Home Blog Page 2974

আমচাং বন্যপ্ৰাণী অভয়াৰণ্যৰ খানাপাৰাৰ দেৱনগৰত বেদখল উচ্ছেদ কৰা স্থানত বন বিভাগৰ গছপুলি ৰোপন

আমচাং  বন্যপ্ৰাণী অভয়াৰণ্যৰ অন্তৰ্গত আৰু গুৱাহাটীৰ খানাপাৰাস্থিত অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ পাছফালে দেৱনগৰত কিছুদিন পূৰ্বে বন বিভাগে কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ সহযোগত উচ্ছেদ কৰা বেদখল স্থানসমূহ পুনৰ যাতে বেদখলকাৰীৰ কৱলত নপৰে তাৰ বাবে গুৱাহাটীৰ বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ে গছপুলি ৰোপন অভিযান আৰম্ভ কৰিছে । আজি দেৱনগৰ হিচাপে পৰিচিত বন বিভাগৰ উচ্ছেদিত স্থানত গুৱাহাটী বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত অনুষ্ঠিত  গছপুলি ৰোপন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে  মহানগৰ আৰক্ষীৰ  পূৱ গুৱাহাটী জিলাৰ উপ আৰক্ষী আয়ুক্ত শুভ্ৰজ্যোতি  বৰাই । কাৰ্য্যসূচীত মহানগৰ আৰক্ষীৰ দিছপুৰ সংমণ্ডলৰ সহকাৰী আৰক্ষী আয়ুক্ত হিমাংশু দাস , পূৱ কামৰূপ বন সংমণ্ডলৰ বন সংমণ্ডল প্ৰাধিকাৰী ভাস্কৰ ডেকা ,  গুৱাহাটী বন্যপ্ৰাণী সংমণ্ডলৰ বন সংমণ্ডল প্ৰাধিকাৰী জয়ন্ত ডেকা , পূৱ  কামৰূপ বন সংমণ্ডলৰ সহকাৰী বন সংৰক্ষকদ্বয় মনোজ গোস্বামী আৰু নিৰঞ্জন কুমাৰ নন্দী , গুৱাহাটীৰ বনাঞ্চলিক বিষয়া পংকজ বৰা ,  খানাপাৰা বন্যপ্ৰাণী কাৰ্যালয়ৰ বনাঞ্চলিক বিষয়া চফিকুৰ ৰহমান , খানাপাৰা বন শিবিৰৰ কেবাজনো বনকর্মী আৰু অঞ্চলটোৰ কেবাজনো প্ৰকৃতিপ্ৰেমী  লোক উপস্থিত থাকে । আনহাতে কাৰ্যসূচীত উচ্ছেদিত কৰি মুকলি কৰা স্থানত শিলিখা , অৰ্জুন , নাহৰকে ধৰি বিভিন্ন থলুৱা প্ৰজাতিৰ ২৭০ টা গছপুলি ৰোপন কৰি গৰু – ছাগলীয়ে খাব নোৱাৰাকৈ চেকাৰ দিয়া হয় । গুৱাহাটীৰ বনাঞ্চলিক বিষয়া পংকজ বৰাই জানিবলৈ দিয়া মতে আগন্তক দিনটো মহানগৰীৰ বিভিন্ন স্থান বিশেষকৈ মুকলিকৈ থকা ৰাজহুৱা স্থান , পথৰ দাঁতিত বা মাজত থকা ডিভাইদাৰত গছপুলি ৰোপন অভিযান চলি থাকিব ।

বিদ্যুৎ চুৰিৰ বিৰুদ্ধে ডিব্ৰুগড়ৰ জকাই বনগাঁও, মোহনাঘাট, গ্ৰাহাম বজাৰত অভিযান: কেইবালক্ষাধিক টকাৰ জৰিমনা

