Home Blog Page 2973

নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰিলে বিধায়ক ৰূপক শৰ্মাই

 বিনা চিকিৎসাই নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয় স্থিত ক’ভিদ হস্পিতালত ৰোগীয়ে মৃত্যুক সাৱতি ল’ব লগা হোৱা ঘটনাৰ বিষয়ে সামাজিক মাধ্যম আৰু সংবাদ মাধ্যমত সম্প্ৰচাৰিত হোৱাৰ পিছতে  বুুুধবাৰেনগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰে বিধায়ক ৰূপক শৰ্মাই। বিধায়ক গৰাকীয়ে ক’ভিদ ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰত কোনোধৰণৰ অৱহেলা নকৰিবলৈ চিকিৎসক-নাৰ্ছ সকলক সকীয়াই দিয়াৰ লগতে ভৱিষ্যতে এনে ঘটনাৰ যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে নগাঁৱৰ যুটীয়া স্বাস্থ্য সঞ্চালক, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ বিষয়ববীয়া সকল আৰু জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হয়। আলোচনাৰ অন্তত ক’ভিদ হস্পিতালৰ বাবে তিনিগৰাকী চিকিৎসক আৰু ৬গৰাকী নাৰ্ছক দায়িত্ব দিয়া হয়। আনহাতে মৃত্যু হোৱা ক’ভিদ ৰোগীৰ নশ্বৰ দেহ নিয়াৰ ক্ষেত্ৰত পৰিয়ালে সন্মুখীন হোৱা সমস্যা দূৰীকৰণৰ বাবে বিধায়ক গৰাকীয়ে পৌৰ সভাৰ জৰিয়তে এখন বাহনৰো ব্যৱস্থা কৰি দিয়ে। বিধায়ক গৰাকীয়ে অভিভাৱকসকলৰ সুবিধাৰ বাবে এটি মোবাইল ফোনৰো ব্যৱস্থা কৰি দিয়ে  যাতে ক’ভিদ হস্পিতালত ভৰ্তি হৈ থকা ৰোগীৰ স্বাস্থ্যৰ ব্যৱস্থাৰ বিষয়ে অভিভাৱক সকলে জানিব পাৰে। আনহাতে, প্ৰতিদিনেই চিকিৎসালয় খন তিনিবাৰকৈ চাফা কৰাৰ বাবেও আজিৰ সভাই সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰ উপৰিও, ক’ভিদ ৰোগীয়ে পৰ্য্যাপ্ত পৰিমাণে খাদ্য লাভ কৰাৰ ক্ষেত্ৰটো যাতে কোনোধৰণৰ অসুবিধাৰ সৃষ্টি নহয় সেই বিষয়েও ব্যৱস্থা গ্ৰহণ কৰা হয়। উল্লেখযোগ্য যে নগাঁৱৰ ক’ভিদ হস্পিতালত সৃষ্টি হোৱা বিশৃংখলতাৰ বিৰুদ্ধে মঙলবাৰে সংবাদ মাধ্যমত সবিস্তাৰে বাতৰি সম্প্ৰচাৰিত হৈছিল।

