Home Blog Page 2973

প্ৰায় দুমাহজোৰা কঠোৰ লকডাউনৰ অন্তত কেৰালাত খুলিল সুৰাৰ বিপণী। প্ৰথম দিনটোতে ৭২ কোটি টকাৰ সুৰা বিক্ৰী।

ডিগবৈত আলফাৰ লিংকমেন আটক

ডিগবৈত আলফাৰ নামত ধনদাবী কৰাৰ অভিযোগত এজন আটক । ভাৰতীয় সেনা আৰু আৰক্ষী প্ৰশাসনৰ যৌথ প্ৰচেষ্টাত পেঙেৰী ২ নং নলনিৰ নিবাসী বিজয় মৰাণ(২৫) নামৰ এজন যুৱকক আটক৷আটকাধীন যুৱকজনৰ পৰা নগদ ১৫ হাজাৰ টকাসহ হাতেৰে নিৰ্মিত বৃহৎ শব্দ হোৱা এটা পিষ্টল জব্দ৷লগতে AS23AA5147 নম্বৰৰ এখন বাইক জব্দ কৰে।

বৰপেটাত মাছ-মাংসৰ বিক্ৰেতাৰ সৈতে উপায়ুক্তৰ বৈঠক : মাংসৰ বিক্ৰেতাক প্ৰশিক্ষণ দিব পশুপালন বিভাগে

 বৰপেটা জিলাৰ মাছ-মাংসৰ বজাৰত স্বাস্থ্য সন্মত ব্যৱস্থাৰে পৰিস্কাৰ পৰিচ্চন্নতা মানি চলাতো নিশ্চিত কৰা আৰু বজাৰৰ দৰ নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে আজি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এখন সভা অনুষ্ঠিত হয়। উপায়ুক্ত তেজ প্ৰসাদ ভূচালৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি জিলাখনৰ প্ৰতিখন পৌৰসভাৰ উপৰি পঞ্চায়ত সমূহেও নিজ নিজ অঞ্চলৰ মাছ-মাংসৰ বজাৰ পৰিস্কাৰ পৰিচন্ন তথা স্বাস্থ্য সন্মত কৰি ৰখাটো নিশ্চিত কৰিব লাগিব। তাৰবাবে প্ৰয়োজন সাপেক্ষে তেওঁলোকে বিক্ৰেতা সকলৰ পৰা কৰ সংগ্ৰহ কৰিব পাৰিব। এইক্ষেত্ৰত বজাৰ সমিতি সমূহেও পূৰ্ণ সহযোগ কৰিব লাগিব। যিহেতু অধিকাংশ মাংস বিক্ৰেতাৰে সাধাৰণ বাণিজ্যিক অনুজ্ঞাপত্ৰ‌ও নাই আৰু তেওঁলোকৰ মাজত এই সম্পৰ্কীয় বিধি-ব্যৱস্থাৰ বিষয়েও সজাগতা অতি কম সেয়েহে এই বিক্ৰেতা সকলক পশু চিকিৎসা আৰু পশুপালন বিভাগৰ জৰিয়তে প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা কৰাৰ বাবেও সিদ্ধান্ত লোৱা হয়। সেই অনুসৰি আগ্ৰহী বিক্ৰেতা সকলৰ তালিকা অনতি পলমে ব্যৱসায়ী সন্থাক বিভাগীয় কৰ্তৃপক্ষৰ হাতত দাখিল কৰিবলৈ কোৱা হৈছে। তদুপৰি মাছ-মাংসৰ সৰ্বোচ্চ নিৰিখ নিৰ্ধাৰণৰ বাবে পৌৰ সভাৰ কাৰ্য্যবাহী বিষয়াই ব্যৱসায়ী সকলৰ সৈতে আলোচনা মৰ্মে জিলা উপায়ুক্তক প্ৰতিবেদন দাখিল কৰিব লাগিব। সভাত অতিৰিক্ত উপায়ুক্ত লখিমী দত্ত আৰু নৱজিৎ পাঠক, জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা, জিলা পশুপালন বিষয়া ডা: প্ৰবীণ দাস, জিলা মীণ উন্নয়ন বিষয়া ভাৰত শৰ্মা, সহকাৰী আয়ুক্ত নিমাশ্ৰী ডাউকাৰ উপৰি পৌৰসভাৰ কাৰ্যবাহী বিষয়া সকল আৰু জিলাখনৰ মাছ-মাংসৰ বিক্ৰেতা সকলৰ প্ৰতিনিধি সকলো উপস্থিত থাকে। উল্লেখযোগ্য যে বৰপেটাত পথৰ কাষতে বা অতি অস্বাস্থ্যকৰ পৰিবেশত মাছ-মাংস বিক্ৰি কৰি থকাটো প্ৰত্যক্ষ কৰি জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালে অলপতে বজাৰত এনে বিক্ৰেতা একাংশৰ বিৰুদ্ধে অভিযানো চলাইছিল। জিলা তথ্য আৰু জনসংযোগ বিষয়াই এই কথা প্ৰকাশ কৰি কয় যে জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালে সম্প্ৰতি কৰোনা মহামাৰীৰ পৰিপ্ৰেক্ষিতত এই দোকান-বজাৰ বোৰৰ পৰিস্কাৰ পৰিচ্ছন্নতা বৰ্তাই ৰখাটো আৰু স্বাস্থ্য বিধি মানি চলাটো নিশ্চিত কৰাৰ বাবে প্ৰয়োজন সাপেক্ষে বিষয়টোত পুণৰ কঠোৰ ব্যৱস্থা গ্ৰহণৰ ইংগিত দিছে।

