Home Blog Page 2977

লাহৰীঘাটত পৰ্টেলৰ দুই সাংবাদিক আটক

দাবী কৰা ধন নিবলৈ আহি   যোৱা কালি  শনিবাৰে  লাহৰীঘাটত আটক হ’ল নিউজ পৰ্টেলৰ গুৱাহাটীৰ দুই সাংবাদিক। লাহৰীঘাটত পঞ্চায়ত সভানেত্ৰীৰ পৰা টকা নিবলৈ গুৱাহাটীৰ পৰা আহিছিল দুই  সাংবাদিক। নিউজ পৰ্টেল ” নিউজ 30 ” ৰ এই দুই সাংবাদিক হৈছে পৰ্টেলটোৰ সহকাৰী সম্পাদক ৰমেন বৰা আৰু অনুপ কলিতা।শনিবাৰে সুদূৰ গুৱাহাটীৰ পৰা এই দুই সাংবাদিকে লাহৰীঘাটৰ কুশতলিলৈ আহিছিল লাহৰীঘাটৰ কাঠনি গাঁও পঞ্চায়তৰ সভানেত্ৰী ৰৌজলীন ফাৰুকীৰ পৰা দাবী কৰা ধন।উল্লেখ্য যে গাঁও পঞ্চায়তখনত দুৰ্নীতিৰ হোৱা অভিযোগত  টকা দাবী কৰি নিবৰ বাবে আহোতেই  লাহৰীঘাটৰ আৰক্ষীয়ে যোৱা কালি   শনিবাৰে আবেলি কুশতলিৰ দুই স্বয়ম্ভূ সাংবাদিকক গ্ৰেপ্তাৰ কৰে।লগতে তেওঁলোকে লৈ অহা  AS 01D-S 8794 নম্বৰৰ পালচা বাইকখন জব্দ কৰে।অভিযোগ মতে, যোৱা কিছু দিনৰ পৰা সহকাৰী সম্পাদক ৰমেন বৰাই ফোন যোগে সভানেত্ৰী গৰাকীক হাৰাশাস্তি কৰি আহিছে। ইফালে আটকাধীন সাংবাদিক দুজনে দুই লাখ টকা দাবী কৰা অভিযোগ তুলি  সভানেত্ৰী গৰাকীয়ে লাহৰীঘাট থানাত এজেহাৰ দাখিল কৰিছে। 

আৰক্ষী বিষয়া সঞ্জয় আনন্দ মুছাহাৰী আৰু বন বিষয়া শান্তনা মেধিৰ সফল অভিযান

গোৱালপাৰা জিলাৰ গোৱালপাৰা সদৰ বনাঞ্চলিকৰ বন বিষয়া শান্তনা মেধিৰ নেতৃত্বত চলা এটাৰ পিছত এটা সফল অভিযানে অঞ্চলটোৰ বন ধংসকাৰী কাঠ মাফিয়াৰ নিদ্ৰা হৰণ কৰিছে। ঘটনাৰ বিবৰণি মতে যোৱা নিশা ৯:৩০ মান বজাত আগিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জয় আনন্দ মুছাহাৰী আৰু গোৱালপাৰা সদৰ বনাঞ্চলিকৰ বন বিষয়া শান্তনা মেধিৰ নেতৃত্বত বনকৰ্মীৰ দল আৰু অগিয়া আৰক্ষীৰ দলে এক গোপন সুত্ৰৰ পম খেদি বনাঞ্চলত অভিযান চলাই গৰাই মাৰী বনাঞ্চলত বহু পৰিমাণৰ মুল্যৱান কাঠৰ কুণ্ডা সহ এখন অৱৈধ কাঠফলা মিল জব্দ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে মিলত গছ কাটি থকাৰ সময়তে বনআৰক্ষীৰ উমান পাই ঘটনাস্থলীৰ পলাই সাৰিবলৈ সক্ষম হয় দুৰ্বিত্তৰ দল টোয়ে। জব্দকৃত কাঠৰ কুণ্ডা খিনি ইতিমধ্যে গোৱালপাৰা সদৰ বনাঞ্চলিক কাৰ্যালয় লৈ আনে বন কৰ্মীয়ে।কাঠ খিনিৰ আনুমানিক বজাৰত মুল্য ১’৫০.০০০ টকা হ’ব।এনেকৈয়ে এচাম কাঠ মাফিয়াই বন ধংসৰ যজ্ঞ চলাই আহিছে ৷হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰ খনে পৰিবনে নাকী লগাব সেই সকল দুস্ক্‌তিকাৰিক?গোৱালপাৰা সদৰ বনাঞ্চলিক বন বিষয়া শান্তনা মেধি ,আৰক্ষী বিষয়া সঞ্জয় আনন্দ মুছাহাৰী, আৰু উপ আৰক্ষী বিষয়া পূৰ্ণ দাসৰ এই সফল অভিযানত ভূয়সী প্ৰশংসা কৰিছে অঞ্চলটোৰ সচেতন মহলে।

