সমগ্ৰ অসমতে অসম আৰক্ষীয়ে ড্ৰাগছ ,ভাংৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখাৰ মাজতে আজি জামুগুৰি আৰক্ষীয়ে বৃহৎ পৰিমাণৰ হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয়।গুৱাহাটীৰ পৰা লক্ষীমপুৰ অভিমুখে আহি থকা AR- 01-F-1349 নম্বৰৰ এখন এটিয়ছ গাড়ীত হৰিব্ৰত দেউৰি আৰু মনিৰাম দাস নামৰ যুৱকদ্বয়ে হেৰ’ইন খিনি কঢ়িয়াই আনি থকা অৱস্থাত বিশেষ সূত্ৰৰ পম খেদি শোণিতপুৰ জিলাৰ অতিৰিক্ত অধিক্ষক চফিকুল ইছলামৰ নেতৃত্বত জামুগুৰি আৰক্ষীয়ে হেৰ’ইন খিনি জব্দ কৰে।আৰক্ষীয়ে জনোৱা মতে তিনিটাকৈ চাবোনৰ কেছ্ত ভৰাই অনা এই হিৰ’ইন খিনিৰ বৰ্তমানৰ মূল্য প্ৰায় পাঁচ লাখ টকা।আটকাধীন যুৱক দুজনক বৰ্তমান জামুগুৰি আৰক্ষীয়ে জোৰদাৰ তদন্ত অব্যাহত ৰাখিছে।আৰক্ষীৰ অভিযানকালত জামুগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰাঞ্জল কুমাৰ নাথ আৰু চাৰিদুৱাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আলিমুদ্দিন আহমেদৰ লগতে অন্যান্য বিষয়া সকলেও সহযোগ কৰে৷উল্লেখ্য যে কৰ’ণা মহামাৰীৰ পৰিপ্ৰেক্ষিতত মিনি লকডাউন চলি থকাৰ লগতে আন্ত:জিলা যাতায়ত বন্ধ থকাৰ সময়তে গুৱাহাটীৰ পৰা কেনেকৈ কেইবাখনো জিলা অতিক্ৰম কৰি বৃহৎ পৰিমাণৰ হেৰ’ইন খিনি জামুগুৰিহাট পালেহি সেই লৈ সচেতন মহলৰ মাজত প্ৰশ্নও উত্থাপন হৈছে।
মাদাৰ বৃদ্ধাশ্রমত অভাৱনীয় পৰিস্থিতি
মহানগৰীৰ হাতীগাঁওস্থিত মাদাৰ বৃদ্ধাশ্রমৰ সভাপতি–সম্পাদকৰ সংঘাতক কেন্দ্র কৰি সোমবাৰে বৃদ্ধাশ্রমত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয়৷ প্রাপ্ত খবৰ অনুসৰি হাতীগাঁৱৰ মাদাৰ বৃদ্ধাশ্রমৰ প্রতিষ্ঠাপক সভাপতি উৎপল হর্ষবর্ধনৰ বিৰুদ্ধে সম্পাদকগৰাকীয়ে বিভিন্ন অনিয়মৰ অভিযোগ তুলিছে৷ বৃদ্ধাশ্রমৰ সভাপতি উৎপল হর্ষবর্ধনৰ বিৰুদ্ধে বিভিন্ন অভিযোগ তুলি প্রতিষ্ঠাৰ দিনটোত সম্পাদকগৰাকীয়ে বৃদ্ধাশ্রমত সমাজ কল্যাণ বিভাগৰ লোকক মাতি পঠিওৱাত এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয়৷
