Breaking

ৰাজ্যৰ বহু ঠাইত ক’ৰোনাৰ উদ্বেগজনক পৰিস্থিতি ! ৭ দিনলৈ বেবেজীয়াৰ দৈনিক বজাৰ বন্ধ ঘোষণা জিলা প্ৰশাসনৰ

0 543

নগাঁও জিলাত অতিমাৰী কভিড-১৯ৰ সংক্ৰমণ অনিয়ন্ত্ৰিত ৰূপত আছে।  আজি নগাঁও জিলা স্বাস্থ্য বিভাগে জানিবলৈ দিয়া অনুসৰি জিলা খনত শুক্ৰবাৰ পৰ্যন্ত মুঠ ১৪ হাজাৰ ৬৪১ গৰাকী ব্যক্তি কভিড-১৯ ত আক্ৰান্ত হৈছে। ইয়াৰ ভিতৰত  আৰোগ্য হৈ উঠিছে ১২,১৯৪ গৰাকী। মৃত্যু হৈছে ৭৮ গৰাকী।

ইপিনে অতিমাৰী ক’ভিড(Covid)ৰ দ্ৰুত সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত বেবেজীয়া দৈনিক বজাৰ (daily market) শুকুৰবাৰৰ পৰা সাত দিনৰ বাবে নগাঁও জিলা প্ৰশাসনে বন্ধ ঘোষণা কৰিছে। জিলা প্ৰশাসনৰ নিৰ্দেশত উল্লেখ থকা মতে বেবেজীয়া সমূহীয়া স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত এলেকাত ব্যাপক হাৰত ক’ভিড পজিটিভ ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে। ইয়াৰ পিচতো কিন্তু সচেতন হোৱা নাই লোক।বেবেজীয়া দৈনিক বজাৰত জনাসমাগম হ’লে Covid-19 সংক্ৰমণৰ আশংকা বাঢ়িব। সেয়ে দুৰ্যোগ ব্যৱস্থাপনা আইনৰ অধীনত বেবেজীয়া দৈনিক বজাৰ সাত দিনৰ বাবে বন্ধৰ নিৰ্দেশ দিয়া হৈছে। শুকুৰবাৰে পুৱাৰ পৰা বন্ধ হৈ পৰে বেবেজীয়াৰ দৈনিক বজাৰৰ দোকান পোহাৰ।সকলোৱে জিলা প্ৰশাসনৰ নিৰ্দেশনা মানি  বন্ধ কৰি ৰাখে দোকান বজাৰ ।লগতে জনসমাগম বন্ধ হৈ পৰে বেবেজীয়া চাৰিআলিৰ দৈনিক বজাৰত।

Leave A Reply