আজি গোগামুখলৈ মুখ্যমন্ত্ৰী ডঃ শৰ্মাঃ উদ্বোধন কৰিব মিচিং স্বায়ত্তশাসিত পৰিষদৰ অভিলাষী অতিথিশালা


মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পিছত পোনপ্ৰথমবাৰৰ বাবে ধেমাজি জিলাৰ গোগামুখলৈ আহিব মুখ্যমন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মা ৷ তেওঁ গোগামুখ চেতিয়া গাঁৱত  মিচিং স্বায়ত্তশাসিত পৰিষদৰ দ্বাৰা নিৰ্মিত অভিলাষী অতিথিশালা উদ্বোধন কৰিব আৰু বিধায়ক ছিগনেশ্বাৰ পূঁজিৰে নিৰ্মাণ হৈ থকা বহুমুখী  দক্ষতা বিকাশ প্ৰকল্পটো পৰিদৰ্শন কৰিব ৷
 মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ ছায়েঙ্গীয়াই জনোৱা মতে গোগামুখ চেতিয়া গাঁৱত অৱস্থিত অতিথিশালাটো  ১.৬৯ কোটি পূঁজিৰে নিৰ্মাণ কৰা হৈছে ৷  বহুমুখী দক্ষতা বিকাশ প্ৰকল্পটো ১০ কোটি টকাৰে নিৰ্মাণ কৰি থকা হৈছে আৰু উক্ত নিৰ্মাণ কাৰ্য  বিগত বৰ্ষৰ ধেমাজি বিধানসভা সমষ্টিৰ বিধায়ক উন্নয়ন পূঁজিৰ ধনেৰে নিৰ্মাণ কৰা হৈছে ৷
ছায়েঙ্গীয়াই জনোৱা মতে, প্ৰায় ৪০০ গৰাকী -যুৱক-যুৱতীয়ে একে সময়তে বিভিন্ন বিষয়ত প্ৰশিক্ষণ ল’ব পৰাকৈ নিৰ্মাণ কৰা উক্ত কেন্দ্ৰটি অহা ডিচেম্বৰ মাহত ৰাইজক অৰ্পণ কৰিব ৷  কালিৰ অনুষ্ঠানত উপস্থিত থাকিিব শিক্ষা আৰু ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ উন্নয়ন দপ্তৰৰ মন্ত্ৰী ডাঃ ৰণোজ পেগু,  লখিমপুৰ আৰু ধেমাজি জিলাৰ  অভিভাৱক মন্ত্ৰী  সঞ্জয় কিষান, লখিমপুৰ লোকসভা সমষ্টিৰ  সাংসদ  প্ৰদান বৰুৱা, ঢকুৱাখনা বিধানসভা সমষ্টিৰ বিধায়ক নৱকুমাৰ দলে, জোনাই বিধান সভা সমষ্টিৰ বিধায়ক ভুৱন পেগু, লখিমপুৰ বিধানসভা সমষ্টিৰ বিধায়ক  মানৱ ডেকা ৷ তদুপৰি মুখ্য কাৰ্যবাহী সদস্য ছায়েঙ্গীয়াই জনাইছে যে কাইলৈ বিশ্ব যোগ দিৱস উপলক্ষ্যে মিচিং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত আৰু ৰুদ্ৰাক্ষ যোগ কেন্দ্ৰৰ সহযোগত গোগামুখ আবতানি লত্তাত বিশ্ব যোগ দিৱস ক’ভিড প্ৰট’কল মানি পালন কৰিব আৰু পৰিষদৰ অধ্যক্ষ, কাৰ্যবাহী, সাধাৰণ সদস্য, বিষয়া উপস্থিত থাকিব ৷

