Breaking

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্যৰ প্ৰতিক্ৰিয়া বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ

0 2,031

যোৱা কালি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই  এটা মন্তব্য আগবঢ়াইছে যে, ‘৫ বছৰে বিৰোধী পক্ষত থাকি বিধায়কে কি কৰিব আৰু সেইবাবে সকলোৱে শাসকীয় পক্ষত থাকি কাম কৰক। …..’, শাসকীয় দল ভাৰতীয় জনতা পাৰ্টী অসমত থাকিব গতিকে বিৰোধী বিধায়কৰ কোনো কাম নাই আৰু সকলোৱে বিৰোধী দল ত্যাগ কৰি শাসকীয় দলত যোগদান কৰিব লাগে। এনে ধৰনৰ মন্তব্য দিয়াটো মুখ্যমন্ত্ৰীৰ ভাৰতীয় গনতন্ত্ৰী, ভাৰতীয় সংবিধানৰ প্ৰতি যে  নূন্যতম আস্থাও নাই এই কথাই প্ৰতিয়মান কৰিছে।  অসম বিধান সভাৰ বিৰোধী দলৰ এজন বিধায়ক তথা বিৰোধী দলৰ দলপতি হিচাপে এই মন্তব্য  নস্যাৎ কৰি দেৱব্ৰত শইকীয়াই সংবাদ মাধ্যমলৈ দিয়া এক বিবৃটিত কয় যে ,  আমাৰ সংবিধানত বিৰোধীৰ ভূমিকা স্পষ্টভাৱে উল্লেখ আছে আৰু সেই ভূমিকা লোৱাত কংগ্ৰেছ দলে বিৰোধী পক্ষ্যক পূৰ্বৰে পৰা সহযোগীতা সহযোগীতা কৰি আহিছে। ভাৰত বৰ্ষত জনসংঘ আৰু পিছত ভাৰতীয় জনতা পাৰ্টীয়ে এটা সময়ত সংসদত এটা-দুটা আসনৰ পৰা গৈ আজি ভাৰত বৰ্ষত শাসন কৰিব পাৰিছে। মাজতে ১৩০ জন আৰু কেতিয়াবা তাতকৈ কম আৰু কেতিয়াবা বেছি আসন পাইছিল। ৩৭ শতাংশ ভোট সৰ্বভাৰতীয় হিচাপে পোৱাৰ পিছত কিন্তু সংসদত ৩০০ তকৈ অধিক সাংসদ লৈ আজি কেন্দ্ৰত চৰকাৰ গঠন কৰিব পাৰিছে। এইখিনি কংগ্ৰেছ দলে গণতান্ত্ৰিক পৰম্পৰা, গণতন্ত্ৰক ধৰি নৰখা হলে এইখিনি কথা কবলৈ ভাৰতীয় জনতা পাৰৰ্টীৰ কোনো অস্থিত্বয়ে নাথাকিল হয় ভাৰত বৰ্ষত। গতিকে এনে ধৰনৰ মন্তব্য কৰি বিৰোধীক সমালোচনা কৰাটো উচিত নহয়। আমাৰ দেশৰ গণতান্ত্ৰিক প্ৰমূল্যক ভাৰতীয় জনতাপাৰ্টীয়ে যেনেধৰনে ধ্বংস কৰিব বিচাৰিছে, সেইখিনি বিৰুদ্ধে কংগ্ৰেছ দলে অহৰ্নিশে যুদ্ধ দি আহিছে। কংগ্ৰেছ দলে বিধান সভাৰ ভিতৰত হওক, বিধান সভাৰ বাহিৰত হওক এই কামখিনি কৰি আহিছো। বিৰোধীৰ মূল ভূমিকা চৰকাৰক গঠনমূলক সমালোচনা কৰা আৰু