Breaking

ক’ভিড ভেকচিন ল’লে সন্তান জন্ম নহব,দুই বছৰৰ পিছত মৃত্যু হব,কিডনী উলিয়াই লব আদি ব্যাপক হাৰত অপ্ৰচাৰ

0 1,162

মাজবাটৰ ধনশ্ৰী চাহ বাগিছাত কভিড পজিটিভ-৬৮,
কভিড পৰীক্ষা কৰিলে স্বাস্থ্য কৰ্মী ভাবুকি,শ্ৰমিক সকলে কভিড টেষ্ট নকৰে,ভেকচিন নলয়

ওদালগুৰি জিলাৰ অৰুণাচল সীমান্তৰ ঊনৈছ দশকতে ব্ৰিটিছে প্ৰতিষ্ঠা কৰা মাজবাট বিধানসভা সমষ্টি,মাজবাট ৰাজহ চক্ৰৰ  অন্তৰ্গত  এখন বাগিচা হৈছে ধনশ্ৰী চাহ বাগিচা । অৰুণাচল প্ৰদেশ সীমান্তৰ এই বাগিচা খন দুৰ্গম অঞ্চলত অৱস্থিত বাবে অইন অইন বাগিচা সমূহতকৈ  অতিকৈ পিছ পৰা,সৰ্বদিশতে সৰ্বতো প্ৰকাৰে কুসংস্কাৰ,অন্ধবিশ্বাস আদিৰে অনুন্নত হৈ আছে ৷ পাহাৰীয়া প্ৰদেশৰ গাতে  লাগি থকা অঞ্চল হোৱা হেতুকে এই চাহ বাগিছাৰ বহু শ্ৰমিক মেলেৰীয়াৰ দৰে ৰোগৰ কৱলত পৰি বহু শ্ৰমিকে মৃত্যুত সাৱটি লগা হৈছিল ।মেলেৰিয়া আক্ৰান্ত হিচাপে দেশ খনৰ ভিতৰত শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হৈছে ৷
 ওদালগুৰি জিলাৰ ওৰাং খণ্ড প্ৰথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনস্থ বাগিচা খন সম্প্ৰতি ওৰাং ৰূপা ৰোডৰ দুয়োকাষে অৱস্হিত । বৰ্তমান আগৰ তুলনাত যাতায়ত ব্যৱস্থা অতি সুন্দৰ হৈ অতি মনোমোহা আকৰ্ষণীয় হৈ উঠিছে কিন্তু বাগিচা খনত ওৰাং স্বাস্থ্য কেন্দ্ৰৰ অধীনস্থ বিভৎস ,অতিশয় পয়ালগা অৱস্থাই চাহ বাগিছা খনৰ শ্ৰমিক সকলৰ জীৱনলৈ মৃত্যুৰ ভাবুকি কঢ়িয়াই আহিছে । সমগ্ৰ বিশ্বতেই কাৰোনাই আতংকিত কৰি সন্ত্ৰাসৰ সৃষ্টি কৰা সময়তো এই বাগিছা খনত বিগত এক বছৰ ধৰি এগৰাকীও চিকিৎসক নাই । চিকিৎসক অবিহনেই বাগিচা খন চলি থকা কথা সকলোৱে জ্ঞাত । ওদালগুৰি জিলা প্ৰশাসনে এই বছৰ  বছৰ ধৰি কুম্ভকৰ্ণৰ গভীৰ নিন্দ্ৰাত তথা ধৃতৰাষ্ট্ৰৰ ভূমিকা পালন কৰি আহিছে । এখন জিলাৰ জিলা উপাযুক্তই বাগিছা কৰ্তৃপক্ষক চিকিৎসক নিয়োগ কৰিবলৈ বাধ্য কৰাব নোৱাৰাটো চৰকাৰ তথা বিটিআৰ কৰ্তৃপক্ষৰ ফোঁপোলা স্বৰূপটোহে নিলৰ্জ ভাবে  প্ৰকাশ পাইছে । সাম্প্ৰতিক ক’ভিড কালীন পৰিস্থিতিতো এই বাগিচাখনত স্বাস্থ্য বিভাগ তথা ওদালগুৰি জিলা উপযুক্তই কোনো ব্যৱস্থা গ্ৰহণ নকৰাটো অতি দুৰ্ভাগ্যজনক আৰু আশ্বৰ্যজনক বিষয় হৈ পৰিছে ৷ক’ৰোনাক প্ৰতিৰোধ কৰিবলৈ নাই কোনো জনসচেতনতা । এই চাহ বাগিছাৰ  শ্ৰমিক সকলৰ মাজত উৰা বাতৰি , ভুৱা প্ৰচাৰ আদিয়ে বিশেষকৈ প্ৰভাৱিত কৰা দেখা পোৱা গৈছে । ফলত  বেচৰকাৰী তথ্য অনুসৰি  প্ৰায় ৫হেজাৰ,স্বাস্থ্য বিভাগৰ তথ্য মতে ৩৬৬৮ গৰাকী জনসংখ্যা,শ্ৰম বিভাগৰ তথ্য অনুসৰি -২৫৭৫ গৰাকীৰ ভিতৰত  শ্ৰমিক  ২৭৮ গৰাকীয়ে ২১জুনলৈকে  মাত্ৰ ক’ভিড ১৯ প্ৰতিৰোধৰ ভেকচিন গ্ৰহণ কৰিছে । এই চাহ বাগিছাৰ বহু শ্ৰমিকে ভেকচিন ললেই হেনো সন্তান জন্ম দিয়াৰ ক্ষমতা হেৰুৱাই পেলাব লাগিব , ক’ভিড চেণ্টাৰত গলে কিডনী উলিয়াই লয় , ভেকচিন ললে দুই বছৰৰ ভিতৰতে মানুহৰ মৃত্যু হয় , আদিৰ দৰে  অন্ধবিশ্বাস, আৰু একাংশ দুষ্টচক্ৰই  ব্যাপক হাৰত দিনে নিশাই  অপপ্ৰচাৰ আদিত শ্ৰমিক সকল  বলি হোৱা পৰিলক্ষিত হৈছে ।