Home Blog Page 2975

ভূৰাগাঁৱত কোভিড -১৯ ক লৈ প্ৰশাসনৰ ল’ৰা ধেমালি ,কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰা গাঁৱৰ পৰা একেদিনাই অৱৰোধৰ বাঁহ আঁতৰাই মুকলি কৰি দিলে পথ

যি সময়ত ক’ৰ’না মহামাৰীয়ে সৰ্বত্ৰে হাহাকাৰ সৃষ্টি কৰিছে ,তেনে সময়ত মৰিগাঁও জিলা প্ৰশাসনে ল’ৰা ধেমালি কৰা পৰিলক্ষিত হৈছে।এই ঘটনা সংঘটিত হৈছে জিলাখনৰ ভূৰাগাঁৱত।উল্লেখযোগ্য যে ভূৰাগাঁও অঞ্চলৰ পোকালাগি গাঁওখনত যোৱা দুটা দিনত ১৮ গৰাকীকৈ লোক কোভিডত আক্ৰান্ত হৈছিল।পাছত জিলা প্ৰশাসনে কালি গাঁওখন কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰে।ইয়াৰ পাছতে কালি সন্ধিয়াই গাঁওখনলৈ যাতায়ত কৰা পথ সমূহত প্ৰশাসনে বাঁহ বান্ধি সকলো যাতায়ত বন্ধ কৰি দিয়াৰ লগতে উক্ত বন্ধ পথ সমূহত পহৰাৰ বাবে আৰক্ষী আৰু গৃহৰক্ষী জোৱানো নিয়োগ কৰিছিল।আশ্চৰ্যকৰ বিষয় যে আজি উক্ত কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰা গাঁওখনৰে মূল পথত অৰ্থাৎ ভূৰাগাঁও – বাছনাঘাট সংযোগী পথৰ সোনডোবাৰ পৰা গাঁওখনলৈ প্ৰৱেশ পথত বান্ধি দিয়া বাঁহ আৰু পহৰাৰ দায়িত্বত থকা আৰক্ষী-গৃহৰক্ষীৰ জোৱান সকলকো হৰ্ঠাৎ আঁতৰাই পথটো মুকলি কৰি দিয়াত অঞ্চলবাসীৰ মাজত হুৱাদুৱা লাগে।গাঁওখনলৈ যোৱা মূল পথটো সম্পূৰ্ণৰূপে উন্মুক্ত কৰি তোলে আৰু কণ্টেইনমেণ্ট জ’নৰ বেনাৰখন পথটোৰ দাঁতিত থকা গছত আঁৰি থয়।জানিব পৰা মতে, বন্ধ কৰি ৰখা মূল পথটো স্থানীয় গাঁওবুঢ়া আৰু ৱাৰ্ড সদস্যই মিলি উঠাই দিছে।ফলত ইয়াকে লৈ অঞ্চলবাসীৰ মাজত আতংকই বিৰাজ কৰিছে।এতিয়া প্ৰশ্ন হয় কাৰ নিৰ্দেশত গাঁওবুঢ়া আৰু পঞ্চায়তৰ ৱাৰ্ড সদস্যই মুকলি কৰি দিলে বন্ধ থকা পথটো ?কি যুক্তিত কণ্টেইনমেণ্ট জ’নৰ অৱৰোধ কৰা পথটো মুকলি কৰি দিছিল ?অঞ্চলবাসীৰ জীৱনক লৈ জিলা প্ৰশাসনে ল’ৰা ধেমালি খেলিছে নেকি বুলি  বিভিন্ন জনৰ মাজত প্ৰশ্ন উত্থাপন হৈছে।

