Breaking

ক’ভিড সংক্ৰমণৰ মাজতে ডিব্ৰুগড়ত চিনাক্ত ব্লেক ফাংগাছ ৰোগী।

0 528

অসম চিকিৎসা মহাবিদ্যালয়ত প্ৰথম গৰাকী ক’ভিড নিগেটিভ ৰোগীৰ শৰীৰত চিনাক্ত হৈছে মিউকৰ মাইক’চিছ অথবা ব্লেক ফাংগাছ। অনুজীৱবিজ্ঞান আৰু চকু চিকিৎসা বিভাগৰ দলে যুটীয়াভাৱে কৰা পৰীক্ষাত শনিবাৰে নিশা লক্ষীমপুৰৰ ৪৭ বছৰীয়া লোকৰ দেহত ধৰা পৰিছে ব্লেক ফাংগাছ ৰোগী। এ এম চিৰ অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতিয়ে জনোৱামতে, ১৫ জুনতে এ এম চিত ভৰ্তি হৈছিল ব্লেক ফাংগাছত আক্ৰান্ত ৰোগীজন। ইয়াৰ পূৰ্বে তেওঁ ক’ভিড পজিটিভত আক্ৰান্ত হৈ লক্ষীমপুৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আৰোগ্য লাভ কৰাৰ পিছতে এ এম চিত ভৰ্তি ৰোগীজন মূৰৰ বিষ, চকু ৰঙা পৰা আদি লক্ষণত আক্ৰান্ত হৈছিল। ইয়াৰ পিছতে এ এম চি চিকিৎসকৰ দলে কৰা পৰীক্ষাত ধৰা পৰে ব্লেক অৱস্থিতি। সম্প্ৰতি ৰোগীজনক এ এম চিৰ মেডিচিন ইউনিট-১ত চিকিৎসা চলাই থকাৰ লগতে স্বাস্থ্যৰ অৱস্থা সুস্থিৰ বুলি জনাইছে যদিও ২১ দিন ধৰি চিকিৎসাৰ প্ৰয়োজন হ’ব ৰোগীজনৰ। লগতে ব্লেক ফাংগাছৰ বাবে প্ৰয়োজনীয় সকলো ঔষধ মজুত থকা বুলি জনাইছে এ এম চিৰ অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতিয়ে।

Leave A Reply