Breaking

কভিড প্ৰতিৰোধৰ বাবে উজনিত গাৰ্জেন মিনিষ্টাৰ হিচাপে কৃষি মন্ত্ৰী অতুল বৰাৰ পদক্ষেপ গ্ৰহণ

0 2,214

আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱসৰ দিনাই ডিব্ৰুগড়ত উপস্থিত হয় কৃষিমন্ত্ৰী অতুল বৰা ।অসম চৰকাৰৰ অসম সামূহিক নিৰীক্ষণ কাৰ্যসূচী অনুসৰি যোৱা ১ জুনৰ পৰা সমগ্ৰ ৰাজ্য জুৰি গাওঁ পৰ্যায়ত সামুহিক নিৰীক্ষণ কাৰ্যসূচী পৰিচালনা কৰাৰ বাবে এক সক্ৰিয় পদক্ষেপ গ্ৰহণ কৰি আহিছে। তাৰে অংশ হিচাপে অসমৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি মন্ত্ৰী অতুল বৰাই আজিৰ পৰা তিনিদিনৰ বাবে উজনিৰ বিশেষকৈ ডিব্ৰুগড়, তিনিচুকীয়াত বাহৰ পাতি কভিড বিৰোধী কাৰ্যসূচীৰ পৰ্যবেক্ষণ আৰু পদক্ষেপ গ্ৰহণ কৰিছে। সোমবাৰে মন্ত্ৰী গৰাকীয়ে অসম চিকিৎসা মহাবিদ্যালয়ত কভিড পৰিস্থিতি বুজ লোৱাৰ পিছতেই উপস্থিত হয় মোহনবাৰী গাওঁ পঞ্চায়তৰ কাৰ্যালয় প্ৰাঙ্গণত আৰু শুভাৰম্ভ কৰে এটি কভিড প্ৰতিষেধক শিবিৰ। কাৰণ আজিৰে পৰাই প্ৰত্যেক পঞ্চায়ত পৰ্যায়লৈ দুশ গৰাকী ব্যক্তিক প্ৰত্যেক দিনা বিনামূলীয়াকৈ কভিড প্ৰতিষেধক প্ৰদান  কাৰ্যসূচী আৰম্ভণি কৰা হৈছে। চাহবাগিছা সমূহক বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা হৈছে। এইক্ষেত্ৰত লাহোৱাল সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকাই জনাইছে যে,  অধিক জনসংখ্যা থকা থানাই চাহবাগিছাত পাঁচহাজাৰ লোকক প্ৰায় ১৫-২০ দিন ধাৰাবাহিক ভাৱে টীকাকৰণ কাৰ্যসূচী চলি থাকিব।বহুতে ভয়তে ভেকচিন ল’বলৈ অনিচ্ছা প্ৰকাশ কৰা স্বত্বেও লাহোৱাল সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকাৰ প্ৰচেষ্টাত ইমান সংখ্যক লোক উলিয়াই অনাৰ বাবে মন্ত্ৰী অতুল বৰাই বিধায়ক গৰাকীৰ প্ৰশংসা কৰে। মন্ত্ৰী গৰাকীয়ে মন্তব্য কৰিলে যে, যদি নিৰ্ধাৰিত মতে সকলো লোকক ভেকচিন প্ৰদান কৰিব পৰা যায় তেতিয়া নিশ্চয় কভিড সংক্ৰমণ ৰোধ কৰিব পৰা যাব বুলি তেওঁ আশাবাদী। ইতিমধ্যে ডিব্ৰুগড় প্ৰশাসন তথা অসম চিকিৎসা মহাবিদ্যালয়ৰ তথ্য অনুসৰি কভিড পজিটিভ লোকৰ সংখ্যা কমিছে বুলিও মন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰে।আজিৰ কাৰ্যসূচীত মন্ত্ৰী অতুল বৰা, লাহোৱাল সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকা, চাবুৱা সমষ্টিৰ বিধায়ক পোনাকন বৰুৱাৰ লগতে বিজেপিৰ বিষয়ববীয়া আৰু কৰ্মকৰ্তা সকল, স্বাস্থ্য বিভাগৰ বিষয়ববীয়া লগতে স্হানীয় ৰাইজ উপস্থিত থাকে ।

Leave A Reply