খেতি পথাৰৰ পৰা ক্ৰমাৎ হেৰাই যোৱাৰ উপক্ৰম গৰু-ম’হৰ হালেৰে মাটি চহোৱাৰ মাদকতা

হালৰ গৰু- ম’হ হাল হ’ল কৃষক সকলৰ এক এৰাব নোৱাৰা সম্পদ।যাৰ অৱৰ্তমানত কৃষকৰ ঘৰ-পৰিয়াল চলাই নিয়াৰ যেন কল্পনাই কৰিব নোৱাৰি। ৰাজ্যখনৰ প্ৰায় ৮০ শতাংশ লোকেই কৃষিৰ ওপৰত নিৰ্ভৰ কৰে।যি সকলৰ অৰ্থনীতিৰ মূল বুুুনিয়াদ হিচাপে হালৰ গৰু- ম’হ হালৰ কথাকেই নিশ্চয় ক’ব লাগিব।আহাৰ মাহৰ পৰা ভাদ মাহলৈ খেতিয়ক সকলৰ আৰম্ভ হয় শালি ধানৰ খেতি কৰাৰ বাবে কৃষি পথাৰত ব্যস্ততা।কাউৰী পুৱাতে কৃষক সকলে শালি ধানৰ পথাৰৰ মাটি চহাবলৈ বুলি কান্ধত নাঙল, সিয়নি, এটা জুমুঠি, মূৰত টকৌ পাতৰ জাপি, হাতত এডাল লৰুৰে  হালৰ গৰু হাল লৈ পথাৰলৈ যোৱা দৃশ্য আছিল  নান্দনিক।হালবাই থকাৰ মাজতে গৃহিনীয়ে হালোৱালৈ বুলি পথাৰলৈ চাহ- জলপান লৈ যোৱাৰ পিছত দোবোলৰ আলিত বহি দুই হাতেৰে ধৰি কাঁহৰ বাতিত চাহ বাতিত ঘোপা দিয়া  দৃশ্যই বাৰিষাৰ পথাৰখনক অধিক জীপাল কৰি তুলিছিল। তদুপৰি কাপোৰৰ কোচৰ পৰা উলিয়াই বয়সীয়াজনে বিড়ি ঘোপা, চিলিম ঘোপা দৃশ্যও আছিল মনোমোহা । কিন্তু আশ্বৰ্যজনক ভাবে  আধুনিকতাৰ ধামখুমীয়াত আজি যেন সেইবোৰ মনোৰম দৃশ্য বিলুপ্ত হ’ল । সময়ৰ লগত মিলি যাবলৈ আজিৰ কৃষক সকলে হালৰ গৰু-ম’হ হাল বিক্ৰী কৰি বাৰিষাৰ পথাৰত ট্ৰেক্টৰ- পাৱাৰটিলাৰে মাটি চহাই বোকা কৰি এসপ্তাহতে শেষ কৰে কৃষি কৰ্ম।  গৰু- ম’হৰ পৰিৱৰ্তে এতিয়া মেচিন চালিত মাটি চহোৱা গাড়ীৰহে দপদপনি দেখিবলৈ পোৱা যায় শালি ধানৰ খেতিপথাৰত। তদুপৰি হালোৱাই হাল বাই থাকোতে ভৰিত লিপিত খাই ধৰি কামোৰা পানী জোক এখন হাতেৰে এৰুৱাই পেলাই আঁতৰলৈ দলিয়াই পেলাই দৃশ্য বোৰ আছিল নান্দনিক ।চৰপা নামৰ সৰু পতঙ্গ এবিধে মূৰ- গাত কোমোৰাৰ বাবে কৃষক গৰাকীয়ে কানৰ লতিত চূণ ঘহি লৈ পথাৰলৈ যোৱা দৃশ্যবোৰো আছিল দৃষ্টিনন্দন। ৰ’দ দিলে হালোৱাই মূৰত টকৌ পাতেৰে সজা জাপিটো মূৰত লৈ নাঙলৰ মুঠিত ধৰি গৰু হালৰ পিছত যা-যা, হ’ল যা, যা মেলিম যা, কলা ঘুৰ- ঘুৰি, বগা যা- যা ইত্যাদি হালুৱৈ জনৰ মুখৰ কথাবোৰ যেন বতাহত ভাহি আহি কানত নপৰে । আনপিনে হালুৱৈ সকলে ৰোঁৱনীলৈ বুলি ধেমেলীয়া সুৰত গোৱা শুৱলা গীতৰ শব্দৰ সলনি ট্ৰেক্টৰ-পাৱাৰটিলাৰ আদিৰ হেৰহেৰণি , ধপ-ধপ শব্দহে শুনিবলৈ পোৱা যায়। যান্ত্ৰিকতাৰ যুগত কৃষক সকল মিলি গৈ আজিৰ পথাৰত মেচিন চালিত গাড়ীৰে মাটি চহোৱাৰ কোনো সময়-কাল নাই।পথাৰত আলিৰ কান কটা, আলি দিয়া, পানী সিঁচা আদি কামতো কোনো সময় নাই।পথাৰত মেচিন চালিত গাড়ীৰে মাটি চোহোৱাৰ কাম শেষ কৰি যোৱাৰ পিছত  কৃষক সকলে যেতিয়াই- তেতিয়াই খতি পথাৰলৈ  গৈ যাৱতীয় কামখিনি কৰিব পাৰে। কথা হ’ল সময়ৰ সোঁতত ক্ৰমাৎ নাইকীয়া হ’বলৈ ধৰা এইবোৰ কৃষ্টি চাই থাকোতে নোহোৱা হ’ব ধৰাটো অসমীয়া সমাজৰ জীৱনৰ বাবে অতিকৈ দুৰ্ভাগ্য জনক।সমাজ সংস্কৃতিৰ গুৰি ধৰি ৰাখিব নোৱাৰাটো আমাৰ সকলোৰে বাবে অকমণ্যতা ফল নিশ্চয়।লোক সংস্কৃতিৰ সাধক সকলো এইবোৰৰ পৰা আঁতৰত থাকি নিমাত হৈ থকাটো আশ্বৰ্যজনক কথা।

