Breaking

জামুগুৰিহাটত বৃহৎ পৰিমাণৰ হেৰ’ইন জব্দ।

0 519

সমগ্ৰ অসমতে অসম আৰক্ষীয়ে ড্ৰাগছ ,ভাংৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখাৰ মাজতে আজি জামুগুৰি আৰক্ষীয়ে বৃহৎ পৰিমাণৰ হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয়।গুৱাহাটীৰ পৰা লক্ষীমপুৰ অভিমুখে আহি থকা AR- 01-F-1349 নম্বৰৰ এখন এটিয়ছ গাড়ীত হৰিব্ৰত দেউৰি আৰু মনিৰাম দাস নামৰ যুৱকদ্বয়ে হেৰ’ইন খিনি কঢ়িয়াই আনি থকা অৱস্থাত বিশেষ সূত্ৰৰ পম খেদি শোণিতপুৰ জিলাৰ অতিৰিক্ত অধিক্ষক চফিকুল ইছলামৰ নেতৃত্বত জামুগুৰি আৰক্ষীয়ে হেৰ’ইন খিনি জব্দ কৰে।আৰক্ষীয়ে জনোৱা মতে তিনিটাকৈ চাবোনৰ কেছ্ত ভৰাই অনা এই হিৰ’ইন খিনিৰ বৰ্তমানৰ মূল্য প্ৰায় পাঁচ লাখ টকা।আটকাধীন যুৱক দুজনক বৰ্তমান জামুগুৰি আৰক্ষীয়ে জোৰদাৰ তদন্ত অব্যাহত ৰাখিছে।আৰক্ষীৰ অভিযানকালত জামুগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰাঞ্জল কুমাৰ নাথ আৰু চাৰিদুৱাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আলিমুদ্দিন আহমেদৰ লগতে অন্যান্য বিষয়া সকলেও সহযোগ কৰে৷উল্লেখ্য যে কৰ’ণা মহামাৰীৰ পৰিপ্ৰেক্ষিতত মিনি লকডাউন চলি থকাৰ লগতে আন্ত:জিলা যাতায়ত বন্ধ থকাৰ সময়তে গুৱাহাটীৰ পৰা কেনেকৈ কেইবাখনো জিলা অতিক্ৰম কৰি বৃহৎ পৰিমাণৰ হেৰ’ইন খিনি জামুগুৰিহাট পালেহি সেই লৈ সচেতন মহলৰ মাজত প্ৰশ্নও উত্থাপন হৈছে।

Leave A Reply