Breaking

নলবাৰী জিলা ৰান্ধনী সন্থাৰ তথৈবচ অবস্থা : সাহাৰ্য্য বিচাৰি মুখ্যমন্ত্ৰীলৈ কাতৰ আহ্বান

0 2,060

কোভিড মহামাৰীৰ দ্বিতীয় ঢৌৰ আতংক অব্যাহত থকাৰ বাবে পৰিপ্ৰেক্ষিতত গুৰুত্ব প্ৰদান কৰি চৰকাৰে জাৰি কৰিছে সান্ধ্য আইন  । কিন্তু এই সান্ধ্য আইনৰ সময়চোৱাত এতিয়া দিন-হাজিৰা,মজদুৰী কৰা শ্ৰমজীৱী লোক সকলক কৰ্মৰ অভাৱত আৰ্থিক ভাৱে জুৰুলা হব লগা হৈছে  । যাৰ বাবে দিন-হাজিৰা,মজদুৰী কৰা শ্ৰমজীৱী লোক সকলে এতিয়া নিজৰ পৰিয়ালৰ বাবে এমুঠি অন্ন যোগান ধৰিব নোৱাৰা হৈছে  । সেইমৰ্মে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মালৈ নলবাৰী জিলা ৰান্ধনী সন্থাই এই সান্ধ্য আইনৰ বাহাল থকা সময়লৈকে কাতৰ আহ্বান জনাইছে  । কৰোনা মহামাৰীৰ ফলত  ব্যক্তিগত ৰান্ধনী সকলে পেতৰ ভাত মুঠিৰ বাবে হাহাকাৰ কৰিব লগীয়া হৈছে ।  ৰান্ধনী সকলে ৰন্ধা-বঢ়া কাৰ্যত ব্যৱহাৰ কৰা সজুলী বিক্রি কৰি তাৰ পৰা পোৱা টকাৰে এখাজ খাই এখাজ লঘোনে থাকি জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে । কৰোনা মহামাৰীৰ বাবে বন্ধ হোৱা বিবাহ, সভা,পুজা,অনুষ্ঠান আদিত   ৰন্ধন কাৰ্য কৰি পৰিয়াল পোহপাল দিয়া ৰান্ধনী সকল এতিয়া মহাবিপাঙত পৰিছে । ৰান্ধনী সকলৰ পৰিয়াল সমুহে এতিয়া এসাজ খাই এসাজ লঘোনে দিন অতিবাহিত কৰিব লগীয়া হোৱাত পৰিলক্ষিত হৈছে । ইফালে স্থানীয় বিধায়ক তথা পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়েও ৰান্ধনী সকলৰ দুখৰ দিনত এবাৰলৈও খবৰ নোলোৱাৰ অভিযোগ উত্থাপন কৰিছে ৰান্ধনী সন্থাই । বিবাহ,  সভা, অনুস্থান, প্ৰতিষ্ঠানত ৰন্ধন কাৰ্য সম্পাদন কৰি পৰিয়াল পোহপাল দি কোনোমতে চলি অহা ৰান্ধনী সকলে সান্ধ্য আইনৰ বাবে তেওঁলোকৰ কৰ্মৰ পৰা দূৰৈত থাকিব লগীয়া হোৱাত চৰম আৰ্থিক দৈন্যতাত ভুগিব লগীয়া হোৱা বুলি মত ব্যক্ত কৰে জিলা ৰান্ধনী সন্থাৰ সভাপতি ভৈৰব বৰ্মন আৰু সম্পাদক অজিৎ গোস্বামীয়ে । আজি নলবাৰীৰ শোলমাৰাত আক্ৰান্ত ৰান্ধনী সকলে মিলিত হৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক কাতৰ আহ্বান জনাই এককালিন সাহাৰ্য্য প্ৰদান কৰিবলৈ দাবী জনাই । অন্যথা পৰিয়াল সমুহৰ লঘোনে দিন অতিবাহিত কৰিব লাগিব বুলিও মনৰ ক্ষোভ ব্যক্ত কৰে ৰান্ধনী সন্থাই ।

Leave A Reply