কলাগুৰুৰ সমাধিত নৃত্য-গীতৰ দ্বাৰা একাজলী শ্ৰদ্ধাঞ্জলি

কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দেৱৰ পবিত্ৰ মৃত্যু তিথিত তেখেতৰ সমাধিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে কলাগুৰুৰ জেষ্ঠ পুত্ৰ তথা তেজপুৰ সমস্তিৰ সন্মানীয় বিধায়ক পৃথ্বীৰাজ ৰাভাই। লগতে সহযোগ কৰিছে শোণিতপুৰ জিলাৰ উপায়ুক্ত ভূপেন চন্দ্ৰ দাসে।

দলং নিৰ্মাণৰ দাবীত বালিজানত কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতিৰ প্ৰতিবাদঃ প্ৰতিশ্ৰুতি পূৰণত ব্যৰ্থ হৈছে ৰাজ্য চৰকাৰ

শোণিতপুৰ জিলাৰ বৰছলা বিধানসভা সমষ্টিৰ অন্তৰ্গত ঢেকীয়াজুলি ৰাজহ চক্ৰ এলেকাৰ বালিজানত কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতিয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷শিঙৰীৰ পৰা ভঙামন্দিৰলৈ যোৱা অতিকৈ গুৰুত্বপূৰ্ণ পথত বালিজানত থকা ভগা দলং নিৰ্মাণৰ দাবীত সংগঠনটোৰ সীমিত সংখ্যক সদস্যই চৰকাৰৰ নীতি নিৰ্দেশনা মানি সামাজিক দুৰত্ব বৰ্তাই ৰাখি তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে৷ কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতি অসমৰ সভাপতি প্ৰশান্ত বৈশ্যৰ নেতৃত্বত সংগঠনটোৰ কৰ্মকৰ্তা সকলে চৰকাৰে নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি পালন কৰক,শিঙৰীৰ পৰা ভঙামন্দিৰলৈ যোৱা সংযোগী পথৰ বালিজানত থকা ভগা দলং  নিৰ্মাণৰ ব্যৱস্থা কৰক,বালিজানত থকা পকী দলং নিৰ্মাণত দুৰ্নীতি সংগঠিত কৰা জয়চোৱাল উপাধিৰ ঠিকাদাৰগৰাকীক গ্ৰেপ্তাৰ কৰক,ৰাজ্যৰ অন্যান্য প্ৰান্তৰ প্ৰতিটো জৰাজীৰ্ণ ভগা দলং নিৰ্মাণৰ ব্যৱস্থা কৰক,বিধায়ক গনেশ কুমাৰ লিম্বু হায় হায়,গনেশ কুমাৰ লিম্বু মুৰ্দাবাদ,সাংসদ পল্লৱ লোচন দাসৰ কাম নাই,অসম চৰকাৰৰ কাম নাই,কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতি জিন্দাবাদ আদি বিভিন্ন শ্ল’গান দি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷প্ৰতিবাদস্থলীত কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতি অসমৰ সভাপতি প্ৰশান্ত বৈশ্যই কেন্দ্ৰীয় তথা ৰাজ্যৰ মিত্ৰজোঁটৰ চৰকাৰৰ বিৰুদ্ধে অসন্তুষ্টি প্ৰকাশ কৰি তীব্ৰ ভাষাৰে সমালোচনা কৰে৷কৃষক শ্ৰমিক নেতা প্ৰশান্ত বৈশ্যই চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰি কয় বৰ্তমানৰ মিত্ৰজোঁটৰ ৰাজ্য চৰকাৰৰ কথা আৰু কামৰ মাজত সামান্যতমো মিল নোহোৱা হৈছে৷ৰাজ্যত এতিয়া মিছা প্ৰতিশ্ৰুতিৰ বন্যা বোৱাই একাংশ দুৰ্নীতিপৰায়ণ ঠিকাদাৰক তোষামোদ কৰি ফাকি ফোকাৰ্ আশ্ৰয় লৈ এখন মেৰুদণ্ডহীন চৰকাৰ চলিছে৷প্ৰশান্ত বৈশ্যই লগতে কয় যি সময়ত চৰকাৰখনে গ্ৰামাঞ্চলৰ প্ৰতিখন বাটপথৰ লগতে জৰাজীৰ্ণ দলং সমূহ নিৰ্মাণ কৰা হৈছে বুলি একাংশ সংবাদ মাধ্যমত মিছা ঢাক-ঢোল বজাই ফুৰিছে তেনে সময়তে শিঙৰীৰ পৰা ভঙামন্দিৰলৈ যোৱা অতিকৈ গুৰুত্বপূৰ্ণ পথছোৱাৰ মধ্যভাগত  বালিজানত থকা পকী ভগা দলংখন আজিলৈকে নিৰ্মাণৰ ব্যৱস্থা নকৰা কাৰ্যই চৰকাৰৰ বাট-পথৰ লগতে