কভিড প্ৰতিৰোধৰ বাবে উজনিত গাৰ্জেন মিনিষ্টাৰ হিচাপে কৃষি মন্ত্ৰী অতুল বৰাৰ পদক্ষেপ গ্ৰহণ

Agriculture Minister Atul Bora performing Yoga on the occasion of International Yoga Day at Dibrugarh on 21-06-21.Pix by UB Photos

আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱসৰ দিনাই ডিব্ৰুগড়ত উপস্থিত হয় কৃষিমন্ত্ৰী অতুল বৰা ।অসম চৰকাৰৰ অসম সামূহিক নিৰীক্ষণ কাৰ্যসূচী অনুসৰি যোৱা ১ জুনৰ পৰা সমগ্ৰ ৰাজ্য জুৰি গাওঁ পৰ্যায়ত সামুহিক নিৰীক্ষণ কাৰ্যসূচী পৰিচালনা কৰাৰ বাবে এক সক্ৰিয় পদক্ষেপ গ্ৰহণ কৰি আহিছে। তাৰে অংশ হিচাপে অসমৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি মন্ত্ৰী অতুল বৰাই আজিৰ পৰা তিনিদিনৰ বাবে উজনিৰ বিশেষকৈ ডিব্ৰুগড়, তিনিচুকীয়াত বাহৰ পাতি কভিড বিৰোধী কাৰ্যসূচীৰ পৰ্যবেক্ষণ আৰু পদক্ষেপ গ্ৰহণ কৰিছে। সোমবাৰে মন্ত্ৰী গৰাকীয়ে অসম চিকিৎসা মহাবিদ্যালয়ত কভিড পৰিস্থিতি বুজ লোৱাৰ পিছতেই উপস্থিত হয় মোহনবাৰী গাওঁ পঞ্চায়তৰ কাৰ্যালয় প্ৰাঙ্গণত আৰু শুভাৰম্ভ কৰে এটি কভিড প্ৰতিষেধক শিবিৰ। কাৰণ আজিৰে পৰাই প্ৰত্যেক পঞ্চায়ত পৰ্যায়লৈ দুশ গৰাকী ব্যক্তিক প্ৰত্যেক দিনা বিনামূলীয়াকৈ কভিড প্ৰতিষেধক প্ৰদান  কাৰ্যসূচী আৰম্ভণি কৰা হৈছে। চাহবাগিছা সমূহক বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা হৈছে। এইক্ষেত্ৰত লাহোৱাল সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকাই জনাইছে যে,  অধিক জনসংখ্যা থকা থানাই চাহবাগিছাত পাঁচহাজাৰ লোকক প্ৰায় ১৫-২০ দিন ধাৰাবাহিক ভাৱে টীকাকৰণ কাৰ্যসূচী চলি থাকিব।বহুতে ভয়তে ভেকচিন ল’বলৈ অনিচ্ছা প্ৰকাশ কৰা স্বত্বেও লাহোৱাল সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকাৰ প্ৰচেষ্টাত ইমান সংখ্যক লোক উলিয়াই অনাৰ বাবে মন্ত্ৰী অতুল বৰাই বিধায়ক গৰাকীৰ প্ৰশংসা কৰে। মন্ত্ৰী গৰাকীয়ে মন্তব্য কৰিলে যে, যদি নিৰ্ধাৰিত মতে সকলো লোকক ভেকচিন প্ৰদান কৰিব পৰা যায় তেতিয়া নিশ্চয় কভিড সংক্ৰমণ ৰোধ কৰিব পৰা যাব বুলি তেওঁ আশাবাদী। ইতিমধ্যে ডিব্ৰুগড় প্ৰশাসন তথা অসম চিকিৎসা মহাবিদ্যালয়ৰ তথ্য অনুসৰি কভিড পজিটিভ লোকৰ সংখ্যা কমিছে বুলিও মন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰে।আজিৰ কাৰ্যসূচীত মন্ত্ৰী অতুল বৰা, লাহোৱাল সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকা, চাবুৱা সমষ্টিৰ বিধায়ক পোনাকন বৰুৱাৰ লগতে বিজেপিৰ বিষয়ববীয়া আৰু কৰ্মকৰ্তা সকল, স্বাস্থ্য বিভাগৰ বিষয়ববীয়া লগতে স্হানীয় ৰাইজ উপস্থিত থাকে ।

