Home Blog Page 2975

ৰঙিয়াত পুনৰ আটক আফিং সৰবৰাহকাৰী ।

সমগ্ৰ অসমৰ লগতে ৰঙিয়াতো ড্ৰাগছ বিৰোধী অভিযান অব্যহত ।

দেওবাৰে নিশা অভিযান চলাই ৰঙিয়াৰ নিকটৱৰ্তী কলমনি বৰকুকুৰীয়া গাৱৰ পৰা আটক কৰে এজন আফিং সৰবৰাহকাৰী ।

আটকাধীন ব্যক্তিজন অহেদুৰ ৰহমান ।

তেওৰ পৰা উদ্ধাৰ কৰে ৭১২ গ্ৰাম মাৰাত্মক উপিয়ামসহ এটি মোবাইল ফোন ।

উক্ত উপিয়ামখিনিৰ বজাৰ মূল্য প্ৰায় ৮० হেজাৰ টকা বুলি জানিবলৈ দিয়ে ৰঙিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰতন দাসে ।
ইতিমধ্যে আটকাধীন আফিং সৰবৰাহকাৰী ব্যক্তিজনৰ বিৰুদ্ধে ৰঙিয়া থানাত ১৭(বি)/২৯(১) ধাৰাৰ অধিনত ৬৩২/২১ নম্বৰৰ এটি গোচৰ ৰুজু কৰি জেল হাজোতলৈ প্ৰেৰণ কৰা হয় ।
ৰঙিয়াৰ পৰা চৈয়দ মোস্তাফা আহমেদৰ ৰিপʼৰ্ট ।

অৱশেষত মৃত্যুক সাবটি ল’লে হস্তী বন্ধু হিচাপে খ্যাত মন্দিৰৰ পূজাৰীয়ে।

যোৱা ওঠৰ জুনৰ পুৱা হোজাইৰ থেপ্লাগুৰিৰ ডাঙৰীয়া বাবাৰ আশ্ৰমৰ বৃদ্ধসাধুক হত্যাৰ চেষ্টা কৰিছিল এজন স্থানীয় এজন যুৱকে। আশ্ৰমৰ বৃদ্ধ সাধু ৰামকৃষ্ণ চৌহানক স্থানীয় যুৱক দিনৰাজ হাছামফুৰাই উপৰ্যুপৰি কোৰেৰে আক্ৰমণ কৰাত অতি শংকত জনক ভাৱে আহত হৈছিল।
পৰৱৰ্ত্তী সময়ত স্থানীয় লোকে ততাতৈয়াকৈ হোজাই চিকিৎসালয়লৈ লৈ যায় যদিও উন্নত চিকিৎসাৰ বাবে গুৱাহাটৰ জি এম চি এইচ লৈ প্ৰেৰণ কৰে।

হোজাইৰ কোমোৰাকটা অঞ্চলৰ যুৱক দিনৰাজ হাছামফুৰা নামৰ যুৱকজনে দুবাৰকৈ কোৰেৰে সাধু জনক মূৰত আঘাত কৰাত সাধুজন অতি সংকতজনক ভাবে আহত হোৱাত গুৱাহাটীত চিকিৎসাধীন অৱস্থাত নিশা মৃত্যু হয় মন্দিৰৰ বৃদ্ধ পূজাৰী জনৰ। সম্প্ৰতি আক্ৰমণকাৰী দিনৰাজক আটক কৰি জেললৈ প্ৰেৰণ কৰিছে।

যি সময়ত ৰাজ্যত নিতৌ হস্তী-মানুহৰ সংঘাটৰ খবৰ আহিয়েই থাকে তেনে সময়ত মন্দিৰৰ কাষত বন্য হস্তীক নিয়মিত ভাৱে খাদ্য যোগান ধৰি হস্তী বন্ধু হিচাপে খ্যাত হৈ পৰিছিল অঞ্চলটোত। পয়সত্তৰ বছৰৰ উৰ্ধৰ এই পূজাৰী জনৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰে।

ভাৰতীয় বায়ু সেনাই শীঘ্ৰেই চীনক উপযুক্ত প্ৰত্যুত্তৰ দিবলৈ ড্ৰেগনৰ সৈতে পূব সীমান্তত ৰাফেল যুঁজাৰু বিমান মোতায়েন কৰিব ভাৰতে

ভাৰতে যিকোনো চীনা অহংকাৰৰ উপযুক্ত প্ৰত্যুত্তৰ দিবলৈ ড্ৰেগনৰ সৈতে পূব সীমান্তত ৰাফেল যুঁজাৰু বিমান (Rafale Fighter Jets) মোতায়েন কৰাৰ সিদ্ধান্ত লৈছে। ভাৰতীয় বায়ু সেনাই পশ্চিম বংগৰ হাচিমাৰা এয়াৰবেচত ৰাফেল বিমান আনুষ্ঠানিকভাৱে মোতায়েন কৰাৰ আগতে এটা দ্বিতীয় স্কোয়াড্ৰন প্ৰস্তুত কৰিছে, যাক নাম দিয়া হৈছে… ‘ ১০১ ফালকনছ অফ ছম্ব এণ্ড আখনুৰ’। এই স্কোয়াড্ৰনৰ অধীনত, চীনৰ সৈতে পূব সীমান্তত ৰাফেল যুঁজাৰু বিমান মোতায়েন কৰা হ’ব।

টাইমছ অৱ ইণ্ডিয়াই সূত্ৰৰ উদ্ধৃতি দি কৈছিল যে আম্বালাত ৰাফেলৰ প্ৰথম স্কোয়াড্ৰন সম্পূৰ্ণৰূপে সক্ৰিয় আৰু ১৭ খন গোল্ডেন এৰোজ ১৮  যুঁজাৰু বিমানৰ সৈতে সাজু। ১০১ স্কোয়াড্ৰনত বৰ্তমান পাঁচখন ৰাফেল যুঁজাৰু বিমান আছে, যিবোৰ শেহতীয়াকৈ ফ্ৰান্সৰ পৰা ভাৰতলৈ আহিছে। ফ্ৰান্সৰ সৈতে হোৱা ৩৬ খন ৰাফেল যুঁজাৰু বিমানৰ বাকী বিমান অহা বছৰৰ এপ্ৰিলৰ ভিতৰত আহি পাব বুলি আশা কৰা হৈছে। ২০১৬ চনৰ ছেপ্টেম্বৰত ভাৰত চৰকাৰে ফ্ৰান্সৰ সৈতে ৫৯,০০০ কোটি টকাৰ ৩৬ খন দুটা ইঞ্জিনৰ ৰাফেল যুঁজাৰু বিমানৰ চুক্তি স্বাক্ষৰ কৰে। চুক্তিৰ অধীনত, ভাৰতে ২৩ খন বিমান লাভ কৰিছে, আনহাতে আৰু ১৩ খন এতিয়াও প্ৰাপ্ত হোৱা নাই। এয়াৰ চীফ মাৰ্শ্বেল আৰ কে এছ ভাদাউৰিয়াই শনিবাৰে কৈছিল যে আইএএফে ৰাফেল বিমান মোতায়েনৰ লক্ষ্যত এক নিৰ্দিষ্ট সময়সীমাৰ সৈতে আগবাঢ়ি আছে, যিটো সম্পূৰ্ণ শুদ্ধ।

