যোৰহাট জিলা হোলোঙাপাৰ গাঁও পঞ্চায়তৰ সমবায় সমিতিৰ অন্তৰ্গত কাকজান চাহ বাগিচাৰ সুলভ মূল্যৰ সামগ্ৰীৰ এজেণ্ট অনিল কুমাৰ গুপ্তাৰ বিৰুদ্ধে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা ( আছা) ই যি অভিযোগ আনিছে সেইখিনি ভিত্তিহীন বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে । জানিবলৈ দিয়া মতে কাকজান চাহ বাগিচাৰ বাসিন্দা তথা সমবায় এজেন্ট অনিল কুমাৰ গুপ্তাৰ বাসগৃহত যোৱা ৭ মে’ তাৰিখে সুলভ মূল্যৰ দোকানৰ এখন অসামৰিক খাদ্য সামগ্ৰী বিতৰণ তথা তদাৰক সমিতিৰ গঠনৰ উদ্দেশ্য এখন সভা স্থানীয় ৰাইজৰ মাজত অনুষ্ঠিত হয়। সভাত উত্তম কালন্দীক সভাপতি,সঞ্জু তাঁতীক উপ-সভাপতি আৰু অনিল কুমাৰ গুপ্তাক সম্পাদক হিচাপে লৈ এখন খাদ্য বিতৰণ সমিতি গঠন কৰে । উল্লেখ যে ইয়াৰ আগতে ৩০/১/২০২০ তাৰিখে স্থানীয় ৰাইজৰ উপস্থিতিত সমবায় সমিতি খনৰ খেলিমেলি সন্দৰ্ভত এখন সভা অনুষ্ঠিত হৈ স্থানীয় গ্ৰাহক ৰাইজে এজেন্ট অনিল কুমাৰ গুপ্তাক ভৱিষ্যতে কোনো খেলিমেলি নকৰিবলৈ সতৰ্ক কৰি সকলো ক্ষমাদান কৰে । গ্ৰাহক সকলে জনোৱা মতে বাগিছা অঞ্চলৰ সমবায় সমিতি খন বনুৱা ৰাইজৰ দ্বাৰা পৰিচালনা হয় । বৰ্তমান ক’ভিড পৰিস্থিতিত চাউল আৰু অন্যান্য সামগ্ৰী ৰাইজে নাপালে জীয়াতু ভুগিব লগীয়া হ’ব । সেয়েহে ৰাইজৰ সিদ্ধান্ত অনুসৰি সমবায় খনৰ কামকাজ চলি থাকিব লাগিব । কোনো সংগঠনে ব্যক্তিগত লাভালাভৰ বাবে সমিতি খনৰ সামগ্ৰী বিতৰণ কাৰ্য বন্ধ কৰিবলৈ দিয়া ন’হব । ইতিমধ্যে দুয়োখনৰ সভাৰ প্ৰতিলিপি খাদ্য আৰু অসামৰিক যোগান বিভাগৰ যোৰহাট কাৰ্যালয়ক জমা দিয়া আছে। সেয়েহে কোনো সংগঠনৰ মিছা অভিযোগত বিভাগীয় বিষয়া সকলে গ্ৰাহক আৰু স্থানীয় ৰাইজৰ মাজত অশান্তি সৃষ্টি নকৰিবলৈ আহ্বান জনায় ।
ৰঙিয়াৰ গাৱে-ভূঞে অভিযান কামৰূপ আৰক্ষী প্ৰশাসনৰ।
ক’ভিডৰ নতুন প্ৰটʼকল বলৱৎ কৰিবলৈ ব্যপক তৎপৰ হৈ পৰিছে কামৰূপ জিলা প্ৰশাসন । কামৰূপ জিলাৰ আৰক্ষী অধিক্ষক হিতেশ চন্দ্ৰ ৰয় আৰু বিষয়া আচিফ মহম্মদ হুচেইন,ৰঙিয়া মহকুমা আৰক্ষী বিষয়া মৃগাক্ষী ডেকাৰ সহযোগত ৰঙিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰতন দাস সহ আৰক্ষীৰ এক বৃহৎ দলে আজি দিনৰ ২:००বজাৰ পৰা ৰঙিয়া চহৰৰ মাজমজিয়াৰে