খোৱাঙত আজিও স্মৃতি বিৰাজমান হৈ আছে বিষ্ণু ৰাভাৰ

ক’ভিড ভয়াবহতাৰ মাজতে ৰাজ্যবাসীয়ে পালন কৰিছে সৈনিক শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু তিথি, তথা বিষ্ণু ৰাভা দিৱস। জনতাৰ শিল্পী বিষ্ণু ৰাভা দেৱৰ মৃত্যু তিথিৰ দিনটোত শিল্পী জনক শ্ৰদ্ধাৰে সোঁৱৰিছে সকলোৱে । বহুতে শিল্পী জনৰ লগত পাৰ কৰা সময়ৰ কথাবোৰ স্মৰণ কৰি আবেগিক হৈছে । ঠিক তেনেদৰে ডিব্ৰুগড় জিলাৰ খোৱাং গন্দৈগুৰি গাঁওৰ ৰাইজে আজিও বিষ্ণু ৰাভাৰ স্মৃতিক লৈ গৌৰৱ কৰে। বিষ্ণু ৰাভাই সংগ্ৰাম কৰি থকা সময়ত খোৱাং গন্দৈগুৰি গাঁওৰ বিষ্টেচৰ শইকীয়া (বিয়াগুন)ৰ ঘৰত আশ্ৰয় লৈ সংগ্ৰামৰ কামকাজ কৰিছিল । গন্দৈগুৰি গাঁওৰ মাজেৰে পাৰ হৈ যোৱা ডিমৌ নদীৰ পাৰতে বহি শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাই বৰশী টুপাই সময় পাৰ কৰিছিল। পৰবৰ্তী সময়ত সোনপাহী নামেৰে লিখা উপন্যাসত ৰাভাদেৱে কাল্পনিক ভাৱে খোৱাং গন্দৈগুৰি গাঁওত থকা সময়ৰ স্মৃতি সমূহ বিৱৰণ দি গৈছে বুলি খোৱাঙৰ ৰাইজে দাবী কৰে । সেয়ে ৰাইজে বিষ্ণুপ্ৰসাদ ৰাভাই বৰশী বোৱা ডিমৌ নদীৰ উক্ত ঠাইখিনি সোনপাহী ঘাট ৰূপে নামাকৰণ কৰিছে । খোৱাঙৰ ৰাইজে নামাকৰণ কৰা বিষ্ণু ৰাভাৰ স্মৃতি বিৰাজমান সোনপাহী ঘাটটো সংৰক্ষণৰ দাবী উত্থাপিত কৰিছে ।