সূত্ৰৰ মতে, ‘কৰোনা ভাইৰাছ সংক্ৰমণৰ বাবে ১০১ স্কোয়াড্ৰনৰ আনুষ্ঠানিক অনুষ্ঠান বিলম্বিত হৈছে। কিন্তু এতিয়া কাৰ্যসূচীটো এমাহৰ ভিতৰত সম্পূৰ্ণ হ’ব।’ আমাক কওঁক যে গ্ৰুপ কেপ্টেইন ৰোহিত কাটাৰিয়া হৈছে ১৭ স্কোয়াড্ৰনৰ কমাণ্ডিং অফিচাৰ, আনহাতে গ্ৰুপ কেপ্টেইন নীৰজ ঝাম্বে ‘জেমি’ ১০১ স্কোয়াড্ৰনৰ নেতৃত্ব দি আছে। ভাৰতীয় বায়ু সেনাই ৪.৫ প্ৰজন্মৰ ৰাফেল বিমানৰ বাবে আম্বালা আৰু হাচিমাৰাক ‘মেইন অপাৰেটিং হোম বেচ’ হিচাপে বাছনি কৰিছে। অৱশ্যে, অমনি ৰোল যুঁজাৰু বিমান ৰাফেলৰ বিশেষত্ব হৈছে যে ই দেশৰ যিকোনো প্ৰকাৰে অভিযান চলাব পাৰে।

য়োটা এয়াৰবেচ হেংগাৰ, আশ্ৰয়, ৰক্ষণাবেক্ষণ সুবিধা আৰু আন্তঃগাঁথনিৰ সৈতে ৰাফেল বিমানৰ বাবে সাজু। হাচিমাৰা এয়াৰবেচ ছিকিম, ভূটান আৰু তিব্বতৰ ত্ৰিভুজত অৱস্থিত, যিটো ১৯৬২ চনৰ চীন যুদ্ধৰ পিছত ধুমুহা বিমানেৰে স্থাপিত হৈছিল। ৰাছিয়াত নিৰ্মিত চুখোই ৩০ এমকেআই বিমান অসমৰ তেজপুৰ আৰু চামুৱা এয়াৰবেছত মোতায়েন কৰাৰ লগে লগে বংগৰ হাচিমাৰাত পূব খণ্ডত চীনৰ বিৰুদ্ধে ৰাফেল মোতায়েন কৰাটো ভাৰতীয় বায়ু সেনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ।

৭৮০ ৰ পৰা ১৬৫০ কিলোমিটাৰলৈকে যুঁজ ক্ষমতাৰে সজ্জিত, ৰাফেলৰ ওচৰত বিপদজনক যুঁজাৰু অস্ত্ৰ, উন্নত এভিওনিক্স, ৰাডাৰ আৰু ইলেক্ট্ৰনিক যুদ্ধ প্ৰণালী আছে যি শত্ৰুৰ জামিং কঢ়িয়াই নিব পাৰে আৰু প্ৰতিকূল পৰিস্থিতিতো শ্ৰেষ্ঠতা প্ৰমাণ কৰিব পাৰে।
ৰাফেল বিমানখনত ৩০০ কিলোমিটাৰ দূৰত্বৰ এয়াৰ-টু-গ্ৰাউণ্ড স্কেল্প মিছাইল আছে। ইয়াত এয়াৰ-টু-এয়াৰ মিছাইল আছে যি ১২০ ৰ পৰা ১৫০ কিলোমিটাৰ দূৰত অৱস্থিত যিকোনো লক্ষ্যৰ অক্ষ উৰুৱাব পাৰে। এই মুহূৰ্তত কোনো পাকিস্তানী বা চীনা জেটৰ এনে ক্ষমতা নাই।

আলোপতি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত আন্তৰ্জাতিক যোগ দিৱস পালন

আজি ২১ জুন, বিশ্ব যোগ দিৱস। শাৰীৰিক মানসিক আৰু আধ্যাত্মিক উৎকৰ্ষ সাধনৰ বাহন স্বৰূপ পৌৰাণিক ভাৰতীয় পৰম্পৰা যোগাভ্যাসৰ জয়গানেৰে আজি সমগ্ৰ বিশ্বৰ লগতে দক্ষিণ বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ অন্তৰ্গত আলোপতি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰতো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয়। মহামাৰী কৰোণা ভাইৰাছৰ ভয়াবহতাৰ মাজতেই অনুষ্টুপীয়াকৈ কভিড প্ৰট’কল মানি যোগ দিৱসৰ দিনা উদ্যোক্তা সকলে যোগ প্ৰণায়মৰ জৰিয়তে স্বাস্থ্য ৰক্ষা কৰাৰ লগতে বিভিন্ন ৰোগৰ পৰা হাত সাৰিবলৈ সকলোকে আহ্বান জনায়। কভিডৰ দৰে মহামাৰীৰ পৰা বাচি থাকিবলৈও নিয়মীত যোগ আভ্যাস কৰাৰ প্ৰয়োজন আছে বুলি উদ্যোক্তা সকলে জানিবলৈ দিয়ে। আজি কাৰ্যসূচীত আলোপতি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ স্বাস্থ্য বিষয়া ডাঃ খাইৰুল ইছলাম লগতে আহ্বায়ক পৰিমল সৰকাৰ ও স্বাস্থ্য কেন্দ্ৰটোৰ সমুহ কৰ্মচাৰী সকলৰ লগতে ভালে সংখ্যক স্থানীয় ৰাইজেও অংশ গ্ৰহণ কৰে।

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে দেশবাসীক সম্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

ক’ভিডৰ সময়ত যোগাভ্যাসক এক আশাৰ বতৰা বুলি অভিহিত প্ৰধানমন্ত্ৰীৰ।এক সুস্থ মন আৰু দেহৰ বাবে যোগাসন অপৰিহাৰ্য : প্ৰধানমন্ত্ৰী

