰ পোষকতা কৰে প্ৰশিক্ষকগৰাকীয়ে । ৮-১৪ বছৰীয়া ল’ৰা-ছোৱালীক জড়িত কৰাই ভলীবলৰ এক জাগৰণ আনিবলৈ চেষ্টা কৰিব পাৰি । জিলাভিত্তিত ২০০-৩০০ খেলুৱৈক লগ লগাই কেইবাখনো খেলপথাৰ তৈয়াৰ কৰি তাত 2 vs 2, 3 vs 3, 4 vs 4 ইত্যাদিৰে ভলীবল প্ৰতিযোগিতা অনুষ্ঠিত কৰা, ভলীবল সম্পৰ্কীয় কুইজ, চিত্ৰাঙ্কন প্ৰতিযোগিতা, প্ৰদৰ্শনী শিৱিৰ, অন্তৰঙ্গ আলাপ, কৰ্মশালা, ভলীবল খেলৰ বিভিন্ন ভিডিঅ’ প্ৰদৰ্শন, বঁটা-মানপত্ৰ প্ৰদান ইত্যাদিৰ ব্যৱস্থা থাকিব উক্ত ফেষ্টিভেলত । ইয়াৰ দ্বাৰাই নিশ্চিতভাৱে ভলীবলৰ এক বহল আৰু সুদৃঢ় ভেটি নিৰ্মাণ হ’ব ।
(৮) কৰ্মসংস্থাপন:- খেলুৱৈ, প্ৰশিক্ষক, ক্ৰীড়া সংগঠকসকলৰ কৰ্মসংস্থাপন অতি গুৰুত্বপূৰ্ণ কথা। সন্মুখত উজ্বল ভবিষ্যৎ এটা নাথাকিলে আজিকালি কোনে ক্ৰীড়া কৰিবলৈ ওলাই আহিব । সেয়েহে পৰ্যায়ক্ৰমে এইসকলক চৰকাৰীভাৱে সংস্থাপনৰ দিহা কৰিবই লাগিব । ইয়াৰ উপৰিও ৰেল, পুলিচ, অ এন জি চি, অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ আদিত নতুনকৈ খেলুৱৈসকলক মকৰলৰ সুবিধা থাকিব লাগিব । তেতিয়াহে খেলুৱৈসকলে খেলৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিব । অন্যথা সকলো থাকিও সংস্থাপন অবিহনে খেলুৱৈসকলক খেল পথাৰলৈ অনাটো টান হ’ব ।
(৯) মহিলা ভলীবলৰ ওপৰত গুৰুত্ব:- অসমত মহিলা ভলীবলৰ ওপৰত অধিক জোৰ দিব লাগিব। আঁচনিসমূহত মহিলা ভলীবলক অন্তৰ্ভুক্ত কৰি জিলাই জিলাই ইয়াৰ সঠিক ৰূপায়নৰ বাবে প্ৰচেষ্টা হাতত ল’ব লাগিব । আন্তঃজিলা ভলীবল প্ৰতিযোগিতাৰ লগতে বিভিন্ন ধৰণৰ মহিলা ভলীবল প্ৰতিযোগিতা অনুষ্ঠিত কৰি তেওঁলোকৰ সাহস আৰু একাগ্ৰতা বৃদ্ধি কৰিব লাগিব । অসম ভলীবল সন্থাক ইউথ ভলীবল প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ বাবে আহ্বান জনাইছে প্ৰশিক্ষকগৰাকীয়ে লগতে উক্ত প্ৰতিযোগিতাখন ক্ৰীড়া সংগঠক প্ৰয়াত কাজল দাসৰ সোঁৱৰণত অনুষ্ঠিত কৰাৰ বাবেও বিনম্ৰ অনুৰোধ জনাইছে ।
অসমৰ গ্ৰাম্যাঞ্চলত এতিয়াও সন্মানসহকাৰে ভলীবল খেল জীয়াই আছে, এতিয়াও আদৰ কমা নাই । ভলীবল প্ৰতিযোগিতা বুলি ক’লেই ৰাইজ হিলদ’ল ভাঙি ওলাই আহে । বিৰ দি বাট নোপোৱা অৱস্থাৰ সৃষ্টি হয় । ওচৰৰ পৰা খেলবিধক প্ৰত্যক্ষ কৰিব পৰা আৰু ফলাফলৰ বাবে ঘণ্টাৰ পিছত ঘণ্টা ৰৈ থাকিব নলগা এই খেলবিধৰ জনপ্ৰিয়তাৰ প্ৰতি লক্ষ্য ৰাখি আমি ঐক্যবদ্ধভাৱে উপৰোক্ত কথাবোৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰি ভলীবলক আৰু অধিক আগবঢ়াই নিবলৈ যত্নপৰ হওঁ আহক। অসমক দেশখনৰ ভিতৰতে অধিক ভলীবল খেলা ৰাজ্য হিচাপে পৰিগণিত কৰো আহক । তেতিয়াহে ৰাষ্ট্ৰীয় ভলীবল প্ৰতিযোগিতাত অসম দলে পদক পোৱাৰ উপৰিও ধাৰাবাহিকতা অক্ষুন্ন ৰাখিবলৈ সমৰ্থৱান হ’ব ।

বিনামূলীয়া ভেকচিন ল’বলগীয়া হৈছে ৫০টকা ভৰি। গুৱাহাটীৰ ৰেডক্ৰছ হাস্পতালত চলিছে এই কাৰ্য্য।চাওক দৃশ্য।

