Breaking

বিশ্বজুৰি গৃহহীনৰ সংখ্যা ৮ কোটি ২০ লাখলৈ বৃদ্ধি

0 527

ক’ৰোনা ভাইৰাছ মহামাৰী সত্ত্বেও বিশ্বজুৰি ঘৰ এৰি পলায়ন কৰা লোকৰ সংখ্যা অভাৱনীয়ভাৱে বৃদ্ধি পাইছে৷ মহামাৰীৰ মাজতো সংঘর্ষজর্জৰিত আৰু দুর্ভিক্ষাক্রান্ত দেশসমূহৰ পৰা লাখ লাখ লোকে চলিত বর্ষটোত প্রতিৱেশী ৰাষ্ট্রলৈ বা গৃহভূমিতে নিৰাপদ স্থানলৈ পলায়ন কৰিছে৷ অভিলেখসংখ্যক ৮ কোটি ২০ লাখ লোক এতিয়া গৃহহীন হৈ পৰিছে এনে সামাজিক পৰিঘটনাবোৰৰ বাবে৷ ৰাষ্ট্রসংঘৰ শৰণার্থী সংস্থা (ইউএনএইচচিআৰ)ৰ তৰফৰ পৰা শেহতীয়াকৈ এক প্রতিবেদনত সদৰী কৰিছে এই তথ্য৷

লক্ষণীয়ভাৱে মাত্র এটা দশকৰ ভিতৰত ঘৰ এৰি পলায়ন কৰা তথা শৰণার্থী লোকৰ সংখ্যা দুগুণলৈ বৃদ্ধি পাইছে৷ অর্থাৎ বিশ্ব জনসংখ্যাৰ ১ শতাংশতকৈ অধিক এতিয়া স্থানচ্যুত৷ অৱশ্যে মহামাৰীৰ বাবে বিগত বর্ষটোত বিদেশত আশ্রয় বিচৰা লোকৰ সংখ্যা যথেষ্ট হ্রাস পাইছে৷ কিন্তু বিগত বর্ষটোত ৰক্তক্ষয়ী সংঘাত আৰু অনাহাৰৰ বাবে স্থানচ্যুত হৈছে এক কোটি ১০ লাখ ২০ হাজাৰ লোক৷ অর্থাৎ ২০১৯ চনতকৈ বিগত বর্ষটোত মহামাৰীৰ কঠোৰ নিষেধাজ্ঞা থকা সত্ত্বেও স্থানচ্যুত লোকৰ সংখ্যা অভাৱনীয়ভাৱে বৃদ্ধি পাইছে৷ ইউএনএইচচিআৰৰ প্রতিবেদন অনুসৰি এতিয়ালৈকে ২ লাখ ৫০ হাজাৰ শৰণার্থীয়ে গৃহভূমিলৈ প্রত্যাৱর্তন কৰিবলৈ সক্ষম হৈছে৷ ইয়াৰ উপৰি স্থানচ্যুত লোকসকলৰ ওপৰত অভাৱনী

Leave A Reply