GMCHত চতুৰ্থ মহলাৰ পৰা জঁপিয়ালে কোভিড পজিটিভ ৰোগীয়ে, থিতাতে মৃত্যু

GMCHত অঘটন। চতুৰ্থ মহলাৰ পৰা জঁপিয়ালে এজন কোভিড পজিটিভ ৰোগীয়ে। থিতাতে মৃত্যু হয় কোভিড ৰোগীজনৰ। আত্মহত্যা কৰা লোকজনৰ নাম দীপক দাস, ঘৰ ছয়গাঁভৰ কুমাৰপাৰাত বুলি জানিব পৰা গৈছে। ৮ মে’ত লোকজনক গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। লোকজনৰ বয়স ৫০ বছৰ। মঙলবাৰে নিশা সংঘটিত হয় এই ঘটনা।

ৰাজ্যত ১৫ দিনৰ বাবে মিনি লকডাউন। ১ বজাত বন্ধ হ’ব লাগিব দোকান, ব্যৱসায়ীক প্ৰতিষ্ঠান। কাইলৈৰ পৰা হ’ব কাৰ্যকৰী।

ৰাজ্যত ১৫ দিনৰ বাবে মিনি লকডাউন। ১ বজাত বন্ধ হ’ব লাগিব দোকান-পোহাৰ, ব্যৱসায়ীক প্ৰতিষ্ঠান,দিনৰ ২ বজাৰ পৰা কাৰ্ফিউ ঘোষণা কাইলৈৰ পৰা কাৰ্যকৰী  হ’ব এই নিৰ্দেশ।

ৰাজ্যৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানে কৰিলে ঘোষণা।

গাঁৱৰ ব্যৱসায়ীয়ে ভংগ কৰিলে ক’ভিদ বিধি:পত্নী আৰু ভগ্নীৰ দেহত কভিড -১৯ৰ অৱস্থিতি ধৰাৰ পৰাৰ পাছতো দোকান খুলি ব্যৱসায়

সমগ্ৰ ৰাজ্য খনৰ লগতে নগাঁও চহৰতো ব্যাপক হাৰত কভিড-১৯ৰ সংক্ৰমণ ঘটাৰ মাজতে এক ভয়ংকৰ ঘটনাই নগাঁওবাসীক উদ্বিগ্ন কৰা পৰিলক্ষিত হৈছে। চৰকাৰ- প্ৰশাসনে সততে সজাগতা সৃষ্টিৰ অভিযানক ভেঙুচালি কৰি আজি নগাঁও চহৰৰ মাৰোৱাৰীপট্টিৰ পূৰ্বৰ খগেন ষ্টোৰ এতিয়া ৰোহিনী ষ্টোৰ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠান খনে চূড়ান্ত দ্বায়িত্বজ্ঞানহীনতাৰ পৰিচয় দাঙি ধৰাৰ অভিযোগ উত্থাপিত হৈছে। ব্যৱসায়িক প্ৰতিষ্ঠানটিৰ স্বত্বাধিকাৰী মুকুল ৰজকৰ পত্নী আৰু ভগ্নীৰ দেহত কভিড -১৯ৰ অৱস্থিতি ধৰাৰ পৰাৰ পাছত পৰিয়ালৰ সকলোকে আইশ্বলেশ্বনত থকাৰ লগতে হোম ক’ৱাৰেণ্টাইনত থাকিবলৈ স্বাস্থ্য বিভাগে পৰামৰ্শ দিয়ে। কিন্তু ধনৰ লোভত আজি পুৱাৰে পৰা প্ৰতিষ্ঠানখন খুলি ব্যৱসায় আৰম্ভ কৰে ব্যৱসায়ী জনে। চহৰখনৰ প্ৰতিষ্ঠিত ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ প্ৰায় সংখ্যক ৰাইজে সামগ্ৰী ক্ৰয় কৰে। স্ব- ইচ্ছাৰে মহামাৰীৰ গণসংক্ৰমণ ঘটাৰ সম্ভাৱনা থকাৰ পাছতো  ব্যৱসায় কৰাৰ উমান পাই স্বত্বাধিকাৰী গৰাকীৰ ওচৰত নগাঁৱৰ সাংবাদিক উপস্থিত হৈপ্ৰশ্ন কৰাত সমগ্ৰ গোপন ঘটনাটো পোহৰলৈ আহে আৰু লগে লগে দোকান বন্ধ কৰি পলায়ন কৰে। ইতিমধ্যে যিসকল লোকে আজি উক্ত দোকান খনলৈ আহিছিল তেওঁলোকে শীঘ্ৰেই কভিড টে’ষ্ট কৰিব লগা এটা পৰিস্থিতিৰ উদ্ভৱ হোৱাত ৰাইজে প্ৰশাসনক প্ৰতিষ্ঠান খনৰ বিৰুদ্ধে কাৰ্যব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰিছে।