বৃদ্ধাশ্রমৰ সভাপতি–সম্পাদকৰ উপস্থিতিত সমাজ কল্যাণ বিভাগৰ লোক মাদাৰ বৃদ্ধাশ্রমত উপস্থিত হোৱাত আৱাসীসকল আতংকিত হৈ পৰে৷ বৃদ্ধাশ্রমৰ প্রায় ৯০গৰাকী আইতা তথা আৱাসীসকলে সম্পাদকৰ অভিযোগ সত্যৰ ভিত্তিত প্রতিষ্ঠিত নহয় বুলি মন্তব্য কৰাৰ লগতে প্রতিষ্ঠা কালৰে পৰা উৎপলে আৱাসীসকলক শুশ্রূষা কৰি অহা বুলি কয়৷ এনেতে উৎপলে মাদাৰ বৃদ্ধাশ্রম এৰি যোৱাৰ কথা কয় যদিও আইতাসকলে দুখ প্রকাশ কৰি উৎপলক যাবলৈ দিয়া নহ’ব বুলি সংবাদ মাধ্যমৰ আগত মতামত ব্যক্ত কৰে৷ অৱশ্যে পৰৱর্তী সময়ত বৃদ্ধাশ্রমৰ পৰা সমাজ কল্যাণ বিভাগৰ লোক আঁতৰি আহে৷
ধিং এক্সপ্রেছ হিমা দাসৰ আন এক সাফল্য
পাটিয়ালাত অনুষ্ঠিত ভাৰতীয় গ্ৰাঁ প্ৰিত ৪×১০০ ৰিলে’ ৰেচত ৩ সহযোগীৰ সৈতে স্বৰ্ণ জয় হিমাৰ
০.০৮ ছেকেণ্ডৰ বাবেহে অলিম্পিকলৈ যোগ্যতা অৰ্জনত ব্যৰ্থ হিমা
ভূৰাগাঁৱৰ বালিডোঙাত সংঘটিত হোৱা নাৰকীয় ঘটনাৰে জড়িত দোষীক ২৪ ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰৰ দাবীত ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ
মৰিগাঁও জিলাৰ ভূৰাগাওঁ আৰক্ষী থানাৰ অন্তৰ্গত বালিডোঙাত গাৱঁত বৰিবাৰে সংঘটিত হৈছিল এক নাৰকীয় ঘটনা। গাওঁখনৰে আকাবৰ আলীৰ কণ্যা ছুমি আনছাৰি নামৰ ৯ বছৰীয়া শিশুক কোনোবা দুৰ্বৃত্তই হত্যা কৰি পেলাই থয় মৰাপাট খেতিৰ মাজত। উক্ত নাৰকীয় ঘটনাক কেন্দ্ৰ কৰি আজিজ অঞ্চলজুৰি অব্যাহত আছে চেপা উত্তেজনা। উক্ত ঘটনাৰে জড়িত দুৰ্বৃত্তক অতি শীঘ্ৰেই গ্ৰেপ্তাৰ কৰি ফাচিঁ দিয়াৰ দাবীত ভূৰাগাওঁ বজাৰত যোৱা কালি ছাত্র মুক্তি সংগ্ৰাম সমিতিয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।
আজিৰে পৰা অম্বুবাচী ! নাই লাখ লাখ ভক্তৰ সমাগম
আজি অৰ্থাত মঙলবাৰৰ পৰা শক্তিপীঠ কামাখ্যাত আৰম্ভ হ’ব অম্বুবাচী। অৱশ্যে কৰ’ণাৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি অতি সাধাৰণ ভাৱে অনুষ্ঠিত কৰা হ’ব অম্বুবাচী।
অইন বাৰৰ দৰে এইবাৰ দেশ বিদেশৰ লাখ লাখ ভক্তৰ সমাগম দেখিবলৈ পোৱা নাযাব কামাখ্যাত। কিয়নো ক’ভিড প্ৰট’কল মানি অনুষ্ঠিত হ’ব এই অম্বুবাচী। অৱশ্যে যোৱা বৰ্ষটো ক’ভিডৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি অনুষ্টুপীয়াকৈ উদযাপন হৈছিল অম্বুবাচী।
উল্লেখ্য যে., আজি ২ বাজি ৬ মিনিট ৭ চেকেণ্ডক অম্বুবাটীৰ মহা প্ৰবৃত্তি হ’ব। ২৬ জুনৰ নিশা ২ বাজি ২৯ মিনিট ৯ চেকেণ্ডত হ’ব নিবৃত্তি। এই সময়চোৱাত বন্ধ থাকিব কামাখ্যাৰ মূল দুৱাৰ।
গোলাঘাট মুৰফুলনীত বন্যহস্তীৰ সন্ত্ৰাস : গুৰুতৰভাৱে আহত এজন
