Home Blog Page 2976

Massive afforestation drive to expand green cover in Assam

Massive afforestation drive is on to increase green cover in Assam. The Environment and Forest department has taken up mega plantation drives in different parts of the state, with focus on degraded land. The area covered under afforestation schemes under Assam Project on Forest and Biodiversity Conservation (APFBC), Compensatory Afforestation Fund Management and Planning Authority (CAMPA) and State Owned Priority Development (SoPD) of Social Forestry is 35,916 hectare. 

It may not be out of place to mention here that more than four crore seedlings have been distributed free of cost to the people against the target of 10 crore seedlings in mission mode under Pollution Free Assam. Under Phase II of APFBC, 12,500 hectare will be brought under plantation, besides 1,800 hectare plantation under CAMPA. 
Sahitya Manishi Upabans have come up in 24 districts of the state. Each Upaban showcases rich indigenous floral biodiversity of around 1,000 plant species having medicinal values in an area of three hectare. “Afforestation taken up under different schemes has yielded a very positive impact on the state’s green cover. As per the latest India State Forest Report, 2019 published by Forest Survey of India, Government of India, Assam’s green cover has extended to 221.51 sq.km, which is quite a significant achievement,” said Forest and Environment Minister, Parimal Suklabaidya. 
Another step toward strengthening conservation effort is reconciliation of forest boundaries with the help of Differential Global Positioning System (DGPS) and satellite imaginary under CAMPA. “It will be done in three phases starting with reconciling the forest boundaries of some of the divisions on a pilot basis,” said a forest official privy to the development. 

The department is among the front runners under SDG 15: Life on Land in NITI Aayog’s SDG India Index 2020-2021.
Among the 17 broad based global goals (Sustainable Development Goals) with 232 indicators, the State of Assam had a composite score of 78 on SDG15 this year which is higher than the national average score of 66. Though there was a 12 per cent decline this year as compared to the composite score of 90 in SDG India Index 2019-2020, the Environment and Forest department managed to make it to the front runners’ slot – not a mean feat by any standards. “The downward slide of 12 points is mainly due to over a double increase in number of wildlife cases detected in protected areas, thus impacting the score,” said a forest official, adding that most of the indicators have shown either no change or marginal improvementAs regards forest plus tree cover as a percentage of the state’s total geographical area, Assam has registered 37.91 per cent as against the all India average of 24.56 per cent. In terms of percentage of state’s geographical area covered under afforestation schemes, the state with 0.457 per cent is marginally lower than the national average of 0.51 per cent. Insofar as percentage of degraded land over total land area is concerned, the State stands at 9.45 per cent as against the national average of 27.77 per cent. As a way forward towards conservation efforts, the Environment and Forest department is focusing on biodiversity conservation and forest area development, including restoration of degraded forests, habitat improvement of wildlife and extension, human-wildlife conflict management, identification, mapping, securing of corridors, extension of forest cover, enhancing forest and ecosystem resilience to frequent floods and droughts and disaster risk reductionIt will also given added thrust to community strengthening, forest and non forest based livelihoods, recreation forestry that include aesthetic forestry and developing ecotourism sites, institutional strengthening and capacity building of staffs and officers, structural reorganisation of field staff and technology interventions and partnerships with local people, NGOs, CBOs, educational and Research and Development institutions. As climate change is intertwined with environment (SDG 13: Climate Action), the Forest department has been making assessment of climate change impacts coupled with strategies to adapt forests to climate change while preparing a baseline for state forest reference level. 

১০ দিনৰ বাবে ডিব্ৰুগড় জিলাত হ’ব পাৰে লক ডাউন : ড: হিমন্ত বিশ্ব শৰ্মা

Assam Chief Minister Dr Himanta Biswa Sarma addressing a press conference after visit Assam Gas Company Ltd (AGCL) at Duliajan in Dibrugarh district, on 20-06-21.Pix by UB Photos

