Breaking

অৱশেষত মৃত্যুক সাবটি ল’লে হস্তী বন্ধু হিচাপে খ্যাত মন্দিৰৰ পূজাৰীয়ে।

0 563

যোৱা ওঠৰ জুনৰ পুৱা হোজাইৰ থেপ্লাগুৰিৰ ডাঙৰীয়া বাবাৰ আশ্ৰমৰ বৃদ্ধসাধুক হত্যাৰ চেষ্টা কৰিছিল এজন স্থানীয় এজন যুৱকে। আশ্ৰমৰ বৃদ্ধ সাধু ৰামকৃষ্ণ চৌহানক স্থানীয় যুৱক দিনৰাজ হাছামফুৰাই উপৰ্যুপৰি কোৰেৰে আক্ৰমণ কৰাত অতি শংকত জনক ভাৱে আহত হৈছিল।
পৰৱৰ্ত্তী সময়ত স্থানীয় লোকে ততাতৈয়াকৈ হোজাই চিকিৎসালয়লৈ লৈ যায় যদিও উন্নত চিকিৎসাৰ বাবে গুৱাহাটৰ জি এম চি এইচ লৈ প্ৰেৰণ কৰে।

হোজাইৰ কোমোৰাকটা অঞ্চলৰ যুৱক দিনৰাজ হাছামফুৰা নামৰ যুৱকজনে দুবাৰকৈ কোৰেৰে সাধু জনক মূৰত আঘাত কৰাত সাধুজন অতি সংকতজনক ভাবে আহত হোৱাত গুৱাহাটীত চিকিৎসাধীন অৱস্থাত নিশা মৃত্যু হয় মন্দিৰৰ বৃদ্ধ পূজাৰী জনৰ। সম্প্ৰতি আক্ৰমণকাৰী দিনৰাজক আটক কৰি জেললৈ প্ৰেৰণ কৰিছে।

যি সময়ত ৰাজ্যত নিতৌ হস্তী-মানুহৰ সংঘাটৰ খবৰ আহিয়েই থাকে তেনে সময়ত মন্দিৰৰ কাষত বন্য হস্তীক নিয়মিত ভাৱে খাদ্য যোগান ধৰি হস্তী বন্ধু হিচাপে খ্যাত হৈ পৰিছিল অঞ্চলটোত। পয়সত্তৰ বছৰৰ উৰ্ধৰ এই পূজাৰী জনৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰে।

Leave A Reply