দলং নিৰ্মাণৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপৰ প্ৰকৃত জিয়া ছবিখন পোহৰলৈ আহিছে৷লগতে কৃষক শ্ৰমিক নেতা প্ৰশান্ত বৈশ্যই কয় বৰছলা বিধানসভা সমষ্টিৰ অন্তৰ্গত শিঙৰীৰ পৰা ভঙামন্দিৰলৈ যোৱা পথটোৰে এলেকাটোৰ কেইবাটাও গাৱঁৰ হেজাৰ হেজাৰ লোকে অহাযোৱা কৰে যদিও দুবছৰ মানৰ পূৰ্বে কেইবা লক্ষাধিক টকা ব্যয় সাপেক্ষে বালিজানত  নিৰ্মাণ কৰা পকী দলংখন বিগত কিছুদিনৰ পূৰ্বেই মধ্যভাগত প্ৰকাণ্ড গাতৰ সৃষ্টি হৈছে৷ফলত পথচাৰীয়ে অহাযোৱা কৰাৰ অৱস্থাত উক্ত দলঙৰ মধ্যভাগত সৃষ্টি হোৱা গাতত পৰি আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হৈছে৷কিন্তু ইমানৰ পিচতো আজিলৈকে বালিজানস্থিত ভাঙি থকা দলংখন  মেৰামতিৰ ব্যৱস্থা কৰা হোৱা নাই বুলি কৃষক শ্ৰমিক নেতা প্ৰশান্ত বৈশ্যই আক্ষেপ প্ৰকাশ কৰে৷সমষ্টিটোৰ বিধায়কৰ আশিষধন্য জয়চোৱাল উপাধিৰ ঠিকাদাৰগৰাকীয়ে নিম্নমানৰ সামগ্ৰী আৰু অতি পাতল ৰড ব্যৱহাৰ কৰি দলংখন নিৰ্মাণ কৰাৰ বাবেই দুবছৰৰ ভিতৰতে দলংখন জহি-খহি গৈছে বুলি কৃষক শ্ৰমিক নেতা প্ৰশান্ত বৈশ্যই অভিযোগ উত্থাপন কৰে৷চকুমুদি থকা বিভাগটোৱে জহি -খহি যোৱা উক্ত দলংখন  আজিলৈকে নিৰ্মাণৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই৷ এই ক্ষেত্ৰত তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱ লোচন দাস আৰু স্থানীয় অকৰ্মণ্য বিধায়ক গনেশ কুমাৰ লিম্বুক সমষ্টিটোৰ জৰাজীৰ্ণ দলং সমূহ নিৰ্মাণৰ বাবে কেইবাবাৰো সংগঠনটোৰ তৰফৰ পৰা দাবী জনোৱাৰ পিছতো আজিলৈকে ভগা দলং সমূহ  নিৰ্মাণৰ ব্যৱস্থা নকৰাটো অতিকৈ দুৰ্ভাগ্যজনক বুলি বৈশ্যই উল্লেখ কৰে৷ৰাইজে যাতায়তৰ ক্ষেত্ৰত দুৰ্ভোগৰ সন্মুখীন হৈ থকা অৱস্থাত চৰকাৰখনে সংবাদ মাধ্যমত বাট-পথ উন্নয়নৰ শ্ল’গান দি থকা বিষয়টো  অতিকৈ আমোদজনক আৰু চৰকাৰৰ এনে প্ৰচাৰে ৰাইজৰ মাজত এতিয়া হাঁহিৰ খোৰাক যোগাইছে৷চৰকাৰৰ সংবাদ মাধ্যমত কৰা বাট-পথৰ উন্নয়নে প্ৰকৃত দুৰ্ভগীয়া জনতাক স্পৰ্শ কৰিব পৰা নাই বুলি কৃষক শ্ৰমিক নেতা প্ৰশান্ত বৈশ্যই আক্ষেপ প্ৰকাশ কৰে৷সেয়েহে চৰকাৰখনে সংবাদ মাধ্যমত উন্নয়নৰ শ্ল’গান দিয়া বন্ধকৰি প্ৰকৃততে ৰাইজৰ যাতায়তৰ ক্ষেত্ৰত গুৰুত্ব দি শিঙৰীৰ পৰা ভঙামন্দিৰ সংযোগী পথৰ বালিজানত থকা ভগা দলংখন মেৰামতি কৰাৰ লগতে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ জৰাজীৰ্ণ দলং সমূহ সমূহ অতি শীঘ্ৰে নিৰ্মাণৰ দাবী জনায় কৃষক শ্ৰমিক নেতা প্ৰশান্ত বৈশ্যই ৷ অহা ৭ দিনৰ ভিতৰত উক্ত ভগা দলং নিৰ্মাণৰ ব্যৱস্থা নকৰিলে কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতি আৰু সংগঠনটোৰ ভগ্নী সংগঠন নাৰী সুৰক্ষা সংগ্ৰাম সমিতিয়ে পুনৰ তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি কৃষক শ্ৰমিক নেতা প্ৰশান্ত বৈশ্যই  চৰকাৰক সকীয়াই দিয়ে৷আজিৰ প্ৰতিবাদী কাৰ্যসূচীত সভাপতি প্ৰশান্ত বৈশ্যৰ লগতে সংগঠনটোৰ কাৰ্যকৰী সভাপতি জাহেদ আলী,প্ৰচাৰ সম্পাদক পিতাম্বৰ দেৱকটা,সদস্য শ্ৰৱণ গোৱালা উপস্থিত থাকে৷

