Home Blog Page 2977

সাপ্তাহিক বজাৰ বন্ধই গ্ৰামাঞ্চলৰ চহা কৃষক ক্ষুদ্ৰ ব্যৱসায়ীৰ জীৱন যাত্ৰালৈ অশনি সংকেত,উদিগ্ন দৰিদ্ৰ কৃষক বনুৱা

ক’ভিড-১৯ৰ দ্বিতীয় লহৰে সমগ্ৰ দেশৰ লগতে অসমৰ কেবাখনো জিলাত সংক্ৰমনে প্ৰভাৱ বিস্তাৰ কৰিছে।ডিব্ৰুগড় জিলাতো ক’ৰনাৰ সংক্ৰমনে ভয়াবহ ৰূপ ধাৰণ কৰি বিপদাপন্ন কৰি তুলিছে।এই ক’ৰনা গণ সংক্ৰমন ৰোধৰ প্ৰতি ডিব্ৰুগড় জিলাৰ প্ৰশাসনে সাপ্তাহিক বজাৰ সমূহ বন্ধৰ নিৰ্দেশ দিয়াৰ পিছত আজি জিলাৰ সাপ্তাহিক বজাৰ সমূহ বন্ধ হৈ পৰে।আনকি ডিব্ৰুগড় চৌকিডিঙ্গী দৈনিক বজাৰ ডিকম বজাৰ,ঘোৰামৰা বজাৰ, লাহোৱাল বজাৰখনো বন্ধ হৈ পৰা পৰিলক্ষিত হয়।ক’ভিড মহামাৰীৰ গণ সংক্ৰমনৰ ৰোধৰ পৰিপ্ৰৰেক্ষিতত সাপ্তাহিক বজাৰ সমূহ বন্ধ দিয়াত আজি গ্ৰামাঞ্চলৰ ক্ষুদ্ৰ ব্যৱসায়ী ‘ গাৱত উৎপাদিত শাক পাচলিকে ধৰি শস্যজাত সামগ্ৰী বিক্ৰী কথমপি পেট প্ৰৱৰ্তন কৰা সকলে জীৱনৰ জীৱিকাৰ পৰা বঞ্চিত হোৱা বুলি এই প্ৰতিবেদকক জানিবলৈ দিয়ে।বিশেষকৈ গাৱঁলীয়া চহা কৃষক ‘বনুৱা ‘আৰু ক্ষুদ্ৰ ব্যৱসায় কৰি দুবেলা দুমুঠি আহাৰ যোগাৰ কৰা দৰিদ্ৰ বহু লোকে সাপ্তাহিক বজাৰ’ ডিব্ৰুগড় দৈনিক চৌকিডিঙ্গী বজাৰ আৰু অভাৰব্ৰীজৰ বজাৰ,ডিকম বজাৰত শাক পাচলি ‘কৃষিজাত সামগ্ৰী ‘হাহঁ কুকুৰা আদি বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰি পেট প্ৰবৰ্টায় আহিছে।কিন্তু সাপ্তাহিক বজাৰ আৰু ডিব্ৰুগড় চৌকিডিঙ্গী আৰু অভাৰব্ৰিজৰ দৈনিক বজাৰ,ডিকম বজাৰ বন্ধৰ ফলত গ্ৰামাঞ্চলৰ পৰা শাক পাচলিকে ধৰি শস্যজাত দ্ৰৱ্য ‘হাহঁকুকুৰা বিক্ৰী কৰি জীৱন আৰু জীৱিকা নিৰ্বাহ কৰা সকলৰ জীৱনকৈ অমানিশা নামি আহিল বুলি বহু ক্ষুদ্ৰ ব্যৱসায়ীয়ে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে আৰু ক’ভিড  বিধি মানি ‘আৰু ক’ভিড প্ৰটকলৰ মাজেৰে সাপ্তাহিক বজাৰ চলিৱ পৰা বিকল্প পদক্ষেপ বাবে অসমৰ নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী’ আৰু ডিব্ৰুগড় জিলা প্ৰশাসনক আহবান জনাইছে ।

পলাশবাৰী আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয়ত চুৰিকাণ্ড লুটি নিলে কম্পিউটাৰ, ফেন ,চিলিণ্ডাৰ ,চকী