তিতাবৰত কণ্টেইনমেণ্ট জ’নত গুৰুত্ব নাই স্বাস্থ্য বিভাগৰ।

 তিতাবৰ মহকুমাৰ অন্তৰ্গত বিৰিণাশায়েক গাওঁ পঞ্চায়ত এলেকাৰ তিনিটা চুবুৰী তিতাবৰ প্ৰশাসনে আৰু স্বাস্থ্য বিভাগৰ তৰফৰ পৰা কণ্টেইনমেণ্ট জ’ন বুলি ঘোষণা কৰিলে। ভৰলুৱা, কোঁৱৰ চুক আৰু গোহাঁই চুক নামৰ ঠাই তিনিখনত প্ৰশাসনে দাং বান্ধি বেনাৰ লগাই ওলোৱা সোমোৱা নিষিদ্ধ কৰিলে।কিন্তু দুখৰ বিষয় যে কণ্টেইনমেণ্ট জ’নৰ ক’ৰোণা আক্ৰান্ত ৰোগী সকলৰ চিকিৎসাৰ নামত আজিলৈকে পেৰাচিটামল টেবলেট এটাও দিয়া নাই স্বাস্থ্য বিভাগে। কণ্টেইনমেণ্ট জ’নৰ ভিতৰত থকা গৰ্ভৱতী মাতৃৰ,শিশুৰ, বৃদ্ধ বৃদ্ধা সকলৰ আৰু তিনি ঠাইৰে পশুধন বিলাকৰ দুৰবস্থা তাৎপৰ্যপূৰ্ণ। খোৱা বোৱাৰ পৰা বেমাৰৰ  ঔষধ পাতিলৈকে কোনেও যোগান ধৰা নাই। এটা   পেৰাচিটামল টেবলেটৰ কাৰণে হাহাকাৰ কৰিবলগীয়া হৈছে।বৰ্তমানলৈকে অঞ্চলটোৰ কোনো চুবুৰীতে চেনিটাইজ কৰা নাই স্বাস্থ্য বিভাগে।    তদুপৰি কোভিদ১৯ৰ পৰা বিৰিণাশায়েকবাসীক  উদ্ধাৰ কৰিবলৈ খাদ্যৰ পৰা ধৰি দৰব পাতি লৈকে যোগান ধৰিব লাগে তিতাবৰ মহকুমা প্ৰশাসনে আৰু স্বাস্থ্য বিভাগে।তিতাবৰ বাসীৰ হৈ দেবজিৎ হাজৰিকা আৰু কিশোৰ হাজৰিকাই বাতৰি কাকতলৈ প্ৰেৰণ কৰা বিবৃতিত কৈছে যে স্বাস্থ্য বিভাগে আৰু তিতাবৰ মহকুমা প্ৰশাসনে বাতৰি কাকতত বিবৃতি দিয়েই দায় সাৰিবলৈ বিচাৰিলে নহব।আনহাতে বৰ্তমান পৰ্যায়ত বিৰিণাশায়েক ক’ৰোণাৰ হটস্পত হোৱা নাই বুলি দাবী কৰি তেওঁ লোকে কয় যে প্ৰায় ৪০০ ব্যক্তিৰ কোভিদ টেষ্ট কৰা হৈছিল আৰু তাৰে ৩০ ব্যক্তিৰ শৰীৰত কোভিদ১৯ৰ উপস্থিতি ধৰা পৰিছে ।ইয়াৰ ভিতৰত প্ৰায়  ৪ জন ৰোগী আৰোগ্য হৈ ঘৰলৈ আহিল। তাৎপৰ্যপূৰ্ণ ভাবে বিৰিণাশায়েকৰ এজন ক’ৰোণা ৰোগী যোৰহাট মেডিকেল কলেজ ৰ কোভিদ হস্পিটেলৰ পৰা আৰোগ্য হৈ ঘৰলৈ আহিবলৈ ২২৮০ টকা হস্পিটেলতে দিব লগীয়া হৈছে। কাজেই বা:বা:লোৱা কাৰ্যৰ বিপৰীতে তিতাবৰত স্বাস্থ্য বিভাগে আৰু তিতাবৰ মহকুমা প্ৰশাসনে বাস্তৱ সন্মত ভাবে কোভিদ আক্ৰান্ত ব্যক্তিক আৰোগ্য কৰিবলৈ কৰ্তব্য পালন কৰিব লাগে।তিতাবৰ মহকুমা অসামৰিক হস্পিটেলৰ মহকুমা স্বাস্থ্য বিষয়া গৰাকীয়ে কোভিদ আক্ৰান্ত অঞ্চলটোত স্বাস্থ্য আৰু চিকিৎসা ব্যৱস্থা কৰা নাই বুলি অভিযোগ উঠিছে। কোভিদ প্ৰতিষেধক দিয়াৰ ব্যৱস্থাও তিতাবৰত সঠিককৈ হোৱা নাই বুলি ৰাইজৰ মাজত অভিযোগ উঠিছে।

