Breaking

এজনৰ পিছত আনজনে কৰিছে দল ত্যাগ:বিপৰ্যয়ৰ কথা স্বীকাৰ কংগ্ৰেছ সভাপতি ৰিপুণ বৰাৰ

0 547

বিধানসভা নিৰ্বাচনত মহাজোঁট গঠন কৰিও পৰাজয়বৰণ কৰা কংগ্ৰেছত এতিয়া ব্যাপক খহনীয়া ৷ শীৰ্ষ নেতৃত্বৰ প্ৰতি ক্ষোভ উজাৰি এজনৰ পিছত আনজন ৰাজনৈতিক নেতাই কংগ্ৰেছ ত্যাগ কৰি ঢাপলি মেলিছে বিজেপিলৈ৷ দল ত্যাগ কৰা প্ৰতিজন কংগ্ৰেছীৰে ক্ষোভ দলৰ শীৰ্ষ নেতৃত্বক লৈ ৷ প্ৰতিজন কংগ্ৰেছ ত্যাগী নেতাই ক’ব খোজে AIUDFৰে মিত্ৰতাই ধ্বংস নমাই আনিলে কংগ্ৰেছলৈ ৷ নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবে একাংশ কংগ্ৰেছৰ শীৰ্ষ নেতাই AIUDFৰ হাতত দলটোক বিক্ৰী কৰা বুলি অভিযোগ আনি বিগত কেইটা মাহৰ ভিতৰত দল ত্যাগ কৰিলে বহুকেইজন কংগ্ৰেছৰ হাইপ্ৰফাইল নেতাই৷

শেহতীয়াকৈ মৰিয়নি সমষ্টিৰ চাৰিবাৰৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী(Rupjyoti Kurmi)য়ে কংগ্ৰেছ দল ত্যাগ কৰাৰ পিছতেই হাহাকাৰ লাগে শীৰ্ষ নেতৃত্বৰ মাজত ৷ কংগ্ৰেছৰ এই বিপৰ্যয়ৰ উৎস বিচাৰি শনিবাৰে সভাপতি ৰিপুণ বৰাৰ বাসগৃহত একাংশ শীৰ্ষ নেতা বহে পৰ্যালোচনা বৈঠকত ৷ কি কি কাৰণত এজনৰ পিছত আনজন নেতাই দল ত্যাগ কৰিছে তাক লৈ বিতংভাৱে আলোচনা কৰা হয় বৈঠকত। বৈঠকত গ্ৰহণ কৰা হয় কেইবাটাও সিদ্ধান্ত ৷ দলটোক শক্তিশালী কৰাৰ বাবে বিশদভাৱে আলোচনা কৰা হয় ৷ কোভিডক লৈও বিতংভাৱে আলোচনা কৰা হয় আৰু সকলোৱে যাতে ভেকচিন লাভ কৰে, তাক নিশ্চিত কৰাৰ দাবী জনায়।

একেদৰে গাঁওৰ প্ৰতিজন কোভিড আক্ৰান্ত লোকক সহায়ৰ হাত আগবঢ়াবৰ বাবে প্ৰতিজন কংগ্ৰেছী বিধায়ক আৰু নেতাক তেওঁলোকৰ ওচৰলৈ যাবলৈ আহ্বান জনায় এই পৰ্যালোচনা বৈঠকত ৷ দলৰ যিমান ডাঙৰ নেতাই নহওক কিয়, দলৰ অনুশাসন ভংগ কৰিব নোৱাৰিব বুলিও সিদ্ধান্ত লোৱা হয় আজিৰ বৈঠকতে ৷ উপনিৰ্বাচন হ’বলগীয়া তিনিওটা সমষ্টিলৈ দলৰ শীৰ্ষ নেতৃত্ব গৈ সমষ্টিবাসীৰ মনৰ প্ৰতিক্ৰিয়া লৈ আগন্তুক উপনিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা হ’ব বুলিও সিদ্ধান্ত লোৱা হয় ৷

Leave A Reply