Breaking

নলবাৰীৰ কঞাকুছিত বিনামূলীয়া ক’ভিড ভেকচিন প্ৰদান

0 618

ক’ভিড মহামাৰীৰ উপদ্ৰপৰ পৰা ৰক্ষা পোৱাৰ হেতু ৰাজ্যৰ চহৰ, নগৰ, গ্ৰাম্যাঞ্চলত ১৮ বছৰ আৰু ৪৫ বছৰৰ উৰ্ধৰ বয়সৰ লোকসকলক বিনামূলীয়া ভাৱে সহজলভ্য কভিড ভেকচিন উপলব্ধ কৰা হৈছে। নলবাৰী জিলাৰ অন্তৰ্গত ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ কঞাকুছি প্ৰাথমিক বিদ্যালয়ত যোৱা ২১ জুনত ২২০ জনক, ২২ জুনত ১৩০ জনক ইতিমধ্যে ভেকচিন দিয়া হৈ গৈছে। ২৩ জুনটো একে ঠাইতে ৰাতিপুৱা ৯ বজাৰ পৰা ভেকচিন দিয়া হ’ব বুলি জানিব পৰা গৈছে। এতিয়ালৈ কেন্দ্ৰটোত কভিড পজিটিভ ব্যাক্তি ওলোৱা নাই। কভিড পজিটিভ হ’লে এতিয়াৰ পৰাই হোম কোৱাৰেন্টেন হ’ব নোৱাৰিব আৰু ৰোগী জনক বাহিৰে বাহিৰে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হ’ব। এই ভয়তে এতিয়াও বহুতেই ভেকচিনটো লোৱাৰ পৰা বিৰত আছে। কঞাকুছি গাওঁৰ গাওঁবুঢ়া ৰমেশ কলিতাই অৱশ্যে মানুহক সজাগ আৰু সচেতনতা বৃদ্ধি কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে। সহজতে উপলব্ধ কোনা ধৰণৰ সমস্যা নোহোৱাকৈয়ে বিভিন্ন গাওঁৰ মানুহে কেন্দ্ৰটো সুন্দৰ পৰিপাটিৰে ভেকচিন লৈছে। কেন্দ্ৰটোৰ দায়িত্বত থকা আটায়ে অতি নিয়াৰিকৈ কাম বিলাক কৰি ৰাইজক সহায়-সহযোগিতা আগবঢ়োৱা পৰিলক্ষিত হৈছে। অৱশ্যে ৰাইজে মাস্ক পৰিধান কৰিলেও দূৰত্ব বজাই ৰখা পৰিলক্ষিত হোৱা নাই। আশা কৰা হৈছে ভেকচিনটো সকলোৱে লৈ মহামাৰী ক’ৰোনাক প্ৰতিহত কৰি সুস্থ-সৱল সমাজ গঢ়াত সহযোগিতা আগবঢ়াব।

Leave A Reply