Breaking

মাদাৰ বৃদ্ধাশ্রমত অভাৱনীয় পৰিস্থিতি

0 2,045

মহানগৰীৰ হাতীগাঁওস্থিত মাদাৰ বৃদ্ধাশ্রমৰ সভাপতি–সম্পাদকৰ সংঘাতক কেন্দ্র কৰি সোমবাৰে বৃদ্ধাশ্রমত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয়৷ প্রাপ্ত খবৰ অনুসৰি হাতীগাঁৱৰ মাদাৰ বৃদ্ধাশ্রমৰ প্রতিষ্ঠাপক সভাপতি উৎপল হর্ষবর্ধনৰ বিৰুদ্ধে সম্পাদকগৰাকীয়ে বিভিন্ন অনিয়মৰ অভিযোগ তুলিছে৷ বৃদ্ধাশ্রমৰ সভাপতি উৎপল হর্ষবর্ধনৰ বিৰুদ্ধে বিভিন্ন অভিযোগ তুলি প্রতিষ্ঠাৰ দিনটোত সম্পাদকগৰাকীয়ে বৃদ্ধাশ্রমত সমাজ কল্যাণ বিভাগৰ লোকক মাতি পঠিওৱাত  এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয়৷

বৃদ্ধাশ্রমৰ সভাপতি–সম্পাদকৰ উপস্থিতিত সমাজ কল্যাণ বিভাগৰ লোক মাদাৰ বৃদ্ধাশ্রমত উপস্থিত হোৱাত আৱাসীসকল আতংকিত হৈ পৰে৷ বৃদ্ধাশ্রমৰ প্রায় ৯০গৰাকী আইতা তথা আৱাসীসকলে সম্পাদকৰ অভিযোগ সত্যৰ ভিত্তিত প্রতিষ্ঠিত নহয় বুলি মন্তব্য কৰাৰ লগতে প্রতিষ্ঠা কালৰে পৰা উৎপলে আৱাসীসকলক শুশ্রূষা কৰি অহা বুলি কয়৷ এনেতে উৎপলে মাদাৰ বৃদ্ধাশ্রম এৰি যোৱাৰ কথা কয় যদিও আইতাসকলে দুখ প্রকাশ কৰি উৎপলক যাবলৈ দিয়া নহ’ব বুলি সংবাদ মাধ্যমৰ আগত মতামত ব্যক্ত কৰে৷ অৱশ্যে পৰৱর্তী সময়ত বৃদ্ধাশ্রমৰ পৰা সমাজ কল্যাণ বিভাগৰ লোক আঁতৰি আহে৷

Leave A Reply