তিনিআলী হৈ গোগমালাচা ,বিহাপাৰা পুনৰ ষ্টেচন ৰোডৰ পৰা উদিয়ানাহৈ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত সামৰণী মাৰে । ৰঙিয়াৰ গাৱে গাৱে অভিযান চলাই প্ৰথম বাৰৰ বাবে নিয়মনমনা লোক সকলক বুজনি দিয়া দেখা যায় । আনহাতে এই অভিযান কালত একাংশ অসচেতন লোকে দোকান পোহাৰ খুলি ৰখা পৰিলক্ষিত হয় , একাংশ মাক্স পৰিধান নকৰা লোকক বিনামূলীয়াকৈ মাক্স বিতৰণ কৰাৰ ওপৰিও অভিযান কালত ৰঙিয়াৰ নিকটৱৰ্তী উদিয়ানা কাদিমী মছজিদৰ ইমামক সাক্ষাৎ কৰি ঘৰে ঘৰে ঈদৰ নামাজ আদায় কৰাৰ বাবে আহ্বান জনাই। কামৰূপ জিলাৰ আৰক্ষী অধিক্ষক গৰাকীয়ে। অহাকালিৰ পৰা অধিক কঠোৰ হʼব বুলি ঘোষণা কৰে কামৰূপ জিলাৰ আৰক্ষী অধিক্ষক গৰাকীয়ে ।
বিশ্বনাথত আইন অমান্যকাৰীৰ বিৰুদ্ধে কঠোৰ হৈছে আৰক্ষী ।
অসম চৰকাৰৰ প্ৰথমখন কেবিনেটৰ পিছত যি নতুন এচ .অ. পি. প্ৰকাশ কৰিছিল তাৰ পিছত বিশ্বনাথ আৰক্ষী আজি কঠোৰ হোৱা পৰিলক্ষিত হৈছে । দিনৰ দুই বজাৰ পিছত ব্যক্তিৰ চলাচলত যি বাধা প্ৰদান কৰা হৈছিল তাক লৈ সক্ৰিয় হৈছে বিশ্বনাথ চাৰিআলি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দিপুল কুমাৰ বড়ো। যি সকল ব্যক্তি বিনা কাৰণত নিয়ম উলংঘা কৰি ওলাই আহিছে তেওঁলোকক সোধ পোচ কৰাৰ লগতে নতুন নিয়মাৱলীৰ বিষয়ে বুজাই পঠিয়ায়। এনেদৰে যদি বিশ্বনাথবাসীয়ে আইন উলংঘা কৰে তেনেহলে আৰক্ষীয়ে কঠোৰ ব্যৱস্থা লব বুলিও জনায়।
মাৰ্ঘেৰিটাত কৃষি ভূমি বিনষ্ট কৰি অবৈধ ভাবে স্থাপন ইটাভাটা।
তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত কৃষিভূমি বিনষ্ট কৰি অবৈধ ভাবে ইটাভাটা স্থাপনৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ছাত্ৰমুক্তি সংগ্ৰাম সমিতিয়ে। মাৰ্ঘেৰিটা নগৰৰ পৰা কেই কিলোমিটাৰ মান নিলগৰ ঐতিহ্যমণ্ডিত ৰাজখোৱা পথাৰৰ কৃষিভূমি ধ্বংস কৰি একমাত্ৰ ব্যক্তিগত মুনাফা লুটাৰ স্বাৰ্থতেই “এ বি” নামেৰে এটা ইটাভাটা স্থাপন কৰাৰ অভিযোগ তুলিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ তিনিচুকীয়া জিলা সমিতিয়ে। মাৰ্ঘেৰিটাৰ আৰক্ষীৰ থানাৰ অন্তৰ্গত কেটেতং গাও পঞ্চায়তৰ অধীনৰ ঐতিহ্যমণ্ডিত ৰাজখোৱা পথাৰত “এ বি” নামেৰে এটা ইটাভাটা খোলাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ছাত্ৰমুক্তি সংগ্ৰাম সমিতিয়ে।