বিদ্যুৎ চুৰিৰ বিৰুদ্ধে এপিডিচিএলৰ অভিযান অব্যাহত। ডিব্ৰুগড়ৰ জকাই বনগাঁও, মোহনাঘাট, গ্ৰাহাম বজাৰত অভিযান চলাই কেইবালক্ষাধিক টকাৰ জৰিমনা আদায় কৰিছে বিভাগে। ডিব্ৰুগড়ত অনুষ্ঠিত হোৱা এক সংবাদমেলত এই কথা প্ৰকাশ শক্তি মন্ত্ৰী বিমল বৰাৰ। ২৪ ঘন্টাই বিদ্যুৎ যোগান ধৰিবলৈ হ’লে ৰোধ কৰিব লাগিব বিদ্যুৎ চুৰি। বিদ্যুৎ বিভাগক আমূল সংস্কাৰৰ প্ৰয়োজন। ৰাজহ সংগ্ৰহ কৰিব নোৱাৰাৰ বাবে লোকচানত চলি আছে বিদ্যুৎ বিভাগ। বাস্তৱসন্মত ভাৱে আগবঢ়াই লৈ যোৱাৰ প্ৰয়োজন বিদ্যুৎ বিভাগক। গুজৰাটৰ আৰ্হিত প্ৰতিষ্ঠা কৰাৰ লক্ষ্য অসমৰ বিদ্যুৎ বিভাগক। ১০৬ কোটি টকা অনাদায় চৰকাৰী বিভাগক বিল পৰিশোধৰ বাবে মুখ্যমন্ত্ৰীয়ে বিত্ত বিভাগক নিৰ্দেশনা জাৰি কৰিছে। সঘনাই বিদ্যুতৰ লোডশ্বেডি‌ং প্ৰসংগতো গুৰুত্বপূৰ্ণ মন্তব্য মন্ত্ৰী বৰাৰ। বিদ্যুৎ বিভাগৰ আন্তগাথনি অত্যাধুনিক প্ৰযুক্তি প্ৰয়োগ আৰু প্ৰাকৃতিক দুৰ্যোগৰ বাবে মেৰামতি কৰিবলগা হোৱা কাৰণত কৰ্তন হৈ আছে বিদ্যুৎ। এই বিষয়টো উপভোক্তাসকলক আগতীয়াকৈ ৰাজহুৱাভাৱে অৱগত কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশ। সৌভাগ্য আচনিৰ জৰিয়তে ৪২ লাখৰ পৰা ৬৩ লাখল উপভোক্তা বৃদ্ধি কৰা বুলি মন্তব্য। অনাগত দিনত বৃদ্ধি কৰাৰ

কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত কোভিড নিয়ম-নীতিৰ মাজেৰে সপ্তম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন

কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত জিলা স্বাস্থ্য সমিতি আৰু জিলা আয়ুস গোটৰ সহযোগত সপ্তম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস আজি আমিনগাঁওস্থিত কুমাৰ ভাস্কৰ বৰ্মণ ক্ষেত্রৰ কামৰূপা মঞ্চত উদযাপন কৰা হয়।
জিলা উপায়ুক্ত কৈলাশ কাৰ্তিক এন, অতিৰিক্ত উপায়ুক্তদ্বয় ক্ৰমে সুজিৎ বাগলাৰী আৰু প্ৰশান্ত প্ৰতীম কাঠকটীয়া, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ গুণীন্দ্ৰ নাথ দেৱশৰ্মাৰ লগতে কামৰূপ জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য বিভাগৰ বিষয়া-কৰ্মচাৰীসকলে যোগ দিৱসৰ কাৰ্য সূচীত অংশ গ্ৰহণ কৰে। অনুষ্ঠানত সাধনা যোগ কেন্দ্ৰৰ যোগ গুৰু জ্যোতিষ কলিতাই যোগাসন, প্ৰাণায়াম আৰু কীৰ্তন পৰিচালনা কৰে। জিলা উপায়ুক্ত কৈলাশ কাৰ্তিক এনে এগছি বন্তি প্ৰজলন কৰি অনুষ্ঠানৰ শুভাৰম্ভণি কৰে। আদৰণি ভাষণ প্ৰদান কৰে স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ দেৱশৰ্মাই। অনুষ্ঠানত ভাষণ প্ৰদান কৰি জিলা উপায়ুক্ত কাৰ্তিকে আমাৰ শৰীৰৰ প্ৰতিৰক্ষা ক্ষমতা বঢ়াবৰ বাবে যোগাভ্যাস গঢ়ি তুলিবলৈ আহ্বান জনায়। বৰ্তমানৰ কোভিড-১৯ৰ দৰে মহামাৰী প্ৰতিহত কৰিবৰ বাবেও যোগাভ্যাস অপৰিহাৰ্য বুলি তেওঁ উল্লেখ কৰে ।