বজালীত এখন বাহনে দৃষ্টি আকৰ্ষণ কৰিছে

অভাৱেই আৱিষ্কাৰৰ মূল মন্ত্ৰ আখৰে আখৰে সত্য প্ৰমাণিত কৰি দেখুৱাইছে শৈলেন কলিতাই । বজালী জিলাৰ সীমান্তৱৰ্তী গাঁও কাৱৈমাৰিৰ এই গৰাকী ব্যক্তিয়ে  প্ৰায় তিনিমাহ জুৰা এক প্ৰচেষ্টাৰ অন্তত নিৰ্মাণ কৰি উলিয়ালে এইখন বাহন । শৈলেন কাকতি এজন পেছাত  দোকানী নিজৰ দোকানৰ সামগ্ৰী অনাৰ বাবে তেওঁ বহুত সমস্যাৰ সম্মুখীন হৈছিল পিছত তেওঁ ঘৰতে পেলনীয়া সামগ্ৰী ব্যৱহাৰৰ যোগ্য যেনে  চাইকেলৰ , পুৰণা  টায়াৰ , লাইত , বেটাৰী আদি লগাই চার্জিঙ মাল টনা বাহন  এখন প্ৰস্তুত কৰি উলিয়াই । বাহন খন সম্পূৰ্ণ কৰাৰ নামত প্ৰায় ৭৫ হাজাৰ টকাৰ ব্যয় হয় ।বাহন খনৰ ক্ষেত্ৰত এতিয়া ও বহু কাম বাকী আছে যদিও ৰাজপথত চলাবলৈ সক্ষম হৈছে শৈলেন কাকতিয়ে । বাহন খনৰ ওজন কাঢ়িয়াব পৰা ক্ষমতা প্ৰায় ৩০০ কেজিৰ ওপৰত । শৈলেন কাকতিৰ এনেকুৱা কাৰ্য্যত গাঁওবাসী গৌৰাম্বিত হোৱাৰ লগতে ভূয়সী প্ৰশংসা কৰিছে অঞ্চলটোৰ ৰাইজে।

নগৰবেৰাৰ কৃষকৰ ব্যতিক্ৰমী প্ৰচেষ্টা, সামাজিক দূৰত্ব বৰ্তাই ৰাখি মুখত মাক্স ল’ই পথাৰত কাটিছে ধান

ৰাজ্যত কৰোণাই ভয়াবহ ৰূপ ধাৰণ কৰাৰ সময়তে চৰকাৰে জাৰি কৰিছে সান্ধ্য আইন। দুপৰীয়া এক বজাৰ পৰা পুৱা পাঁচ বজালৈ নগৰ আৰু চহৰৰ সকলো দোকান-পোহাৰ বন্ধ, পোন্ধৰ দিনলৈ সকলো চৰকাৰী-বেচৰকাৰী কাৰ্যালয় বন্ধ থকাৰ উপৰিও বন্ধ থাকিব সাপ্তাহিক বজাৰ। ঠিক তেনে সময়তে কভিড’১৯ ৰ ভয়াবহতাকলৈ একাংশই কৰিছে লৰা ধেমালি পিছে তাৰ মাজতেই নগৰবেৰাৰ পথাৰত কৃষক সকলৰ মাজত দেখা গল কভিড সতৰ্কতাৰ এক ব্যতিক্ৰমী প্ৰচেষ্টা। সামাজিক দূৰত্ব বৰ্তাই ৰাখি মুখত মাক্স ল’ই কভিড প্ৰট’কল মানি পথাৰত পকা ইৰী ধান কাটিছে কৃষক সকলে। কভিড’ক লৈ চৰকাৰে দিয়া সতৰ্কতা অৱলম্বন কৰি নিজৰ লগতে সমাজলৈ এক সুস্থিৰতা আনিবলৈ আহ্বান জনায় স্বাস্থ্য সচেতন কৃষক সকলে। কৃষক সকলৰ এনে প্ৰচেষ্টাক সলাগ লৈছে সকলোৱে। 