গুৱাহাটীক ড্ৰাগছমুক্ত কৰিবলৈ তৎপৰ আৰক্ষী, SOGৰ অভিযানত ড্ৰাগছসহ জালত পৰিল এজন

মিছন ড্ৰাগছমুক্ত অসমক লৈ তৎপৰ অসম আৰক্ষী। এই মিছনক বাস্তৱ ৰূপ দিবলৈ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে ৰণচালি অব্যাহত ৰাখিছে। ড্ৰাগছ নামৰ এই মাৰাত্মক বৰবিহবিধক সমূলি নিঃশেষ কৰিবলৈ পশ্চিম গুৱাহাটী আৰক্ষী জিলাত গঠন কৰা স্পেচিয়েল অপাৰেশ্যন গ্ৰুপ(SOG)ৰ দিনে-নিশাই ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৰাখিছে।

শুক্ৰবাৰে মাজনিশা SOGৰ দলটোৱে গাড়ীগাঁৱত আন এক ড্ৰাগছবিৰোধী অভিযান সম্পন্ন কৰে। সম্পূৰ্ণ গোপন তথ্যৰ ভিত্তিত SOGয়ে গাড়ীগাঁৱৰ মেধিপাৰাৰ আইনুল হক ওৰফে হ’প নামৰ এজন ব্যক্তিৰ ঘৰত এই অভিযান চলায়। এই অভিযানত SOGয়ে জব্দ কৰে ৩০ টা সন্দেহজনক ড্ৰাগছ‌ভৰ্তি কন্টেইনাৰ লগতে ১৮ টা খালী কন্টেইনাৰ, মোবাইল ফোনসহ আন বহু আপত্তিজনক সা-সামগ্ৰী। অভিযানটোৰ অন্তত SOGয়ে ড্ৰাগছ সৰবৰাহকাৰী আইনুল হক ওৰফে হ’পক গ্ৰেপ্তাৰ কৰে। উল্লেখ্য যে, বিগত বহুদিন ধৰি আইনুলৰ বিৰুদ্ধে ড্ৰাগছ সৰবৰাহৰ লগত জড়িত থকাৰ অভিযোগ উত্থাপিত হৈ আহিছিল। আনহাতে, এই সন্দৰ্ভত SOGয়ে তদন্ত অব্যাহত ৰখাৰ লগতে ড্ৰাগছ সৰবৰাহ সন্দৰ্ভত অধিক তথ্যৰ বাবে ধৃত আইনুলক সোধা-পোছা চলাই আছে। আৰক্ষীৰ তদন্তত আইনুলৰ পৰা আৰু অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

ৰাজ্যৰ বহু ঠাইত ক’ৰোনাৰ উদ্বেগজনক পৰিস্থিতি ! ৭ দিনলৈ বেবেজীয়াৰ দৈনিক বজাৰ বন্ধ ঘোষণা জিলা প্ৰশাসনৰ