আজি পুৱা ১০ বজাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ডি এন পি এলত উপস্থিত হয় । ডি এন পি এলৰ প্ৰৱেশদ্বাৰৰ সন্মুখতে প্ৰতিষ্ঠানটোৰ অধ্যক্ষ ৰূপম গোস্বামী, অসম গেছ কোম্পানীৰ পৰিচালন সঞ্চালক গকুলচন্দ্ৰ স্বৰ্গীয়াৰীয়ে গামোছা, চেলেং চাদৰ, হেংদান আগবঢ়াই মুখ্যমন্ত্ৰী গৰাকীক উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে । ইয়াৰ পাছত মুখ্যমন্ত্ৰীয়ে ডি এন পি এলৰ ভিতৰত এখন অৰ্কিড উদ্যান মুকলি কৰা লগতে গেছ কম্প্ৰেচাৰৰ চতুৰ্থ গোটটো ফিটা কাটি উদ্বোধন কৰে ।  এই কাৰ্যসূচী সমাপ্তৰ পাছতেই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পোনে পোনে অসম গেছ কোম্পানীত উপস্থিত হয় । গেছ কোম্পানীৰ শীৰ্ষ বিষয়াৰ লগত এক বৈঠকত মিলিত হয় । প্ৰায় তিনিঘণ্টা যোৰা আলোচনাত অন্তত প্ৰতিষ্ঠানটোৰ চৌহদত এজোপা গছ পুলি ৰূপন কৰে । ইয়াৰ পাছতে সাংবাদিকসকলক সম্বোধন কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যদিহে অহা সপ্তাহৰ ভিতৰত ডিব্ৰুগড় জিলাত ক’ভিড সংক্ৰমণ ৰোধ নহয় তেন্তে ডিব্ৰুগড় জিলাত ১০ দিনৰ বাবে লকডাউন ঘোষণা কৰা হব । ১ জুলাই লৈকে দ্বিতীয় পালি ভেকচিন লোৱা লোক সকল কার্যলয়লৈ আহিব লাগিব । তদুপৰি অহা কালিৰ পৰা ৩ লাখ ভেকচিনৰ কাম আৰম্ভ কৰিব পাৰিলে অহা ১০ দিনত ৬০ লাখ লোকক ভেকচিন দিব পাৰিম বুলি দুলীয়াজানৰ অসম গেছ কোম্পানী পৰিদৰ্শন কৰিবলৈ আহি এই মন্তব্য আগবঢ়াই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । সাংবাদিকৰে হোৱা এক সাক্ষাৎকাৰত তেওঁ কয় অসম গেছ কোম্পানীৰ গেছৰ ভাণ্ডাৰ ৪০ শতাংশলৈ বৃদ্ধি হোৱাত কোম্পানীটোৱে ৩০০ কোটি টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম হৈছে । এনেদৰে চলি থাকিলে অনাগত ৪ বছৰত ১০০০ কোটি টকালৈ বৃদ্ধি হব গেছৰ উৎপাদন । যোৱা বছৰ অইল ইণ্ডিয়া লিমিটেডৰ ব্যৱসায় বেয়া আছিল সেইবাবে অইলে ৩ মিলিয়নৰ ব্যৱসায় কৰিব নোৱাৰিলে যাৰ ফলত অসম চৰকাৰে পাব লগীয়া ৮০০ কোটি টকা লাভ নকৰিলে, অইলে যিমানেই উৎপাদন কৰিব অসম চৰকাৰে সিমানেই ৰাজভঁৰাল টনকিয়াল হব, ৰাজভঁৰাল টনকিয়াল হলেহে অসমত উন্নয়ন মূলক কাম হব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ।
ইফালে এই সময়ছোৱাত মুখ্যমন্ত্ৰীক সংগ দিয়ে কেন্দ্ৰীয় খাদ্য আৰু সংসাধনৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, কৃষি মন্ত্ৰী অতুল বৰা, শক্তিমন্ত্ৰী বিমল বৰা, শ্ৰমমন্ত্ৰী সঞ্জয় কিষান,   দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালা আৰু অসম গেছ কোম্পানীৰ উপাধ্যক্ষ ইন্দ্ৰ গগৈয়ে ।

নলবাৰী জিলা ৰান্ধনী সন্থাৰ তথৈবচ অবস্থা : সাহাৰ্য্য বিচাৰি মুখ্যমন্ত্ৰীলৈ কাতৰ আহ্বান