আজি পুৱা গোলাঘাট ১ নং মুৰফুলনী গাঁৱত বন্য হস্তীৰ আক্ৰমণত গুৰুতৰভাৱে আহত এজন লোক । আহত ব্যক্তি গৰাকীৰ নাম হ’ল হৰেণ গগৈ ।জানিব পৰা মতে, পুৱা প্ৰায় ৭-০০ বজাত নদীত গা-ধুবলৈ যাওঁতে বনৰীয়া হাতীয়ে আক্ৰমণ কৰে লোকজনক । শৰীৰত বিভিন্ন অংশ বিশেষকৈ বুকু ,ডিঙি ,হাত আৰু ভৰিত গুৰুতৰভাৱে আঘাত প্ৰাপ্ত হৈছে হৰেণ গগৈ। বনৰীয়া হাতীয়ে গচকি গছ পাতেৰে ঢাকি থৈ যোৱা অৱস্থাত উদ্ধাৰ কৰে স্থানীয় ৰাইজে। অচেতন হৈ পৰা মানুহজনক ততাতৈয়াকৈ গোলাঘাটস্থিত শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰে। ইফালে দিন হাজিৰা কৰি কোনোমতে জীৱন নিৰ্বাহ কৰা লোকজনৰ উন্নত চিকিৎসাৰ কাৰণে নাই মজুত ধন। সেইয়ে আঘাতপ্ৰাপ্ত হৰেণ গগৈ পৰিয়ালে বন বিভাগৰ পৰা বন্য হস্তীৰ আক্ৰমণৰ ক্ষতিপূৰণ দাবী কৰিছে । উল্লেখ্য যে , গোলাঘাটৰ বৃহত্তৰ মুৰফুলনী অঞ্চলত দিনক দিনে বন্য হস্তীৰ সন্ত্ৰাস বৃদ্ধি পাইছে । ৰাইজৰ অভিযোগ যে বনবিভাগৰ নিষ্ক্ৰিয় ভূমিকাই এই হাতী – মানুহৰ সংঘাত ৰোধ কৰাত সম্পূৰ্ণ বিফল হৈছে।
দুমুনিচকী ৰাজ্যিক চিকিৎসালয়ত দৰঙৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী
কালি দুমুনিচকী ৰাজ্যিক চিকিৎসালয়ত উপস্থিত হয় দৰং জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী।ৰাজ্য জুৰি আজিৰ পৰা আৰম্ভ হোৱা ১৮ বছৰ বয়সৰ ওপৰৰ ব্যক্তি সকলৰ বাবে আৰম্ভ কৰা ভেকচিন কেন্দ্ৰ সমূহ পৰিদৰ্শন কৰাৰ উদ্দেশ্যৰে মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী প্ৰথমে উপস্থিত হয় কামৰূপ আৰু দৰং জিলাৰ সীমান্তবৰ্তি ছিপাঝাৰ সমষ্টিৰ অন্তৰ্গত দুমুনিচকী ৰাজ্যিক চিকিৎসালয়ত। মন্ত্ৰী গৰাকীয়ে দুমুনিচকী ৰাজ্যিক চিকিৎসালয়ৰ আন্তঃগাঁথনি পৰিদৰ্শন কৰাৰ লগতে চিকিৎসালয় খনৰ স্বাস্থ্য কৰ্মী সকলৰ লগত মত বিনিময় কৰি ভেকচিন প্ৰদান কাৰ্যসূচীৰ বুজ লয়। তদুপৰি সেই সময়ত ভেকচিন লবলৈ শাৰী পাতি ৰৈ থকা লোক সকলক নমস্কাৰ জনাই সকলোকে সহযোগিতা কৰিবলৈ আহ্বান জনাই। যি সকলে লোৱা নাই তেওঁলোককো ভেকচিন লোৱাৰ পৰামৰ্শ দিয়ে মন্ত্ৰী পাটোৱাৰীয়ে । পিছত সাংবাদিকৰে হোৱা কথাবতৰাত মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে কয় যে দৰং জিলাত ভেকচিন লব পৰা জনসংখ্যাৰ পৰিমাণ হৈছে ১০৮১১০০ গৰাকী । স্বাস্থ্য বিভাগৰ ফালৰ পৰা ৭০২৭১৫ জন ব্যক্তিক ভেকচিন দিয়াৰ বাবে টাৰ্গেট লোৱা হৈছে । ইতিমধ্যে প্ৰথম ডজ দিয়া হৈছে ১০৩৩২০ জনক। দৈনিক দৰং জিলাত ৭ হেজাৰ লোকক ভেকচিন প্ৰদানৰ লক্ষ্য বান্ধি লোৱা বুলি কয় মন্ত্ৰী গৰাকীয়ে । সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত দৰং জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে চন্দ্ৰমোহন পাটোৱাৰীয়ে জিলা খনৰ সামগ্ৰীক উন্নয়নৰ বাবে সকলো বিভাগৰ মুৰব্বী সকলৰ মতামতৰ ভিত্তিত এখন ভিজন ডকুমেন্ট প্ৰস্তুত কৰিবলৈ জিলা উপায়ুক্ত প্ৰভাতী থাউচেনক নিৰ্দেশ দিয়ে। আনহাতে দৰং জিলাৰ ছিপাঝাৰৰ অন্যতম লাভজনক উদ্যোগ প্ৰাগ বছিমি পুনৰুজ্জীৱিত কৰাৰ দিশত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত গা এৰা দিয়া মন্তব্য প্ৰকাশ কৰে দৰং জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে।উল্লেখ্য যে দুমুনিচকী ৰাজ্যিক চিকিৎসালয়ত উপস্থিত হোৱা সময়ত মন্ত্ৰী গৰাকীক সংগ দিয়ে ছিপাঝাৰ সমষ্টিৰ বিধায়ক ডঃ পৰমানন্দ ৰাজবংশী আৰু দৰং জিলাৰ উপায়ুক্ত প্ৰভাতী থাউচেনে।মন্ত্ৰী পাটোৱাৰীক জিলা উপায়ুক্ত প্ৰভাতী থাউচেনে দুমুনিচকী ৰাজ্যিক চিকিৎসালয়ত আদৰণি জনোৱাৰ পিছত জিলা স্বাস্থ্য বিভাগৰ লগতে চিকিৎসালয় কৰ্ত্তৃপক্ষৰ হৈ স্বাস্থ্য কৰ্মী ইন্দ্ৰেশ্বৰ নাথে আদৰণি জনায়।ইফালে স্থানীয় ৰাইজৰ হৈ দুমুনিচকীৰ বিশিষ্ট সমাজকৰ্মী মমতাজ আলীয়ে দুমুনিচকী ৰাজ্যিক চিকিৎসালয় খন ৩০ খন বিচনা যুক্ত চিকিৎসালয় হিচাপে উন্নত কৰিবলৈ দাবী জনাই মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীক ।ৰাইজৰ প্ৰশ্নৰ উত্তৰ মন্ত্ৰী গৰাকীয়ে মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰি ব্যৱস্থা লোৱা হব বুলি জানিবলৈ দিয়ে ।তাৎপৰ্য কথা যে দৰং জিলা স্বাস্থ্য বিভাগৰ অন্তৰ্গত দুমুনিচকী ৰাজ্যিক চিকিৎসালয়ৰ পৰা কামৰূপ জিলাৰ কমলপুৰ আৰু জালুকবাৰী সমষ্টিৰ ৰাইজেও সমানে চিকিৎসা সেৱা গ্ৰহণ কৰি আহিছে ।
ক’ভিড ভেকচিন ল’লে সন্তান জন্ম নহব,দুই বছৰৰ পিছত মৃত্যু হব,কিডনী উলিয়াই লব আদি ব্যাপক হাৰত অপ্ৰচাৰ
মাজবাটৰ ধনশ্ৰী চাহ বাগিছাত কভিড পজিটিভ-৬৮,
কভিড পৰীক্ষা কৰিলে স্বাস্থ্য কৰ্মী ভাবুকি,শ্ৰমিক সকলে কভিড টেষ্ট নকৰে,ভেকচিন নলয়
