Breaking

আৰক্ষী বিষয়া সঞ্জয় আনন্দ মুছাহাৰী আৰু বন বিষয়া শান্তনা মেধিৰ সফল অভিযান

0 1,034

গোৱালপাৰা জিলাৰ গোৱালপাৰা সদৰ বনাঞ্চলিকৰ বন বিষয়া শান্তনা মেধিৰ নেতৃত্বত চলা এটাৰ পিছত এটা সফল অভিযানে অঞ্চলটোৰ বন ধংসকাৰী কাঠ মাফিয়াৰ নিদ্ৰা হৰণ কৰিছে। ঘটনাৰ বিবৰণি মতে যোৱা নিশা ৯:৩০ মান বজাত আগিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জয় আনন্দ মুছাহাৰী আৰু গোৱালপাৰা সদৰ বনাঞ্চলিকৰ বন বিষয়া শান্তনা মেধিৰ নেতৃত্বত বনকৰ্মীৰ দল আৰু অগিয়া আৰক্ষীৰ দলে এক গোপন সুত্ৰৰ পম খেদি বনাঞ্চলত অভিযান চলাই গৰাই মাৰী বনাঞ্চলত বহু পৰিমাণৰ মুল্যৱান কাঠৰ কুণ্ডা সহ এখন অৱৈধ কাঠফলা মিল জব্দ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে মিলত গছ কাটি থকাৰ সময়তে বনআৰক্ষীৰ উমান পাই ঘটনাস্থলীৰ পলাই সাৰিবলৈ সক্ষম হয় দুৰ্বিত্তৰ দল টোয়ে। জব্দকৃত কাঠৰ কুণ্ডা খিনি ইতিমধ্যে গোৱালপাৰা সদৰ বনাঞ্চলিক কাৰ্যালয় লৈ আনে বন কৰ্মীয়ে।কাঠ খিনিৰ আনুমানিক বজাৰত মুল্য ১’৫০.০০০ টকা হ’ব।এনেকৈয়ে এচাম কাঠ মাফিয়াই বন ধংসৰ যজ্ঞ চলাই আহিছে ৷হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰ খনে পৰিবনে নাকী লগাব সেই সকল দুস্ক্‌তিকাৰিক?গোৱালপাৰা সদৰ বনাঞ্চলিক বন বিষয়া শান্তনা মেধি ,আৰক্ষী বিষয়া সঞ্জয় আনন্দ মুছাহাৰী, আৰু উপ আৰক্ষী বিষয়া পূৰ্ণ দাসৰ এই সফল অভিযানত ভূয়সী প্ৰশংসা কৰিছে অঞ্চলটোৰ সচেতন মহলে।

Leave A Reply