কোভিড মহামাৰীৰ দ্বিতীয় ঢৌৰ আতংক অব্যাহত থকাৰ বাবে পৰিপ্ৰেক্ষিতত গুৰুত্ব প্ৰদান কৰি চৰকাৰে জাৰি কৰিছে সান্ধ্য আইন  । কিন্তু এই সান্ধ্য আইনৰ সময়চোৱাত এতিয়া দিন-হাজিৰা,মজদুৰী কৰা শ্ৰমজীৱী লোক সকলক কৰ্মৰ অভাৱত আৰ্থিক ভাৱে জুৰুলা হব লগা হৈছে  । যাৰ বাবে দিন-হাজিৰা,মজদুৰী কৰা শ্ৰমজীৱী লোক সকলে এতিয়া নিজৰ পৰিয়ালৰ বাবে এমুঠি অন্ন যোগান ধৰিব নোৱাৰা হৈছে  । সেইমৰ্মে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মালৈ নলবাৰী জিলা ৰান্ধনী সন্থাই এই সান্ধ্য আইনৰ বাহাল থকা সময়লৈকে কাতৰ আহ্বান জনাইছে  । কৰোনা মহামাৰীৰ ফলত  ব্যক্তিগত ৰান্ধনী সকলে পেতৰ ভাত মুঠিৰ বাবে হাহাকাৰ কৰিব লগীয়া হৈছে ।  ৰান্ধনী সকলে ৰন্ধা-বঢ়া কাৰ্যত ব্যৱহাৰ কৰা সজুলী বিক্রি কৰি তাৰ পৰা পোৱা টকাৰে এখাজ খাই এখাজ লঘোনে থাকি জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে । কৰোনা মহামাৰীৰ বাবে বন্ধ হোৱা বিবাহ, সভা,পুজা,অনুষ্ঠান আদিত   ৰন্ধন কাৰ্য কৰি পৰিয়াল পোহপাল দিয়া ৰান্ধনী সকল এতিয়া মহাবিপাঙত পৰিছে । ৰান্ধনী সকলৰ পৰিয়াল সমুহে এতিয়া এসাজ খাই এসাজ লঘোনে দিন অতিবাহিত কৰিব লগীয়া হোৱাত পৰিলক্ষিত হৈছে । ইফালে স্থানীয় বিধায়ক তথা পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়েও ৰান্ধনী সকলৰ দুখৰ দিনত এবাৰলৈও খবৰ নোলোৱাৰ অভিযোগ উত্থাপন কৰিছে ৰান্ধনী সন্থাই । বিবাহ,  সভা, অনুস্থান, প্ৰতিষ্ঠানত ৰন্ধন কাৰ্য সম্পাদন কৰি পৰিয়াল পোহপাল দি কোনোমতে চলি অহা ৰান্ধনী সকলে সান্ধ্য আইনৰ বাবে তেওঁলোকৰ কৰ্মৰ পৰা দূৰৈত থাকিব লগীয়া হোৱাত চৰম আৰ্থিক দৈন্যতাত ভুগিব লগীয়া হোৱা বুলি মত ব্যক্ত কৰে জিলা ৰান্ধনী সন্থাৰ সভাপতি ভৈৰব বৰ্মন আৰু সম্পাদক অজিৎ গোস্বামীয়ে । আজি নলবাৰীৰ শোলমাৰাত আক্ৰান্ত ৰান্ধনী সকলে মিলিত হৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক কাতৰ আহ্বান জনাই এককালিন সাহাৰ্য্য প্ৰদান কৰিবলৈ দাবী জনাই । অন্যথা পৰিয়াল সমুহৰ লঘোনে দিন অতিবাহিত কৰিব লাগিব বুলিও মনৰ ক্ষোভ ব্যক্ত কৰে ৰান্ধনী সন্থাই ।

