আমচাং বন্যপ্ৰাণী অভয়াৰণ্যৰ অন্তৰ্গত আৰু গুৱাহাটীৰ খানাপাৰাস্থিত অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ পাছফালে দেৱনগৰত কিছুদিন পূৰ্বে বন বিভাগে কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ সহযোগত উচ্ছেদ কৰা বেদখল স্থানসমূহ পুনৰ যাতে বেদখলকাৰীৰ কৱলত নপৰে তাৰ বাবে গুৱাহাটীৰ বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ে গছপুলি ৰোপন অভিযান আৰম্ভ কৰিছে । আজি দেৱনগৰ হিচাপে পৰিচিত বন বিভাগৰ উচ্ছেদিত স্থানত গুৱাহাটী বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত অনুষ্ঠিত গছপুলি ৰোপন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে মহানগৰ আৰক্ষীৰ পূৱ গুৱাহাটী জিলাৰ উপ আৰক্ষী আয়ুক্ত শুভ্ৰজ্যোতি বৰাই । কাৰ্য্যসূচীত মহানগৰ আৰক্ষীৰ দিছপুৰ সংমণ্ডলৰ সহকাৰী আৰক্ষী আয়ুক্ত হিমাংশু দাস , পূৱ কামৰূপ বন সংমণ্ডলৰ বন সংমণ্ডল প্ৰাধিকাৰী ভাস্কৰ ডেকা , গুৱাহাটী বন্যপ্ৰাণী সংমণ্ডলৰ বন সংমণ্ডল প্ৰাধিকাৰী জয়ন্ত ডেকা , পূৱ কামৰূপ বন সংমণ্ডলৰ সহকাৰী বন সংৰক্ষকদ্বয় মনোজ গোস্বামী আৰু নিৰঞ্জন কুমাৰ নন্দী , গুৱাহাটীৰ বনাঞ্চলিক বিষয়া পংকজ বৰা , খানাপাৰা বন্যপ্ৰাণী কাৰ্যালয়ৰ বনাঞ্চলিক বিষয়া চফিকুৰ ৰহমান , খানাপাৰা বন শিবিৰৰ কেবাজনো বনকর্মী আৰু অঞ্চলটোৰ কেবাজনো প্ৰকৃতিপ্ৰেমী লোক উপস্থিত থাকে । আনহাতে কাৰ্যসূচীত উচ্ছেদিত কৰি মুকলি কৰা স্থানত শিলিখা , অৰ্জুন , নাহৰকে ধৰি বিভিন্ন থলুৱা প্ৰজাতিৰ ২৭০ টা গছপুলি ৰোপন কৰি গৰু – ছাগলীয়ে খাব নোৱাৰাকৈ চেকাৰ দিয়া হয় । গুৱাহাটীৰ বনাঞ্চলিক বিষয়া পংকজ বৰাই জানিবলৈ দিয়া মতে আগন্তক দিনটো মহানগৰীৰ বিভিন্ন স্থান বিশেষকৈ মুকলিকৈ থকা ৰাজহুৱা স্থান , পথৰ দাঁতিত বা মাজত থকা ডিভাইদাৰত গছপুলি ৰোপন অভিযান চলি থাকিব ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ধেমেচী কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন সফল সামৰণি। কৃষক, শিল্পী আৰু খেলুৱৈক সম্বৰ্ধনা
- দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত কেন্দ্ৰীয় ৰঙালী উৎসৱৰ আজি লাইখুটা স্থাপন
- আত্মবিশ্বাসী ড্রিম গার্লঃ মথুৰাৰ পৰা ৫-৭ লাখ ভোটত জয়ী হ’ব বুলি দাবী বিজেপিৰ প্ৰাৰ্থীগৰাকীৰ…
- বৰপেটা শিক্ষা খণ্ডৰ নাৰ্চাৰী মণ্ডল সমল কেন্দ্ৰত “হ’বা তুমি বিজয়ীঃ এক প্ৰেৰণামূলক যাত্ৰা”…
- সাপেখাতীত শংকৰদেৱ শিশু নিকেতনৰ অভিনন্দন অনুষ্ঠান…
- বিশিষ্ট অভিনেত্ৰী তথা পত্নী আইমী বৰুৱাৰ লগতে মাতৃ আৰু শাহুৱেকক লগত লৈ মন্ত্ৰী পীয়ূষ হাজৰীকাই সাব্যস্ত কৰিলে ভোটদান…
- ব্যায়াম কৰিলেই ওজন নকমে, ওজন কমাবলৈ কিছুমান বিশেষ খাদ্য খাব লাগিব…
- গৰমত ঘৰৰ পৰা অফিচলৈ অনা টিফিন বেয়া হৈ যায় নেকি? টিফিনৰ খাদ্য ভালে ৰখাৰ কৌশল শিকি লওক…
- গ্ৰীষ্মকালত এই ছুপাৰফুডসমূহ আপোনাৰ দৈনন্দিন খাদ্যত অন্তৰ্ভুক্ত কৰক, গৰমত ঠাণ্ডা হৈ থাকিব শৰীৰ…
- আজি দেশত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। অসমৰ ৫ সমষ্টিত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ…