Breaking

চাবুৱাত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক সোঁৱৰণ

0 1,116

ক’ৰোণা ভাইৰাছৰ ভয়াবহতাৰ মাজতে সৈনিক শিল্পী তথা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ৫২ সংখ্যক মৃত্যু দিৱস আজি ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে চাবুৱাতো সম্পূৰ্ণ ক’ভিডৰ  প্ৰট’কল অনুসৰণেৰে অনুষ্টুপীয়াকৈ পালন কৰে । বালিজান চাইডিঙত  চাবুৱা সংগীত বিদ্যালয়ৰ প্ৰাংগনত ছাত্ৰ ছাত্ৰীসকলৰ মাজতে ৰাভাদেৱক সোঁৱৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সাংবাদিক অনুপম বুঢ়াগোহাঁয়ে আঁতধৰা উক্ত অনুষ্টুপীয়া অনুষ্ঠানত বিদ্যালয়ৰ সংগীত শিক্ষক তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰিবেশ্য ক’লাৰ অধ্যাপক অৰুণ হাজৰিকাই বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতিছব্বিত এগছি বন্তি আৰু ধূপ প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। অনুষ্ঠানটি উদ্বোধন কৰে অনাতাঁৰ শিল্পী তথা শিক্ষক চন্দ্ৰকান্ত ফুকনে । ইয়াৰ পিছতে ছাত্ৰ-ছাত্ৰীসকলে পৰিৱেশন কৰে এটি সমবেত সংগীত। ডি ডি আৰ মহাবিদ্যালয়ৰ অধ্যাপক , নাট্যকাৰ, অভিনেতা দিগন্ত দত্তই তেখেতৰ দুআষাৰৰ পিছতে শ্যামলী গোহাঁই , জাহ্নৱী ফুকন, হৰিপ্ৰিয়া চেতিয়া,  প্ৰাৰ্থনা ফুকন,আৰ্দিজা গোহাঁই, ৰহিম ডাঙৰীয়া, অশোক ফুকন, ৰাজেশ গন্ধিয়া, মৃগপ্ৰিয়া গগৈ,
চন্দ্ৰকান্ত ফুকন ,  অৰুণ হাজৰিকা, ৰাহুল ফুকন , মুকুল দাস আদিয়ে বিষ্ণু ৰাভা সংগীত পৰিবেশন কৰে। অনুপম বুঢ়াগোহাঁয়ে বাঁহী বাদনেৰে জীপাল  কৰা অনুষ্ঠানত শলাগৰ শৰাই আগবঢ়ায় বিদ্যালয়ৰ অধ্যক্ষ মুকুট নেওগে। ইফালে  চাবুৱা আঞ্চলিক ছাত্ৰ সন্থায়ো ক’ভিডৰ ভয়াবহতাৰ মাজতে অনুষ্টুপীয়াকৈ ইয়াৰ অস্থায়ী কাৰ্যালয়ত বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতিছবিত এগছি বন্তি প্ৰজ্বলনেৰে মহান শিল্পীজনক সোঁৱৰে । বন্তি প্ৰজ্বলন কৰে সমিতিৰ সভাপতি মৃদুপৱন গগৈয়ে।

Leave A Reply