এইধৰণৰ বিষয় বোৰে শ্ৰমিক সকলৰ মাজত  নানান ধৰণৰ সন্ত্ৰাস ,শংকা ,আতংক বিভ্ৰান্তিৰ সৃষ্টি কৰাত ইয়াৰ শাস্তি ভোগ কৰিব লগীয়া হৈছে বাগিচাখনত নিয়োজিত এন আৰ এইচ  এম ,  পি পি ই স্বাস্থ্য কৰ্মী আৰু এগৰাকী জি এন এম । আটছা , এচি এম এছ , মাজবাটৰ এম চি এল এ প্ৰমুখে ব্যক্তি সংগঠন প্ৰচেষ্টা হাতত লৈছে যদিও একাংশ শ্ৰমিক এতিয়াও নাচোৰ বান্ধা হৈ আছে । সচেতনতাৰ অভাৱ থকাৰ বাবেই বাগিছা খনত কৰোনাৰ গণ সংক্ৰমণ ঘটিছে ।স্বাস্থ্য কৰ্মী সকল জীৱনৰ ভয়ত কৰোণা পৰীক্ষা কৰাৰ পৰা বিৰত হৈ আছে । আকোৰ গোজ হৈ থকা অধিকাংশ  শ্ৰমিকে ক’ৰোনা টেষ্ট কৰিছে কৰক কিন্তু পজিটিভ ওলালে মাথা ফালি দিম আদি ভয় ভাবুকি দি অহাৰ সত্বেও একমাত্ৰস্বাস্থ্য কর্মী ,মৰনক শৰন দি আৰু জীবনটো হাতৰ মুঠিত লৈ  ভবেশ শৰ্মা আৰু জি এন এম বসুমতাৰী চাকৰিৰ মায়া তথা দায়িত্বত মৰসাহ কৰি  কোনোমতেহে কাম কৰিয়েই আহিছে । যোবা ২৫ এপ্ৰিলৰ পৰা ২১জুনলৈকে বেমাৰত ভুগি থকা সকলে নিজেই হাস্পিতাললৈ আহি পৰীক্ষা কৰাত এতিয়ালৈকে ৬৮ গৰাকীৰ দেহত ধৰা পৰিছে পজিটিভ ।ক’ৰোণা আক্ৰান্ত সকলে ভয়তে বাহিৰত উন্নত চিকিৎসা কৰিবলৈ যাবলৈ ভয় কৰাতবৰ্তমান বাগিছা খনতে ক’ভিড চেণ্টাৰ আৰম্ভ কৰি চিকিৎসা কৰি থকা হৈছে । কিন্ত দুৰ্ভাগ্যজনক আৰু লজ্জাজনক কথা এইটোৱেই যে চেণ্টাৰ খনত নাই এজনো চিকিৎসক । নাই কোনো  ভ্ৰাম্যমাণ চিকিৎসাৰ সু ব্যৱস্থা । এগৰাকী সাধাৰণ স্বাস্থ্য কৰ্মী এই ৬৮ জন ৰোগীৰ চিকিৎসা সেৱা চলাই আছে ।লাইনে লাইনে ঘৰে ঘৰে পৰীক্ষা কৰিলে কৰিলে কিমান পজিটিভ কেচ ওলাব সেয়া সপোনৰ অগোচৰ হৈ আছে ।৬৮ জন ক’ৰোণা  ৰোগী থকা বাগিছা খন স্বাস্থ্য বিভাগ তথা ওদালগুৰি জিলা উপায়ুক্তই অৱগত হোৱাৰ পিছতো এজন চিকিৎসক নিয়োগ নকৰাটো অতি পৰিতাপৰ বিষয় হৈ পৰিছে । সময় থাকোতে চৰকাৰে উচিত ব্যৱস্থা গ্ৰহণ নকৰিলে এই বাগিচাখনৰ লগতে  প্ৰায়  পাশ্বৰ্বতী  প্ৰায় ৫০খন গাওঁ এলেকা বোৰত কৰোণা জ্বালামুখীৰ দৰে সক্ৰিয় হৈ অইন অইন অঞ্চলত সংক্ৰমণ ঘটাটো আৰু অতিভয়াবহ পৰিস্থিতি সৃষ্টি হোবাটো নিশ্চিত হৈ পৰিছে  ।সেইবাবে ওদালগুৰি জিলাৰ সচেতন নাগৰিক সমিতিয়ে এই চাহ বাগিচাখনকে কনটেণ্টমেন্ট জ’ন কৰি প্ৰতিগৰাকী কৰ্মচাৰী আৰু শ্ৰমিকক কভিড টেষ্ট আৰু কভিড ভেকচিন আদি কৰিবলৈ চৰকাৰ,জিলা প্ৰশাসন,সংশ্লিষ্ট বিভাগ,কতৃপক্ষকক দাবী জনাইছে ৷

Leave A Reply