দেশৰ লগতে ৰাজ্যতো যোগ দিৱসৰ কাৰ্যসূচী ৰূপায়ণ।যোগে ক’ভিড প্ৰতিৰোধ কৰাত উল্লেখনীয় ভূমিকা গ্ৰহণ কৰে। গেৰুকামুখত যোগ দিৱসত অংশ গ্ৰহণ কৰি এই মন্তব্য মুখ্যমন্ত্ৰীৰ।

ক’ভিড সংক্রমণ হ্রাস নোহোৱা জিলাত সম্পূর্ণ লকডাউন

ক’ভিডৰ সংক্রমণ হ্রাস নোপোৱা ডিব্রুগড়–তিনিচুকীয়া জিলাত সম্পূর্ণ লকডাউন দিয়াৰ চিন্তা–চর্চা কৰিছে ৰাজ্য চৰকাৰে৷ উক্ত জিলাকেইখনত ক’ভিডৰ সংক্রমণ হ্রাস নোপোৱাৰ পৰিপ্রেক্ষিতত সম্পূর্ণ লকডাউন বলৱৎ হোৱাৰ সম্ভাৱনা প্রকট হৈ পৰিছে৷ দেওবাৰে ডিব্রুগড়ত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই ইংগিত দি কয় যে অহা সপ্তাহত ক’ভিডৰ সংক্রমণ হ্রাস নোপোৱা জিলাসমূহত ১০ দিনৰ বাবে সম্পূর্ণ লকডাউন ঘোষণা কৰা সম্পর্কত চৰকাৰে চিন্তা কৰিছে৷ অহা বুধবাৰে চৰকাৰে জিলাসমূহৰ ক’ভিড পৰিস্থিতিৰ ওপৰত পর্যালোচনা কৰি য’ত য’ত ক’ভিডৰ সংক্রমণ কমা নাই, তাত সম্পূর্ণ লকডাউন ঘোষণা কৰিব৷ এই প্রসংগত তেওঁ বিশ্বনাথৰ পৰিস্থিতিৰ বিষয়ে উল্লেখ কৰি কয় যে যোৱা তিনিটা দিনত বিশ্বনাথত ক’ভিডৰ সংক্রমণ যথেষ্ট বাঢ়িছে৷

সেইদৰে ডিব্রুগড় জিলাত ক’ভিড পজিটিভিটীৰ হাৰ ২ শতাংশ যদিও টেঙাখাত ব্লকৰ দুলীয়াজান আৰু টেঙাখাতত এতিয়াও পৰিস্থিতি খুব এটা ভাল নহয়৷ সেয়ে প্রয়োজন হ’লে উক্ত অঞ্চল বা ব্লক পর্যায়ত অলপ বেলেগধৰণ চিন্তা কৰি বুধবাৰে সিদ্ধান্ত গ্রহণ কৰা হ’ব৷

আনহাতে, আজিৰ পৰা ৰাজ্যখনত দৈনিক তিনি লাখ লোকক ভেকচিন দিয়াৰ বিষয়ে উল্লেখ কৰি কয় যে অহা ১০ জুলাইৰ ভিতৰত ৬০ লাখ লোকে ভেকচিন লাভ কৰিব৷ তদুপৰি ইতিমধ্যে ৫০ লাখ লোকে ভেকচিন লাভ কৰিছে৷ সেয়ে লাহে লাহে পৰিস্থিতি উন্নত হ’ব বুলি তেওঁ আশা প্রকাশ কৰে৷

ইপিনে এতিয়ালৈ দুটাকৈ ভেকচিনৰ ড’জ লোৱা চৰকাৰী কর্মচাৰীসকলক কার্যালয়ত উপস্থিত হোৱাৰ নির্দেশ দি তেওঁ কয় যে অহা ১ জুলাইলৈ দ্বিতীয় ড’জ ভেকচিন সম্পূর্ণ নোহোৱা কর্মচাৰীসকল কার্যালয়লৈ আহিব নালাগে৷ অৱশ্যে ১ জুলাইলৈ দ্বিতীয় ড’জ ভেকচিন লোৱা কর্মচাৰীৰ সংখ্যাও বৃদ্ধি পাব৷ চৰকাৰে ইতিমধ্যে ক’উইন এপৰ পৰা দ্বিতীয় ড’জ ভেকচিন লোৱা কর্মচাৰীৰ তালিকা সংগ্রহৰ ব্যৱস্থা কৰিছে৷ তদুপৰি সকলোৱে যেতিয়া প্রথম ড’জ ভেকচিন লাভ কৰিব, তেতিয়া স্বাভাৱিকতে প্রত্যেকৰে ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধি পাব৷ সেইদৰে ডিব্রুগড়ত কালি ব্লেক ফাংগাছ ৰোগী ওলোৱাৰ প্রসংগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে কালি নিশাই এই বিষয়ে অসম মেডিকেল কলেজৰ অধ্যক্ষই সবিশেষ জনাইছে৷ এইটো এটা প’ষ্ট ক’ভিডৰ লক্ষণ৷ ক’ভিডৰ সময়ত খুব বেছি ষ্টেৰ’য়ড আৰু অক্সিজেন ব্যৱহাৰ কৰিলে সাধাৰণতে এনে হোৱা বুলি জানিব পৰা গৈছে৷

ষ্টেৰ’য়ড ব্যৱহাৰ কৰিলে ৰোগীৰ ছুগাৰ লেভেল বাঢ়ি অসন্তুলন অৱস্থালৈ গতি কৰে আৰু তেতিয়াই বিপজ্জনক হৈ পৰে৷ আমি এই বিষয়ে আলোচনা কৰিছোঁ যাতে ডায়েবেটিছ থকা ক’ভিড ৰোগীক ষ্টেৰ’য়ড কমকৈ দি ৰোগীক আৰোগ্য কৰিব পাৰি৷ ক’ভিড কমিলেই ব্লেক ফাংগাছৰ ভয়াৱহতা নাইকিয়া হ’ব বুলি মুখ্যমন্ত্রীয়ে আশা প্রকাশ কৰে৷ উল্লেখ্য যে দুলীয়াজানৰ পৰা ডিব্রুগড়ত উপস্থিত হৈ মুখ্যমন্ত্রী ড০ শর্মাই ডিব্রুগড় জিলা উপায়ুক্তৰ কার্যালয়ত জিলাখনৰ ক’ভিড পৰিস্থিতি আৰু বান–গৰাখহনীয়া পৰিস্থিতি সন্দর্ভত এখন বৈঠকত মিলিত হয়৷