গোগামুখত মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ দুটা চৰকাৰী কাৰ্যসূচীঃ গেৰুকামুখত যোগাসন আৰু গোগামুখত এম এ চিৰ অতিথিশালা উদ্বোধন

Himanta Biswa Sarma Chief minister of Assam along with others performing Yoga on the occasion of International Yoga Day at NHPC at Gerukamukh in Dhemaji District on 21-06-21.Pix by UB Photos

অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ধেমাজি জিলাৰ গোগামুখত দুটা চৰকাৰী কাৰ্যসূচী ৰূপায়ন কৰে ৷ আজি পুৱা ৫ বজাত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই গেৰুকামুখত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাতা সংস্হা এন এইচ পি চিত বিশ্ব যোগ দিৱস উপলক্ষে যোগ দিৱস উপলক্ষে যোগ দিৱস 
উদ্বোধন কৰে ৷ যোগ দিৱস উদ্বোধন কৰি তেওঁ সকলো ৰাইজৰ মানসিক আৰু শাৰীৰিক উন্নতি কামনা কৰে ৷ তাত তেওঁ শিক্ষা, ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ উন্নয়ন দপ্তৰৰ মন্ত্ৰী ডাঃ ৰণোজ পেগু, মন্ত্ৰী সঞ্জয় কিষাণ, সাংসদ প্ৰদান বৰুৱা, বিধায়ক ভূৱন পেগু, মানৱ ডেকা আৰু নৱ কুমাৰ দলে সহিতে এন এইচ পি চিৰ বিষয়া-কৰ্মচাৰীৰ লগত একেলগে যোগ ব্যায়ামত অংশ গ্ৰহণ কৰে ৷ পুৱা ১০-৩০ বজাত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই মিচিং স্বায়ত্তশাসিত পৰিষদ চমুকৈ এম এ চিৰ  অভিলাষী অতিথিশালা আৰু  বহুমুখী দক্ষতা  বিকাশ কেন্দ্ৰটো উদ্বোধন কৰে ৷ অতিথিশালা আৰু বহুমুখী দক্ষতা বিকাশ প্ৰকল্প উদ্বোধন কৰি তেওঁ কয়- আমি কণীৰ পৰা গাহৰীলৈকে আমি বহিঃৰাজ্যৰ আশ্ৰয় ল’ব লগা হয় ৷ আমাৰ ৰাজ্যখনে এতিয়াও পশুপালন আৰু কৃষিকৰ্মক ব্যৱসায় হিচাপে ল’ব পৰা নাই ৷ আমাৰ উত্তৰ-পূৰ্বাঞ্চলক কেন্দ্ৰ কৰিয়ে ৰাজস্থান, হাৰিয়ানা, পশ্চিম বংগৰ দৰে ৰাজ্যসমূহ পশুপালনো আৰু কৃষিকৰ্মত এক সুন্দৰ ব্যৱসায় কৰি আছে ৷  এই ৰাজ্য সমূহৰ কৃষিকৰ্ম আৰু পশুপালন উদ্যোগ অসম আৰু উত্তৰ-পূৰ্বাঞ্চলক কেন্দ্ৰ কৰিয়ে বৰ্ত্তি আছে ৷ আমি ৰাজ্যখনত আমাৰ কৃষিকৰ্ম তথা পশুপালন দৈনন্দিন জীৱনৰ খাদ্য হিচাপে ব্যৱহাৰ কৰি আছো ৷ কিন্তু ব্যৱসায়িক লাভালাভ হিচাপে গঢ়ি তুলিব পৰা নাই আৰু কৃষিকৰ্ম, পশুপালন বিজ্ঞান সন্মত কৰি তুলিব পৰা নাই ৷  ফলত