দ্বিতীয়বাৰৰ কাৰণে বাতিল হ’ল অমৰনাথ যাত্ৰা

দ্বিতীয়বাৰৰ কাৰণে বাতিল হ’ল অমৰনাথ যাত্ৰা

দেশত কৰ’নাৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত

শ্ৰী অমৰনাথ শ্ৰীণ ব’ৰ্ড আৰু ৰাজ্য চৰকাৰৰ মাজত হৈছিল আলোচনা

জম্মু কাশ্মীৰৰ চৰকাৰে এই বিষয়ে জাৰি কৰিছে নিৰ্দেশনা

BREAKING দোষমুক্ত কৃষক নেতা! জামিন লাভ কৰিলে অখিল গগৈয়ে

আজি এন আই এ আদালতত হাজিৰ কৰোৱা হয় অখিল গগৈক ।

চাবুৱা থানাৰ গোচৰত জামিন লাভ। NIA আদালতে দোষমুক্ত কৰে গগৈক।

অখিল গগৈৰ ওপৰত এতিয়া চানমাৰী থানাৰ শুনানি বাকী আছে।

এই ক্ষেত্ৰত অধিবক্তাই কয় যে NIA ৰ দুটা গোচৰ আছিল। চান্দমাৰী আৰু চাবুৱা থানাৰ গোচৰ। চাবুৱা থানাৰ গোচৰত জগজিত গোঁহাই, ভূপেন গগৈ আৰু অখিল গগৈক দোষমুক্ত কৰে। অৱশ্যে অখিল গগৈয়ে পূৰ্বতে এই ক্ষেত্ৰত জামিন লাভ কৰিছিল। অৱশ্যে ভাস্কৰজ্যোতি ফুকনে লাভ কৰা নাই জামিন।

কিন্তু আজিৰ পৰা চাবুৱাৰ গোচৰত মু্ক্ত অখিল গগৈ। উল্লেখ্য যে আৰক্ষীৰ দাঁত ভগা বুলি চাবুৱাত গোচৰ ৰুজু হৈছিল।

উল্লেখ্য যে, চানমাৰী থানাৰ গোচৰত জামিন লাভ কৰা নাই গগৈয়ে।আজিও এই গোচৰৰ শুনানি আছে। কিছুদিন পিছতে ইয়াৰ ওপৰত শুনানি শেষ হ’ব।

বৰপেটা জিলাৰ মাজদিয়া আৰক্ষীৰ জালত তিনি ট্ৰাক হাইজেকাৰ

২০২০ চনৰ ১৫ জুনত সৰ্থেবাৰীৰ মাজদিয়াত সংঘটিত ট্ৰাক হাইজেক কাণ্ডটোৰ লগত জৰিত থকা তিনিজন অভিযুক্তক আটক। বৰপেটা জিলাৰ মাজদিয়া আৰক্ষীৰ জালত পৰিছে তিনি অভিযুক্ত । ধৃত তিনি অভিযুক্ত ক্ৰমে সৰ্থেবাৰী থানাৰ অন্তৰ্গত মাজদিয়াৰ পশ্চিম পাৰাৰ আৰফান খান, চুৰফান খান আৰু ৰৌছান খান বুলি জানিব পৰা গৈছে। গোপন খবৰৰ ভিত্তিত মাজদিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰণৱ কুমাৰ দাসে অভিযান চলাই মংগলবাৰে পুৱতি নিশা আটক কৰে ধৃত অভিযুক্ত তিনিটাক। উল্লেখ্য যে ২০২০ চনৰ ১৫ জুনত মাজদিয়াত সংঘটিত হৈছিল এক চাঞ্চল্যকৰ ট্ৰাক হাইজেক কাণ্ড । দীৰ্ঘদিন ধৰি পলাতক হৈ আছিল ধৃত ট্ৰাক হাইজেকত অভিযুক্ত তিনিওজন। গুৱাহাটীৰ পৰা অহা মালভৰ্তি এ এচ ০১- এইচ চি- ৪০৯০ (AS01-HC- 4090)নম্বৰৰ ট্ৰাকখন হাইজেক কৰিছিল দুৰ্বত্তৰ দলে। ২০২০ চনৰ ১৫ জুনত মাজদিয়া আৰক্ষীয়ে মাজদিয়াত উদ্ধাৰ কৰিছিল হাইজেক হোৱা ট্ৰাকখন। ট্ৰাক হাইজেক কাণ্ডটোৰ লগত জৰিত থকাৰ অভিযোগত ইয়াৰ পূৰ্বে ৬ গৰাকী দুৰ্বত্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত আদালতে জে’ললৈ প্ৰেৰণ কৰিছিল। পূৰ্বতে গ্ৰেপ্তাৰ হোৱা দুৰ্বত্ত ৬টা ক্ৰমে হাইজেক কাণ্ডটোৰ মূল মাষ্টৰমাইণ্ড আলতাফ খান, ট্ৰাকখনৰ চালক চহিদুল ইছলাম, আমজাদ আলী, জাকিৰ আলী, ফুলচান খান আৰু ৰশ্মিল আলী। ট্ৰাক হাইজেক কাণ্ডটোৰ লগত জৰিত থকাৰ অভিযোগত বৰ্তমানলৈ ৯ গৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে মাজদিয়া আৰক্ষীয়ে। সৰ্থেবাৰী থানাত ২০৭/২০২০ নম্বৰ গোচৰ আৰু ভাৰতীয় দণ্ড বিধি আইনৰ ৩৯৫ ধাৰাত ট্ৰাক হাইজেক সন্দৰ্ভত গোচৰ ৰুজু হৈছিল।