নগাঁৱত ক্ষত- বিক্ষত অৱস্থাত যুৱকৰ মৃতদেহ উদ্ধাৰ

নগাঁও চহৰৰ গাতে লাগি থকা মধুপুৰ শিয়ালমাৰীৰ ৰে’ল গেটৰ ওচৰত আজি পুৱা এজন প্ৰায় ৪৪ বছৰীয়া যুৱকৰ ক্ষত- বিক্ষত মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। মৃতদেহ উদ্ধাৰ হোৱা যুৱকজন হ’ল মধুপুৰ কদমতলৰ সঞ্জীৱ বৰা। স্থানীয় সূত্ৰই জনোৱা মতে কালি সন্ধিয়া নিজৰ মটৰ চাইকেলেৰে ঘৰৰ পৰা ওলাই অহা সঞ্জীৱ বৰা বহু দেৰিলৈকে ঘৰলৈ ঘূৰি নোযোৱাত পৰিয়ালৰ লোকে বিচাৰ খোচাৰ কৰাৰ পিছত বিচাৰি নোপোৱাত নিশা প্ৰায় ১০ বজাত পৰিয়ালৰ লোকে নগাঁও সদৰ আৰক্ষী থানাত যুৱক জনৰ সন্ধানহীন হোৱা ঘটনাৰ বিষয়ে লিখিতভাৱে অবগত কৰে। আৰক্ষীয়ে নিশাই যুৱকজনৰ সন্ধানত অভিযান আৰম্ভ কৰে যদিও যুৱকজনৰ সন্ধান নাপালে। আজি পুৱা স্থানীয় একাংশ লোকে শিয়ালমাৰী ৰে’ল গেটৰ ওচৰত যুৱকজনৰ মৃতদেহ প্ৰত্যক্ষ কৰি আৰক্ষী আৰু পৰিয়ালৰ লোকক খবৰ দিয়ে। নগাঁও সদৰ থানাৰ আৰক্ষী ঘটনাস্থলিত উপস্থিত হৈ যুৱকজনক উদ্ধাৰ কৰাৰ লগতে মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। আৰক্ষীয়ে যুৱকজনৰ এ পি ২৮-৪৮৮৬ নম্বৰৰ বাইকখনো উদ্ধাৰ কৰে। জানিব পৰা মতে যুৱকজনে ইভেণ্ট মেনেজমেন্টৰ ঠিকা কৰে। মূলতঃ বিয়া বাৰুৰ ৰভাকে ধৰি খোৱা বোৱা আদিৰ কাম কৰি আহিছে। বিগত বৰ্ষতো তেওঁ এনে কামৰ ঠিকা পাইছিল যদিও বিগত বৰ্ষত হোৱা ক’ভিডজনিত পৰিস্থিতিৰ বাবে লোকচানৰ সন্মুখীন হৈছিল। এইবাৰো বহু কেইটা এনে কামৰ ঠিকা লাভ কৰিছিল যদিও সম্প্ৰতি ক’ভিডে সৃষ্টি কৰা পৰিস্থিতিৰ বাবে  বিবাহ আদি কাম কাজত প্ৰতিবন্ধকতাৰ সৃষ্টি হয়। ফলত যুৱকজন মানসিকভাবে ভাঙি পৰা বুলি জানিব পৰা গৈছে। এনে পৰিস্থিতিৰ মাজতে আজি যুৱকজনৰ মৃতদেহ ৰে’ল লাইন দাঁতিত উদ্ধাৰ হোৱা কাৰ্যই কেইবাটাও বিষয়ৰ ইংগিত দিছে। আৰক্ষীয়ে জনোৱা মতে যুৱক জনৰ মূৰত আঘাটৰ চিন স্পষ্টভাৱে আছে। আন এক সূত্ৰই জনোৱা মতে কালি সন্ধিয়া গুৱাহাটী শিলঘাট অভিমুখী যাত্ৰীবাহী ৰে’লে খুন্দা মৰাৰ ফলত যুৱকজনে মৃত্যুক সাৱটি ল’ব লগা হয়। কি পৰিস্থিতিত যুৱকজনক ৰে’লখনে খুন্দা মাৰিব লগা হ’ল সেয়া জানিব পৰা হোৱা নাই। অবশ্যে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনতহে যুৱকজনৰ এনে মৃত্যুৰ কাৰণ পৰিষ্কাৰ হ’ব বুলি আৰক্ষী সূত্ৰই জানিব দিয়ে। মৃত্যুৰ সময়ত যুৱকজনে পত্নী, দুই পুত্ৰ, পিতৃ- মাতৃ সহ বহু আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ গৈছে। যুৱকজনৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে।