ক’ভিড পৰিস্থিতি পর্যালোচনা কৰি জিলাখনত টিকাকৰণ ব্যাপক কৰাৰ লগতে শিশুৰ আই চি ইউৰ সংখ্যা বৃদ্ধি কৰাৰ পদক্ষেপ লোৱাৰ বাবেও নির্দেশ দিয়ে৷ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত বর্তমান চলি থকা ৩০খন শিশুৰ আই চি ইউ বিছনা স্থাপনৰ কাম–কাজৰ নিৰীক্ষণ কৰিবলৈ স্বাস্থ্য বিভাগৰ প্রধান সচিবক নির্দেশ দিয়ে৷ আজিৰ পৰা আৰম্ভ হ’বলগীয়া বর্ধিত টিকাকৰণ কার্যসূচীত জিলাখনত প্রতিদিনে ১৫ হাজাৰ ১৮ বছৰৰ ঊর্ধ্বৰ ব্যক্তি টিকা নিশ্চিত কৰিবলৈ নির্দেশ দিয়াৰ লগতে নগৰাঞ্চলত পুৱা ৮ বজাৰ পৰা নিশা ৮ বজালৈ টিকাকৰণ কার্যসূচী অব্যাহত ৰখাৰ নির্দেশ দিয়ে৷

সেইদৰে বান পৰিস্থিতি মোকাবিলা কৰাৰ বাবে ডিব্রুগড় জিলা প্রশাসন সম্পূর্ণ সাজু বুলি জানিবলৈ দি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে জিলা প্রশাসনে বান পৰিস্থিতি সুচলভাৱে নিয়ন্ত্রণ কৰিব পাৰিব বুলি তেওঁ আশাবাদী৷ পর্যালোচনা বৈঠকখনত মুখ্যমন্ত্রী ড০ শর্মাই জলসম্পদ বিভাগক মথাউৰিসমূহৰ মেৰামতি তথা নির্মাণসহ বান সুৰক্ষাৰ কাম–কাজসমূহ দ্রুততাৰে সম্পূর্ণ কৰাৰ নির্দেশ দিয়ে৷ জিলা উপায়ুক্তসকলক সম্প্রতি প্রদান কৰা নতুন বিত্তীয় ক্ষমতাৰ ভিত্তিত বানাক্রান্তসকললৈ বিত্তীয় সাহায্য তাৎক্ষণিকভাৱে আগবঢ়োৱাৰ দিশত পদক্ষেপ লোৱাৰ বাবেও উপায়ুক্তক নির্দেশ দিয়াৰ লগতে বানৰ ফলত ক্ষতিগ্রস্ত হোৱা গৃহ, বিদ্যালয়, অংগনৱাড়ী কেন্দ্রসমূহ দ্রুততাৰে মেৰামতি কৰিবলৈও নির্দেশ দিয়ে৷ আজিৰ এই পর্যালোচনা বৈঠকত মুখ্যমন্ত্রীৰ সৈতে কেন্দ্রীয় খাদ্য সংসাধন দপ্তৰৰ ৰাজ্যিক মন্ত্রী ৰামেশ্বৰ তেলী, ডিব্রুগড়ৰ অভিভাৱক মন্ত্রী অতুল বৰা, শক্তিমন্ত্রী বিমল বৰা, চাহ জনজাতি কল্যাণ মন্ত্রী সঞ্জয় কিষাণ, সাংসদ প্রদান বৰুৱা, বিধায়ক প্রশান্ত ফুকন, চক্রধৰ গগৈ, বিনোদ হাজৰিকা, পোনাকণ বৰুৱা, তেৰছ গোৱালা, তৰংগ গগৈ আৰু ভুবন পেগু উপস্থিত থাকে৷

ইফালে দেওবাৰে গুৱাহাটীত সংবাদ মাধ্যমৰ আগত ৰাজ্যৰ ক’ভিড পৰিস্থিতিৰ ওপৰত মন্তব্য কৰি স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই কয় যে ৰাজ্যখনৰ যিসমূহ জিলাত ক’ভিডৰ সংক্রমণ হ্রাস পোৱা নাই, সেই জিলাসমূহত অনাগত দিনত সম্পূর্ণ লকডাউন দিয়াৰ সম্ভাৱনা আছে৷ অহা বুধবাৰে মুখ্যমন্ত্রীৰ উপস্থিতিত ক’ভিড পৰিস্থিতিৰ ওপৰত পর্যালোচনা কৰি সেই সম্পর্কত সিদ্ধান্ত গ্রহণ কৰা হ’ব৷ কিছুমান জিলাত আক্রান্তৰ হাৰ কম দেখা গৈছে যদিও সংখ্যা হিচাপত চালে সংক্রমণৰ সংখ্যা কমা নাই৷ ৰাজ্যখনত প্রতিদিনে সংক্রমণৰ সংখ্যা তিনি হাজাৰৰ ওপৰত আছে৷

অৱশ্যে গুৱাহাটী মহানগৰীত সংক্রমণৰ সংখ্যা কমি আহিছে বুলি তেওঁ উল্লেখ কৰে৷ অহা ২২ জুনৰ পাছতো ৰাজ্যখনত আন্তঃজিলা যাতায়াত বন্ধ থকাৰ ইংগিত দি তেওঁ কয় যে ব্যাপক পৰীক্ষণ, ভেকচিন প্রদান, আন্তঃজিলা যাতায়াত বন্ধ, সান্ধ্য আইন আদিৰে ক’ভিডৰ চেইন ছিগাৰ চেষ্টা কৰা হৈছে৷ চৰকাৰৰ এনে কঠোৰ পদক্ষেপৰ বাবেই সম্প্রতি ক’ভিডত মৃত্যুৰ সংখ্যাও পূর্বৰ তুলনাত কমি অহা দেখা গৈছে৷ পৰাপক্ষত হোম আইছ’লেচন ব্যৱস্থা বন্ধ কৰাৰ বাবেই মৃত্যুৰ সংখ্যা কমি আহিছে বুলি তেওঁ উল্লেখ কৰে৷

Minister Suklabaidya inaugurates Gram Sabha hall, GP Office building, business shop at Derby GP

 Minister for Forest and Environment, Fisheries and Excise, Parimal Suklabaidya inaugurated a Gram Sabha hall constructed at an estimated cost of Rs.6 lakh under the 14th Finance Commission Award for 2018-19 at Derby Gaon Panchayat under Narsingpur Development Block in Cachar district on Sunday. The Minister also inaugurated a business shop in front of Derby GP Office built under the 14th Finance Commission Award for the year 2017-18 amounting to Rs 6.7 lakh and extension of Derby GP Office building under the 14th Finance Commission Award for the year 2016-17 at an estimated amount of Rs.5 lakh. Deputy Commissioner, Cachar, Keerthi Jalli, Chairman, Cachar Zila Parishad, Amitabh Rai,        CEO, Cachar Zila Parishad, Madhya Dholai Zila Parishad member Sashanka Chandra Paul, BDO Narsingpur Block, Probal Das Gupta, Narsingpur Block Assistant Engineer Rajkumar Roy, West Dholai ZP member, Lakshmi Rani Yadav, Derby GP President, Pradip Kanu, among others, were present on the occasion. 

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্যৰ প্ৰতিক্ৰিয়া বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ

যোৱা কালি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই  এটা মন্তব্য আগবঢ়াইছে যে, ‘৫ বছৰে বিৰোধী পক্ষত থাকি বিধায়কে কি কৰিব আৰু সেইবাবে সকলোৱে শাসকীয় পক্ষত থাকি কাম কৰক। …..’, শাসকীয় দল ভাৰতীয় জনতা পাৰ্টী অসমত থাকিব গতিকে বিৰোধী বিধায়কৰ কোনো কাম নাই আৰু সকলোৱে বিৰোধী দল ত্যাগ কৰি শাসকীয় দলত যোগদান কৰিব লাগে। এনে ধৰনৰ মন্তব্য দিয়াটো মুখ্যমন্ত্ৰীৰ ভাৰতীয় গনতন্ত্ৰী, ভাৰতীয় সংবিধানৰ প্ৰতি যে  নূন্যতম আস্থাও নাই এই কথাই প্ৰতিয়মান কৰিছে।  অসম বিধান সভাৰ বিৰোধী দলৰ এজন বিধায়ক তথা বিৰোধী দলৰ দলপতি হিচাপে এই মন্তব্য  নস্যাৎ কৰি দেৱব্ৰত শইকীয়াই সংবাদ মাধ্যমলৈ দিয়া এক বিবৃটিত কয় যে ,  আমাৰ সংবিধানত বিৰোধীৰ ভূমিকা স্পষ্টভাৱে উল্লেখ আছে আৰু সেই ভূমিকা লোৱাত কংগ্ৰেছ দলে বিৰোধী পক্ষ্যক পূৰ্বৰে পৰা সহযোগীতা সহযোগীতা কৰি আহিছে। ভাৰত বৰ্ষত জনসংঘ আৰু পিছত ভাৰতীয় জনতা পাৰ্টীয়ে এটা সময়ত সংসদত এটা-দুটা আসনৰ পৰা গৈ আজি ভাৰত বৰ্ষত শাসন কৰিব পাৰিছে। মাজতে ১৩০ জন আৰু কেতিয়াবা তাতকৈ কম আৰু কেতিয়াবা বেছি আসন পাইছিল। ৩৭ শতাংশ ভোট সৰ্বভাৰতীয় হিচাপে পোৱাৰ পিছত কিন্তু সংসদত ৩০০ তকৈ অধিক সাংসদ লৈ আজি কেন্দ্ৰত চৰকাৰ গঠন কৰিব পাৰিছে। এইখিনি কংগ্ৰেছ দলে গণতান্ত্ৰিক পৰম্পৰা, গণতন্ত্ৰক ধৰি নৰখা হলে এইখিনি কথা কবলৈ ভাৰতীয় জনতা পাৰৰ্টীৰ কোনো অস্থিত্বয়ে নাথাকিল হয় ভাৰত বৰ্ষত। গতিকে এনে ধৰনৰ মন্তব্য কৰি বিৰোধীক সমালোচনা কৰাটো উচিত নহয়। আমাৰ দেশৰ গণতান্ত্ৰিক প্ৰমূল্যক ভাৰতীয় জনতাপাৰ্টীয়ে যেনেধৰনে ধ্বংস কৰিব বিচাৰিছে, সেইখিনি বিৰুদ্ধে কংগ্ৰেছ দলে অহৰ্নিশে যুদ্ধ দি আহিছে। কংগ্ৰেছ দলে বিধান সভাৰ ভিতৰত হওক, বিধান সভাৰ বাহিৰত হওক এই কামখিনি কৰি আহিছো। বিৰোধীৰ মূল ভূমিকা চৰকাৰক গঠনমূলক সমালোচনা কৰা আৰু চৰকাৰে একক ভাবে যিকোনো ধৰনৰ জনস্বাৰ্থ বিৰোধী কাম কৰিলে তাৰ প্ৰতিবাদ কৰা, জনগনৰ অধিকাৰ আৰু স্বাধীনতাক ৰক্ষা কৰা তথা ৰাইজৰ যি মতামত সেইখিনিও চৰকাৰৰ ওচৰত পঠাই প্ৰকাশ কৰে। এই কামখিনি বিগত সময়চোৱাত অসমত কংগ্ৰেছ দলে কৰি আহিছো, ইয়াৰ বহু উদাহৰণ আছে। ব্ৰহ্মপুত্ৰ উপনৈ খনন কৰি বান নিয়ন্ত্ৰণ কৰিম বুলি আমাৰ অসমৰ ৰাইজক বিজেপি দল তথা চৰকাৰে প্ৰতিশ্ৰুতি দিছিল। এই প্ৰতিশ্ৰুতি আজি সাত বছৰ সময় হৈ গ’ল ইয়াৰ কিন্তু কোনো কাম কৰা হোৱা নাই এই কথাও আমি সদনত বাহিৰে–ভিতৰে যোৱা সময়চোৱাত আঙুলিয়াই আনিছো। অনুৰূপ ধৰনে অসম চুক্তি আখৰে আখৰে তথা আত্মা সৰহিতে ৰূপায়ন কৰিম বুলি তেখেত সকলে ভিজনডকুমেণ্টত তিনিটাকৈ পৃষ্ঠাত তেওলোকে উল্লেখ কৰিছিল। কিন্তু ‘কা’ আনি যেতিয়া অসম চুক্তিৰ আত্মাক আঘাত দিব বিচাৰিছিল তেতিয়াও আমি সযোৰে প্ৰতিবাদ কৰিছো। ২০১৯ চনতে অসমত মাইক্ৰ’ফাইনেক্সয়ে কৰা বিভিচাৰৰ বিষয়ে বিধান সভাত প্ৰসংগ উত্থাপন কৰিছিলো আৰু এতিয়া চৰকাৰে এই মাইক্ৰ’ফাইনেক্সৰ ঋণ সম্পূৰ্ণ ৰূপে ৰেহাই দিম বুলি কোৱাৰ পিছত বিভিন্ন অচিলা লৈ ইয়াৰ এটা মাত্ৰ নিৰ্বাচনৰ পূৰ্বৰ ৰাজনৈতিক ইছু বুলি কৰা ঘোষনা বুলি প্ৰতিবাদ কৰি আহিছো। কাৰণ মুখ্যমন্ত্ৰীয়ে বিধান সভাত সকলো ঋণ ৰেহাই দিয়া হ’ব বুলি অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দিছিল।