ডিগবৈত ভাৰতীয় সেনাৰ উদ্যোগত যোগ দিৱস পালন

আজি ৭ম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। নিয়মিত যোগাভ্যাসে ব্যক্তি এজনক শাৰীৰিক আৰু মানসিক সুস্থিৰতা প্ৰদান কৰা লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাতো সহায় কৰে।
ভাৰত চৰকাৰৰ আয়ুস মন্ত্ৰালয়ৰ আহ্বানৰ প্ৰতি সঁহাৰি জনায় ডিগবৈস্থিত ১৮ নং গাৰোৱাল ৰেজিমেন্টৰ সেনা ৰ উদ্যোগত ডিগবৈ মহাবিদ্যালয়ৰ অধ্যাপক ৰাজীৱ ৰুদ্ৰ টাৰিয়াঙৰ নেতৃত্বত যোগদান কৰা ৰাষ্ট্ৰীয় সেৱা আঁচনি (এন এছ এছ), ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী(এন চি চি)ৰ সহযোগত ডিগবৈ ইনড্ৰৰ ষ্টেডিয়ামত আজি পুৱা ৫-৩০ বজাৰ পৰা প্ৰায় এঘণ্টা সময় যোগাসন কৰি ৰোগ দিৱস পালন কৰা হয়।ক’ভিড প্ৰট’কল ৰক্ষা কৰি অৰ্ধ শতাধিক সেনা জোৱান, সাংবাদিক,শিক্ষাৰ্থী বাহিনী আৰু এন এছ এছৰ সদস্যই কৰা যোগাসন শিৱিৰ পৰিচালনা কৰে জোৱান বিনয় চৌহানে আৰু সেনাৰ কামাণ্ডিং অফিচাৰ (চি অ’)কে এছ এইচ জ’ন সিঙে নেতৃত্ব বহন কৰা লগতে যোগাসনত সহযোগ কৰে। উল্লেখ্য যে, ডিগবৈৰ গৰিষ্ঠ সংখ্যক সাংবাদিক যোগাসন শিৱিৰত যোগদান কৰে।

বৰফাবৃত লাডাখৰ ১৮০০০ ফুট উচ্চতাত আইটিবিপি জোৱানৰ যোগ দিৱস।

আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে সোমবাৰে বৰফাবৃত লাডাখৰ ১৮০০০ ফুট উচ্চতাত যোগাসন কৰিলে আইটিবিপিৰ জোৱানসকলে। তদুপৰি সীমান্তৰ এইসকল ‘হীমবীৰে’ লাডাখৰ পেংগং চো হ্ৰদৰ পাৰতো যোগ অভ্যাস কৰে।