নগাঁও জিলাত অতিমাৰী কভিড-১৯ৰ সংক্ৰমণ অনিয়ন্ত্ৰিত ৰূপত আছে।  আজি নগাঁও জিলা স্বাস্থ্য বিভাগে জানিবলৈ দিয়া অনুসৰি জিলা খনত শুক্ৰবাৰ পৰ্যন্ত মুঠ ১৪ হাজাৰ ৬৪১ গৰাকী ব্যক্তি কভিড-১৯ ত আক্ৰান্ত হৈছে। ইয়াৰ ভিতৰত  আৰোগ্য হৈ উঠিছে ১২,১৯৪ গৰাকী। মৃত্যু হৈছে ৭৮ গৰাকী।

ইপিনে অতিমাৰী ক’ভিড(Covid)ৰ দ্ৰুত সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত বেবেজীয়া দৈনিক বজাৰ (daily market) শুকুৰবাৰৰ পৰা সাত দিনৰ বাবে নগাঁও জিলা প্ৰশাসনে বন্ধ ঘোষণা কৰিছে। জিলা প্ৰশাসনৰ নিৰ্দেশত উল্লেখ থকা মতে বেবেজীয়া সমূহীয়া স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত এলেকাত ব্যাপক হাৰত ক’ভিড পজিটিভ ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে। ইয়াৰ পিচতো কিন্তু সচেতন হোৱা নাই লোক।বেবেজীয়া দৈনিক বজাৰত জনাসমাগম হ’লে Covid-19 সংক্ৰমণৰ আশংকা বাঢ়িব। সেয়ে দুৰ্যোগ ব্যৱস্থাপনা আইনৰ অধীনত বেবেজীয়া দৈনিক বজাৰ সাত দিনৰ বাবে বন্ধৰ নিৰ্দেশ দিয়া হৈছে। শুকুৰবাৰে পুৱাৰ পৰা বন্ধ হৈ পৰে বেবেজীয়াৰ দৈনিক বজাৰৰ দোকান পোহাৰ।সকলোৱে জিলা প্ৰশাসনৰ নিৰ্দেশনা মানি  বন্ধ কৰি ৰাখে দোকান বজাৰ ।লগতে জনসমাগম বন্ধ হৈ পৰে বেবেজীয়া চাৰিআলিৰ দৈনিক বজাৰত।

এজনৰ পিছত আনজনে কৰিছে দল ত্যাগ:বিপৰ্যয়ৰ কথা স্বীকাৰ কংগ্ৰেছ সভাপতি ৰিপুণ বৰাৰ

বিধানসভা নিৰ্বাচনত মহাজোঁট গঠন কৰিও পৰাজয়বৰণ কৰা কংগ্ৰেছত এতিয়া ব্যাপক খহনীয়া ৷ শীৰ্ষ নেতৃত্বৰ প্ৰতি ক্ষোভ উজাৰি এজনৰ পিছত আনজন ৰাজনৈতিক নেতাই কংগ্ৰেছ ত্যাগ কৰি ঢাপলি মেলিছে বিজেপিলৈ৷ দল ত্যাগ কৰা প্ৰতিজন কংগ্ৰেছীৰে ক্ষোভ দলৰ শীৰ্ষ নেতৃত্বক লৈ ৷ প্ৰতিজন কংগ্ৰেছ ত্যাগী নেতাই ক’ব খোজে AIUDFৰে মিত্ৰতাই ধ্বংস নমাই আনিলে কংগ্ৰেছলৈ ৷ নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবে একাংশ কংগ্ৰেছৰ শীৰ্ষ নেতাই AIUDFৰ হাতত দলটোক বিক্ৰী কৰা বুলি অভিযোগ আনি বিগত কেইটা মাহৰ ভিতৰত দল ত্যাগ কৰিলে বহুকেইজন কংগ্ৰেছৰ হাইপ্ৰফাইল নেতাই৷