যি সময়ত কৃষিভূমি ৰক্ষাৰ বাবে নতুনকৈ ভূমি আইন প্ৰৱৰ্ত্তন কৰা হৈছে তেনে সময়তে কাৰ সাহসত চৰকাৰী কোনো ধৰণৰ নথি পত্ৰ অবিহনে শ শ বিঘা ৰোপিত মাটিৰ ধ্বংস কৰি ইটাভাটা স্থাপন কৰিছে বুলি চি এম এচ এচৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি পাপু দত্তই প্ৰশ্ন উত্থাপন কৰিছে।অবৈধ ভাবে নিৰ্মাণ কৰা ইটাভাটা বন্ধ কৰিবৰ বাবে দাবী উত্থাপন কৰাৰ লগতে মহকুমাধিপতি আৰু ৰাজহ চক্ৰ বিষয়াকো নিৰ্মীয়মান অৱস্থাত থকা ভাটাটো অনতিপলমে বন্ধ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।
আজি মুক্তি পাব ছলমানৰ নতুন ছবি ‘ৰাধে’
ক’ভিড পৰিস্থিতিৰ বাবে বিগত বছৰত ছলমান খানৰ কোনো ছবি মুক্তি পোৱা নাছিল।এইবাৰো তাৰ ব্যতিক্ৰম নহয়। দেশত ক’ভিড মহামাৰীৰ দাবানলৰ বাবে বিশাল পর্দাৰ পৰিৱৰ্তে OTT-তেই মুক্তি পাবলৈ ওলাইছে ‘ৰাধে’। প্রাথমিক পৰ্যায়ত ছবিৰ প্রযোজক-অভিনেতা ছলমন খান আৰু পৰিচালক প্রভু দেবাই ‘ৰাধে’ক বিশাল পর্দাতেই মুক্তি দিয়াৰ পোষকতা কৰিছিল। কিন্তু বাৰে বাৰে তাৰিখ দিয়া সত্ত্বেও মহামাৰীৰ পৰিপ্ৰেক্ষিতত পিছুৱাবলগীয়া হৈছে ছবিখনৰ মুক্তিৰ তাৰিখ।দুর্গাপূজা, দীপাৱলী পাৰ হৈ অৱশেষত বৃহস্পতিবাৰ ঈদৰ দিনাই মুক্তি পাবলৈ ওলাইছে বহুল প্রতীক্ষিত ছবি ‘ৰাধে’।
বতৰৰ আগজাননীঃ অসমকে ধৰি বিভিন্ন ৰাজ্যত ২–৩ দিন ধৰি হ’ব প্ৰবল বৰষুণ
অসমকে ধৰি দেশৰ বিভিন্ন ৰাজ্যত অহা দুই–তিনি দিন ধৰি বিজুলী–ঢ়েৰেকনিৰে বৰষুণ হোৱাৰ সম্ভাৱনা আছে৷ ভূ–বিজ্ঞান মন্ত্রালয়ে প্রকাশ কৰা আগজাননী অনুসৰি প্রবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে উত্তৰাখণ্ড, পশ্চিমবংগ, ওড়িশা, অৰুণাচল প্রদেশ, অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্রিপুৰা, কর্ণাটকৰ বিভিন্ন অঞ্চল, তামিলনাডু আদি অঞ্চলত৷ মন্ত্রালয়ৰ বিবৃতিত প্রকাশ পোৱা মতে, বৰষুণ, বিজুলী–ঢ়েৰেকনিৰে ব্রজপাত আদিয়ে পঞ্জাব, হাৰিয়ানা, চণ্ডীগড়, দিল্লী, জম্মু–কাশ্মীৰ, লাডাখ, হিমাচল প্রদেশ, তেলেংগানা আদি ৰাজ্যত প্রচণ্ড প্রভাৱ পেলাব পাৰে৷
লাহৰীঘাট পঞ্জাৱ নেশনেল বেংকত কভিড পজিটিভ।ছেনিটাইজ নকৰালৈকে বেংকৰ কাম কাজ স্থগিত