ওদালগুৰি জিলাৰ অৰুণাচল সীমান্তৰ ঊনৈছ দশকতে ব্ৰিটিছে প্ৰতিষ্ঠা কৰা মাজবাট বিধানসভা সমষ্টি,মাজবাট ৰাজহ চক্ৰৰ অন্তৰ্গত এখন বাগিচা হৈছে ধনশ্ৰী চাহ বাগিচা । অৰুণাচল প্ৰদেশ সীমান্তৰ এই বাগিচা খন দুৰ্গম অঞ্চলত অৱস্থিত বাবে অইন অইন বাগিচা সমূহতকৈ অতিকৈ পিছ পৰা,সৰ্বদিশতে সৰ্বতো প্ৰকাৰে কুসংস্কাৰ,অন্ধবিশ্বাস আদিৰে অনুন্নত হৈ আছে ৷ পাহাৰীয়া প্ৰদেশৰ গাতে লাগি থকা অঞ্চল হোৱা হেতুকে এই চাহ বাগিছাৰ বহু শ্ৰমিক মেলেৰীয়াৰ দৰে ৰোগৰ কৱলত পৰি বহু শ্ৰমিকে মৃত্যুত সাৱটি লগা হৈছিল ।মেলেৰিয়া আক্ৰান্ত হিচাপে দেশ খনৰ ভিতৰত শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হৈছে ৷
ওদালগুৰি জিলাৰ ওৰাং খণ্ড প্ৰথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনস্থ বাগিচা খন সম্প্ৰতি ওৰাং ৰূপা ৰোডৰ দুয়োকাষে অৱস্হিত । বৰ্তমান আগৰ তুলনাত যাতায়ত ব্যৱস্থা অতি সুন্দৰ হৈ অতি মনোমোহা আকৰ্ষণীয় হৈ উঠিছে কিন্তু বাগিচা খনত ওৰাং স্বাস্থ্য কেন্দ্ৰৰ অধীনস্থ বিভৎস ,অতিশয় পয়ালগা অৱস্থাই চাহ বাগিছা খনৰ শ্ৰমিক সকলৰ জীৱনলৈ মৃত্যুৰ ভাবুকি কঢ়িয়াই আহিছে । সমগ্ৰ বিশ্বতেই কাৰোনাই আতংকিত কৰি সন্ত্ৰাসৰ সৃষ্টি কৰা সময়তো এই বাগিছা খনত বিগত এক বছৰ ধৰি এগৰাকীও চিকিৎসক নাই । চিকিৎসক অবিহনেই বাগিচা খন চলি থকা কথা সকলোৱে জ্ঞাত । ওদালগুৰি জিলা প্ৰশাসনে এই বছৰ বছৰ ধৰি কুম্ভকৰ্ণৰ গভীৰ নিন্দ্ৰাত তথা ধৃতৰাষ্ট্ৰৰ ভূমিকা পালন কৰি আহিছে । এখন জিলাৰ জিলা উপাযুক্তই বাগিছা কৰ্তৃপক্ষক চিকিৎসক নিয়োগ কৰিবলৈ বাধ্য কৰাব নোৱাৰাটো চৰকাৰ তথা বিটিআৰ কৰ্তৃপক্ষৰ ফোঁপোলা স্বৰূপটোহে নিলৰ্জ ভাবে প্ৰকাশ পাইছে । সাম্প্ৰতিক ক’ভিড কালীন পৰিস্থিতিতো এই বাগিচাখনত স্বাস্থ্য বিভাগ তথা ওদালগুৰি জিলা উপযুক্তই কোনো ব্যৱস্থা গ্ৰহণ নকৰাটো অতি দুৰ্ভাগ্যজনক আৰু আশ্বৰ্যজনক বিষয় হৈ পৰিছে ৷ক’ৰোনাক প্ৰতিৰোধ কৰিবলৈ নাই কোনো জনসচেতনতা । এই চাহ বাগিছাৰ শ্ৰমিক সকলৰ মাজত উৰা বাতৰি , ভুৱা প্ৰচাৰ আদিয়ে বিশেষকৈ প্ৰভাৱিত কৰা দেখা পোৱা গৈছে । ফলত বেচৰকাৰী তথ্য অনুসৰি প্ৰায় ৫হেজাৰ,স্বাস্থ্য বিভাগৰ তথ্য মতে ৩৬৬৮ গৰাকী জনসংখ্যা,শ্ৰম বিভাগৰ তথ্য অনুসৰি -২৫৭৫ গৰাকীৰ ভিতৰত শ্ৰমিক ২৭৮ গৰাকীয়ে ২১জুনলৈকে মাত্ৰ ক’ভিড ১৯ প্ৰতিৰোধৰ ভেকচিন গ্ৰহণ কৰিছে । এই