বঙাইগাঁৱৰ স্বাগত হাস্পতালত প’জিটিভ মহিলাই জন্ম দিলে নিগেটিভ সন্তান

ক’ৰোনা মহামাৰীৰ বিশ্বব্যাপী সংহাৰী ৰূপত এতিয়া চিকিৎসা ক্ষেত্ৰখনত চিকিৎসা প্ৰদান প্ৰত্যাহ্বান হিচাপে দেখা দিছে ৷ কিন্তু তাৰ মাজতো কেতিয়াবা দুই এটা খবৰ ভাল খবৰ হিচাপে বিবেচিত হয় ৷ তেনে এক ভাল খবৰ আহিল বঙাইগাঁও চহৰৰ ব্যক্তিগত খণ্ডৰ স্বাগত হাস্পতালৰ পৰা ৷ হাস্পতালখনত বুধবাৰে এগৰাকী প’জিটিভ গৰ্ভৱতী মহিলাই জন্ম দিলে এটি নিগেটিভ সন্তান ৷ উল্লেখ্য যে বুধবাৰে পোন প্ৰথমবাৰৰ বাবে বঙাইগাঁও চহৰৰ স্বাগত হাস্পতালত এগৰাকী ক’ভিড পজিটিভ গৰ্ভৱতী মহিলাক হাস্পতালখনৰ প্ৰসূতীৰোগ বিভাগৰ চিকিৎসক ডাঃ এছ কে দাসৰ তত্বাৱধানত অস্ত্ৰোপচাৰ সম্পন্ন কৰা হয় ৷ মহিলাগৰাকীয়ে জন্ম দিয়া সন্তানটি নিগেটিভ বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে ক’ভিড ৰোগৰ বাবে আছুতীয়া অস্ত্ৰোপচাৰ কক্ষ, আছুতীয়া আই চি ইউ ৰ ব্যৱস্থা কৰা হয় ৷ যিটো সকলো হাস্পতালৰ বাবে সম্ভৱ নহয়। প্ৰাইভেট হাস্পতালৰ এনে প্ৰচেষ্টা নিশ্চয়কৈ স্বাস্থ্যখণ্ডৰ বাবে ভাল খবৰ৷ আনহাতে মহিলাগৰাকীৰ অস্ত্ৰোপচাৰ কাৰ্যত জড়িত হাস্পতালখনৰ চিকিৎসক তথা স্বাস্থ্য কৰ্মীসকলো ইয়াৰ বাবে নিশ্চয়কৈ প্ৰশংসাৰ পাত্ৰ ৷ 

নাজিৰা মহকুমাতো বাহন চলাচলত প্ৰতিবন্ধকতা :যুগ্ম – অযুগ্ন নীতি ঘোষণা

সাম্প্ৰতিক ক’ৰণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ প্ৰতি লক্ষ্য ৰাখি শিৱসাগৰ জিলা দণ্ডাধীশে এক আদেশযোগে আজিৰে পৰা সমগ্ৰ শিৱসাগৰ জিলাত  বাহনসমূহৰ চলাচল সীমিত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। নাজিৰা মহকুমাতো এই আদেশ প্ৰযোজ্য কৰিবলৈ  মহকুমাধিপতি লখিমী দত্তই জানিবলৈ দিছে। এই অনুসৰি যি সমূহ যান বাহনৰ পঞ্জীয়ন নুম্বৰৰ শেষৰ সংখ্যাটো অযুগ্ন সংখ্যা যেনে – ১,৩,৫,৭,৯ আদি সেইসমূহ বাহন প্ৰতিটো অজুগ্ন তাৰিখত চলাচল কৰিব পাৰিব। আনহাতে যুগ্ম তাৰিখত যুগ্ম সংখ্যা যেনে – ০,২,৪,৬,৮ আদি সংখ্যাৰ বাহন সমূহ চলাচল কৰিব পাৰিব। মহকুমাখনত পুৱা ৫ বজাৰ পৰা দিনৰ ২ বজালৈকেহে বাহন চলাচলৰ অনুমতি প্ৰদান কৰা হৈছে। অবশ্যে এই আদেশ জৰুৰীকালীন সেৱাসমূহৰ বাবে প্ৰযোজ্য নহয়। এই আদেশ মহকুমাখনত তৎকালে বলৱৎ হৈছে আৰু পুনৰ আদেশ নিদিয়া পৰ্যন্ত বাহাল থাকিব। মহকুমাধিপতি লখিমী দত্তই কৈ যে, “ক’ভিড নীতি-নিৰ্দেশনা ভঙ্গ কৰা সকলৰ বিৰুদ্ধে কঠোৰ হোৱাৰ সময় আহি পৰিছে। ৰাজহুৱা স্থানত মাস্ক পৰিধান নকৰাসকলে কেৱল নিজৰ স্বাস্থ্যৰ বাবেই নহয়, আনৰ প্ৰতিও ভাবুকিৰ সৃষ্টি কৰিছে। মই ইতিমধ্যেই দণ্ডাধীশসকলক এনে লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ লগতে আইনী ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে নিৰ্দেশ জাৰি কৰিছো। আমি কেইজনমান আইন নমনা লোকৰ বাবে সৰ্বসাধাৰণ ৰাইজক বিপদৰ মাজলৈ ঠেলি দিব নোৱাৰো।” প্ৰশাসনে ব্যাপক ক’ভিড পৰীক্ষা কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে যাতে আক্ৰান্ত লোকক চিনাক্ত কৰি পৃথকীকৰণৰ ব্যৱস্থা কৰিব পৰা যায়।