দুগ্ধ উৎপাদনে আৰু পশুপালনৰ পৰা আমি বহুদূৰ পিছুৱাই আছো ৷ তেওঁ মিচিং স্বায়ত্তশাসিত পৰিষদৰ বহুমুখী প্ৰকল্পই ৰাজ্যখনৰ কৃষিকৰ্ম আৰু পশুপালনৰ ক্ষেত্ৰত সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাব বুলি আশা প্ৰকাশ কৰে ৷ তেওঁ মিচিং স্বায়ত্তশাসিত পৰিষদৰ এই প্ৰকল্পই কিছু বছৰৰ পিছত সকলো কৃষিকৰ্ম আৰু পশুপালনৰ কৰ্মযজ্ঞ হৈ পৰিব আৰু বহু নিবনুৱা যুৱক-যুৱতী সংস্হাপনৰ পথ পাব বুলি আশা প্ৰকাশ কৰে ৷ তেওঁ কয়- অসম চৰকাৰে যিমান পাৰি ইমান মিচিং স্বায়ত্তশাসিত পৰিষদক উন্নয়নমুখী কামত সহায় কৰিব আৰু যিকোনো ভাল কাম তথা মানৱ সম্পদ বিকাশৰ কাৰ্যসূচীত সহযোগ কৰিব ৷ ডঃ শৰ্মাই মিচিং স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত জনসাধাৰণৰ উন্নয়নৰ কাম-কাজসমূহ ভূয়সী প্ৰশংসা কৰাৰ লগতে পৰিষদখন এখন আদৰ্শ পৰিষদ বুলি অভিহিত কৰে ৷ ৰাজ্যখনৰ ক’ভিড সম্পৰ্কত তেওঁ কয়- এশ দিনৰ ভিতৰত ৰাজ্যখনক ক’ভিডৰ ভয়াৱহতাৰ পৰা মুক্ত কৰাৰ লগতে পৰৱৰ্তী এশ দিনৰ ভিতৰত ক’ভিডমুক্ত অসম হিচাপে গঢ়ি তুলিব পাৰিম ৷ তেওঁ মিচিং স্বায়ত্তশাসিত পৰিষদ আৰু ধেমাজি জিলা উপায়ুক্তৰ কাৰ্যালয়ক ক’ভিডৰ ক্ষেত্ৰত একেলগে কাম কৰিবলৈ আহ্বান জনায় ৷ অনুষ্ঠানত মিচিং স্বায়ত্তশাসিত পৰিষদৰ তৰফৰ পৰা ক’ভিড যুদ্ধৰ বাবে ২০ লাখ, গোৰ্খা যুৱ মঞ্চৰ পৰা ২০ হাজাৰ টকা আৰু মিচিং আগম কৗবাঙৰ পৰা ১০ হাজাৰ টকা মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ হাতত তুলি দিয়ে ৷ আজিৰ অনুষ্ঠানটোৰ আদৰি ভাষণ দিয়ে মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ ছায়েঙ্গীয়াই ৷ আঁত ধৰে পৰিষদৰ কাৰ্যবাহী সদস্য পুৰুষোত্তম দলেয়ে ৷ উপস্থিত থাকে শিক্ষা, ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ উন্নয়ন দপ্তৰৰ মন্ত্ৰী ডাঃ ৰণোজ পেগু, সাংসদ প্ৰদান বৰুৱা, বিধায়ক ভুৱন পেগু আদিয়ে ৷ উল্লেখনীয় যে, মিচিং স্বায়ত্তশাসিত পৰিষদৰ ১.৬৯ লাখ টকা ব্যয় সাপেক্ষে অতিথিশালা আৰু ধেমাজি বিধানসভা সমষ্টি উন্নয়ন পূঁজিৰ ১০ কোটি টকা ব্যয় সাপেক্ষে বহুমুখী দক্ষতা বিকাশ প্ৰকল্প নিৰ্মাণ কৰা হৈছে ৷

হিতাকাংক্ষী তথা মিত্ৰ বিধায়ক হিচাবে কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ প্ৰথমখন বৈঠক ৷