চাহ বাগিছাৰ বহু শ্ৰমিকে ভেকচিন ললেই হেনো সন্তান জন্ম দিয়াৰ ক্ষমতা হেৰুৱাই পেলাব লাগিব , ক’ভিড চেণ্টাৰত গলে কিডনী উলিয়াই লয় , ভেকচিন ললে দুই বছৰৰ ভিতৰতে মানুহৰ মৃত্যু হয় , আদিৰ দৰে অন্ধবিশ্বাস, আৰু একাংশ দুষ্টচক্ৰই ব্যাপক হাৰত দিনে নিশাই অপপ্ৰচাৰ আদিত শ্ৰমিক সকল বলি হোৱা পৰিলক্ষিত হৈছে ।এইধৰণৰ বিষয় বোৰে শ্ৰমিক সকলৰ মাজত নানান ধৰণৰ সন্ত্ৰাস ,শংকা ,আতংক বিভ্ৰান্তিৰ সৃষ্টি কৰাত ইয়াৰ শাস্তি ভোগ কৰিব লগীয়া হৈছে বাগিচাখনত নিয়োজিত এন আৰ এইচ এম , পি পি ই স্বাস্থ্য কৰ্মী আৰু এগৰাকী জি এন এম । আটছা , এচি এম এছ , মাজবাটৰ এম চি এল এ প্ৰমুখে ব্যক্তি সংগঠন প্ৰচেষ্টা হাতত লৈছে যদিও একাংশ শ্ৰমিক এতিয়াও নাচোৰ বান্ধা হৈ আছে । সচেতনতাৰ অভাৱ থকাৰ বাবেই বাগিছা খনত কৰোনাৰ গণ সংক্ৰমণ ঘটিছে ।স্বাস্থ্য কৰ্মী সকল জীৱনৰ ভয়ত কৰোণা পৰীক্ষা কৰাৰ পৰা বিৰত হৈ আছে । আকোৰ গোজ হৈ থকা অধিকাংশ শ্ৰমিকে ক’ৰোনা টেষ্ট কৰিছে কৰক কিন্তু পজিটিভ ওলালে মাথা ফালি দিম আদি ভয় ভাবুকি দি অহাৰ সত্বেও একমাত্ৰস্বাস্থ্য কর্মী ,মৰনক শৰন দি আৰু জীবনটো হাতৰ মুঠিত লৈ ভবেশ শৰ্মা আৰু জি এন এম বসুমতাৰী চাকৰিৰ মায়া তথা দায়িত্বত মৰসাহ কৰি কোনোমতেহে কাম কৰিয়েই আহিছে । যোবা ২৫ এপ্ৰিলৰ পৰা ২১জুনলৈকে বেমাৰত ভুগি থকা সকলে নিজেই হাস্পিতাললৈ আহি পৰীক্ষা কৰাত এতিয়ালৈকে ৬৮ গৰাকীৰ দেহত ধৰা পৰিছে পজিটিভ ।ক’ৰোণা আক্ৰান্ত সকলে ভয়তে বাহিৰত উন্নত চিকিৎসা কৰিবলৈ যাবলৈ ভয় কৰাতবৰ্তমান বাগিছা খনতে ক’ভিড চেণ্টাৰ আৰম্ভ কৰি চিকিৎসা কৰি থকা হৈছে । কিন্ত দুৰ্ভাগ্যজনক আৰু লজ্জাজনক কথা এইটোৱেই যে চেণ্টাৰ খনত নাই এজনো চিকিৎসক । নাই কোনো ভ্ৰাম্যমাণ চিকিৎসাৰ সু ব্যৱস্থা । এগৰাকী সাধাৰণ স্বাস্থ্য কৰ্মী এই ৬৮ জন ৰোগীৰ চিকিৎসা সেৱা চলাই আছে ।লাইনে লাইনে ঘৰে ঘৰে পৰীক্ষা কৰিলে কৰিলে কিমান পজিটিভ কেচ ওলাব সেয়া সপোনৰ অগোচৰ হৈ আছে ।৬৮ জন ক’ৰোণা ৰোগী থকা বাগিছা খন স্বাস্থ্য বিভাগ তথা ওদালগুৰি জিলা উপায়ুক্তই অৱগত হোৱাৰ পিছতো এজন চিকিৎসক নিয়োগ নকৰাটো অতি পৰিতাপৰ বিষয় হৈ পৰিছে । সময় থাকোতে চৰকাৰে উচিত ব্যৱস্থা গ্ৰহণ নকৰিলে এই বাগিচাখনৰ লগতে প্ৰায় পাশ্বৰ্বতী প্ৰায় ৫০খন গাওঁ এলেকা বোৰত কৰোণা জ্বালামুখীৰ দৰে সক্ৰিয় হৈ অইন অইন অঞ্চলত সংক্ৰমণ ঘটাটো আৰু অতিভয়াবহ পৰিস্থিতি সৃষ্টি হোবাটো নিশ্চিত হৈ পৰিছে ।