কানাডাৰ পৰা বিশেষ বিমানেৰে বৰঝাৰ বিমান বন্দৰলৈ আহিল ৫,২৭৪ কেজি অক্সিজেন

ক’ভিড কেন্দ্ৰীক পৰিস্থিতিত আক্ৰান্ত লোকসকল চিকিৎসালয়ত যাতে অক্সিজেনৰ নাটনীত ভুগিব লগা নহয় তাৰ বাবে  ইণ্ডিয়ান ৰেডক্ৰছ ছচাইটিয়েও বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে । এই ব্যৱস্থাৰ অধীনত ইণ্ডিয়ান ৰেডক্ৰছ ছচাইটিয়ে চিকিৎসালয় সমূহত ৰোগীৰ বাবে  প্ৰয়োজনীয়  অক্সিজেনৰ ব্যৱহাৰ সুচল কৰিবৰ বাবে সুদূৰ কানাডাৰ পৰা ভাৰতলৈ বিমানেৰে  অক্সিজেন কনচুলেটৰ অনাৰ ব্যৱস্থা কৰিছে  । আজি  পূৱতি নিশা অসমৰ বাবে কানাডাৰ পৰা এখন বিশেষ বিমান নতুন দিল্লীহৈ গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত অৱতৰণ কৰে । কানাডাৰ ভল্গা ডেনইপিৰ নামৰ বিমান সংস্থাটোৱে আই এল – ৭৬ বিমানখন সন্ধিয়াৰ  ভাগত প্রথমতে নতুন দিল্লীত অৱতৰণ কৰে । তাত যাবতীয় অক্সিজেন কনচুলেটৰ নমোৱাৰ পাচত পুনৰ মাজনিশা বৰঝাৰ অভিমুখে উৰা মাৰে আৰু পুৱতি নিশা ২.৪৫ বজাত বৰঝাৰত অৱতৰণ কৰে । আনহাতে ৫,২৭৪ কেজি ওজন অক্সিজেন লৈ অহা কনচুলেটৰ খিনী সদ্যহতে গুৱাহাটীৰ উপৰি ক’ভিডৰ সংক্ৰমণ বৃদ্ধি পোৱা শিলচৰ আৰু কৰিমগঞ্জত ৰখা হব । স্বাস্থ্য বিভাগৰ সূত্ৰই সদৰি কৰা অনুসৰি এই অক্সিজেন কনচুলেটৰ সমূহ সহজতে যতে ততে নি ৰোগীক সংযোগ কৰিব পাৰি  ।

ডিমৌৰ ধেমেচীত নিতৌ দহ-পোন্ধৰ বিঘা মাটিত হাল বাই পিতৃক সহায় কৰিছে দশম শ্ৰেণীত অধ্যয়নৰত কিশোৰীয়ে

ধৰাৰ বুকুলৈ পলমকৈ হলেও বৰষুণজাক নামি অহাৰ লগে লগে এতিয়া গাঁৱে গাঁৱে চহা কৃষকৰ ব্যস্ততা বাহি আহিছে। যিহেতু  কৃষক সকলে এতিয়া সপোন দেখিছে কেৱল খেতিৰ মাটি দৰাত কেনেকৈ সময়মতে কঠিয়া ৰূপন কৰি বছৰটোৰ বাবে ভাত মুঠি যোগাৰ কৰিব পাৰি। এই সময় হৈছে কেৱল কৃষকৰ ,সেইয়ে সকলো চহা কৃষক নামিছে পথাৰত আৰু ব্যস্ত হৈ আছে আপোন পথাৰখনত মাটি চহোৱাত।বিশেষকৈ এইবাৰ মিনি লকডাউনে বহুতকে পথাৰত নমাত সহায়হে কৰা পৰিলক্ষিত হৈছে। ইয়াৰ মাজতে ডিমৌৰ কাষৰীয়া ধেমেচীত  ট্ৰেক্টৰ লৈ পথাৰত হাল বাই এইগৰাকী কিশোৰী সকলোৰে প্ৰশংসাৰ পাত্ৰ হৈ পৰিছে। কিশোৰীগৰাকীয়ে নিজে হাতেৰে ষ্টেৰিং  পোনাই চাৰি নম্বৰ গিয়েৰত চহাই  গৈছে এবিঘাৰ পিছত আন এবিঘা মাটি। লকডাউনৰ সময়ত ঘৰতে থাকি আমনি লগাত  দেউতাকক হাল হোৱাত সহায় কৰিছে কিশোৰী আয়ত্ৰী বুঢ়াগোহাঁইয়ে। মৰাণ বিধান সভা সমষ্টিৰ ধেমেচী উচ্চ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰী আয়ত্ৰী বুঢ়াগোহাঁই । কিশোৰী আয়ত্ৰীয়ে ১১ বছৰ বয়সৰ পৰাই ট্ৰেক্টৰ চলাবলৈ শিকিছিল । পঢ়াৰ লগতে ফুটবল খেলি ভালপোৱা আয়ত্ৰীয়ে সুন্দৰ কাম বাবে এতিয়া সকলোৰে প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে।কিশোৰীগৰাকীৰ পিতৃ ধেমেচী নিবাসী তথা অঞ্চলটোৰ এজন সফল কৃষক গজেন বুঢ়াগোহাঁইয়ে দুখন ট্ৰেক্টৰ লৈ গত সময়ত হাল বাই পৰিয়ালটো পোহপাল দি আছে। এই কৰ্মত এতিয়া কন্যাই পিতৃৰ  সহায় কৰি দিয়াত অত্যন্ত সুখী পিতৃ মাতৃ দুয়ো।