ঠিক তেনেকৈ যোৱা সময়ত অসমৰ বানপানীৰ সমস্যাৰ স্থায়ী সমাধানৰ বাবে ভাৰতীয় জনতা পাৰ্টীয়ে ব্ৰহ্মপুত্ৰ নৈ আৰু উপনৈ সমূহক ক্ষনন আৰু দুয়ো পাৰে এক্সপ্ৰেছ হাৱে কৰিম বুলি দিয়া প্ৰতিশ্ৰুতিও যোৱা সময়চোৱাত আমি বিধান সভাত চৰকাৰক মনত পেলাইছো। অসমত অন্যতম এটা সমস্যা নিবনুৱা সমস্যা। এই নিবনুৱা সমস্যা যাতে সমাধান হয়, ইয়াত যাতে থলুৱাক বঞ্চিত কৰি  বাহিৰা লোকে কোনো ধৰনৰ সংস্থাপন নাপায় তাৰ বাবে যোৱা বিধান সভাৰ কাৰ্য্যকালত কেন্দ্ৰ চৰকাৰৰ প্ৰতিস্থান সমূহত, অসমৰ নিজা প্ৰতিস্থান হওক বা ব্যক্তিগত খণ্ডতে হওক যাতে ৮০ শতাংশতকৈ অধিক থলুৱা নিযুক্তি হয়। তাৰ বাবে এখন আইন অনাত আমি বিৰোধী পক্ষ্য সফল হৈছিলো। অনুপৰূপ ধৰনে আপোনালোকে যানে অসমৰ কিছু জিলাত উচ্চেদ অভিযান চলি  আছে। উচ্ছেদিত লোক সকল ভাৰতীয় লোক হোৱা স্বত্তেও পুণৰ সংস্থাপিত কৰা নহয়, যাৰ ফলত তেখেত সকলে উচ্ছেদিত অঢ্চলৰ পৰা অন্য এটা অঞ্চললৈ গতি কৰে। কোনো ধৰনৰ নিশ্চিত ধৰনৰ ব্যৱস্থা নহোৱাকৈ যাতে উচ্চেদ নকৰে তাৰ বাবে  সদনৰ বাহিৰে-ভিতৰে আমি কেইববাবাৰো দাবী উত্থাপন কৰিছো। শেহতীয়াকৈ মুখ্যমন্ত্ৰীয়ে কৈছে যে, যি সকল ভূমিহীন লোক তেওলোকক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধিনত আৱাস গৃহ দিয়া হ’ব। মই দাবী জনাও যে, এতিয়ালৈকে অসমৰ বিভিন্ন অঞ্চলত যিমান সংখ্যক লোকক উচ্ছেদিত কৰা হ’ল আৰু বিধান সভাত দিয়া তথ্য অনুসৰি যিমান লোক ভূমিহীন আছে, সকলোকে অহা দুটা বছৰৰ ভিতৰত তেওলোকক চৰকাৰী ভাবে ঘৰ বনাই দিয়াৰ ব্যৱস্থা কৰা হওঁক আৰু তেওলোকে যাতে খেতি-বাতি কৰি জীৱন নিৰ্বাহ কৰিব পাৰে তাৰ বাবে খেতি-মাটি আৱণ্টন কৰা হওক। আমি যেনেধৰনে যোৱা সময়চোৱাত চৰকাৰক সমালোচন কৰি আহিছো আমাক সমালোচনা কৰাৰ বাবে কোনো সেইবাবে সদনৰ বাহিৰে-ভিতৰে চৰকাৰক সমালোচনা কৰিব পৰা যাতে কোনো প্ৰতিদন্দি নাথাকে বৰ্তমানৰ চৰকাৰে তেনে পৰিৱেশ এটা সৃষ্টি কৰিব বিচাৰিছে। কাৰণ যোৱা সময়চোৱাত আমি ফাদিল কৰিছিলো যে অসমত বিভিন্ন অবৈধ চিণ্ডিকেত হৈ থাকে, অসমত বিভিন্ন ধৰনৰ দূৰ্নীতি হৈ আহিছে, এই কথাখিনি সদনৰ মজিয়াত বিশেষ প্ৰস্তাৱ অথবা সভা স্থগিত প্ৰস্তাৱ আদি বিভিন্ন পদ্ধতিৰ যোগেদি চৰকাৰৰ আগত ৰাখিছিলো। তেতিয়া আমাক কোৱা হৈছিল যে বিজেপি চৰকাৰে দূৰ্নীতিক পশ্ৰয় নিদিয়ে, কোনো দূৰ্নীতি অসমত নাই। কিন্তু এতিয়া নতুন চৰকাৰে যেনেধৰনে দূৰ্নীতিৰ বিৰুদ্ধে আৰক্ষীক ব্যৱহাৰ কৰিছে তাৰ যোগেদি বৰ্তমান চৰকাৰখনে পূৰ্বৰ দূৰ্নীতি খিনি উন্মোচন কৰি আছে। সেই কথাটোৱে প্ৰমাণিত হৈছে। তেওলোকক যিহেতু আমি এতিয়া কৈছে যে, আপোনালোকৰ পূৰ্বৰ চৰকাৰৰ দিনতে বহুখিনি খাম-খিয়ালী, দূৰ্নীতি হৈছিল সেই বাবে আমাৰ কণ্ঠ ৰোধ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে বিৰোধী কোনো থাকিব নালাগে, ৫ বছৰত বিৰোধীৰ কোনো প্ৰয়োজন নাই, এনে ধৰনৰ তুলনা মন্তব্য আগবঢ়াইছিল। অসমক ভাৰত বৰ্ষৰ ৫ খন শীৰ্ষ ৰাজ্যৰ ভিতৰত এখন কৰিম বুলি প্ৰধানমন্ত্ৰীয়ে ঘোষনা কৰিছিল। অনূৰূপ ধৰনে এই কথাটো অসম বিধান সভাত পূৰ্বৰ মুখ্যমন্ত্ৰী, সেই সময়ৰ বিত্তমন্ত্ৰী আৰু বৰ্তনাৰ মুখ্যমন্ত্ৰীয়েও বহুবাৰ আওৰাইছে। কিন্তু শেহতীয়াকৈ নীতি আয়োগৰ তথ্যই তেখেত সকলে যে অসমৰ ৰাইজক এটা আভূৱা ভাৰি আছিল সেই কথা স্পষ্ট হ’ল। শিক্ষা, স্বাস্থ্য আৰু সমাজ কল্যাণৰ দৰে তিনিটা গুৰুত্বপূৰ্ণ বিভাগৰ ক্ষেত্ৰত অসম ভাৰতৰ ভিতৰত তলৰ পিনৰ পৰা প্ৰথম, দ্বিতীয় অথবা