সমগ্ৰ ৰাজ্যত মহামাৰী ক’ৰণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ ক্ষেত্ৰত জিলা প্ৰশাসনে ঘোষণা কৰা মিনি লকডাউন অৰ্থাৎ আবেলি ২ বজাৰ পৰা দোকান-পোহৰ বন্ধ আৰু সন্ধিয়া ৬ বজাৰ পৰা সন্ধ্যা আইন চলি থকাৰ সময়তে চোৰে চুৰি কাৰ্য অব্যাহত ৰাখিছে। মহানগৰীৰ দাতিকাষাৰীয়া তথা আজাৰা থানাৰ অন্তৰ্গত আগছীয়াস্থিত পলাশবাৰী আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয়ত যোৱা নিশা চোৰে এক চুৰিকাণ্ড সংঘটিত কৰে। জানিবপৰামতে যোৱা নিশা উক্ত বিদ্যালয়ত দুৰ্বৃত্তৰ দলে দুৱাৰৰ তলা ভাঙি শ্ৰেণী কোঠাসমূহ লণ্ডভণ্ড কৰাৰ লগতে দহখন ফেন, তিনিটা চিলিণ্ডাৰ, কম্পিউটাৰ চেট, কেবাখনো চকী, ৰান্ধনীশালৰ সা-সামগ্ৰী আদি লুটি লৈ যায়। বিদ্যালয়খনৰ বহু নথি-পত্ৰ লণ্ড ভণ্ড কৰাৰ উপৰিও চকী মেজ আদিও ভাঙি পেলায়। বিদ্যালয় বন্ধ থকাৰ বাবে প্ৰধান শিক্ষক গৰাকীয়ে আজি দুপৰীয়া বিশেষ কামৰ বাবে বিদ্যালয়লৈ অহাত ঘটনাটো পোহৰলৈ আহে। লগে লগে প্ৰধান শিক্ষক গৰাকীয়ে আজাৰা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে গোচৰ ৰুজু কৰি বিদ্যায়লখনত উপস্থিত হৈ তদন্ত চলাই বিদ্যালয়খনৰ পিছফালে মুকলি পথাৰৰ মাজত ৰন্ধন কাৰ্যত ব্যৱহাৰ কৰা কিছু সামগ্ৰী পৰি থকা অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয়। কৰ’ণা মহামাৰীৰ প্ৰকোপৰ বাবে বিদ্যালয়সমূহ বন্ধ থকাৰ সুযোগ লৈ দুৰ্বৃত্তই  ঘটনাটো সংঘটিত কৰা বুলি স্পষ্ট নহয় যদিও যোৱা নিশা নিশা লুটপাট চলোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে শিক্ষক আৰু আৰক্ষীয়ে।

গোলাঘাটত ক’ভিড মৃত্যুৰ সংখ্যা ১২ জনলৈ বৃদ্ধি, হাউতলী বাগানত কন্টেইমেন্ট জ’ন ঘোষণা

 গোলাঘাটত পুনৰ ক’ভিড আক্ৰান্ত হৈ মৃত্যু হ’ল দুজন ব্যক্তিৰ। আজিৰ ভিতৰত  জিলা খনত মৃত্যুৰ সংখ্যা ১২ জনলৈ বৃদ্ধি পালে।আজি পুৱা ৩-১৫ বজাত  গোলাঘাট চহৰৰ মিচন ৰোডৰ চন্দন বাচক নামৰ ৪১ বছৰ বয়সীয়া লোকজনৰ মৃত্যু হোৱাৰ পিছতে দূপৰীয়া ১২-৩০  বজাত আব্দুল মজিদ নামৰ ৭০ বছৰীয়া লোকজনৰ মৃত্যু হৈছে।মৃত লোকজনৰ ঘৰ চহৰৰ চান্দমাৰী অঞ্চলৰ বুলি জানিব পৰা গৈছে। দুয়োজন লোককে কালি গোলাঘাটৰ ক’ভিড হাস্পাতালত ভৰ্তি কৰোৱা হৈছিল। ইফালে গোলাঘাটৰ হাউতলী চাহ বাগানত ক’ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাত জিলা প্ৰশাসনে বাগানখন কন্টেইমেন্ট জ’ন হিচাবে ঘোষণা কৰিছে। চৰকাৰী নিৰ্দেশ অনুসৰি আজিৰ পৰা বাগানখনলৈ কোনো লোকৰ প্ৰৱেশ-প্ৰস্থানত বাধা থাকিব।

ReplyForward

কাৰ্বি-আংলঙত অস্ত্ৰশস্ত্ৰসহ তিনি চোৰাং চিকাৰী আটক

ধৃত গঁড় চিকাৰী কেইটা ক্ৰমে – ৱেলচন টেৰণ, আলো ৰেংমা আৰু দেৰেচাং ৰেংমা

কাৰ্বি আংলং জিলাৰ বকলীয়াঘাট আৰক্ষী থানাৰ অন্তৰ্গত দুৰ্গম এলেকা থেকেৰাজানত আৰক্ষীৰ অভিযান। দেওবাৰে চলা আৰক্ষীৰ এই অভিযানত  ৩ টা গঁড় চিকাৰী সহ বৃহৎ পৰিমাণৰ অস্ত্ৰশস্ত্ৰ উদ্ধাৰ কৰে কাৰ্বি আংলং আৰক্ষীয়ে৷ ধৃত গঁড় চিকাৰী কেইটা ক্ৰমে – ৱেলচন টেৰণ (৩৪) , আলো ৰেংমা (২৯) আৰু দেৰেচাং ৰেংমা (৩৬) ৷ধৃত সৰবৰাহকাৰী কেইটাৰ পৰা ২ টা AK47ৰাইফল , ২ টা মেগজিন , ৩০ জাই সক্ৰিয় গুলী উদ্ধাৰ কৰে আৰক্ষীয়ে।

ধুবুৰীৰ লোক সভা সাংসদৰ নমিনি লাল মিয়াৰ বিৰুদ্ধে অভিযোগ।

ধুবুৰী লোক সভা সাংসদ মৌলানা বদৰুদ্দিন আজমল চাহাবে সকলো ৰাইজৰ বাবে ফকিৰগঞ্জ মডেল হচপিটালত এখন এম্বুলেন্সৰ বাবদ টকা আৱন্টন দিছিল ৯ লাখ ৮০ হাজাৰ টকা। কিন্ত আজি প্ৰায় দহ মাহ উকলি গল আজিলৈকে ফকিৰগঞ্জ মডেল হচপিটালত এখন এম্বুলেন্স নাপালে। যেতিয়াই সচিয়াল মাধ্যমৰ জৰিয়তে আব্দুল মান্নান সেখ নামৰ এগৰাকী লোকে ধুবুৰী সাংসদৰ নমিনি লাল মিয়াৰ বিৰুদ্ধে এম্বুলেন্সৰ টকা আত্মসাত কৰাৰ অভিযোগ তুলি সচিয়াল মাধ্যম ফেচবুকত ভাইৰাল কৰিছিল  তেতিয়াই ধুবুৰী সাংসদৰ নমিনি লাল মিয়াই এটা স্পষ্টীকৰন দিছিল যে এম্বুলেন্সৰ সম্পূৰ্ন টকাই পাঁচবুক একাউন্টত জমা আছে। এতিয়া প্রশ্ন হয় টকা যদি আছে তেন্তে কিয় ফকিৰগঞ্জ মডেল হচপিটালত এতিয়ালৈকে এখন এম্বুলেন্স দিব পৰা নাই? নে  মহান, আদৰ্শৱান, সহজ সৰল ধুবুৰী সাংসদ মৌলানা বদৰুদ্দিন আজমল চাহাবৰ সৰলতাৰ সুযোগ লৈ গঢ়ি তুলিব বিচাৰে ধন সম্পত্তি। অতি সোনকালে বিষয়টো তদন্ত কৰি ফকিৰগঞ্জ মডেল হচপিটালত এখন এম্বুলেন্স দিয়াৰ বাবে দাবী স্থানীয় ৰাইজৰ।

গ্ৰাম্যাঞ্চলৰ কৃষক ৰাইজক চৰম প্ৰতাৰণা কৃষি বিভাগৰ

 দেশৰ ধৰণী ধৰোতা খাতি খোৱা
গ্ৰাম্যাঞ্চলৰ কৃষক ৰাইজক ৰাম টাঙোণ সোধাইছে ৰাজ্যৰ কৃষি বিভাগে। অলপতে পঞ্চায়ত সমূহলৈ  যোগাণ ধৰা “অমৃত সাগৰ”  উন্নত মানৰ কলৰ জাতৰ নামত শুকাই আৰু গেলি-পচি যোৱা কলৰ মধনুৱা দেখি খেতিয়কৰ চকু কপালত উঠিছে। স্থানীয় ৰাইজৰ পৰা জানিব পৰা মতে শিৱসাগৰ জিলা কৃষি বিষয়া নিহাৰ ৰঞ্জন বৰুৱাৰ তত্বাবধানত হাঁহচৰা আৰু চেৰেকাপাৰ গাঁও পঞ্চায়তলৈ যোগান ধৰা উন্নত মানৰ কলৰ জাতৰ “অমৃত সাগৰে” এতিয়া সচাঁকৈয়ে পাৰা-পাৰ হীন সাগৰ সদৃশ ভাৱনাই  কৃষক ৰাইজক বাৰুকৈয়ে চিন্তাত পেলাইছে। উল্লেখ্য যে বিগত বছৰ বছৰ ধৰি বিভিন্ন সময়ত কৃষি বিভাগে কৃষক সকলক বীজ যোগানৰ ক্ষেত্ৰত বহুৱালি কৰি আহিছে। কণা হাহঁক পতান ধান দিয়াৰ দৰে,পঞ্চায়তে পঞ্চায়তে শিৱসাগৰ কৃষি বিভাগৰ দ্বাৰা গ্ৰাম্যাঞ্চলৰ কৃষক ৰাইজক শুকান,গেলি-পচি যোৱা পুলি যোগান ধৰাক লৈ স্থানীয় ৰাইজৰ ক্ষোভত জ্বলি উঠে। মাহে মাহে চৰকাৰি বেতন লাভ কৰি অহা বেতন ভুগি সকলে সাধাৰণ কৃষক সকলৰ জীৱনৰ ওপৰত হেতালী খেলিবলৈ কেতিয়া এৰিব এতিয়া চিন্তাৰ বিষয় হৈ পৰিছে।
কিন্তু এইটো ঠিক  বিভাগীয় কতৃপক্ষই সময় থাকোতে ইয়াৰ সঠিক ব্যৱস্থা নললে, কৃষি বিভাগৰ প্ৰতি ৰাইজে আস্হা হেৰুৱাই পেলাব সেইয়া নিশ্চিত। গতিকে কৃষি বিভাগে কৃষক সকলক বীজ যোগান ধৰাৰ নামত চৰম প্ৰতাৰণা কৰাৰ পৰা বিৰত থাকিবলৈ সকিয়াই দিছে।
 

নতুন চৰকাৰখনত তিনিজন আহোম সম্প্ৰদায়ৰ বিধায়কক মন্ত্ৰীত্ব প্ৰদানৰ দাবী আটাছুৰ

 নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে নতুনকৈ গঠন হোৱা মন্ত্ৰী পৰিষদক শুভেচ্ছা জনালে সদৌ তাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক দেৱজিৎ গগৈয়ে । আনহাতে নেতাজনে নতুনকৈ গঠন হোৱা মন্ত্ৰী পৰিষদত আহোম জনগোষ্ঠীৰ পৰা তিনিজন বিধায়কক মন্ত্ৰী সভাত অন্তৰ্ভূক্ত কৰিবলৈ আহ্বান জনাইছে । লগতে নিৰ্বাচনৰ পূৰ্বে যিসমূহ প্ৰতিশ্ৰুতি দিছিল সেয়া বাস্তৱত ৰূপায়ন কৰিবলৈ আহ্বান জনোৱাৰ লগতে ইয়াৰে ভিতৰত অসম চুক্তিৰ ৬ নং দফা সম্পূৰ্ণ কাৰ্যকৰী কৰিবলৈ দাবী জনায় আৰু জনজাতিকৰণ প্ৰক্ৰিয়াটো আগুৱাই নিব বুলি দৃঢ়বিশ্বাসী ।আনহাতে নতুন চৰকাৰখনে আহোমৰ ৰাজত্বকালৰ কীৰ্তি চিহ্ন সমূহ সংৰক্ষণ কৰাত গুৰুত্ব প্ৰদান কৰিব বুলি আশাবাদী আটাছুৰ। 

মৰাণত স্বয়ম্ভু সাংবাদিকৰ দপদপনি:ধনদাবী কৰিব গৈ ৰঙাঘৰৰ আলহী হল দুই স্বয়ম্ভূ সাংবাদিক