নামখলাত নিজ সৰাবাৰী গ্ৰাম্য ক্ৰীড়া সন্থাৰ উদ্যোগত বিষ্ণু প্ৰসাদ ৰাভাৰ স্মৃতি দিৱস উদযাপন

নিজসৰাবাৰী গ্ৰাম্য ক্ৰীড়া সন্থাৰ উদ্যোগত সৰাবাৰী শাখা সাহিত্য সভাৰ সহযোগত অসমৰ জাতীয় জীৱনৰ প্ৰবাদ পুৰুষ গণশিল্পী কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ ৫২ সংখ্যক স্মৃতি দিৱস উদযাপন কৰা হয় ৷

ক’ভিড প্ৰট’কলৰ নিয়ম অনুসৰি অনুষ্ঠিত কৰা অনুষ্ঠানৰ ক্ৰীড়া সন্থাৰ পতাকা উত্তোলন কৰে সন্থাৰ সভাপতিয়ে আৰু স্মৃতি তৰ্পণ কাৰ্যসূচী ৰূপায়ণ কৰে সৰাবাৰী শাখা সহিত্য সভাৰ সম্পাদক ভদ্ৰকান্ত কলিতাই

আনহাতে বিষ্ণুৰাভা স্মৃতি দিৱসৰ লগত সংগতি ৰাখি ক্ৰীড়া সন্থাই online ৰাভা সংগীতৰ প্ৰতিযোগিতাও অনুষ্ঠিত কৰে আৰু প্ৰতিযোগিতাখনি আজি নিশা ১২ বজাত অন্ত পৰিব বুলি সন্থাৰ অন্যতম সদস্য জ্যোতিষ কলিতাই জানিব দিয়ে ৷

চাবুৱাত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক সোঁৱৰণ

ক’ৰোণা ভাইৰাছৰ ভয়াবহতাৰ মাজতে সৈনিক শিল্পী তথা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ৫২ সংখ্যক মৃত্যু দিৱস আজি ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে চাবুৱাতো সম্পূৰ্ণ ক’ভিডৰ  প্ৰট’কল অনুসৰণেৰে অনুষ্টুপীয়াকৈ পালন কৰে । বালিজান চাইডিঙত  চাবুৱা সংগীত বিদ্যালয়ৰ প্ৰাংগনত ছাত্ৰ ছাত্ৰীসকলৰ মাজতে ৰাভাদেৱক সোঁৱৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সাংবাদিক অনুপম বুঢ়াগোহাঁয়ে আঁতধৰা উক্ত অনুষ্টুপীয়া অনুষ্ঠানত বিদ্যালয়ৰ সংগীত শিক্ষক তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰিবেশ্য ক’লাৰ অধ্যাপক অৰুণ হাজৰিকাই বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতিছব্বিত এগছি বন্তি আৰু ধূপ প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। অনুষ্ঠানটি উদ্বোধন কৰে অনাতাঁৰ শিল্পী তথা শিক্ষক চন্দ্ৰকান্ত ফুকনে । ইয়াৰ পিছতে ছাত্ৰ-ছাত্ৰীসকলে পৰিৱেশন কৰে এটি সমবেত সংগীত। ডি ডি আৰ মহাবিদ্যালয়ৰ অধ্যাপক , নাট্যকাৰ, অভিনেতা দিগন্ত দত্তই তেখেতৰ দুআষাৰৰ পিছতে শ্যামলী গোহাঁই , জাহ্নৱী ফুকন, হৰিপ্ৰিয়া চেতিয়া,  প্ৰাৰ্থনা ফুকন,আৰ্দিজা গোহাঁই, ৰহিম ডাঙৰীয়া, অশোক ফুকন, ৰাজেশ গন্ধিয়া, মৃগপ্ৰিয়া গগৈ,
চন্দ্ৰকান্ত ফুকন ,  অৰুণ হাজৰিকা, ৰাহুল ফুকন , মুকুল দাস আদিয়ে বিষ্ণু ৰাভা সংগীত পৰিবেশন কৰে। অনুপম বুঢ়াগোহাঁয়ে বাঁহী বাদনেৰে জীপাল  কৰা অনুষ্ঠানত শলাগৰ শৰাই আগবঢ়ায় বিদ্যালয়ৰ অধ্যক্ষ মুকুট নেওগে। ইফালে  চাবুৱা আঞ্চলিক ছাত্ৰ সন্থায়ো ক’ভিডৰ ভয়াবহতাৰ মাজতে অনুষ্টুপীয়াকৈ ইয়াৰ অস্থায়ী কাৰ্যালয়ত বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতিছবিত এগছি বন্তি প্ৰজ্বলনেৰে মহান শিল্পীজনক সোঁৱৰে । বন্তি প্ৰজ্বলন কৰে সমিতিৰ সভাপতি মৃদুপৱন গগৈয়ে।