বাঘবৰৰ আলি গাঁৱত ভয়ংকৰ অগ্নিকাণ্ড

কভিড দুৰ্যোগৰ ভয়াবহতাৰ মাজতেই আলি গাঁৱত সোমবাৰে ৰাতি ১১ মান বজাত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। জানিব পৰা মতে বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ অন্তৰ্গত আলি গাওঁ এন চি ৰ আৰফান আলীৰ ঘৰত হঠাৎ জুই  লাগি চাৰিটাকৈ বাসগৃহ নিমিষতে পুৰি ছাই হৈ যায়। এই অগ্নিকাণ্ডত নগদ ধনৰ লগত ধান, চাউল, বাদাম, পহুধনৰ লগতে গুৰুত্বপূৰ্ণ নথি পত্ৰ সম্পূৰ্ণৰূপে জুইত জাহ যায়। ৰন্ধা ঘৰৰ পৰাই এই জুইৰ সুত্ৰপাত হৈছে বুলি পৰিয়ালৰ লোকে সন্দেহ কৰিছে। এই অগ্নিকাণ্ডত পৰিয়ালটোৰ প্ৰায় তিনি লক্ষাধিক টকাৰ সা-সম্পদ জুইত জাহ যায়।

বহিঃৰাজ্যত নিৰুদ্দেশ বোকাখাতৰ যুৱক

বহিঃৰাজ্যত এজন যুৱক বহিঃৰাজ্যত নিৰুদ্দেশ হোৱাৰ খবৰ দুঃচিন্তাৰ বিষয় হৈ পৰিছে বোকাখাতত। যুৱক জনৰ নাম মঞ্জিত শৰ্মা। বোকাখাত সেউজীপাৰাৰ নিৱাসী মঞ্জিত শৰ্মাই বিগত জানুৱাৰী মাহত বোকাখাতৰ পৰা কৰ্ম সংস্থাপনৰ বাবে বাংগালুৰলৈ গৈছিল। বিগত জানুৱাৰী মাহৰ প্ৰথম সপ্তাহৰ পৰা বাংগালুৰৰ ডাবাস্কেট, নিৰবান্দা সম্পুৰাত ” বিগবেগ প্লাষ্টিক কোম্পানী”ত চিকিউটি গাৰ্ড হিচাপে কাম কৰি আছিল মঞ্জিতে। বিগত ১৬ মাৰ্চ তাৰিখে মঞ্জিতে ঘৰলৈ ফোন কৰিছিল আৰু তাৰ পাছৰে পৰা ঘৰৰ লগত কোনো যোগাযোগ হোৱা নাই। পৰিয়ালৰ লোকে উক্ত কোম্পানীত কৰ্মৰত সতীৰ্থ সকলৰ লগত যোগাযোগ কৰি জানিব পাৰিলে যে মাৰ্চ মাহৰ ১৮ তাৰিখে বিগবেগ কোম্পানীৰ পৰা মঞ্জিতে কামৰ পৰা অৱ্যাহতি লৈ কৰবালৈ গুচিগৈছে। তাৰ পাছৰে পৰা পৰিয়ালৰ লোকে মঞ্জিতৰ কোনো সন্ধান পোৱা নাই। অৱশেষত যোৱা ১ মে’ তাৰিখে পৰিয়ালৰ লোকে বোকাখাত থানত মঞ্জিত শৰ্মাৰ নিৰুদেশ সন্দৰ্ভত এক এজাহাৰ দাখিল কৰিছে।

