Breaking

ডিগবৈত ভাৰতীয় সেনাৰ উদ্যোগত যোগ দিৱস পালন

0 559

আজি ৭ম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। নিয়মিত যোগাভ্যাসে ব্যক্তি এজনক শাৰীৰিক আৰু মানসিক সুস্থিৰতা প্ৰদান কৰা লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাতো সহায় কৰে।
ভাৰত চৰকাৰৰ আয়ুস মন্ত্ৰালয়ৰ আহ্বানৰ প্ৰতি সঁহাৰি জনায় ডিগবৈস্থিত ১৮ নং গাৰোৱাল ৰেজিমেন্টৰ সেনা ৰ উদ্যোগত ডিগবৈ মহাবিদ্যালয়ৰ অধ্যাপক ৰাজীৱ ৰুদ্ৰ টাৰিয়াঙৰ নেতৃত্বত যোগদান কৰা ৰাষ্ট্ৰীয় সেৱা আঁচনি (এন এছ এছ), ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী(এন চি চি)ৰ সহযোগত ডিগবৈ ইনড্ৰৰ ষ্টেডিয়ামত আজি পুৱা ৫-৩০ বজাৰ পৰা প্ৰায় এঘণ্টা সময় যোগাসন কৰি ৰোগ দিৱস পালন কৰা হয়।ক’ভিড প্ৰট’কল ৰক্ষা কৰি অৰ্ধ শতাধিক সেনা জোৱান, সাংবাদিক,শিক্ষাৰ্থী বাহিনী আৰু এন এছ এছৰ সদস্যই কৰা যোগাসন শিৱিৰ পৰিচালনা কৰে জোৱান বিনয় চৌহানে আৰু সেনাৰ কামাণ্ডিং অফিচাৰ (চি অ’)কে এছ এইচ জ’ন সিঙে নেতৃত্ব বহন কৰা লগতে যোগাসনত সহযোগ কৰে। উল্লেখ্য যে, ডিগবৈৰ গৰিষ্ঠ সংখ্যক সাংবাদিক যোগাসন শিৱিৰত যোগদান কৰে।

Leave A Reply