সেইবাবে ওদালগুৰি জিলাৰ সচেতন নাগৰিক সমিতিয়ে এই চাহ বাগিচাখনকে কনটেণ্টমেন্ট জ’ন কৰি প্ৰতিগৰাকী কৰ্মচাৰী আৰু শ্ৰমিকক কভিড টেষ্ট আৰু কভিড ভেকচিন আদি কৰিবলৈ চৰকাৰ,জিলা প্ৰশাসন,সংশ্লিষ্ট বিভাগ,কতৃপক্ষকক দাবী জনাইছে ৷
ডেৰ বছৰৰ ভিতৰত এক লক্ষ নিবনুৱাক নিযুক্তি প্ৰদান কৰিব চৰকাৰে
ৰাজ্যৰ এক লক্ষ নিবনুৱাক ডেৰ বছৰৰ ভিতৰত নিযুক্তি প্ৰদান কৰা হ’ব । শক্তিখণ্ডৰ উন্নয়নৰ বাবে ৰাজহ সংগ্ৰহত অধিক গুৰুত্ব দিয়া হৈছে। এই মন্তব্য মন্ত্ৰী বিমল বৰাৰ। অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱকল্যাণ; সাংস্কৃতিক পৰিক্ৰমা, শক্তি আৰু পৰ্যটন বিভাগৰ মন্ত্ৰী বিমল বৰাই আজি সোণাৰিত উপস্থিত হৈ চৰাইদেউ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত ক’ভিড-১৯ আৰু চৰাইদেউ জিলাৰ উন্নয়নৰ এক পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে। মন্ত্ৰী বিমল বৰাৰ উপৰিও উক্ত পৰ্যালোচনা সভাত অসম চৰকাৰৰ ৰাজহ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহন, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, চৰাইদেউ জিলাৰ উপায়ুক্ত বিনীতা পেগু; অতিৰিক্ত উপায়ুদ্বয় মৌচুমী চেতিয়া আৰু জাভেড আৰমানৰ লগতে চৰাইদেউ জিলাৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া সকলে অংশগ্ৰহণ কৰে। উক্ত পৰ্যালোচনা সভাত মন্ত্ৰী বৰাই চৰাইদেউ জিলাৰ সাম্প্ৰতিক ক’ভিড-১৯ পৰিস্থিতি সন্দৰ্ভত বুজ লৈ আগন্তুক দিনত এই সন্দৰ্ভত ল’বলগা ব্যৱস্থা সম্পৰ্কে জিলা উপায়ুক্ত তথা স্বাস্থ্য বিভাগৰ বিষয়া কৰ্মচাৰী সকলক অৱগত কৰে। ভেকচিনৰ ষ্টক, ভেকচিনৰ কেন্দ্ৰ, চেনিটাইজেশ্যন,মাস্ক পৰিধান আৰু চৰাইদেউ জিলাৰ ক’ভিড-১৯ ৰ পৰিসংখ্যা আদি বিভিন্ন বিষয়ৰ ওপৰত সূক্ষ্মভাৱে পৰ্যালোচনা কৰা হয়। ইয়াৰ উপৰিও চৰাইদেউ জিলাত নিৰ্মীয়মান বিভিন্ন বিভাগৰ কাৰ্যালয় গৃহ, ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ, সৌৰশক্তি চালিত পাম্প, খেলপথাৰ উন্নয়ন, মাংস আৰু গাখীৰৰ চাহিদা পূৰণ কৰিব পৰাকৈ ল’ব লগা ব্যৱস্থা, গাঁও পৰ্যায়ৰ ক’ভিড ব্যৱস্থাপনা সমিতি স্থাপন, আই চি ইউ নিৰ্মাণ, স্থানীয় যুৱকৰে উন্নয়নমূলক কামৰ চাহিদা পূৰণ, মৎস্য উৎপাদন তথা উন্নয়ন, ভূমি পট্টা বিতৰণ, চালক সজাগতা শিবিৰ, মাদক দ্ৰব্য নিবাৰণ সন্দৰ্ভত বাটৰ নাট প্ৰদৰ্শন আদি বিভিন্ন বিষয়ৰ ওপৰত পুংখানুপুংখ ভাৱে আলোচনা কৰি বিভাগীয় মূৰব্বীসকলক তৎকালে ব্যৱস্থা গ্ৰহণ কৰিবলৈ মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে। মন্ত্ৰী বিমল বৰাৰ উপৰিও মন্ত্ৰী যোগেন মহন, সাংসদ তপন কুমাৰ গগৈ, বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰেও সভাত বক্তব্য ৰাখে। আজিৰ সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে উপায়ুক্ত বিনীতা পেগুৱে।
বিকলাংগ হোৱাৰ পিছতো ঢুকি নাপায় চৰকাৰী আঁচনিয়ে।
বকোৰ বালিঝাৰৰ দেলোৱাৰ হুছেইনৰ বেদনাদায়ক জীৱন।
ৰাজ্য চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ অভিলাষী আঁচনিয়ে ঢুকি নোপোৱা ; কামৰূপ জিলাৰ ছমৰীয়া ৰাজহ চক্ৰৰ অন্তৰ্গত বৰুৱা বালিঝাৰ গাওঁৰ বিকলাংগ তথা বিশেষ ভাৱে সক্ষম যুৱক দেলোৱাৰ হুছেইন। এই গৰাকী বিকলাংগ যুৱকে আজিলৈ ৰাজ্য চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ অভিলাষী আঁচনিৰ কোনো সুফল নপোৱাৰ অভিযোগ উত্থাপিত কৰিছে। জানিব পৰা মতে ; ছয় বছৰ পুৰ্বে অচিন ৰোগত হেৰুৱাইছে ভৰি দুখন৷ক্ষুদ্ৰ এখন দোকানৰ সহায়ত পেটেভাতে জীয়াই আছে কোনৰকমে ৷বকোৰ বালিঝাৰ গাৱত এইজন বিশেষভাৱে সক্ষম দিলোৱাৰ হুছেইনৰ ঘৰ ৷বালিঝাৰ বজাৰতে আৰাম্ভ কৰিছে এখন ক্ষুদ্ৰ দোকান ৷চাহ তামোল পান আদি বিক্ৰী কৰি জীয়াই আছে কোনৰকমে ৷আনৰ সহায় নহলে উঠিব নোৱাৰে৷৷নাই লৰা. চাৰিজনী কন্যা সন্তান ৷বুকুত অলেখ সপোন লৈ শিক্ষাৰ বাবে দিছে বিদ্যালয়ত ৷লক ডাউনৰ সময়ত এইজন ব্যাক্তিয়ে দিছে মুৰেকপালে হাত ৷ৰাতিপুৱা দোকান খুলিলেও দোকানত নাই বেচাকিনা।
তাকো লক ডাউনৰ বাবে দুপৰীয়াই কৰিব লাগে দোকান বন্ধ ৷দুৰ্ভোগে আৱৰি ধৰিছে দিলোৱাৰ হুছেইনক ৷লাহে লাহে তেওৰ শৰীৰৰ আন এটা অংশ হৱলৈ ধৰিছে অকামিলা ৷তথাপিও জীৱন সংগ্ৰামত তেও মনামনা নাই হাৰ ৷স্থানীয় বিধায়িকাই এখন তিনিচকীয়া চাইকেলৰ বাহিৰে দিয়া নাই কোন অনুদান ৷আক্ষেপৰ লগতে মনত আছে বহু দুখ ৷এইজন বিশেষভাৱ সক্ষম দিলোৱাৰ হুছেইনক ডাউনৰ সময়ত সামান্য সাহৰ্য প্ৰদান কৰিলে নিশ্চয়কৈ হৱ উপকৃত ৷