চৰকাৰে একক ভাবে যিকোনো ধৰনৰ জনস্বাৰ্থ বিৰোধী কাম কৰিলে তাৰ প্ৰতিবাদ কৰা, জনগনৰ অধিকাৰ আৰু স্বাধীনতাক ৰক্ষা কৰা তথা ৰাইজৰ যি মতামত সেইখিনিও চৰকাৰৰ ওচৰত পঠাই প্ৰকাশ কৰে। এই কামখিনি বিগত সময়চোৱাত অসমত কংগ্ৰেছ দলে কৰি আহিছো, ইয়াৰ বহু উদাহৰণ আছে। ব্ৰহ্মপুত্ৰ উপনৈ খনন কৰি বান নিয়ন্ত্ৰণ কৰিম বুলি আমাৰ অসমৰ ৰাইজক বিজেপি দল তথা চৰকাৰে প্ৰতিশ্ৰুতি দিছিল। এই প্ৰতিশ্ৰুতি আজি সাত বছৰ সময় হৈ গ’ল ইয়াৰ কিন্তু কোনো কাম কৰা হোৱা নাই এই কথাও আমি সদনত বাহিৰে–ভিতৰে যোৱা সময়চোৱাত আঙুলিয়াই আনিছো। অনুৰূপ ধৰনে অসম চুক্তি আখৰে আখৰে তথা আত্মা সৰহিতে ৰূপায়ন কৰিম বুলি তেখেত সকলে ভিজনডকুমেণ্টত তিনিটাকৈ পৃষ্ঠাত তেওলোকে উল্লেখ কৰিছিল। কিন্তু ‘কা’ আনি যেতিয়া অসম চুক্তিৰ আত্মাক আঘাত দিব বিচাৰিছিল তেতিয়াও আমি সযোৰে প্ৰতিবাদ কৰিছো। ২০১৯ চনতে অসমত মাইক্ৰ’ফাইনেক্সয়ে কৰা বিভিচাৰৰ বিষয়ে বিধান সভাত প্ৰসংগ উত্থাপন কৰিছিলো আৰু এতিয়া চৰকাৰে এই মাইক্ৰ’ফাইনেক্সৰ ঋণ সম্পূৰ্ণ ৰূপে ৰেহাই দিম বুলি কোৱাৰ পিছত বিভিন্ন অচিলা লৈ ইয়াৰ এটা মাত্ৰ নিৰ্বাচনৰ পূৰ্বৰ ৰাজনৈতিক ইছু বুলি কৰা ঘোষনা বুলি প্ৰতিবাদ কৰি আহিছো। কাৰণ মুখ্যমন্ত্ৰীয়ে বিধান সভাত সকলো ঋণ ৰেহাই দিয়া হ’ব বুলি অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দিছিল।ঠিক তেনেকৈ যোৱা সময়ত অসমৰ বানপানীৰ সমস্যাৰ স্থায়ী সমাধানৰ বাবে ভাৰতীয় জনতা পাৰ্টীয়ে ব্ৰহ্মপুত্ৰ নৈ আৰু উপনৈ সমূহক ক্ষনন আৰু দুয়ো পাৰে এক্সপ্ৰেছ হাৱে কৰিম বুলি দিয়া প্ৰতিশ্ৰুতিও যোৱা সময়চোৱাত আমি বিধান সভাত চৰকাৰক মনত পেলাইছো। অসমত অন্যতম এটা সমস্যা নিবনুৱা সমস্যা। এই নিবনুৱা সমস্যা যাতে সমাধান হয়, ইয়াত যাতে থলুৱাক বঞ্চিত কৰি  বাহিৰা লোকে কোনো ধৰনৰ সংস্থাপন নাপায় তাৰ বাবে যোৱা বিধান সভাৰ কাৰ্য্যকালত কেন্দ্ৰ চৰকাৰৰ প্ৰতিস্থান সমূহত, অসমৰ নিজা প্ৰতিস্থান হওক বা ব্যক্তিগত খণ্ডতে হওক যাতে ৮০ শতাংশতকৈ অধিক থলুৱা নিযুক্তি হয়। তাৰ বাবে এখন আইন