তৃতীয় স্থান পাইছে। ইয়াতকৈ আৰু দূৰ্ভাগ্যজনক কথা হ’ব নোৱাৰে। তেনেকৈ যোৱা সময়চোৱাত অসমত নাৰীৰ ওপৰত বিভিন্ন ধৰনৰ অত্যাচাৰ, নিৰ্যাতন চলি আছে। নেচনেল ক্ৰাইম ৰেকৰ্ডচ গুৰোৰ তথ্য অনুসৰি ভাৰত বৰ্ষৰ ভিতৰত নাৰী নিৰ্যাতনৰ ক্ষেত্ৰত কেতবোৰ শিতানত অসমে শীৰ্ষ স্থান দখল কৰিছে বুলি বিগত বিধান সভাত আমি বহুবাৰ প্ৰতিবাদ কৰিছিলো। এই ক্ষেত্ৰত চৰকাৰে  যিখিনি প্ৰতিশ্ৰুতি দিছিল আজিলৈ সেইখিনি প্ৰতিশ্ৰুতি পালন কৰিব পৰা নাই। এই নতুন চৰকাৰ অহাৰ পিছতো দৈনন্দিন নাৰীৰ ওপৰত নিৰ্যাতন অত্যাচাৰ চলি আছে। অসমত নতুনকৈ বিজেপি দলে বিদ্যুৎ উৎপাদন কৰিব পৰা নাই। আমাৰ চৰকাৰৰ দিনতে নামৰূপ থাৰ্মেল ৰিনিৱেল প্ৰকল্পৰ কাম আৰম্ভ কৰা হৈছিল। যোৱা সময়চোৱাত দুবাৰকৈ তাৰ উদ্ভোধনৰ বাবে প্ৰস্তুতি চলাই পিছত পিছুৱাব লগা হ’ল। এতিয়াও মুখ্যমন্ত্ৰী গৈছিল, কিন্তু তেখেতে উদ্ভোধক কৰিব পৰা নাই। মুখ্যন্ত্ৰীয়ে অসমত বিদ্যুৎ যোগানৰ ক্ষেত্ৰত গুজৰাট মডেল আৰম্ভ কৰাৰ কথা কৈছে, কিন্তু গুজৰাট মডেলৰ দ্বাৰা সাধাৰন লোক উপকৃত নহয় বিদ্যুৎ কোম্পানীয়ে লাভাম্নিত হয়। মই মুখ্যমন্ত্ৰীৰ প্ৰতি আহ্বান জনাও যাতে অসমত ক্ৰমশ-৪দিল্লীৰ মডেল প্ৰচলন কৰে যাৰ দ্বাৰা ধনী-দূখীয়া সকলো গ্ৰাহকে ২০০ ইউনিট বিদ্যুৎ মাহিলী বিনামূলীয়াকৈ লাভ কৰে আৰু প্ৰতি ইউনিট বিদ্যুৎতৰ মূল্য কেৱল ৩ টকা।  ঠিক তেনেকৈ ছয় জনগোষ্ঠীক জনজাতীকৰণ, অসমৰ চাহ শ্ৰমিক সকলৰ মজুৰি দৈনিক ৩৫১ টকা কৰিম বুলি ৭ বছৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতিও যোৱা সময়চোৱাত ৰাইজৰ স্বাৰ্থত বিধান সভাত আমি বিভিন্ন মাধ্যমেৰে আঙুলিয়াই আহিছো। আমাৰ সকলোৰে শ্ৰদ্ধাৰ প্ৰয়াত বিজেপি নেতা তথা স্বানামধন্য প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেৰীয়ে গণতন্ত্ৰত বিৰোধী দল থাকিব লাগে, চৰকাৰ আৰু বিৰোধীৰ মাজত কোনো টিকততাপূৰ্ণ সম্পৰ্ক থাকিব নালেগে বুলি কৰা মন্তব্যক বিবেচনা কৰিবলৈ মই ড০ হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছো। যেতিয়া দেশৰ সংকত হয় তেতিয়া বিৰোধীয়ে শাসকপক্ষক সহায় কৰে। কিন্তু অন্য সময়ত বিৰোধীৰ যি দায়িত্ব সেই দায়িত্ব চৰকাৰখনক সস্বস্থ্য-সজাগ কৰি ৰখা আৰু সেই দায়িত্ব আমি অসমত আগন্তক সময়ত পালন কৰি যাবলৈ বাধ্য কৰিব। অটল বিহাৰী বাজপেয় ডাঙৰীয়াই যেতিয়া ভাৰতক প্ৰতিনিধিত্ব কৰি এসময়ত তেতিয়াৰ কংগ্ৰেছ চৰকাৰে বিৰোধী দলৰ নেতা হোৱা স্বত্তেও ৰাষ্ট্ৰ সংঘত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ অটল বিহাৰী বাজপেয় ডাঙৰীয়াক বাচনি কৰিছিল। তেতিয়া বিৰোধী পক্ষৰ গুৰুত্ব আৰু মৰ্যদাৰ কথা বুজা পোৱা গৈছিল। ভাৰতীয় জনতা পাৰ্টীৰ সদস্য হলেও তেখেতে সাম্প্ৰদায়িক নীতিৰ ৰাজনীতি যেন কোনো দলে নকৰে এই আহ্বান কৰি গৈছিল। আশা কৰো ভাৰতীয় জনতা পাৰ্টীয়ে বাজপেয় ডাঙৰীয়াৰ এই বক্তব্য মনত ৰাখিব। যি কি নহওক, অসমৰ উত্তৰপূৰ্বঞ্চলৰ বাকী ৰাজ্য সমূহৰ লগত থকা সীমা সমস্যা সমাধান কৰি অসমৰ ভূমিত অধিকাৰ সাব্যস্ত কৰা, ক’ভিডৰ পৰা ৰাজ্যখনক ৰক্ষা কৰা, বান আৰু গড়াখহনীয়াৰ ফলত হোৱা সমস্যা ৰাজিৰ সমাধান, ভূমিহীন সকলৰ বাবে ভূমি আৰু গৃহৰ ব্যৱস্থা কৰা, ঋণগ্ৰস্ত মহিলা সকলক ঋণৰ পৰা উদ্ধাৰ কৰা লগতে বিভিন্ন গঠন মূলক কামত আমি আমাৰ সহযোগীতা শাসকীয় দলক আগবঢ়াবলৈ প্ৰস্তুত বুলি স্পষ্ট কৰি কৰি দিয়ে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ।  

