Breaking

দুমুনিচকী ৰাজ্যিক চিকিৎসালয়ত দৰঙৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী

0 1,564

কালি দুমুনিচকী ৰাজ্যিক চিকিৎসালয়ত উপস্থিত হয় দৰং জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী।ৰাজ্য জুৰি আজিৰ পৰা আৰম্ভ হোৱা ১৮ বছৰ বয়সৰ ওপৰৰ ব্যক্তি সকলৰ বাবে আৰম্ভ কৰা ভেকচিন কেন্দ্ৰ সমূহ পৰিদৰ্শন কৰাৰ উদ্দেশ্যৰে মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী প্ৰথমে উপস্থিত হয় কামৰূপ আৰু দৰং জিলাৰ সীমান্তবৰ্তি ছিপাঝাৰ সমষ্টিৰ অন্তৰ্গত দুমুনিচকী ৰাজ্যিক চিকিৎসালয়ত। মন্ত্ৰী গৰাকীয়ে দুমুনিচকী ৰাজ্যিক চিকিৎসালয়ৰ আন্তঃগাঁথনি পৰিদৰ্শন কৰাৰ লগতে চিকিৎসালয় খনৰ স্বাস্থ্য কৰ্মী সকলৰ লগত মত বিনিময় কৰি ভেকচিন প্ৰদান কাৰ্যসূচীৰ বুজ লয়। তদুপৰি সেই সময়ত ভেকচিন লবলৈ শাৰী পাতি ৰৈ থকা লোক সকলক নমস্কাৰ জনাই সকলোকে সহযোগিতা কৰিবলৈ আহ্বান জনাই। যি সকলে লোৱা নাই তেওঁলোককো ভেকচিন লোৱাৰ পৰামৰ্শ দিয়ে মন্ত্ৰী পাটোৱাৰীয়ে । পিছত সাংবাদিকৰে হোৱা কথাবতৰাত মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে কয় যে দৰং জিলাত ভেকচিন লব পৰা জনসংখ্যাৰ পৰিমাণ হৈছে ১০৮১১০০ গৰাকী । স্বাস্থ্য বিভাগৰ ফালৰ পৰা ৭০২৭১৫ জন ব্যক্তিক ভেকচিন দিয়াৰ বাবে টাৰ্গেট লোৱা হৈছে । ইতিমধ্যে প্ৰথম ডজ দিয়া হৈছে ১০৩৩২০ জনক। দৈনিক দৰং জিলাত ৭ হেজাৰ লোকক ভেকচিন প্ৰদানৰ লক্ষ্য বান্ধি লোৱা বুলি কয় মন্ত্ৰী গৰাকীয়ে । সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত দৰং জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে চন্দ্ৰমোহন পাটোৱাৰীয়ে জিলা খনৰ সামগ্ৰীক উন্নয়নৰ বাবে সকলো বিভাগৰ মুৰব্বী সকলৰ মতামতৰ ভিত্তিত এখন ভিজন ডকুমেন্ট প্ৰস্তুত কৰিবলৈ জিলা উপায়ুক্ত প্ৰভাতী থাউচেনক নিৰ্দেশ দিয়ে। আনহাতে দৰং জিলাৰ ছিপাঝাৰৰ অন্যতম  লাভজনক উদ্যোগ প্ৰাগ বছিমি পুনৰুজ্জীৱিত কৰাৰ দিশত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত গা এৰা দিয়া মন্তব্য প্ৰকাশ কৰে দৰং জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে।উল্লেখ্য যে দুমুনিচকী ৰাজ্যিক চিকিৎসালয়ত উপস্থিত হোৱা সময়ত মন্ত্ৰী গৰাকীক সংগ দিয়ে ছিপাঝাৰ সমষ্টিৰ বিধায়ক ডঃ পৰমানন্দ ৰাজবংশী আৰু দৰং জিলাৰ উপায়ুক্ত প্ৰভাতী থাউচেনে।মন্ত্ৰী পাটোৱাৰীক জিলা উপায়ুক্ত প্ৰভাতী থাউচেনে দুমুনিচকী ৰাজ্যিক চিকিৎসালয়ত আদৰণি জনোৱাৰ পিছত জিলা স্বাস্থ্য বিভাগৰ লগতে চিকিৎসালয় কৰ্ত্তৃপক্ষৰ হৈ স্বাস্থ্য কৰ্মী ইন্দ্ৰেশ্বৰ নাথে আদৰণি জনায়।ইফালে স্থানীয় ৰাইজৰ হৈ দুমুনিচকীৰ বিশিষ্ট সমাজকৰ্মী মমতাজ আলীয়ে দুমুনিচকী ৰাজ্যিক চিকিৎসালয় খন ৩০ খন বিচনা যুক্ত চিকিৎসালয় হিচাপে উন্নত কৰিবলৈ দাবী জনাই মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীক ।ৰাইজৰ প্ৰশ্নৰ উত্তৰ মন্ত্ৰী গৰাকীয়ে মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰি ব্যৱস্থা লোৱা হব বুলি জানিবলৈ দিয়ে ।তাৎপৰ্য কথা যে দৰং জিলা স্বাস্থ্য বিভাগৰ অন্তৰ্গত দুমুনিচকী ৰাজ্যিক চিকিৎসালয়ৰ পৰা কামৰূপ জিলাৰ কমলপুৰ আৰু জালুকবাৰী সমষ্টিৰ ৰাইজেও সমানে চিকিৎসা সেৱা গ্ৰহণ কৰি আহিছে ।

Leave A Reply