Breaking

বিদ্যুৎ চুৰিৰ বিৰুদ্ধে ডিব্ৰুগড়ৰ জকাই বনগাঁও, মোহনাঘাট, গ্ৰাহাম বজাৰত অভিযান: কেইবালক্ষাধিক টকাৰ জৰিমনা

0 545

বিদ্যুৎ চুৰিৰ বিৰুদ্ধে এপিডিচিএলৰ অভিযান অব্যাহত। ডিব্ৰুগড়ৰ জকাই বনগাঁও, মোহনাঘাট, গ্ৰাহাম বজাৰত অভিযান চলাই কেইবালক্ষাধিক টকাৰ জৰিমনা আদায় কৰিছে বিভাগে। ডিব্ৰুগড়ত অনুষ্ঠিত হোৱা এক সংবাদমেলত এই কথা প্ৰকাশ শক্তি মন্ত্ৰী বিমল বৰাৰ। ২৪ ঘন্টাই বিদ্যুৎ যোগান ধৰিবলৈ হ’লে ৰোধ কৰিব লাগিব বিদ্যুৎ চুৰি। বিদ্যুৎ বিভাগক আমূল সংস্কাৰৰ প্ৰয়োজন। ৰাজহ সংগ্ৰহ কৰিব নোৱাৰাৰ বাবে লোকচানত চলি আছে বিদ্যুৎ বিভাগ। বাস্তৱসন্মত ভাৱে আগবঢ়াই লৈ যোৱাৰ প্ৰয়োজন বিদ্যুৎ বিভাগক। গুজৰাটৰ আৰ্হিত প্ৰতিষ্ঠা কৰাৰ লক্ষ্য অসমৰ বিদ্যুৎ বিভাগক। ১০৬ কোটি টকা অনাদায় চৰকাৰী বিভাগক বিল পৰিশোধৰ বাবে মুখ্যমন্ত্ৰীয়ে বিত্ত বিভাগক নিৰ্দেশনা জাৰি কৰিছে। সঘনাই বিদ্যুতৰ লোডশ্বেডি‌ং প্ৰসংগতো গুৰুত্বপূৰ্ণ মন্তব্য মন্ত্ৰী বৰাৰ। বিদ্যুৎ বিভাগৰ আন্তগাথনি অত্যাধুনিক প্ৰযুক্তি প্ৰয়োগ আৰু প্ৰাকৃতিক দুৰ্যোগৰ বাবে মেৰামতি কৰিবলগা হোৱা কাৰণত কৰ্তন হৈ আছে বিদ্যুৎ। এই বিষয়টো উপভোক্তাসকলক আগতীয়াকৈ ৰাজহুৱাভাৱে অৱগত কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশ। সৌভাগ্য আচনিৰ জৰিয়তে ৪২ লাখৰ পৰা ৬৩ লাখল উপভোক্তা বৃদ্ধি কৰা বুলি মন্তব্য। অনাগত দিনত বৃদ্ধি কৰাৰ

Leave A Reply