Breaking

ভেৰগাঁও মহকুমাৰ অন্তৰ্গত বিভিন্ন ঠাইত বিষ্ণু ৰাভা দিৱস পালন

0 1,810

সমগ্ৰ অসমৰ লগতে ভেৰগাঁও মহকুমা সদৰস্থিত বিষ্ণু প্ৰসাদ ৰাভা ভৱনৰ প্ৰাংগণতো জাতীয় জীৱনৰ প্ৰবাদ পুৰুষ গণশিল্পী কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাদেৱৰ পৱিত্ৰ স্মৃতি দিৱস  উদযাপন কৰা হয়  ভেৰগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থা,ভেৰগাঁও ৰাভা জাতীয় পৰিষদ ,ভেৰগাঁও ৰাভা সাহিত্য সভা আৰু ভেৰগাঁও  ৰাভা মহিলা পৰিষদৰ উদ্যোগত ।কোভিড প্ৰট’ক’ল বিধি অনুসৰি  অনুষ্ঠিত অনুষ্ঠানত চাৰিওটা  জাতীয় সংগঠনৰ পতাকা  সভাপতি সকলে উত্তোলন কৰে।স্মৃতি তৰ্পণ কাৰ্যসূচী ৰূপায়ণ কৰে দণ্ডাধিক লোকশ বৈশ্য।অসমৰ প্ৰগতিশীল মীন পালক প্ৰসন্ন ৰাভাক উক্ত অনুষ্ঠানতে  সম্বৰ্ধনা জনোৱা হয়। আনহাতেপুৰন্দীয়া সাহিত্য সভাৰ সভাপতি খগেন্দ্ৰ নাথ বৰাদেৱে অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰি তেখেতে কয় জাতীয় জীৱনৰ প্ৰবাদ পুৰুষ কলাগুৰু সৈনিক শিল্পী গৰাকীৰ গুণানুকীৰ্তন কৰি কয় যে আমি তেখেতক জীয়াই ৰাখিব লাগিব, অসম সাহিত্য সভাৰ দৰে  পৃথিৱীৰ সৰ্ববৃহৎ জাতীয়  অনুষ্ঠানটিয়ে তেখেতক সদায় চিৰস্মৰণীয় প্ৰাসংগিক কৰি তুলিব লাগিব। আনহাতে কলাগুৰুৰ পৱিত্ৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি  অৰ্পণ কৰি অৱসৰী  শিক্ষক ৰজনী ডেকাই কয় যে সৰ্ব গুণাকৰ পুৰুষজনাৰ জীৱন কৰ্ম আদৰ্শ  আমি সকলোৱে গ্ৰহণ কৰিলেহে তেওঁক প্ৰকৃত শ্ৰদ্ধা ভক্তি সেৱা জনোৱা হ’ব। শাখাৰ বিষয় ববীয়াসকলে সহযোগিতা আগবঢ়াই।

Leave A Reply