মৰিগাঁও জিলাৰ লাহৰীঘাট প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সজাতী দলে দৈনিক বিভিন্ন ঠাইত প্ৰতিষ্টান আদিত RAT টেষ্ট কৰা হৈ আছে । আজি লাহৰীঘাট পঞ্জাৱ নেশনেল বেংক ভিতৰত গ্ৰাহক সকলক দিনৰ ১০ বজাৰ পৰা কৰোনা RAT পৰীক্ষাত দাতিয়ালবঢ়ি গাৱৰ জেষ্ট নাগৰিক পিয়াৰ বক্স ( ৮৫ ) নামৰ ব্যক্তি জনৰ গাত কৰোনা পজিটিভ ধৰা পৰাত বেংক কতৃপক্ষই বাকী গ্ৰাহক সকলক আৰক্ষীয়ে ওলাই দিয়ে । যিহেতুকে জেষ্ট নাগৰিক সেয়ে কৰোনা পজেটিভ আক্ৰান্ত ৰোগী জনক হোম কোৱাৰাটাইনত দিয়া হয় । ইপিনে বেংক কতৃপক্ষই জনোৱা মতে ছেনিটাইজাৰিং নকৰা লৈ বেংকৰ কাম কাজ স্থগিত ৰখা হৈছে ।
লাহৰীঘাট মডেল হস্পিটেলত প্ৰথম জন ক’ভিড পজেটিভ ৰোগীৰ মৃত্যু
মৰিগাঁও জিলাৰ লাহৰীঘাট মডেল হস্পিটেলত যোৱা নিশা প্ৰথম জন কৰোনা পজেটিভ ৰোগীৰ মৃত্যু । জাগীৰোড ন-খোলা চিকিৎসালয়ৰ পৰা কালি লাহৰীঘাটলৈ প্ৰেৰণ কৰা হৈছিল ৰোগীজনক । ক’ৰণাত মৃত্যু হোৱা লোকজনৰ নাম শম্ভু দাস । মৃত দাসৰ ঘৰ জাগীৰোডৰ মইনাজানত ।
মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথমবাৰৰ বাবে মাজুলী দৰ্শন
মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথমবাৰৰ বাবে মাজুলী দৰ্শন। আজি ১৩ মে’ তাৰিখে উপস্থিত হয় মাজুলীত। ৩খন সত্ৰত উপস্থিত হৈ আশীষ ল’লে মুখ্যমন্ত্ৰীগৰাকীয়ে। গ্ৰহণ কৰিলে ৰজাদিনীয়া তামৰ মুদ্ৰা।প্ৰথমেই দৰ্শন কৰে শ্ৰীশ্ৰীদক্ষিণপাট সত্ৰ। সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী ননীগোপাল দেৱগোস্বামীৰ আশিস-নিৰ্মালী লৈ সত্ৰৰ সকলো পৰিদৰ্শন কৰে।ইয়াৰ পিছতে কোৰোনাকেন্দ্ৰিক পৰিস্থিতিক লৈ বৈঠকত মিলিত হব মুখ্যমন্ত্ৰীগৰাকী


গুৰুগ্ৰামত Covid-19এ প্ৰাণ কাঢ়িলে আৰু এজন অসমীয়া যুৱকৰ।
দিল্লীৰ সমীপৰ গুৰুগ্ৰামত Covid-19এ প্ৰাণ কাঢ়িলে আৰু এজন অসমীয়া যুৱকৰ। মৃত্যুক সাৱটি ল’লে অংশুমান ভূঞা নামৰ যুৱকজনে ।৩০ বছৰীয়া অংশুমান Covid-19ত আক্রান্ত হৈ গুৰুগ্ৰামৰে এখন ব্যক্তিগত হাস্পতালত চিকিৎসাধীন হৈ আছিল ।কিছুদিনৰ আগতে তেওঁৰ পিতৃ মৃদুল ভূঞাৰো মৃত্যু হৈছিল। পাৱাৰগ্ৰীড(Powergrid)ৰ প্ৰৱন্ধক হিচাপে কৰ্মৰত মৃদুল ভূঞাও Covid-19ত আক্ৰান্ত হৈছিল ।অংশুমানে এৰি থৈছে মাতৃ আশালতা ভূঞা আৰু ভগ্নী আকাংক্ষা ভূঞাক ।