অনাত আমি বিৰোধী পক্ষ্য সফল হৈছিলো। অনুপৰূপ ধৰনে আপোনালোকে যানে অসমৰ কিছু জিলাত উচ্চেদ অভিযান চলি  আছে। উচ্ছেদিত লোক সকল ভাৰতীয় লোক হোৱা স্বত্তেও পুণৰ সংস্থাপিত কৰা নহয়, যাৰ ফলত তেখেত সকলে উচ্ছেদিত অঢ্চলৰ পৰা অন্য এটা অঞ্চললৈ গতি কৰে। কোনো ধৰনৰ নিশ্চিত ধৰনৰ ব্যৱস্থা নহোৱাকৈ যাতে উচ্চেদ নকৰে তাৰ বাবে  সদনৰ বাহিৰে-ভিতৰে আমি কেইববাবাৰো দাবী উত্থাপন কৰিছো। শেহতীয়াকৈ মুখ্যমন্ত্ৰীয়ে কৈছে যে, যি সকল ভূমিহীন লোক তেওলোকক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধিনত আৱাস গৃহ দিয়া হ’ব। মই দাবী জনাও যে, এতিয়ালৈকে অসমৰ বিভিন্ন অঞ্চলত যিমান সংখ্যক লোকক উচ্ছেদিত কৰা হ’ল আৰু বিধান সভাত দিয়া তথ্য অনুসৰি যিমান লোক ভূমিহীন আছে, সকলোকে অহা দুটা বছৰৰ ভিতৰত তেওলোকক চৰকাৰী ভাবে ঘৰ বনাই দিয়াৰ ব্যৱস্থা কৰা হওঁক আৰু তেওলোকে যাতে খেতি-বাতি কৰি জীৱন নিৰ্বাহ কৰিব পাৰে তাৰ বাবে খেতি-মাটি আৱণ্টন কৰা হওক। আমি যেনেধৰনে যোৱা সময়চোৱাত চৰকাৰক সমালোচন কৰি আহিছো আমাক সমালোচনা কৰাৰ বাবে কোনো সেইবাবে সদনৰ বাহিৰে-ভিতৰে চৰকাৰক সমালোচনা কৰিব পৰা যাতে কোনো প্ৰতিদন্দি নাথাকে বৰ্তমানৰ চৰকাৰে তেনে পৰিৱেশ এটা সৃষ্টি কৰিব বিচাৰিছে। কাৰণ যোৱা সময়চোৱাত আমি ফাদিল কৰিছিলো যে অসমত বিভিন্ন অবৈধ চিণ্ডিকেত হৈ থাকে, অসমত বিভিন্ন ধৰনৰ দূৰ্নীতি হৈ আহিছে, এই কথাখিনি সদনৰ মজিয়াত বিশেষ প্ৰস্তাৱ অথবা সভা স্থগিত প্ৰস্তাৱ আদি বিভিন্ন পদ্ধতিৰ যোগেদি চৰকাৰৰ আগত ৰাখিছিলো। তেতিয়া আমাক কোৱা হৈছিল যে বিজেপি চৰকাৰে দূৰ্নীতিক পশ্ৰয় নিদিয়ে, কোনো দূৰ্নীতি অসমত নাই। কিন্তু এতিয়া নতুন চৰকাৰে যেনেধৰনে দূৰ্নীতিৰ বিৰুদ্ধে আৰক্ষীক ব্যৱহাৰ কৰিছে তাৰ যোগেদি বৰ্তমান চৰকাৰখনে পূৰ্বৰ দূৰ্নীতি খিনি উন্মোচন কৰি আছে। সেই কথাটোৱে প্ৰমাণিত হৈছে। তেওলোকক যিহেতু আমি এতিয়া কৈছে যে, আপোনালোকৰ পূৰ্বৰ চৰকাৰৰ দিনতে বহুখিনি খাম-খিয়ালী, দূৰ্নীতি হৈছিল সেই বাবে আমাৰ কণ্ঠ ৰোধ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে বিৰোধী কোনো থাকিব নালাগে, ৫ বছৰত বিৰোধীৰ কোনো প্ৰয়োজন নাই, এনে ধৰনৰ তুলনা মন্তব্য আগবঢ়াইছিল। অসমক ভাৰত বৰ্ষৰ ৫ খন শীৰ্ষ ৰাজ্যৰ ভিতৰত এখন কৰিম বুলি প্ৰধানমন্ত্ৰীয়ে ঘোষনা কৰিছিল। অনূৰূপ ধৰনে এই কথাটো অসম বিধান সভাত পূৰ্বৰ মুখ্যমন্ত্ৰী, সেই সময়ৰ বিত্তমন্ত্ৰী আৰু বৰ্তনাৰ মুখ্যমন্ত্ৰীয়েও বহুবাৰ আওৰাইছে। কিন্তু শেহতীয়াকৈ নীতি আয়োগৰ তথ্যই তেখেত সকলে যে অসমৰ ৰাইজক এটা আভূৱা ভাৰি আছিল সেই কথা স্পষ্ট হ’ল। শিক্ষা, স্বাস্থ্য আৰু সমাজ কল্যাণৰ দৰে তিনিটা গুৰুত্বপূৰ্ণ বিভাগৰ ক্ষেত্ৰত অসম ভাৰতৰ ভিতৰত তলৰ পিনৰ পৰা প্ৰথম, দ্বিতীয় অথবা তৃতীয় স্থান পাইছে। ইয়াতকৈ আৰু দূৰ্ভাগ্যজনক কথা হ’ব নোৱাৰে। তেনেকৈ যোৱা সময়চোৱাত অসমত নাৰীৰ ওপৰত বিভিন্ন ধৰনৰ অত্যাচাৰ, নিৰ্যাতন চলি আছে। নেচনেল ক্ৰাইম ৰেকৰ্ডচ গুৰোৰ তথ্য অনুসৰি ভাৰত বৰ্ষৰ ভিতৰত নাৰী নিৰ্যাতনৰ ক্ষেত্ৰত কেতবোৰ শিতানত অসমে শীৰ্ষ স্থান দখল কৰিছে বুলি বিগত বিধান সভাত আমি বহুবাৰ প্ৰতিবাদ কৰিছিলো। এই ক্ষেত্ৰত চৰকাৰে  যিখিনি প্ৰতিশ্ৰুতি দিছিল আজিলৈ সেইখিনি প্ৰতিশ্ৰুতি পালন কৰিব পৰা নাই। এই নতুন চৰকাৰ অহাৰ পিছতো দৈনন্দিন নাৰীৰ ওপৰত নিৰ্যাতন অত্যাচাৰ চলি আছে। অসমত নতুনকৈ বিজেপি দলে বিদ্যুৎ উৎপাদন কৰিব পৰা নাই। আমাৰ চৰকাৰৰ দিনতে নামৰূপ থাৰ্মেল ৰিনিৱেল প্ৰকল্পৰ কাম আৰম্ভ কৰা হৈছিল। যোৱা সময়চোৱাত দুবাৰকৈ তাৰ উদ্ভোধনৰ বাবে প্ৰস্তুতি চলাই পিছত পিছুৱাব লগা হ’ল। এতিয়াও মুখ্যমন্ত্ৰী গৈছিল, কিন্তু তেখেতে উদ্ভোধক কৰিব পৰা নাই। মুখ্যন্ত্ৰীয়ে অসমত বিদ্যুৎ যোগানৰ ক্ষেত্ৰত গুজৰাট মডেল আৰম্ভ কৰাৰ কথা কৈছে, কিন্তু গুজৰাট মডেলৰ দ্বাৰা সাধাৰন লোক উপকৃত নহয় বিদ্যুৎ কোম্পানীয়ে লাভাম্নিত হয়। মই মুখ্যমন্ত্ৰীৰ প্ৰতি আহ্বান জনাও যাতে অসমত ক্ৰমশ-৪দিল্লীৰ মডেল প্ৰচলন কৰে যাৰ দ্বাৰা ধনী-দূখীয়া সকলো গ্ৰাহকে ২০০ ইউনিট বিদ্যুৎ মাহিলী বিনামূলীয়াকৈ লাভ কৰে আৰু প্ৰতি ইউনিট বিদ্যুৎতৰ মূল্য কেৱল ৩ টকা।  