মুকালমুুৱা আৰক্ষীৰ জালত দুধৰ্ষ ডকাইতৰ গেং

মুকালমুৱা আৰক্ষীয়ে নিশা মহানগৰ আৰক্ষীৰ সহযোগত গুৱাহাটীৰ লখৰাৰ পৰা গ্ৰেপ্তাৰ কৰে তিনিটা দুধৰ্ষ ডকাইত ৷
গ্ৰেপ্তাৰ কৰা ডকাইত তিনিটা ক্ৰমে জিয়াউৰ হ’ক, ৰহিম আলী আৰু মইনুল হ’ক ওৰফে জাকিৰ ৷
অন্যহাতে আজি পুৱাই মুকালমুৱাৰ বৰলিয়াপাৰৰ পৰা গ্ৰেপ্তাৰ কৰে আন দুটা ডকাইত ৷
ধৃত ডকাইত দুটা আব্দুল মালেক আৰু জাহিদুল হ’ক ৷
দুধৰ্ষ ডকাইত কেইটাৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে এটি পিষ্টল,নগদ ২২০০০ হেজাৰ টকা আৰু পাঁচটা মোৱাইল ফোন ৷
উল্লেখ্য যে দুধৰ্ষ ডকাইতৰ দলটিয়ে যোৱা ১৪ জুনত মুকালমুৱাৰ ১নং কাপলাবড়ীত সংঘটিত কৰিছিল লোমহৰ্ষক ডকাইতি ৷
কাপলাবড়ীৰ চিকিৎসক পৰিয়াল এটিক ৰদ,দেগাৰেৰে আক্ৰমণ কৰি পিষ্টল দেখুৱাই লুটি নিছিল নগদ ধন,সোণৰ আ-অলংকাৰ আৰু বিলাসী বাহন ৷
মুকালমুৱা আৰক্ষীয়ে যোৱা ১৭ জুনত আবু বক্কৰ ছিদ্দিক ওৰফে বাবুলক গ্ৰেপ্তাৰ কৰি সোচপোচ কৰি কালি নিশা আৰু আজি পুৱা পাঁচজনো দুধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ কৰে ৷
গ্ৰেপ্তাৰ কৰা কেওজনেৰে ঘৰ মুকালমুৱাৰ দমদমা পথাৰত ৷
ধৃত মইনুল হ’ক ওৰফে জাকিৰ চৰকাৰী বিদ্যালয়ৰ শিক্ষক ৷
পূৱ চৰলপাৰা এলপিস্কুল শিক্ষক ধৃত মইনুল হ’ক ওৰফে জাকিৰ ৷
চিকিৎসক পৰিয়ালটিৰ বিলাসী বাহনখন যোৱা ১৫ জুনত উদ্ধাৰ কৰে যোৰাবাট আৰক্ষীয়ে ৷

বৰক্ষেত্ৰীত শিল্পীক সম্বৰ্ধনা

কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ আজি মৃত্যু দিৱস উপল্যক্ষে ৰাজ্যজুৰি অনুষ্ঠিত কৰিছে ৰাভা দিৱস ৷ সম্প্ৰতি কোৰোনা ভাইৰাছৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন দল-সংগঠন,অনুষ্ঠান-প্ৰতিষ্ঠানে পৃথকে পৃথকে অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰিছে ৰাভা দিৱস ৷ নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ জয়সাগৰ-বৰতলা মণ্ডল যুৱ কংগ্ৰেছে ৰাভা দিৱস উপল্যক্ষে স্থানীয় কে’বাগৰাকীও শিল্পীক সম্বৰ্ধনা জনায় ৰাভা দিৱস উদযাপন কৰা দেখা যায় ৷ মণ্ডল যুৱ কংগ্ৰেছৰ সভাপতি অমল বৰ্মনৰ নেতৃত্বত যুৱ কংগ্ৰেছৰ দল এটিয়ে জয়সাগৰ-বৰতলা গাঁও পঞ্চায়ত আৰু কেকান-কাপলাবড়ী গাঁও পঞ্চায়তৰ কে’বাগৰাকীও শিল্পীৰ ঘৰে ঘৰে গৈ শিল্পী সকলক গামোছা পিন্ধাই সন্মান প্ৰদৰ্শন কৰে ৷ গাঁও পঞ্চায়ত দুখনৰ ওজা শিল্পী ক্ৰমে ৰবীন বৰ্মন,সুৰেন বৈশ্য ,নাগাৰা নাম দলৰ পাঠিকা অনিমা দাস,ভ্ৰাম্যমানৰ থিয়েটাৰৰ বিশিষ্ট অভিনেতা ভাস্কৰ বৰ্মন, বাহী বাদক নৃপেন বৈশ্য, বেমপাৰ্টীৰ পেপা বাদক কমলা বড়োসহ কে’বাগৰাকীও শিল্পীক গামোছা আৰু এখম কিতাপৰ উপহাৰ দি ৰাভা দিৱস উদযাপন কৰে ৷

