Breaking

গোগামুখত মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ দুটা চৰকাৰী কাৰ্যসূচীঃ গেৰুকামুখত যোগাসন আৰু গোগামুখত এম এ চিৰ অতিথিশালা উদ্বোধন

0 1,561

অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ধেমাজি জিলাৰ গোগামুখত দুটা চৰকাৰী কাৰ্যসূচী ৰূপায়ন কৰে ৷ আজি পুৱা ৫ বজাত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই গেৰুকামুখত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাতা সংস্হা এন এইচ পি চিত বিশ্ব যোগ দিৱস উপলক্ষে যোগ দিৱস উপলক্ষে যোগ দিৱস 
উদ্বোধন কৰে ৷ যোগ দিৱস উদ্বোধন কৰি তেওঁ সকলো ৰাইজৰ মানসিক আৰু শাৰীৰিক উন্নতি কামনা কৰে ৷ তাত তেওঁ শিক্ষা, ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ উন্নয়ন দপ্তৰৰ মন্ত্ৰী ডাঃ ৰণোজ পেগু, মন্ত্ৰী সঞ্জয় কিষাণ, সাংসদ প্ৰদান বৰুৱা, বিধায়ক ভূৱন পেগু, মানৱ ডেকা আৰু নৱ কুমাৰ দলে সহিতে এন এইচ পি চিৰ বিষয়া-কৰ্মচাৰীৰ লগত একেলগে যোগ ব্যায়ামত অংশ গ্ৰহণ কৰে ৷ পুৱা ১০-৩০ বজাত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই মিচিং স্বায়ত্তশাসিত পৰিষদ চমুকৈ এম এ চিৰ  অভিলাষী অতিথিশালা আৰু  বহুমুখী দক্ষতা  বিকাশ কেন্দ্ৰটো উদ্বোধন কৰে ৷ অতিথিশালা আৰু বহুমুখী দক্ষতা বিকাশ প্ৰকল্প উদ্বোধন কৰি তেওঁ কয়- আমি কণীৰ পৰা গাহৰীলৈকে আমি বহিঃৰাজ্যৰ আশ্ৰয় ল’ব লগা হয় ৷ আমাৰ ৰাজ্যখনে এতিয়াও পশুপালন আৰু কৃষিকৰ্মক ব্যৱসায় হিচাপে ল’ব পৰা নাই ৷ আমাৰ উত্তৰ-পূৰ্বাঞ্চলক কেন্দ্ৰ কৰিয়ে ৰাজস্থান, হাৰিয়ানা, পশ্চিম বংগৰ দৰে ৰাজ্যসমূহ পশুপালনো আৰু কৃষিকৰ্মত এক সুন্দৰ ব্যৱসায় কৰি আছে ৷  এই ৰাজ্য সমূহৰ কৃষিকৰ্ম আৰু পশুপালন উদ্যোগ অসম আৰু উত্তৰ-পূৰ্বাঞ্চলক কেন্দ্ৰ কৰিয়ে বৰ্ত্তি আছে ৷ আমি ৰাজ্যখনত আমাৰ কৃষিকৰ্ম তথা পশুপালন দৈনন্দিন জীৱনৰ খাদ্য হিচাপে ব্যৱহাৰ কৰি আছো ৷ কিন্তু ব্যৱসায়িক লাভালাভ হিচাপে গঢ়ি তুলিব পৰা নাই আৰু কৃষিকৰ্ম, পশুপালন বিজ্ঞান সন্মত কৰি তুলিব পৰা নাই ৷  ফলত দুগ্ধ উৎপাদনে আৰু পশুপালনৰ পৰা আমি বহুদূৰ পিছুৱাই আছো ৷ তেওঁ মিচিং স্বায়ত্তশাসিত পৰিষদৰ বহুমুখী প্ৰকল্পই ৰাজ্যখনৰ কৃষিকৰ্ম আৰু পশুপালনৰ ক্ষেত্ৰত সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাব বুলি আশা প্ৰকাশ কৰে ৷ তেওঁ মিচিং স্বায়ত্তশাসিত পৰিষদৰ এই প্ৰকল্পই কিছু বছৰৰ পিছত সকলো কৃষিকৰ্ম আৰু পশুপালনৰ কৰ্মযজ্ঞ হৈ পৰিব আৰু বহু নিবনুৱা যুৱক-যুৱতী সংস্হাপনৰ পথ পাব বুলি আশা প্ৰকাশ কৰে ৷ তেওঁ কয়- অসম চৰকাৰে যিমান পাৰি ইমান মিচিং স্বায়ত্তশাসিত পৰিষদক উন্নয়নমুখী কামত সহায় কৰিব আৰু যিকোনো ভাল কাম তথা মানৱ সম্পদ বিকাশৰ কাৰ্যসূচীত সহযোগ কৰিব ৷ ডঃ শৰ্মাই মিচিং স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত জনসাধাৰণৰ উন্নয়নৰ কাম-কাজসমূহ ভূয়সী প্ৰশংসা কৰাৰ লগতে পৰিষদখন এখন আদৰ্শ পৰিষদ বুলি অভিহিত কৰে ৷ ৰাজ্যখনৰ ক’ভিড সম্পৰ্কত তেওঁ কয়- এশ দিনৰ ভিতৰত ৰাজ্যখনক ক’ভিডৰ ভয়াৱহতাৰ পৰা মুক্ত কৰাৰ লগতে পৰৱৰ্তী এশ দিনৰ ভিতৰত ক’ভিডমুক্ত অসম হিচাপে গঢ়ি তুলিব পাৰিম ৷ তেওঁ মিচিং স্বায়ত্তশাসিত পৰিষদ আৰু ধেমাজি জিলা উপায়ুক্তৰ কাৰ্যালয়ক ক’ভিডৰ ক্ষেত্ৰত একেলগে কাম কৰিবলৈ আহ্বান জনায় ৷ অনুষ্ঠানত মিচিং স্বায়ত্তশাসিত পৰিষদৰ তৰফৰ পৰা ক’ভিড যুদ্ধৰ বাবে ২০ লাখ, গোৰ্খা যুৱ মঞ্চৰ পৰা ২০ হাজাৰ টকা আৰু মিচিং আগম কৗবাঙৰ পৰা ১০ হাজাৰ টকা মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ হাতত তুলি দিয়ে ৷ আজিৰ অনুষ্ঠানটোৰ আদৰি ভাষণ দিয়ে মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ ছায়েঙ্গীয়াই ৷ আঁত ধৰে পৰিষদৰ কাৰ্যবাহী সদস্য পুৰুষোত্তম দলেয়ে ৷ উপস্থিত থাকে শিক্ষা, ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ উন্নয়ন দপ্তৰৰ মন্ত্ৰী ডাঃ ৰণোজ পেগু, সাংসদ প্ৰদান বৰুৱা, বিধায়ক ভুৱন পেগু আদিয়ে ৷ উল্লেখনীয় যে, মিচিং স্বায়ত্তশাসিত পৰিষদৰ ১.৬৯ লাখ টকা ব্যয় সাপেক্ষে অতিথিশালা আৰু ধেমাজি বিধানসভা সমষ্টি উন্নয়ন পূঁজিৰ ১০ কোটি টকা ব্যয় সাপেক্ষে বহুমুখী দক্ষতা বিকাশ প্ৰকল্প নিৰ্মাণ কৰা হৈছে ৷

Leave A Reply