ঠিক তেনেকৈ ছয় জনগোষ্ঠীক জনজাতীকৰণ, অসমৰ চাহ শ্ৰমিক সকলৰ মজুৰি দৈনিক ৩৫১ টকা কৰিম বুলি ৭ বছৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতিও যোৱা সময়চোৱাত ৰাইজৰ স্বাৰ্থত বিধান সভাত আমি বিভিন্ন মাধ্যমেৰে আঙুলিয়াই আহিছো। আমাৰ সকলোৰে শ্ৰদ্ধাৰ প্ৰয়াত বিজেপি নেতা তথা স্বানামধন্য প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেৰীয়ে গণতন্ত্ৰত বিৰোধী দল থাকিব লাগে, চৰকাৰ আৰু বিৰোধীৰ মাজত কোনো টিকততাপূৰ্ণ সম্পৰ্ক থাকিব নালেগে বুলি কৰা মন্তব্যক বিবেচনা কৰিবলৈ মই ড০ হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছো। যেতিয়া দেশৰ সংকত হয় তেতিয়া বিৰোধীয়ে শাসকপক্ষক সহায় কৰে। কিন্তু অন্য সময়ত বিৰোধীৰ যি দায়িত্ব সেই দায়িত্ব চৰকাৰখনক সস্বস্থ্য-সজাগ কৰি ৰখা আৰু সেই দায়িত্ব আমি অসমত আগন্তক সময়ত পালন কৰি যাবলৈ বাধ্য কৰিব। অটল বিহাৰী বাজপেয় ডাঙৰীয়াই যেতিয়া ভাৰতক প্ৰতিনিধিত্ব কৰি এসময়ত তেতিয়াৰ কংগ্ৰেছ চৰকাৰে বিৰোধী দলৰ নেতা হোৱা স্বত্তেও ৰাষ্ট্ৰ সংঘত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ অটল বিহাৰী বাজপেয় ডাঙৰীয়াক বাচনি কৰিছিল। তেতিয়া বিৰোধী পক্ষৰ গুৰুত্ব আৰু মৰ্যদাৰ কথা বুজা পোৱা গৈছিল। ভাৰতীয় জনতা পাৰ্টীৰ সদস্য হলেও তেখেতে সাম্প্ৰদায়িক নীতিৰ ৰাজনীতি যেন কোনো দলে নকৰে এই আহ্বান কৰি গৈছিল। আশা কৰো ভাৰতীয় জনতা পাৰ্টীয়ে বাজপেয় ডাঙৰীয়াৰ এই বক্তব্য মনত ৰাখিব। যি কি নহওক, অসমৰ উত্তৰপূৰ্বঞ্চলৰ বাকী ৰাজ্য সমূহৰ লগত থকা সীমা সমস্যা সমাধান কৰি অসমৰ ভূমিত অধিকাৰ সাব্যস্ত কৰা, ক’ভিডৰ পৰা ৰাজ্যখনক ৰক্ষা কৰা, বান আৰু গড়াখহনীয়াৰ ফলত হোৱা সমস্যা ৰাজিৰ সমাধান, ভূমিহীন সকলৰ বাবে ভূমি আৰু গৃহৰ ব্যৱস্থা কৰা, ঋণগ্ৰস্ত মহিলা সকলক ঋণৰ পৰা উদ্ধাৰ কৰা লগতে বিভিন্ন গঠন মূলক কামত আমি আমাৰ সহযোগীতা শাসকীয় দলক আগবঢ়াবলৈ প্ৰস্তুত বুলি স্পষ্ট কৰি কৰি দিয়ে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ।  

Leave A Reply