ক’ৰণাৰ দ্বিতীয় পালি ক’ভিড ভেকচিন ৪২দিনৰ পিছতহে প্ৰদান কৰাৰ নতুন নীতি নিৰ্দেশনা,ওৰাঙত ৩০দিনতে ২দ্বিতীয় পালি ভেকচিন বিচাৰি হাহাকাৰ

সমগ্ৰ ৰাজ্যৰ লগতে ওদালগুৰি জিলাৰ ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনত থকা ভেকচিন কেন্দ্ৰ সমুহত ক’ৰনাৰ কভিডশ্বিল ভেকচিনৰ ক্ষেত্ৰত  প্ৰথমটো পালি  লোৱাৰ ৪২ দিন পিছত হে  দ্বিতীয় পালি  ল’ব পাৰিব  বুলি ইতিমধ্যে নতুনকৈ নীতি নিৰ্দেশনা জাৰি  কৰিছে ৷নতুন নীতি নিৰ্দেশনা অনুসৰি  দ্বিতীয় পালিৰ বাবে    অহা লোক সকলৰ ৪২  দিন সম্পূৰ্ণ নহলে COWIN পৰ্টেলত System ত Upload নলয় বুলি জানিব পৰা গৈছে ৷গতিক, কভিডশ্বিলৰ ক্ষেত্ৰত ৪২ দিন সম্পূৰ্ণ কৰা সকলকহে দ্বিতীয় পালি ভেকচিন  প্ৰদান কৰাৰ বাবে নতুন নিৰ্দেশনা জাৰি কৰিছে  ৷এই দৰে ওদালগুৰি জিলাৰ  ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত থকা ওৰাং কভিড ১৯ভেকচিনিনেশ্যন কেন্দ্ৰৰ স্বাস্থ্য কৰ্মী বিপ্লৱ জ্যোতি ডেকা,গজেন চন্দ্ৰ বড়োনীতা দেৱী  এই বিষয়ে জানিবলৈ দিছে ৷ কভিড ১৯ৰ প্ৰথম পালি ভেকচিন লৈ দ্বিতীয় পালি ভেকচিনৰ বাবে ৩০ দিনতে লবলৈ আহি স্বাস্থ্য কৰ্মী সকলক  শ শ লোকে অযথা হাৰাশাস্তি,জ্বলাকলা কৰি থকা দেখিবলৈ পোৱা  গৈছে ৷আনকি একাংশ লোকে সাংবাদিককো ৩০দিনৰো ভেকচিন নিদিয়ে বুলি অভিযোগ  দাখিল কৰিছে ৷ইতিমধ্যে  ওৰাং খণ্ড প্ৰাথমিক  স্বাস্থ্য কেন্দ্ৰৰ অধীনস্থ  কভিড ১৯ভেকনিনেশ্যন কেন্দ্ৰ সমুহত ১৮ৰ  পৰা ৪৪ বছৰলৈ ৩৫০গৰাকীক  আৰু ৪৫ বছৰৰ উৰ্দ্ধলৈ ১০হেজাৰৰো অধিক কভিড ভেকশ্বিন দিয়া হৈছে বুলি স্বাস্থ্য বিভাগৰ সূত্ৰে জানিব পৰা গৈছে ৷

বৃহত্তৰ পালহাজী আঞ্চলিক গাওঁৰক্ষী বাহিনীৰ উদ্যোগত পালহাজী বজাৰত মাস্ক আৰু ছেনিটাইজাৰ বিতৰণ।