কোকিলাবাৰী ফাৰ্মক বিশ্ব ঐতিহ্যক্ষেত্ৰ ৰূপে গঢ় দিব ইউপিপিএলে,চাপাগুৰি সমষ্টিত নিৰ্মাণ কৰিব ইঞ্জিনিয়াৰিং কলেজ, পকীকৰণ হ’ব সকলো পথ

 স্বাধীনতাৰ ৭৪ বছৰৰ পিছত প্ৰথমবাৰৰ বাবে বাক্সা জিলাৰ ৬৩ নং চাপাগুৰি বিধানসভা সমষ্টিৰ পৰা বিজয়ী হৈ উৰ্খাও গৌৰা ব্ৰহ্মই মন্ত্ৰিত্ব লাভ কৰাৰ পিছত মন্ত্ৰী ব্ৰহ্মক অভিনন্দন জনাই নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিটিচিৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই। আজি মুছলপুৰত সাংবাদিকৰ আগত তেখেতে কয় যে নিৰ্বাচনৰ পূৰ্বে চাপাগুৰি সমষ্টিৰ মিত্ৰ দলৰ বিজয়ী প্ৰাৰ্থী জনক মন্ত্ৰিত্ব দিয়া হ’ব বুলি নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি দিছিল। দলীয় বিধায়ক ইউজি ব্ৰহ্মক মন্ত্ৰিত্ব দি নিজৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰাৰ বাবে ড° শৰ্মাক চাপাগুৰি সমষ্টিবাসীৰ হৈ ধন্যবাদ দিয়াৰ লগতে আগন্তুক পাঁচ বছৰৰ ভিতৰত সমষ্টিটোত এখন ইঞ্জিনিয়াৰিং কলেজ স্থাপন, ডুমুনী চাহ বাগান সংযোগী সকলো পথ আৰু চাপাগুৰি সমষ্টিৰ বাকী থকা অন্যান্য পথসমূহ পকীকৰণ কৰা হ’ব বুলি উল্লেখ কৰে। লগতে সমষ্টিটোত থকা কোকিলাবাৰী ফাৰ্মক বিশ্ব ঐতিহ্যক্ষেত্ৰ ৰূপে গঢ় দিয়াৰ ক্ষেত্ৰতো ইউপিপিএল দলৰ কাৰ্যবাহী সদস্য গৰাকীয়ে চাপাগুৰি সমষ্টিবাসীৰ হৈ এক পৰিকল্পনা যুগুত কৰা বুলি মন্তব্য কৰে ৷ আনহাতে সমষ্টিটোত দেখা দিয়া নিৱনুৱা সমস্যাৰ ভয়াৱহতাৰ প্ৰসংগত তেখেতে নৱনিযুক্ত মন্ত্ৰী ইউজি ব্ৰহ্মক সহায়-সহযোগ কৰাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আছে বুলি কৈ এইক্ষেত্ৰত কাৰ্যবাহী সদস্য গৰাকীয়েও আগভাগ ল’ব বুলি জনায়।  ইফালে প্ৰথম অৱস্থাত উৰ্খাও গৌৰা ব্ৰহ্মক চাপাগুৰি সমষ্টিত প্ৰাৰ্থিত্ব দিয়াত একাংশই আপত্তি দৰ্শাইছিল বুলি মন্তব্য কৰি ইএম ব্ৰহ্মই উৰ্খাও গৌৰা ব্ৰহ্মৰ দৰে এগৰাকী নিকা ভাৱমূৰ্তিৰ লোকক আজি সমষ্টিবাসীয়ে মন্ত্ৰী হিচাপে পাই গৌৰৱান্বিত হোৱা বুলিও মন্তব্য কৰে।