অসম যুৱ পৰিষদৰ দ্বাৰা নাট্যযোদ্ধা পৱিত্ৰ ৰাভাক কলাগুৰু বঁটা প্ৰদান

অসমৰ জাতীয় জীৱনৰ প্ৰবাদ পুৰুষ সৈনিক শিল্পী কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ পবিত্ৰ স্মৃতি দিৱসৰ লগত সংগতি ৰাখি আজি দেওবাৰে টংলাৰ বিশিষ্ট নাট্যযোদ্ধা পবিত্ৰ ৰাভাক অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত ,ওদালগুৰি জিলা আৰু পানেৰী বিধান পৰিষদৰ সহযোগত অনুষ্ঠিত কলাগুৰু বঁটা প্ৰদান কাৰ্যসূচীত কলাগুৰু বঁটা আগবঢ়োৱা হয়।ফুলাম গামোচা,শৰাই সঁফুৰা,ফুলাম জাপি,স্মাৰক ,নগদ ধন আৰু সম্বৰ্ধনা পত্ৰৰে ৰাভাদেৱক উষ্ম আদৰণি জনায় ।বঁটা প্ৰদান কাৰ্যসূচী পৰিচালনা কৰে যুৱ পৰিষদৰ কেন্দ্ৰীয় সভাপতি জিতু বৰগোহাঁইয়ে ।অগপৰ পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণ কৰে ওদালগুৰি জিলা সমিতিৰ সভাপতি যতীন কুমাৰ ডেকা আৰু জিলা যুৱ পৰিষদৰ সভাপতি যোগেশ বড়াই।টংলা জলাহস্থিত আমাৰ গাঁও প্ৰকল্প দাপোন দ্য মিৰৰ’ৰ ভূমিত অনুষ্ঠিত হোৱা কলাগুৰু বঁটা প্ৰদান কাৰ্যসূচীৰ আৰম্ভণিতে টংলা শিল্পী সমাজৰ শিল্পী বৃন্দই এটি বিষ্ণু ৰাভা সংগীত পৰিবেশন কৰে।কলাগুৰু বঁটা প্ৰদান কাৰ্যসূচীত অসম গণ পৰিষদৰ উপসভাপতি সুনীল ডেকা,যুৱ পৰিষদৰ কেন্দ্ৰীয় উপসভাপতি হেমেন হাজৰিকা, প্ৰাঞ্জল শৰণীয়া, সাধাৰণ সম্পাদক প্ৰবাল বুজৰবৰুৱা প্ৰমুখ্যে কেন্দ্ৰীয় নেতৃবৃন্দ ,বিভিন্ন জিলা শাখাৰ বিষয়ববীয়া ,ওদালগুৰি জিলা শাখাৰ বিষয়ববীয়া সকলৰ লগতে অৱসৰ প্ৰাপ্ত কৃতি শিক্ষক পৱিত্ৰ ৰাভাৰ পিতৃ ৰামচন্দ্ৰ ৰাভা,দাপোন দ্য মিৰৰ খৰ্বকায় শিল্পী বৃন্দই উপস্থিত থাকে।ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ পৰা কৃতিত্বৰে উত্তীৰ্ণ হোৱা সদৌ অসম ছাত্ৰ সন্থাৰ দ্বাৰা লোকগীতৰ প্ৰখ্যাত শিল্পী প্ৰতিমা পাণ্ডে বৰুৱা সোঁৱৰণি বঁটা প্ৰাপ্ত তথা ৰাষ্ট্ৰীয় মঞ্চত উজলি উঠা পৱিত্ৰ ৰাভাই কলাগুৰু বঁটা গ্ৰহণ কৰি কয় যে দাপোন দ্য মিৰৰ হৈছে নিজকে নিজক বিচাৰি চোৱা আৰু মানৱ সম্পদ গঢ়াৰ কেন্দ্ৰ। ইয়াৰ জৰিয়তে আমি খৰ্বকায় শিল্পী সকলেই নহয় শিশু -কিশোৰী,যুৱক- যুৱতীৰ সকলৰ শাৰিৰীক মানসিক বৌদ্ধিক বিকাশত সহায় কৰাৰ লগতে আত্ম নিৰ্ভৰ কৰি তোলা ।কলাগুৰু বঁটা আগবঢ়োৱা বাবে যুৱ পৰিষদৰ কেন্দ্ৰীয় নেতৃত্বক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে ।