কোকৰাঝাৰৰ অভয়াখুটিৰ ধৰ্ষণ কাৰীক ফাচী দিয়াৰ দাবীত নিখিল বড়ো ছাত্ৰ সন্থাৰ

যোৱা ১১ জুন তাৰিখে কোকৰাঝাৰ জিলাৰ অভয়াখুটিত সংঘটিতত নৃশংস হত্যা কাণ্ডৰ উচিত  তদন্ত কৰি নৰপিশাসক কেইটাক ফাষ্ট্ৰেক্ট আদালতৰ জৰিয়তে বিচাৰ প্ৰক্ৰিয়া চলাবলৈ ফাঁ‌চী দিয়াৰ দাবীত ওদালগুৰি নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত শনিবাৰে ভেৰগাঁওত ধৰ্ণাকাৰ্যসূচী ৰূপায়ন কৰে। সমাইনা ৰাভা আৰু ৰবিতা ৰাভাৰ হত্যাকাৰী সকলক আৰক্ষীয়ে আটক কৰিছে যদিও তদন্তৰ খাতিৰত হত্যাকাৰীক দৃষ্টান্ত মূলক ভাবে শাস্তি প্ৰদান কৰিবলৈ সক্ষম হোৱা নাই। সেয়েহে অতি সোনকালে হত্যাকাৰীক ফাচট্ৰেকৰ  জৰিয়তে ফাঁচীকাঠত ওলোমাবলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ আহ্বান জনাইছেঁ‌ ওদালগুৰি জিলা নিখিল বড়ো ছাত্ৰ সন্থাই।  উক্ত প্ৰতিবাদী কাৰ্যসূচীত হাতে হাতে প্লে-কাৰ্ড লৈ  কয় যে অসমৰ বিভিন্ন প্ৰান্তত হৈ থকা ধৰ্ষণ বা হত্যাকাণ্ড ৰোধ কৰিবলে হলে কালপ্ৰিত সকলক ফাঁ‌চীকাঠ উলোমালেহে ৰোধ হব সেয়েহে অতি শীঘ্ৰে  হত্যাকাৰীক ফাঁচী দিবলৈ অনুৰুধ জনাইছে।