পত্নী-পুত্ৰসহ আলফা স্বাধীনৰ সদস্যই কৰিলে আত্মসমপৰ্ণ

 পুনৰ আলফা স্বাধীনত মোক্ষম আঘাট। পত্নী-পুত্ৰসহ আত্মসমৰ্পণ কৰিলে আলফা স্বাধীনৰ সদস্যই। নগালেণ্ডৰ মন জিলাৰ ম্যানমাৰ সীমান্তত থকা ২৮ নং অসম ৰাইফলচৰ শিবিৰত আত্মসমৰ্পণ। আত্মসমপৰ্ণকাৰী আলফা স্বাধীনৰ সদস্য জনৰ নাম শোণিত চুতীয়া বুলি জানিব পৰা গৈছে। নিষিদ্ধ ঘোষিত সংগঠনটোৰ চাৰ্জেণ্ট মেজৰ হিচাপে নিয়োজিত সদস্যগৰাকীয়ে পত্নী সংগীতা সোণোৱাল আৰু পুত্ৰ অক্লান্ত চুতীয়া সহ আত্মসমৰ্পণ কৰে। তথ্য অনুসৰি কুইপ’ৰ দুই বিষয়াক অপহৰণ কাণ্ডৰ লগতো জড়িত আছিল শোণিত চুতীয়া। আলফা স্বাধীনৰ শিবিৰত তীব্ৰ খাদ্য সংকট আৰু আৰ্থিক অনাটনৰ সন্মুখীন হোৱাৰ লগতে সন্তানৰ শৈক্ষিক ভৱিষ্যত সুৰক্ষিত কৰাৰ বাবেই আত্মসমৰ্পণ কৰা বুলি জানিব পৰা গৈছে।

বিধায়ক পদ্ম হাজৰিকাক মন্ত্ৰীত্ব নিদিয়াক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ চতিয়াবাসীৰ