বৃহত্তৰ পালহাজী আঞ্চলিক গাওঁৰক্ষী সমিতি (বাহিনী) ৰ উদ্যোগত আজি পালহাজী বজাৰত ৰাইজৰ মাজত মাস্ক আৰু ছেনিটাইজাৰ বিতৰণ কৰা হয়। জিলাখনত বৃদ্ধি পোৱা ক’ৰোনাৰ ভয়াবহতাৰ আৰু ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ লক্ষ্যৰে পালহাজী গাওঁৰক্ষী সমিতিয়ে এই উদ্যোগ লৈ ক’ৰোনাৰ বিৰুদ্ধে সকলোকে সাৱধানতাৰে যুঁজাৰ বাবে আহ্বান জনায় । ক’ৰোনাৰ সংক্ৰমণক লৈ জনসাধাৰণক সজাগ কৰি তোলাৰ প্ৰয়াসেৰে পালহাজী বজাৰৰ মাজেৰে কোভিড প্ৰটকল মানি পদযাত্ৰা উলিয়াই বজাৰত মাস্ক পৰিধান নকৰা লোকক মাস্ক বিতৰণ কৰাৰ লগতে সামাজিক দূৰত্ব বজাই ৰখাৰ বাবে আহ্বান জনায়। এই উদ্যোগত সহযোগ কৰে পালহাজী অমৰ , পালহাজী খানাপাৰা, চকাবাউসী, দামালজাৰ, ধকুৱা, শুহাবিল দলনি ভিজিপিৰ সমুহ কাৰ্যকৰ্তাসকল। এই সন্দৰ্ভত এখন অনুষ্টুপীয়াকৈ পতা সজাগতামূলক সভাত পালহাজী অমৰ ভিডিপিৰ সম্পাদক নুৰুল ইছলামে ক’ৰোনাময়ী এই ভয়াবহ পৰিস্থিতিৰ মাজত জীয়াই থাকিব লাগিলে মাস্ক, ছেনিটাইজাৰ ব্যৱহাৰ কৰাৰ লগতে সামাজিক দূৰত্ব বজাই ৰখাৰ বাদে কোনো গত্যন্তৰ নাই বুলি কয়। ক’ৰোনাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ঈদৰ নামাজো ঈদগাহ ময়দানত আদায় নকৰি ঘৰতে কৰাৰ বাবেও ৰাইজক আহ্বান জনায় ।

নলবাৰী জিলাৰ দিনে দিনে বৃদ্ধি পোৱা কোভিড-১৯ মহামাৰীৰ সাম্প্ৰতিক স্থিতি।

সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে নলবাৰী জিলাতো কোভিড-১৯ ৰ দ্বিতীয় ঢৌৰ প্ৰভাৱ বৰ্তমানেওঅব্যাহত থকাৰ পৰিপ্ৰেক্ষিতত জিলা উপায়ুক্তৰ তত্বাৱধানত জিলা স্বাস্থ্য বিভাগৰ তৰফৰ পৰা এই ভাইৰাছৰ সংক্ৰমন  ৰোধ কৰাৰ বাবে তথা ইয়াৰ দ্বাৰা সৃষ্টি হোৱা অভাৱনীয় পৰিস্থিতিৰ সৈতে মুকাবিলা কৰাৰ বাবে প্ৰয়োজনীয় বিভিন্ন ব্যৱস্হা অব্যাহত ৰখা হৈছে। কোভিড- ১৯ৰ দ্বিতীয়টো ঢৌত এতিয়ালৈকে আক্ৰান্ত  হোৱা মুঠ ৰোগীৰ সংখ্যা ২,৬৯৪ জন। ইয়াৰ ভিতৰত ১৮৬১ গৰাকী ৰোগী এতিয়াও সংক্ৰমণমুক্ত হোৱা নাই অৰ্থাৎ এতিয়াও সক্ৰিয় হৈ আছে। ইয়াৰে ভিতৰত মুঠ ১৬৩৩ গৰাকী কোভিড ৰোগী বৰ্তমান গৃহ পৃথকীকৰণত আছে আৰু বাকী সকলৰ ভিতৰত শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত ৯৬ গৰাকী, বেলচৰ আদৰ্শ চিকিৎসালয়ত ৩০ গৰাকী আৰু মাখিবাহা আদৰ্শ চিকিৎসালয় আৰু খাতিকুছি আদৰ্শ চিকিৎসালয়ত ক্ৰমে ৩৫ আৰু ৭ গৰাকীকৈ কোভিড ৰোগী চিকিৎসাধীন হৈ আছে। জিলা স্বাস্থ্য বিভাগৰ তৰফৰ পৰা গৃহ পৃথকীকৰণত থকা কোভিড ৰোগীসকলৰ স্বাস্থ্যৰ দিশটো সূক্ষ্মভাৱে নিৰীক্ষণ কৰি থকা হৈছে । যোৱা এক সপ্তাহত সৰ্বমুঠ ১৫৮৬০ গৰাকীৰ কোভিড পৰীক্ষা কৰা হৈছে আৰু মুঠ ১১৯১ গৰাকী কোভিড পজিটিভ ( পজিটিভৰ হাৰ ৭.৫১%) পোৱা গৈছে। কোভিডৰ সংক্ৰমণৰ অভাৱনীয় পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমান জিলাখনৰ সকলো চিকিৎসালয়তে কোভিড পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ সমান্তৰালকৈ কোভিডৰ প্ৰতিষেধক প্ৰদান কাৰ্য্যও বৰ্তমানে জিলাখনত অব্যাহত আছে। ৬০ বছৰ বা উৰ্ধৰ মুঠ ১৪০৪২ গৰাকীক  প্ৰথম আৰু ২৬০৯ গৰাকীক দ্বিতীয় খোৰাক দিয়া সম্পূৰ্ণ কৰা হৈছে। ঠিক তেনেদৰে ৪৫  বছৰ বা উৰ্ধৰ ১৯৫৩১ গৰাকীক প্ৰথম খোৰাক আৰু ২৩৭০ গৰাকীক দ্বিতীয় খোৰাক দিয়া এতিয়ালৈ সম্পূৰ্ণ হৈছে। ১৮বছৰ বা উৰ্ধৰ মুঠ ২৭৬০ গৰাকীক প্ৰথম খোৰাক দিয়া সম্পূৰ্ণ কৰা হৈছে। জিলাখনত বৰ্তমানলৈকে কেৱল ৩ নং বালিতাৰা গাঁৱক ক’নটেইনমেণ্ট জ’ন হিচাবে ঘোষণা কৰা হৈছে। জিলাখনত এতিয়ালৈকে কোভিড- ১৯ৰ দ্বিতীয়টো ঢৌত মৃত্যু হোৱা মুঠ ৰোগীৰ সংখ্যা ১৬ জন । বৰ্তমানৰ অতিমাৰীৰ এই জটিল পৰিস্থিতিত নিজৰ লগতে আপোনজনৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে কোভিড-১৯ সম্বন্ধিত সকলো সাৱধানতা তথা বিধি কঠোৰভাৱে মানি চলাৰ বাবে জিলা উপায়ুক্তাই সমগ্ৰ নলবাৰী জিলাবাসী ৰাইজক আহ্বান জনাইছে।