নলবাৰীৰ ক্ৰীড়াক আৰু অধিক আগবঢ়াই নিয়াৰ বাবে বিধায়ক জয়ন্তমল্ল বৰুৱাৰ তৎপৰতা

নলবাৰীৰ ক্ৰীড়াক আৰু অধিক সক্ৰিয় কৰিবলৈ বিধায়ক তথা মুখ্যমন্ত্ৰীৰ সচিব জয়ন্তমল্ল বৰুৱাই উঠিপৰি লাগিছে। নৱদ্বীপ খ্যাত নলবাৰীক শিক্ষাৰ লগতে  ক্ৰীড়াৰ জড়িয়তে মানৱ সম্পদ গঢ়াৰ পৰিকল্পনা হাতত লৈ যোৱা কালি আধৰুৱা হৈ থকা নৰ্থ কামৰূপ ষ্টেডিয়ামৰ ইনডোৰ হ’ল আৰু চুইমিং প’লৰ কাম অতি খিপ্ৰতাৰে কৰিবলৈ ঠিকাদাৰক নিৰ্দেশ দিয়ে। ঠিকাদাৰৰ টকা-পইচাই যাতে কামৰ হেঙাৰ হ’ব নোৱাৰে ইয়াৰ বাবে শকিয়নীও প্ৰদান কৰা হৈছে। যোৱা ১৬ জুন তাৰিখে পূব নলবাৰী ক’চিং চেণ্টাৰৰ নিয়মীয়া খেলুৱৈ তথা ৰাষ্ট্ৰীয় ভলীবল খেলুৱৈ কল্পনা কলিতাৰ ঘৰত বিধায়ক নিজেই উপস্থিত হৈ মুখ্যমন্ত্ৰীৰ সাহাৰ্য পূজিৰ পৰা ৫০ হেজাৰ টকাৰ এককালীন সাহাৰ্য প্ৰদান কৰে। জিলা খনত প্ৰতিভাৱান খেলুৱৈ সকলৰ বাবে নলবাৰীত আন্তঃ গাঠনিৰ অভাৱ বহুদিনীয়া। ৬৬ বিঘা মাটিৰে সৰিয়হতলী ক্ৰীড়া প্ৰকল্পত গ্ৰীন গেলাৰী স্থাপন হৈছে যদিও তাত এখন পূৰ্ণঙ্গ ষ্টেডিয়াম বহুদিনৰ পৰা ৰাইজে আশা কৰি আছে। সাগৰকুছি মিনি ষ্টেডিয়ামতো ২৫ বিঘা মাটি আছে তাতো ক্ৰীড়াৰ উন্নতিৰ বাবে উদ্যোগ ল’ব পাৰে। এইখিনি কাম সম্পূৰ্ণ হৈ উঠিলে নিশ্চিত ভাৱে খেলুৱৈ সকল যথেষ্ট উপকৃত হ’ব। নলবাৰীত ফুটবল, ভলীবল, ক্ৰিকেট, এথলেটিকছ, কাবাডী, হেণ্ডবল, খো-খো, টাইকোৱানডো, ইত্যাদি খেলৰ প্ৰশিক্ষণ চলি আছে। যদিওঁ খেলুৱৈ সকলে পোৱা নাই অৰ্হতা সম্পন্ন প্ৰশিক্ষকৰ জড়িয়তে বিজ্ঞান সন্মত দীৰ্ঘকালীন প্ৰশিক্ষণ। আন্তঃ গাঠনিৰ অভাৱেও খেলুৱৈ সকলৰ সদইচ্ছাক ৰোধ কৰিব পৰা নাই। নিজৰ সাহস, একাগ্ৰতাৰ বলতে যিসকল খেলুৱৈয়ে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত নিজৰ পাৰদৰ্শীতা দেখুৱাবলৈ সক্ষম হৈছে সেই সকল খেলুৱৈ ধন্যবাদৰ পাত্ৰ। এই সকল খেলুৱৈক যদি পদ্ধতিগত প্ৰশিক্ষণৰ ব্যাৱস্থা কৰিব পৰা যায় তেতিয়াহলে নিশ্চিতভাৱে নলবাৰীৰ ক্ৰীড়াও ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজ্বলি উঠিবলৈ সক্ষম হ’ব। কালি উপায়ুক্ত কাৰ্য্যালয়ত নলবাৰীৰ অভিভাৱক মন্ত্ৰী তথা অসম চৰকাৰৰ বিত্ত মন্ত্ৰী অজন্তা নেওঁগ, বিধায়ক জয়ন্তমল্ল বৰুৱা, সাংসদ দিলীপ শইকীয়া, ক্ৰীড়া আয়ুক্ত মলয় বৰা, ক্ৰীড়া আৰু যুৱকল্যাণৰ সঞ্চালক পৱিত্ৰৰাম খাউণ্ডে নলবাৰীত ক্ৰীড়াৰ ভবিয্যত পৰিকল্পনাৰ ওপৰত এক পৰ্য্যালোচনা সভাত মিলিত হয়। ইয়াৰ পিছত নলবাৰীৰ ভাৰপ্ৰাপ্ত ক্ৰীড়া বিষয়া বিষ্ণুজ্যোতি কলিতাৰ লগত ক্ৰীড়া আয়ুক্ত, সঞ্চালক, অসম ক্ৰিকেট সন্থাৰ সভাপতি ৰমেন দত্ত, সম্পাদক দেৱজিৎ শইকীয়াই নলবাৰী মহাবিদ্যালয় খেলপথাৰ পৰিদৰ্শন কৰি তাত এখন ক্ৰিকেট ষ্টেডিয়াম নিৰ্মান কৰাৰ বাবে প্ৰস্তুতি হাতত লোৱাৰ কথা জানিব পৰা গৈছে। ক্ৰিকেট ষ্টেডিয়ামখন হৈ উঠিলে ক্ৰিকেটাৰ সকলৰ বহুদিনীয়া অভাৱ পূৰণ হ’ব বুলি নলবাৰীৰ ক্ৰীড়া মহলে মন্তব্য প্ৰকাশ কৰিছে। নলবাৰী ক্ৰীড়া সন্থাৰ প্ৰাক্তন সভাপতি তথা বৰ্তমানৰ নলবাৰী সমষ্টিৰ জনপ্ৰীয় বিধায়ক জয়ন্তমল্ল বৰুৱাই নলবাৰীৰ ক্ৰীড়াক আগবঢ়াই নিবলৈ যি উদ্যোগ গ্ৰহন কৰিছে তাৰবাবে সৰ্বত্ৰে প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে। ভবামতে কাম বিলাক হৈ উঠিলে অসমক ক্ৰীড়াৰ ৰাজধানী কৰিব বিছৰা চৰকাৰখনৰ পৰিকল্পনাত নলবাৰীয়ে মুখ্যভূমিকা পালন কৰিব বুলি কলেও বঢ়াই কোৱা ন’হব।