ডিমৌত ৰাষ্ট্ৰীয় হেণ্ডবল খেলুৱৈৰ দুৰৱস্হা : ডিঙিত মেডেল পিন্ধি পাচলি বেপাৰ কৰি পৰিয়াল পোহপাল

অসমৰ গৌৰৱ ডিমৌ হেণ্ডবল ক্লাৱৰ এজন ৰাষ্ট্ৰীয় খেলুৱৈৰ দুৰৱস্হা। সুদীৰ্ঘ সময় হেণ্ডবল খেলত সময় দি ৰাজ্যৰ লগতে জিলালৈ গৌৰৱ কঢ়িয়াই অনা ৰাষ্ট্ৰীয় হেণ্ডবল খেলুৱৈ তথা ডিমৌ হেণ্ডবল ক্লাৱৰ সদস্য কৈলাশ চাওৰাৰ এতিয়া পৰিয়ালৰ লগতে নিজৰেই চলিবলৈ হাহাকাৰ লাগিছে। কোভিড অতিমাৰীৰ বাবে চলি থকা মিনি লক ডাউনৰ প্ৰভাৱৰ বাবেই যেন পদপথত অাহিবলগা হৈছে ৰাষ্ট্ৰীয় খেলুৱৈজন । ডিঙিত মেডেল তথা পদক পিন্ধি  বিক্ৰি কৰিছে বিভিন্ন শাক পাচলি। কেৱল পৰিয়াল চলোৱাৰ তাড়নাতে এইজন ৰাষ্ট্ৰীয় হেণ্ডবল খেলুৱৈ কৈলাশ চাওৰাই বাছি লৈ শাক পাচলি বিক্ৰি কৰিবৰ বাবে। পুৱাৰে পৰা দিনৰ বাৰ বজালৈকে প্ৰতিদিনাই  কোভিড প্ৰটকল মানি পাচলি বিক্ৰি কৰিছে। ডিমৌ কলিয়াপানী গাওঁৰ নিবাসী ৰাষ্ট্ৰীয় খেলুৱৈ কৈলাশ চাওৰাৰ এই কৰ্মত ৰাইজে সহাঁৰি জনোৱাৰ লগতে এনেদৰে ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ নাম অক্ষুন্ন ৰাখিবলৈ সক্ষম হোৱা খেলুৱৈ সকলক সংস্থাপন দিবলৈ চৰকাৰক আহ্বান জনোৱাৰ লগতে এই সকল দৰিদ্ৰ পৰিয়ালৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈক অসম চৰকাৰৰ এক লাখ নিযুক্তিত অন্তৰ্ভুক্ত কৰিবলৈ ডিমৌবাসীয়ে আহ্বান জনাইছে।

পুণৰ অসুস্থ হৈ পৰিছে নটসূৰ্য্য ফণী শৰ্মা বঁটাপ্ৰাপক জামুগুৰিহাটৰ শিল্পী ভোলা কটকী : আশু আৰোগ্য কামনা দল সংগঠণৰ

পুণৰ শাৰিৰীক অসুস্থতাত ভুগিছে জামুগুৰিহাটৰ প্ৰবীন চলচিত্ৰ অভিনেতা তথা নটসূৰ্য্য ফণী শৰ্মা বটাপ্ৰাপক ভোলা কটকী৷উচ্চ ৰক্তচাপজনীত ৰোগত আক্ৰান্ত প্ৰবীন নাট্যকৰ্মীগৰাকী বৰ্তমান টুমুকিস্থিত তেজপুৰ মেডিকেল কলেজত ভৰ্তি হৈ আছে৷কালি নিশা প্ৰায় ১০ বজাত সংগীয়া মাজৰ চুক গাঁৱৰ নিজা বাসভৱণত নিশাৰ আহাৰ গ্ৰহণ কৰি থকা অৱস্থাতেই শিল্পীগৰাকী গুৰুতৰভাৱে অসুস্থ হৈ সংজ্ঞাহীন হৈ পৰে আৰু ততাতৈয়াকৈ পৰিয়ালৰ লোকে এম্বুলেঞ্চ সেৱাৰ জৰিয়তে ধলাইবিলস্থিত উত্তৰ জামুগুৰি ৩০ খন বিচনাযুক্ত চিকিৎসালয়ত ভৰ্তি কৰাই যদিও শিল্পীগৰাকীৰ গুৰুতৰ অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি চিকিৎসকে উন্নত চিকিৎসাৰ বাবে  তেজপুৰ মেডিকেল কলেজলৈ নিয়াৰ পৰামৰ্শ আগবঢ়ায়৷নিশাই পৰিয়ালৰ লোকে তেজপুৰ মেডিকেল কলেজত ভৰ্তি কৰাই যদিও শিল্পীগৰাকীৰ স্বাস্থ্য তথা চিকিৎসাৰ প্ৰতি লক্ষ্য ৰাখি চিকিৎসকে আজি শিল্পী ভোলা কটকীক আইচিইউত ভৰ্তি কৰাইছে বুলি জানিব পৰা গৈছে৷পৰিয়ালৰপৰা জানিব পৰামতে মগজুৰ তিনিটা স্থানত মৃদু ৰক্তক্ষৰণ হোৱাৰ বাবেই শিল্পীগৰাকীক আইচিইউত ভৰ্তি কৰিবলগীয়া হৈছে৷জ্যোতি-বিষ্ণু-ফণী শৰ্মা-শোণিতকোঁৱৰ গজেণ বৰুৱা-ড° ভূপেন হাজৰিকাৰ সান্মিধ্যৰে নিজৰ অভিনয় জীৱণ আগবঢ়াই নিয়াত অপৰিসীম প্ৰেৰণা লাভ কৰা ভোলা কটকীয়ে প্ৰতিক্ৰীয়া,বিভ্ৰাট,দস্যুৰাণী পুতলীবাই,স্বপ্নভংগ,শৰাইঘাটকে ধৰি ১৫০ খনৰো অধিক নাটকত অভিনয় কৰাৰ লগতে অনিৰ্বাণ,সাদৰি,ৰাজা,উব্বৰ্শী,জ্বলাঞ্জলীকে ধৰি ৫ খন চলচিত্ৰত আৰু ৬ খনকৈ ধাৰাবাহিকত অভিনয় কৰি ৰাইজৰ বিপুল সমাদৰ লাভ কৰিবলৈও সক্ষম হৈছিল৷আজীৱন সুন্দৰৰ সাধনাত ব্ৰতি শিল্পীগৰাকীৰ শীঘ্ৰে আশুআৰোগ্য কামনা কৰিছে বিভিন্ন দল সংগঠনে৷