 কৰ্মৰথী,চতিয়া ৰত্ন পদ্ম হাজৰিকাৰ দৰে এগৰাকী দক্ষ বিধায়কক অসম মন্ত্ৰী সভাত স্থান নিদিয়া কাৰ্যত ক্ষুব্দ্ধ হৈ পৰিছে চতিয়াবাসী ৰাইজ। পাঁ‌চ বাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হোৱা তথা এগৰাকী অক্লান্ত সেনানী পদ্ম হাজৰিকাক মন্ত্ৰী সভাত স্থান দিব বুলি অধিৰ আগ্ৰহৰে বাট চাই ৰোৱা চতিয়াবাসীৰ লগতে অসমৰ বৌদ্ধিক সমাজক অশাহত কৰিলে ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বধীন নতুন চৰকাৰখনে। বিদায়ী মূখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱালে হাজৰিকাৰ নেতৃত্বত চতিয়াত গঢ় লৈ উঠা কন্যকা কৃষি পাইলট প্ৰজেক্ট হিচাপে ঘোষণা কৰাই নহয় ৰাজ্যৰ কৃষি ক্ষেত্ৰলৈ অনবদ্য আদৰ্শ দেখুৱাবলৈ সক্ষম হোৱা বিধায়ক গৰাকীক অসমৰ ৰাইজে বিচাৰিছিল মন্ত্ৰী সভাত। যাতে তেওঁ চতিয়াত আৰম্ভ কৰা কৃষি বিপ্লৱ অসমৰ চুকে-কুণে সম্প্ৰচাৰিত হৈ পথাৰ আৰু বজাৰ দখল কৰাৰ লগতে ৰাজ্যৰ নিবনুৱা সমস্যা দূৰীকৰণৰ ক্ষেত্ৰত বিশেষ ভূমিকা লব পাৰে। উল্লেখ্য যে চতিয়া সমষ্টিৰ এইজন কৰ্মদক্ষ বিধায়কে মাত্ৰ পাঁ‌চটা বছৰতে নিজৰ উদ্ভাৱনিয়াতাৰে অনন্য হিচাপে গঢ় দিয়াৰ লগতে বিশেষকৈ নিবনুৱা সমস্যা সামাধানত বিশেষ পাৰদৰ্শিতা দেখুওৱলৈ সক্ষম হৈছে। এনে এজন বিধায়কক মন্ত্ৰীত্বৰ জৰিয়তে চতিয়াৰ দৰে ৰাজ্যখনক আগুৱাই নিয়াৰ সুযোগ দিয়াৰ স্বাৰ্থত অসম মন্ত্ৰী সভাত স্থান দিয়াটো অত্যন্ত প্ৰয়োজন আছিল যদিও,কাৰ্যক্ষেত্ৰত ৰাজনৈতিক মেৰপাকত হাজৰিকাক সেই সুযোগ দিয়া নহল। যাৰ বাবে বিশেষকৈ চতিয়া সমষ্টিৰ দল-মত নিৰ্বিশেষে জ্বলিছে ক্ষুবৰ জুই। ইপিনে শোণিতপুৰ জিলাক প্ৰতিনিধিত্ব দিবলৈ গৈ ঢেকিয়াজুলি সমষ্টিৰ বিধায়ক অশোক সিংঘালক কেবিনেট মন্ত্ৰী প্ৰদান কৰিছে। উল্লেখ্য যে যোৱাটো নিৰ্বাচনত লক্ষীমপুৰৰ পৰা নিৰ্বাচনী প্ৰচাৰৰ কৰি আহি উপস্থিত হোৱা চতিয়াত মাজ নিশালৈকে অপেক্ষাৰত দলীয় নেতা-কৰ্মীক ড° হিমন্ত বিশ্ব শৰ্মাই কথা দিছিল ‘এই বাৰ চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাক ৰাইজে নতুন ৰূপত দেখা পাব’। পদ্ম হাজৰিকাক এক প্ৰকাৰৰ মন্ত্ৰীত্বৰ ইংগিত দিছিল ড° শৰ্মাই। কিন্তু পদ্ম হাজৰিকাক নতুন ৰূপত দেখাৰ আশাত থকা চতিয়াবাসী ৰাইজক হতাশ কৰিলে নতুন মূখ্যমন্ত্ৰীয়ে। দুই মে’ৰ নিৰ্বাচনী ফলাফলৰ পাছতে বিধায়ক গৰাকীক মন্ত্ৰীত্ব প্ৰদানৰ বাবে সমষ্টিবাসীয়ে আহবান জনাই অহিছিল আৰু পদ্ম হাজৰিকাক কেবিনেট মন্ত্ৰী দিয়াটো নিশ্চিত আছিল,কিন্তু সদ্য গঠিত অসম মন্ত্ৰীসভাত পদ্ম হাজৰিকাৰ নাম অন্তৰ্ভূক্ত নোহোৱাত ৰাইজৰ মাজত এক প্ৰকাৰৰ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। আনকি সামাজিক মাধ্যমতো হাজৰিকাই মন্ত্ৰীসভাত স্থান লাভ নকৰাত হাজাৰ হাজাৰলোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা পৰিলক্ষিত হৈছে। সামাজিক মাধ্যমত পদ্ম হাজৰিকাক মন্ত্ৰীত্বৰ দাবীৰে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা জনোৱা দাবীক নস্যাত কৰি উত্তৰ পাৰৰ পৰা ঢেঁকীয়াজুলিৰ বিধায়ক অশোক সিংঘালক মন্ত্ৰীৰূপে স্থান দিয়ে। 

ReplyForward