Breaking

বিকলাংগ হোৱাৰ পিছতো ঢুকি নাপায় চৰকাৰী আঁচনিয়ে।

0 554

বকোৰ বালিঝাৰৰ দেলোৱাৰ হুছেইনৰ বেদনাদায়ক জীৱন।

ৰাজ্য চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ অভিলাষী আঁচনিয়ে ঢুকি নোপোৱা ; কামৰূপ জিলাৰ ছমৰীয়া ৰাজহ চক্ৰৰ অন্তৰ্গত বৰুৱা বালিঝাৰ গাওঁৰ বিকলাংগ তথা বিশেষ ভাৱে সক্ষম যুৱক দেলোৱাৰ হুছেইন। এই গৰাকী বিকলাংগ যুৱকে আজিলৈ ৰাজ্য চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ অভিলাষী আঁচনিৰ কোনো সুফল নপোৱাৰ অভিযোগ উত্থাপিত কৰিছে। জানিব পৰা মতে ; ছয় বছৰ পুৰ্বে অচিন ৰোগত হেৰুৱাইছে ভৰি দুখন৷ক্ষুদ্ৰ এখন দোকানৰ সহায়ত পেটেভাতে জীয়াই আছে কোনৰকমে ৷বকোৰ বালিঝাৰ গাৱত এইজন বিশেষভাৱে সক্ষম দিলোৱাৰ হুছেইনৰ ঘৰ ৷বালিঝাৰ বজাৰতে আৰাম্ভ কৰিছে এখন ক্ষুদ্ৰ দোকান ৷চাহ তামোল পান আদি বিক্ৰী কৰি জীয়াই আছে কোনৰকমে ৷আনৰ সহায় নহলে উঠিব নোৱাৰে৷৷নাই লৰা. চাৰিজনী কন্যা সন্তান ৷বুকুত অলেখ সপোন লৈ শিক্ষাৰ বাবে দিছে বিদ্যালয়ত ৷লক ডাউনৰ সময়ত এইজন ব্যাক্তিয়ে দিছে মুৰেকপালে হাত ৷ৰাতিপুৱা দোকান খুলিলেও দোকানত নাই বেচাকিনা।
তাকো লক ডাউনৰ বাবে দুপৰীয়াই কৰিব লাগে দোকান বন্ধ ৷দুৰ্ভোগে আৱৰি ধৰিছে দিলোৱাৰ হুছেইনক ৷লাহে লাহে তেওৰ শৰীৰৰ আন এটা অংশ হৱলৈ ধৰিছে অকামিলা ৷তথাপিও জীৱন সংগ্ৰামত তেও মনামনা নাই হাৰ ৷স্থানীয় বিধায়িকাই এখন তিনিচকীয়া চাইকেলৰ বাহিৰে দিয়া নাই কোন অনুদান ৷আক্ষেপৰ লগতে মনত আছে বহু দুখ ৷এইজন বিশেষভাৱ সক্ষম দিলোৱাৰ হুছেইনক ডাউনৰ সময়ত সামান্য সাহৰ্য প্ৰদান কৰিলে নিশ্চয়কৈ হৱ উপকৃত ৷

Leave A Reply