ক’ভিড সংক্ৰমণৰ মাজতে ডিব্ৰুগড়ত চিনাক্ত ব্লেক ফাংগাছ ৰোগী।

অসম চিকিৎসা মহাবিদ্যালয়ত প্ৰথম গৰাকী ক’ভিড নিগেটিভ ৰোগীৰ শৰীৰত চিনাক্ত হৈছে মিউকৰ মাইক’চিছ অথবা ব্লেক ফাংগাছ। অনুজীৱবিজ্ঞান আৰু চকু চিকিৎসা বিভাগৰ দলে যুটীয়াভাৱে কৰা পৰীক্ষাত শনিবাৰে নিশা লক্ষীমপুৰৰ ৪৭ বছৰীয়া লোকৰ দেহত ধৰা পৰিছে ব্লেক ফাংগাছ ৰোগী। এ এম চিৰ অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতিয়ে জনোৱামতে, ১৫ জুনতে এ এম চিত ভৰ্তি হৈছিল ব্লেক ফাংগাছত আক্ৰান্ত ৰোগীজন। ইয়াৰ পূৰ্বে তেওঁ ক’ভিড পজিটিভত আক্ৰান্ত হৈ লক্ষীমপুৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আৰোগ্য লাভ কৰাৰ পিছতে এ এম চিত ভৰ্তি ৰোগীজন মূৰৰ বিষ, চকু ৰঙা পৰা আদি লক্ষণত আক্ৰান্ত হৈছিল। ইয়াৰ পিছতে এ এম চি চিকিৎসকৰ দলে কৰা পৰীক্ষাত ধৰা পৰে ব্লেক অৱস্থিতি। সম্প্ৰতি ৰোগীজনক এ এম চিৰ মেডিচিন ইউনিট-১ত চিকিৎসা চলাই থকাৰ লগতে স্বাস্থ্যৰ অৱস্থা সুস্থিৰ বুলি জনাইছে যদিও ২১ দিন ধৰি চিকিৎসাৰ প্ৰয়োজন হ’ব ৰোগীজনৰ। লগতে ব্লেক ফাংগাছৰ বাবে প্ৰয়োজনীয় সকলো ঔষধ মজুত থকা বুলি জনাইছে এ এম চিৰ অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতিয়ে।

ধিঙত তিনি মিনিটত দহ হাজাৰ গছপুলি ৰোপন । ডবা শংখ ধ্বনিৰে মুখৰিত কৰিলে ধিঙৰ আকাশ ।

ধিঙৰ উদ্যমী যুৱক বিকাশ নাথে ধিং পৌৰ সভা অন্তৰ্গত ১০ টা ৱাৰ্ডত ৰবিবাৰে পুৱা ১১ বজাত তিনি মিনিটৰ ভিতৰত ১০০০০গছপুলি ৰোপন কৰি এক অভিলেখ সৃষ্টি কৰে । উদ্যমী যুৱকজনে ধিঙৰ কেইবাখনো স্কুল কলেজৰ শিক্ষাৰ্থীক লগত লৈ GREEN DHING নামাকৰনেৰে এই সুন্দৰ কাৰ্যসূচী ৰূপায়ন কৰে । ধিং পৌৰ সভাৰ মুঠ দহটা ৱাৰ্ডৰ প্ৰত্যেক ঘৰতে এজোপাকৈ গছপুলি আগদিনাই প্ৰেৰণ কৰে উদ্যোগী যুৱকজনে । আজি পুৱা ১১ বজাৰ লগে প্ৰত্যেক ৱাৰ্ডৰ নামঘৰ , মন্দিৰত ডবা শংখ বজাই সমগ্ৰ ধিঙৰ আকাশ মুখৰিত কৰি ৰূপায়ন কৰে এই সুন্দৰ অনুস্থানটিৰ। যুৱকজনৰ এনে প্ৰচেষ্টাক শলাগ লয় ধিংবাসীয়ে।