Breaking

ফটাশিল,আমিনগাঁওত আবকাৰী বিভাগৰ অভিযান : দেশী-বিদেশী সুৰা জব্দ,৩ জনক আটক

0 1,053

ক’ভিড কেন্দ্ৰীক ভয়াবহতা স্বত্তেও গুৱাহাটী মহানগৰীত একাংশ লোকে কৌশলৰে চলাই আছে দেশী – বিদেশী অবৈধ সুৰাৰ বেহা । এনে অবৈধ বেহা বন্ধ কৰিবলৈ   আবকাৰী বিভাগৰ  কামৰূপ মহানগৰ জিলাৰ আবকাৰী অধীক্ষক মানৱী দাসৰ  নেতৃত্বত কালি দিনৰ ভাগত  গুৱাহাটী সদৰ আবকাৰী চক্ৰই  মহানগৰীৰ ফটাশিল আমবাৰীৰ হৰিজন কলনী আৰু শৰাইঘাট দলঙৰ কাষৰীয়া আমিনগাঁও বজাৰত  অবৈধ সুৰাৰ বিৰুদ্ধে এক অভিযান চলায় ।আৱকাৰী বিভাগৰ সূত্ৰই সদৰি কৰা ফটাশিল আমবাৰীৰ হৰিজন কলনীত  চলোৱা অভিযানত   প্ৰায় ৫০ লিটাৰ  চুলাই মদ জব্দ কৰা হয় । তেনেদৰে আমিনগাঁও বজাৰত  ২২  কার্টুন বিভিন্ন ব্ৰেণ্ডৰ বিদেশী সুৰা আৰু বিয়েৰ   জব্দ কৰে অভিযানকাৰী দলটোৱে । আনহাতে  অভিযানকাৰী দলটোৱে ফটাশীলত এজন আৰু আমিনগাঁওত দুজনসহ মুঠ তিনিজন লোকক হাতে লোটে আটক কৰে । আটকাধীন তিনিওজনকে কামৰূপ মহানগৰ জিলাৰ মুখ্য দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱাত আদালতে তেওঁলোকক জেললৈ প্ৰেৰণ কৰে । ইফালে যোৱাকালিও অভিযানকাৰী দলটোৱে বিৰুৱাৰীৰ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ সমীপত অভিযান চলায় ৫ কাৰ্টুন বিভিন্নজনে বিভিন্ন ব্ৰেণ্ডৰ বিদেশী সুৰাসহ এজন লোকক আটক কৰিছিল ।

Leave A Reply