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কেইবাজনো বিধায়কৰ বিপৰীতে এজন হিতাকাংক্ষী তথা মিত্ৰ বিধায়ক নিয়োগ কৰি সু-পৰিকল্পিতভাৱে তথা সূচাৰুৰূপে কাম-কাজ সমূহ সমাপন কৰিবলৈ নিৰ্দেশ প্ৰদান কৰাৰ পৰিপ্ৰেক্ষিতত আজি কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাস সতীৰ্থ বিধায়ক শ্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য , শ্ৰী অতুল বৰা আৰু শ্ৰী পদ্ম হাজৰিকা সৈতে নিৰ্ধাৰিত এদিন পূৰ্বে বৈঠকত মিলিত হয় ।

এই বৈঠকত ৰাজ্যখনৰ সাম্প্রতিক সময়ৰ পৰিস্থিতি আৰু উন্নয়ন মূলক কাম কাজ সমূহৰ বিষয়ে আলোচনা কৰে।

বিহালীত অবৈধ মাৰাণাস্ত্ৰসহ সজীৱ গুলী উদ্ধাৰ

বিহালী আৰক্ষীথানা অন্তৰ্গত বটীয়ামাৰীত অবৈধ মৰনাস্ত্ৰ সহ গুলী উদ্ধাৰৰ খৱৰ পোৱা গৈছে। বিহালী আৰক্ষী বিষয়া কমল বড়োৰ নেতৃত্বত এটা আৰক্ষীৰ দলে এক গোপন সুত্ৰৰ পমখেদি বিহালীৰ বটীয়ামাৰীৰ নিত্য ঢাকাল(৪৪)ৰ বাসগৃহৰ পূজাস্থলীৰ পৰা উদ্ধাৰ কৰে  দুটাকৈ নাইন এম•এম পিস্তলসহ ১১ জাঁই সজীৱ গুলী ৷আনহাতে ,মাৰাণাস্ত্ৰ উদ্ধাৰ হোৱা ঘটনাৰ লগত জড়িত আন দুজন যুৱকদ্বয় ক্ৰমে বটীয়ামাৰীৰ উত্তম ঢাকাল(৪০), ৰাংছালী গোপচাৰৰ ৰাজু ওৰাং(২০)ক আৰক্ষীয়ে আটক কৰে৷ধৃত তিনি যুৱকে কি কাৰণত মাৰাণাস্ত্ৰ মজুত কৰিছিল সেই সম্পৰ্কত বৰ্তমানলৈকে  বিহালী আৰক্ষীয়ে কোনো তথ্য সদৰি কৰা নাই৷উল্লেখ্য যে, বিগত দুমাহৰ পূৰ্বে, অৰুণাচলৰ পৰা ক্ৰয় কৰিছিল পিস্তল দুটাসহ সজীৱ গুলী৷   ধৃত যুৱক ত্ৰয়ৰ লগত  কোনো  বিশেষ লোক জড়িত থকাৰ কথা সন্দেহ আৰক্ষীৰ।তদন্তৰ পিছতহে আচল ৰহস্য প্ৰকাশ পাব!

কোভিডৰ তৃতীয় ঢৌত কি হ’ব শিশু কিশোৰসকলৰ? মুখ্যমন্ত্ৰীৰ ভাষ্য শুনক।

গেৰুৱা বসন পিন্ধিলে ৰূপজ্যোতি কুৰ্মীয়ে

চাৰিবাৰকৈ মৰিয়নিৰ পৰা বিধায়ক পদত নিৰ্বাচিত হোৱা কংগ্ৰেছ প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মিয়ে পিন্ধিলে গেৰুৱা বসন। লক্ষীমপুৰত মুখ্যমন্ত্ৰীৰ উপস্থিতিত বিজেপিত যোগদান কৰে কুৰ্মীয়ে। ১৮ জুন ২০২১ৰ শুকুৰবাৰে কংগ্ৰেছ দল ত্যাগ কৰে বিধায়ক গৰাকীয়ে। কংগ্ৰেছ দল ত্যাগ কৰাৰ দুদিন পিছতেই বিজেপিত যোগদান কৰে কুৰ্মীয়ে।