শেহতীয়াকৈ মৰিয়নি সমষ্টিৰ চাৰিবাৰৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী(Rupjyoti Kurmi)য়ে কংগ্ৰেছ দল ত্যাগ কৰাৰ পিছতেই হাহাকাৰ লাগে শীৰ্ষ নেতৃত্বৰ মাজত ৷ কংগ্ৰেছৰ এই বিপৰ্যয়ৰ উৎস বিচাৰি শনিবাৰে সভাপতি ৰিপুণ বৰাৰ বাসগৃহত একাংশ শীৰ্ষ নেতা বহে পৰ্যালোচনা বৈঠকত ৷ কি কি কাৰণত এজনৰ পিছত আনজন নেতাই দল ত্যাগ কৰিছে তাক লৈ বিতংভাৱে আলোচনা কৰা হয় বৈঠকত। বৈঠকত গ্ৰহণ কৰা হয় কেইবাটাও সিদ্ধান্ত ৷ দলটোক শক্তিশালী কৰাৰ বাবে বিশদভাৱে আলোচনা কৰা হয় ৷ কোভিডক লৈও বিতংভাৱে আলোচনা কৰা হয় আৰু সকলোৱে যাতে ভেকচিন লাভ কৰে, তাক নিশ্চিত কৰাৰ দাবী জনায়।

একেদৰে গাঁওৰ প্ৰতিজন কোভিড আক্ৰান্ত লোকক সহায়ৰ হাত আগবঢ়াবৰ বাবে প্ৰতিজন কংগ্ৰেছী বিধায়ক আৰু নেতাক তেওঁলোকৰ ওচৰলৈ যাবলৈ আহ্বান জনায় এই পৰ্যালোচনা বৈঠকত ৷ দলৰ যিমান ডাঙৰ নেতাই নহওক কিয়, দলৰ অনুশাসন ভংগ কৰিব নোৱাৰিব বুলিও সিদ্ধান্ত লোৱা হয় আজিৰ বৈঠকতে ৷ উপনিৰ্বাচন হ’বলগীয়া তিনিওটা সমষ্টিলৈ দলৰ শীৰ্ষ নেতৃত্ব গৈ সমষ্টিবাসীৰ মনৰ প্ৰতিক্ৰিয়া লৈ আগন্তুক উপনিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা হ’ব বুলিও সিদ্ধান্ত লোৱা হয় ৷

বিশ্বজুৰি গৃহহীনৰ সংখ্যা ৮ কোটি ২০ লাখলৈ বৃদ্ধি

ক’ৰোনা ভাইৰাছ মহামাৰী সত্ত্বেও বিশ্বজুৰি ঘৰ এৰি পলায়ন কৰা লোকৰ সংখ্যা অভাৱনীয়ভাৱে বৃদ্ধি পাইছে৷ মহামাৰীৰ মাজতো সংঘর্ষজর্জৰিত আৰু দুর্ভিক্ষাক্রান্ত দেশসমূহৰ পৰা লাখ লাখ লোকে চলিত বর্ষটোত প্রতিৱেশী ৰাষ্ট্রলৈ বা গৃহভূমিতে নিৰাপদ স্থানলৈ পলায়ন কৰিছে৷ অভিলেখসংখ্যক ৮ কোটি ২০ লাখ লোক এতিয়া গৃহহীন হৈ পৰিছে এনে সামাজিক পৰিঘটনাবোৰৰ বাবে৷ ৰাষ্ট্রসংঘৰ শৰণার্থী সংস্থা (ইউএনএইচচিআৰ)ৰ তৰফৰ পৰা শেহতীয়াকৈ এক প্রতিবেদনত সদৰী কৰিছে এই তথ্য৷

লক্ষণীয়ভাৱে মাত্র এটা দশকৰ ভিতৰত ঘৰ এৰি পলায়ন কৰা তথা শৰণার্থী লোকৰ সংখ্যা দুগুণলৈ বৃদ্ধি পাইছে৷ অর্থাৎ বিশ্ব জনসংখ্যাৰ ১ শতাংশতকৈ অধিক এতিয়া স্থানচ্যুত৷ অৱশ্যে মহামাৰীৰ বাবে বিগত বর্ষটোত বিদেশত আশ্রয় বিচৰা লোকৰ সংখ্যা যথেষ্ট হ্রাস পাইছে৷ কিন্তু বিগত বর্ষটোত ৰক্তক্ষয়ী সংঘাত আৰু অনাহাৰৰ বাবে স্থানচ্যুত হৈছে এক কোটি ১০ লাখ ২০ হাজাৰ লোক৷ অর্থাৎ ২০১৯ চনতকৈ বিগত বর্ষটোত মহামাৰীৰ কঠোৰ নিষেধাজ্ঞা থকা সত্ত্বেও স্থানচ্যুত লোকৰ সংখ্যা অভাৱনীয়ভাৱে বৃদ্ধি পাইছে৷ ইউএনএইচচিআৰৰ প্রতিবেদন অনুসৰি এতিয়ালৈকে ২ লাখ ৫০ হাজাৰ শৰণার্থীয়ে গৃহভূমিলৈ প্রত্যাৱর্তন কৰিবলৈ সক্ষম হৈছে৷ ইয়াৰ উপৰি স্থানচ্যুত লোকসকলৰ ওপৰত অভাৱনী