ReplyReply allForward

প্ৰথিতযশা সাহিত্যিক হোমেন বৰগোহাঞিৰ মৃত্যুত নগাঁৱত শোকৰ ছাঁ

প্ৰথিতযশা সাহিত্যিক, সাংবাদিক, প্ৰজ্ঞাৰ সাধক হোমেন বৰগোহাঞিৰ মৃত্যুত সমগ্ৰ নগাঁও জিলাত গভীৰ শোকৰ ছাঁ পৰিছে। জিলাখনৰ বিভিন্ন দল সংগঠন, অনুষ্ঠান প্ৰতিষ্ঠান, বিশিষ্ট ব্যক্তি সকল তেওঁৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে মৰ্মাহত হৈ পৰে। অসমৰ সাহিত্য, সংবাদ ক্ষেত্ৰখনৰ মহীৰূহ  স্বৰূপ হোমেন বৰগোহাঞিৰ মৃত্যুত নগাঁও জিলা সাহিত্য সভাই গভীৰ শোক প্ৰকাশ কৰি কয়- অসমৰ সাহিত্য জগতৰ এক উজ্জ্বল নক্ষত্ৰ আমাৰ মাজৰ পৰা নোহোৱা হৈ গ’ল। তেওঁ অসমৰ জাতীয় জীৱনৰ অভিভাৱক আছিল। জিলা সাহিত্য সভাৰ সভাপতি পৰাণ কুমাৰ বৰুৱা আৰু সম্পাদক ৰেৱত হাজৰিকাই সাহিত্যিক গৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে। নগাঁও জিলা সাহিত্য সভাই তিনিদিনৰ বাবে সাহিত্য সভাৰ পতাকা অবনমিত কৰি ৰাখে। অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক পদুম ৰাজখোৱাই অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, অসম গৌৰৱ হোমেন বৰগোহাঞিৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি কয়- বৰগোহাঞিৰ মৃত্যু অসমৰ জাতীয় জীৱনৰ বাবেএক অপূৰণীয় ক্ষতি। তেওঁৰ মৃত্যুৱে অসমীয়া সাহিত্য আৰু সংবাদ ক্ষেত্ৰত দীৰ্ঘকালীন গভীৰ শূণ্যতাৰ সৃষ্টি কৰিব। বৰগোহাঞিৰ মৃত্যুত বিশিষ্ট গৱেষক, পণ্ডিত তিলক চন্দ্ৰ মজুমদাৰ ড° নৰেন কলিতা, সমালোচক প্ৰভাত বৰা, সাহিত্যিক উপেন্দ্ৰ বৰকটকী, শিৱানন্দ কাকতি, ভদ্ৰেশ্বৰ ৰাজখোৱা আদি বিভিন্নজন বিশিষ্ট ব্যক্তিয়ে গভীৰ শোক প্ৰকাশ কৰি কয়- হোমেন‌ বৰগোহাঞি এগৰাকী প্ৰচণ্ড মানসিক শক্তিৰ অধিকাৰী  ব্যক্তি আছিল। প্ৰজ্ঞাৰ সাধক হিচাপে বৰগোহাঞিয়ে অসমৰ সমাজ জীৱনলৈ অভূতপূৰ্ব বৰঙণি আগবঢ়াই গৈছে। তেওঁ মৃত্যুত অসমে এগৰাকী অভিভাবক হেৰুৱালে। অসম কলেজ অধ্যক্ষ পৰিষদৰ সভাপতি তথা নগাঁও কলেজৰ অধ্যক্ষৰ ড°শৰৎ বৰকটকীয়ে কয়- বৰগোহাঞিৰ মৃত্যু আমাৰ বাবে অসহনীয়। এই গৰাকী মহীৰূহৰ মৃত্যু আমাৰ বাবে ডাঙৰ ক্ষতি। তেওঁ সদায় অসমীয়া সাহিত্যৰ আকাশত তৰা হৈ জিলিকি থাকিব। সদৌ নগাঁও জিলা ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতি, উত্তৰ পূব শিশু গ্ৰন্থ মেলা পৰিচালনা সমিতি, কল্লোল সাংস্কৃতিক গোষ্ঠী, কিশলয়, সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থা, গ্ৰাম বিকাশ পৰিষদ, নগাঁও জিলা চৰ-চাপৰি সাহিত্য পৰিষদ, নগাঁও জিলা অসমীয়া সাহিত্য সন্মিলনী, নগাঁও জিলা বাৰ্তা জীৱি সংঘ, আপকু, নগাঁও জিলা সাংবাদিক সন্থা, নগাঁও জিলা কবি সন্মিলন, সাংবাদিক পৰিষদ অসমৰ নগাঁও জিলা সমিতি, নগাঁও জিলা ভাৰতীয় গণ নাট্য সংঘ, নগাঁও জিলা মইনা পাৰিজাত, সুৰৰ পানচৈ শিল্পী সমাজ, অখিল ভাৰতীয় সাহিত্য পৰিষদৰ নগাঁও জিলা শাখা, অসম নাট্য সন্মিলন, সংগীত শিল্পী মঞ্চ, নগাঁও জিলা জ্যেষ্ঠ নাগৰিক সন্মিলন, নগাঁও গ্ৰন্থ মেলা পৰিচালনা সমিতি আদি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে বৰগোহাঞিৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। নগাঁও প্ৰেছ ক্লাবৰ সভাপতি কনক হাজৰিকা, সম্পাদক দ্বয় চন্দন জ্যোতি বৰা আৰু ভাস্কৰজ্যোতি মেধিয়ে অসমৰ সাহিত্য আৰু সংবাদ ক্ষেত্ৰখনৰ মহিৰূহ হোমেন বৰগোহাঞিৰ মৃত্যু অসমৰ সংবাদ জগতৰ বাবে অপুৰণীয় ক্ষতি বুলি মন্তব্য কৰে। তেওঁ অসমৰ সাহিত্য আৰু সংবাদ ক্ষেত্ৰখনৰ লগতে অসমৰ জাতীয় জীৱনৰ গুৰি ধৰিছিল। তেওঁৰ মৃত্যুত নগাঁও প্ৰেছ ক্লাবে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে বিদেহী আত্মাৰ সৎগতি কামনা কৰে। নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা, প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱা, ৰকিবুল হুছেইন, বিধায়ক জিতু গোস্বামী, প্ৰাক্তন বিধায়ক ড° দুৰ্লভ চমুৱা, আদিয়ে বৰগোহাঞিৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি কয়- তেওঁ আছিল অসমৰ মাগ দৰ্শক। সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰধান সম্পাদিকা ড° থুনু কলিতাই হোমেন বৰগোহাঞিৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি কয়- অসম আৰু অসমীয়াৰ অভিভাৱক স্বৰূপ, সমাজ সংস্কাৰক হোমেন বৰগোহাঞিৰ মৃত্যু সকলোৰে কাৰণে অপুৰণীয় ক্ষতি। সমিতিয়ে তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি বিদেহ্ আত্মাৰ সৎগতি কামনা কৰে।