 ৰাজ্যত কাঠফুলাৰ দৰে গঢ় লৈ উঠিছে অবৈধ ৱেব পৰ্টেল। সেই সমূহ ৱেব পৰ্টেলত অৰ্হতাহীন সংবাদিকৰ দপদপনি অধিক বৃদ্ধি হৈছে। বৃদ্ধি পাইছে ভুৱা সাংবাদিকৰ দপদপনি।এই ক্ষেত্ৰত চৰকাৰেবিহিত ব্যৱস্থা গ্ৰহন নকৰিলে সমাজৰ বাবে অধিক ক্ষতিকাৰক হ’ব।তেনে এক ঘটনাই সংঘটিত হৈছে আজি মৰাণত। সমগ্ৰ অসমৰ অৰ্থনীতি টনকিয়াল কৰা চাহ বাগানত ধন দাবী কৰিবলৈ আহি ৰঙা ঘৰৰ আলহী হব লগা হ’ল খোৱাঙৰ কৌশিক দে আৰু পঠালিবামৰ অনুজ মাঝি নামৰ দুজন ভুৱা সাংবাদিক । নিজকে ৰিপৰ্টাৰ অসম নামৰ ৱেব চেনেল আৰু বাতৰি কাকত সাংবাদিক বুলি চিনাকি দি মৰাণৰ সমীপৰ মহখুটি চাহ বাগিচাত আঠ হাজাৰ টকা দাবী কৰিছিল বুলি জানিব দিয়ে বাগিচাৰ কতৃপক্ষই। ঘটনা অনুসৰি ৰাজ্যত ক’ভিডৰ নতুন নীতি নিৰ্দেশনা অমান্য কৰা বুলি বাগিচাখনৰ ভিডিঅ’ কৰি বাগিচাখনৰ কতৃপক্ষক শনিবাৰে দাবী কৰিছিল আঠ হাজাৰকৈ টকা, পিছত বাগিচা কতৃপক্ষই আৰক্ষী আৰু প্ৰেছক্লাবৰে যোগাযোগ কৰাত ভুৱা সাংবাদিক বুলি জানিব পাৰে। আজি দাবী কৰা ধন নিবলৈ আহি আৰক্ষীৰ হাতত হাতে লুতে ধৰা পৰে কৌশিক দে আৰু অনুজ মাঝি নামৰ স্বয়ম্ভু সাংবাদিক দুগৰাকী ।সচেতন মহলে এনে স্বয়ম্ভু সাংবাদিকৰ ওপৰত আইনগত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নতুন চৰকাৰ খনক দাবী জনাইছে। 

মাৰ্ঘেৰিটাত ৫০ খন বিছনা যুক্ত ক’ভিড কেয়াৰ চেণ্টাৰ সম্পূৰ্ণ ৰূপে সাজু

ৰাজ্যজুৰি দিনক-দিনে বৃদ্ধি পাই অহা ক’ভিডৰ ভয়াবহ সংক্ৰমণৰ পৰিপেক্ষিতত তিনিচুকীয়া জিলাৰ অন্তৰ্গত মাৰ্ঘেৰিটাতো মাৰ্ঘেৰিটা মহকুমাৰ প্ৰশাসনে ক’ভিড ৰোগীৰ সকলৰ বাবে সাজু কৰি তুলিছে ক’ভিড কেয়াৰ চেণ্টাৰ | মাৰ্ঘেৰিটাৰ নগৰ স্থিত ইণ্ডিয়া ক্লাৱত মাৰ্ঘেৰিটা মহকুমাৰ প্ৰশাসনে ৫০ খন বিচনা যুক্ত  ক’ভিড কেয়াৰ চেণ্টাৰটোত ক’ভিড ৰোগীসকলক ৰাখিব পৰাকৈ সাজু কৰি তুলিছে|আজিৰে পৰা এই ক’ভিড কেয়াৰ চেণ্টাৰত ক’ভিড ৰোগীসকলক  ৰাখিব পৰা যাব বুলি মহকুমাৰ প্ৰশাসনে সদৰি কৰিছে | ক’ভিড কেয়াৰ চেণ্টাৰটোত মাৰ্ঘেৰিটাৰ মহকুমাৰধিপতি সম্প্ৰীতি গোস্বামী নিজে উপস্থিত থাকি সকলোবোৰ দিশ তদাৰক কৰিছে|

শপত গ্ৰহণৰ পাছতেই মুখ্যমন্ত্ৰীক শুভেচ্ছা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

সোমবাৰে ৰাজ্যৰ ১৫ সংখ্যক মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে ড০ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে শপত গ্ৰহণ কৰাৰ পাছতেই নৱ নিযুক্ত মুখ্যমন্ত্ৰীগৰাকীক টুইটাৰ যোগে শুভেচ্ছা জ্ঞাপন কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
ইফালে নতুন মন্ত্ৰীসভাত শপত গ্ৰহণ কৰা আন আন মন্ত্ৰীসকলকো শুভেচ্ছা জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে। লগতে অসমৰ উন্নয়ণৰ তথা ক্ষেত্ৰৰ লগতে ৰাইজৰ আশা আকাংক্ষাক পূৰণ কৰিবলৈ সক্ষম হ’ব বুলিও প্ৰকাশ কৰে। 
ইয়াৰোপৰি, যোৱা ৫ বছৰে শাসনত থকা সৰ্বানন্দ সোণোৱালৰ নেতৃত্ব চৰকাৰৰো প্ৰশংসা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।