ভেৰগাঁও মহকুমাৰ অন্তৰ্গত বিভিন্ন ঠাইত বিষ্ণু ৰাভা দিৱস পালন

সমগ্ৰ অসমৰ লগতে ভেৰগাঁও মহকুমা সদৰস্থিত বিষ্ণু প্ৰসাদ ৰাভা ভৱনৰ প্ৰাংগণতো জাতীয় জীৱনৰ প্ৰবাদ পুৰুষ গণশিল্পী কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাদেৱৰ পৱিত্ৰ স্মৃতি দিৱস  উদযাপন কৰা হয়  ভেৰগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থা,ভেৰগাঁও ৰাভা জাতীয় পৰিষদ ,ভেৰগাঁও ৰাভা সাহিত্য সভা আৰু ভেৰগাঁও  ৰাভা মহিলা পৰিষদৰ উদ্যোগত ।কোভিড প্ৰট’ক’ল বিধি অনুসৰি  অনুষ্ঠিত অনুষ্ঠানত চাৰিওটা  জাতীয় সংগঠনৰ পতাকা  সভাপতি সকলে উত্তোলন কৰে।স্মৃতি তৰ্পণ কাৰ্যসূচী ৰূপায়ণ কৰে দণ্ডাধিক লোকশ বৈশ্য।অসমৰ প্ৰগতিশীল মীন পালক প্ৰসন্ন ৰাভাক উক্ত অনুষ্ঠানতে  সম্বৰ্ধনা জনোৱা হয়। আনহাতেপুৰন্দীয়া সাহিত্য সভাৰ সভাপতি খগেন্দ্ৰ নাথ বৰাদেৱে অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰি তেখেতে কয় জাতীয় জীৱনৰ প্ৰবাদ পুৰুষ কলাগুৰু সৈনিক শিল্পী গৰাকীৰ গুণানুকীৰ্তন কৰি কয় যে আমি তেখেতক জীয়াই ৰাখিব লাগিব, অসম সাহিত্য সভাৰ দৰে  পৃথিৱীৰ সৰ্ববৃহৎ জাতীয়  অনুষ্ঠানটিয়ে তেখেতক সদায় চিৰস্মৰণীয় প্ৰাসংগিক কৰি তুলিব লাগিব। আনহাতে কলাগুৰুৰ পৱিত্ৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি  অৰ্পণ কৰি অৱসৰী  শিক্ষক ৰজনী ডেকাই কয় যে সৰ্ব গুণাকৰ পুৰুষজনাৰ জীৱন কৰ্ম আদৰ্শ  আমি সকলোৱে গ্ৰহণ কৰিলেহে তেওঁক প্ৰকৃত শ্ৰদ্ধা ভক্তি সেৱা জনোৱা হ’ব। শাখাৰ বিষয় ববীয়াসকলে সহযোগিতা আগবঢ়াই।