Home Blog Page 2978

মাৰ্ঘেৰিটাত অবৈধ বালিৰ ৰমৰমীয়া বেহা,অনুমতি বিহীন ভাৱে দিন দুপৰতে বুঢ়ী দিহীং নৈ’ত বালি খনন

 কৈ থাকোঁ মানে ওৰকে নপৰে বন বিভাগৰ কথা| তিনিচুকীয়া জিলাৰ অন্তৰ্গত মাৰ্ঘেৰিটাত বৰ্তমানেও অব্যাহত আছে অবৈধ বালি ৰমৰমীয়া বেহা |মাৰ্ঘেৰিটাৰ পশ্চিম আঞ্চলিক বন বিষয়াৰ কাৰ্যলয়ৰ নিচেই কাষতে একাংশ  বালি মাফিয়াই দিন দুপৰতে বুঢ়ীদিহিং নৈ বুকুত অবৈধ ভাৱে  বালি খনন কৰি ৰমৰমীয়া ব্যৱসায় চলাই আছে| প্ৰাপ্ত খৱৰ অনুসৰি বন বিভাগৰ কাৰ্যলয়ৰ নিচেই সমিপতে মাৰ্ঘেৰিটা বালুখাট নামৰ থাইত একাংশ বন বিভাগৰ দূৰ্নীতিগ্ৰস্ত বিষয়া কৰ্মচাৰী চত্ৰছায়াতে বালি অবৈধ ব্যৱসায় চলি আছে| মাৰ্ঘেৰিৰ্টাত যে বালিৰ ৰমৰমীয়া বেহা চলি আছে এই অভিযোগ সৰ্বজন বিদিত| স্থানীয় দল সংগঠনে মাৰ্ঘেৰিটাত অব্যাহত থকা এই অবৈধ বালি খনন ও  ব্যৱসায় বন্ধ কৰাৰ লগতে এই অবৈধ ব্যৱসায়ৰ সৈতে জড়িত লোকসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাৰাম্বৰ বন বিভাগক দাৱী জনাই আহিছে যদিও মাৰ্ঘেৰিটাৰ বন বিভাগ আজিকোপতি কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ পৰা বিৰত আছে বুলিহে দল সংগঠনসমূহে  অভিযোগ উত্থাপন কৰি আহিছে| আনহাতেদি তিনিচুকীয়া জিলাৰ ডিগবৈ বন সংমণ্ডলৰ অন্তৰ্গত উক্ত অঞ্চলটোত ডিগবৈ বন সংমণ্ডৰ তৰফৰ পৰাও আজিলৈকে ব্যৱস্থা গ্ৰহণ কৰাটো দুৰৰ কথা কিবা ৰহস্যজনক কাৰণত বন বিভাগে মৌনতা অৱলম্বন কৰাহে পৰিলক্ষিতত হৈছে বুলি দল সংগঠনে অভিযোগ উত্থাপন কৰিছে||

পশ্চিম কামৰূপ, দক্ষিণ বৰপেটাৰ সাপ্তাহিক বজাৰ সমুহত ধোঁৱাচাঙত ক’ভিড নীতি-নিয়ম ,ক্ৰেতা-বিক্ৰেতাৰ ভিৰে চিন্তিত কৰি তুলিছে সচেতন মহলক

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে পশ্চিম কামৰূপ আৰু দক্ষিণ বৰপেটাত ব্যাপক হাৰত কৰোনা সংক্ৰমণ বৃদ্ধি পোৱাৰ পিছতো যেন গা লৰা নাই একাংশ লোকৰ। জানিব পৰা মতে নগৰবেৰা ব্লক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্ভুক্ত অঞ্চল সমুহত যোৱা ১০ এপ্ৰিলৰ পৰা ৭ মেলৈকে ২৮৮ জন ব্যক্তি কভিড পজিটিভত আক্ৰান্ত হোৱাৰ পাছতো পশ্চিম কামৰূপৰ বিভিন্ন সাপ্তাহিক বজাৰ সমুহত শ শ  ক্ৰেতা-বিক্ৰেতাৰ ভিৰে চিন্তিত কৰি তুলিছে সচেতন মহলক। স্থানীয় প্ৰশাসনৰ লগতে আৰক্ষী প্ৰশাসনে সৰ্বসাধাৰণ লোকক সাৱধানতা অৱলম্বন কৰিবলৈ বাৰম্বাৰ আহ্বান জনোৱাৰ পিছতো যেন ভ্ৰূক্ষেপ নাই একাংশৰ। আবেলি ২ বজালৈ দোকান পোহাৰ খোলা থকাৰ সুযোগ গ্ৰহণ কৰি সাপ্তাহিক বজাৰ সমুহত ক্ৰেতা-বিক্ৰেতাৰ অভাৱনীয় ভিৰে বৃহত্তৰ অঞ্চলটোত কৰোনা সংক্ৰমণ ব্যাপক হাৰত বৃদ্ধি পোৱা বুলি ব্যক্ত কৰিছে একাংশ সচেতন লোকে। জানিব পৰা মতে পশ্চিম কামৰূপৰ সোণতলী, ৰাংগাপানী, বদলা, টুপামাৰী, ভখুৰাদিয়া, কিচমতকাঠমি, ডেকাচাং, বালিঝাৰ, বামুণবড়ী, নগৰবেৰা, মালিবাৰী, বিদ্যানগৰ, কল্যাণপুৰ আদিকে ধৰি বহু হাট-বজাৰত শ শ  লোকে কিনা বেচা কৰিছে যদিও বজাৰ সমুহত নাই কোনো সামাজিক দূৰত্ব, বহুতে মাস্ক পৰিধান নকৰা পৰিলক্ষিত হৈছে। ইপিনে একেই অৱস্থা দক্ষিণ বৰপেটাৰ চৰ-চাপৰি অঞ্চলৰ সাপ্তাহিক বজাৰ সমুহতো। দক্ষিণ বৰপেটাৰ দক্ষিণ প্ৰান্তৰ কাছুমাৰা-আণ্ডাভাংগা, মৈৰাদিয়া, খোলাবান্ধা জনপ্ৰিয় বজাৰ, আলোপতি মাজৰচৰ, খাটিয়ামাৰী, বাঘমাৰাচৰ, সুখোৱাৰঝাৰ , ছয়সীমানা, উজিৰৰচৰ, কাৰাইখাইতি আদি বজাৰ সমুহত শ শ  ক্ৰেতা-বিক্ৰেতাই ন্যূনতম কভিড নীতি মানি চলা পৰিলক্ষিত হোৱা নাই। এনে পৰিস্থিতিত বৰপেটাৰ চৰ-চাপৰিতো অস্বাভাৱিক ভাৱে বৃদ্ধি পাবলৈ ধৰিছে কৰোনা সংক্ৰমণ। দুয়োটা অঞ্চলত উদ্বেগজনকভাৱে কৰোনা সংক্ৰমণ বৃদ্ধি পোৱা ঘটনাৰ প্ৰতি লক্ষ্যৰাখি জিলা প্ৰশাসনৰ লগতে স্থানীয় আৰক্ষী প্ৰশাসনক অধিক কঠোৰ হবলৈ দাবী জনাইছে সচেতন মহলে।

কলাক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী ৰূপে শপত ল’লে ডঃ হিমন্ত বিশ্ব শৰ্মাই

অসমৰ মুখ্যমন্ত্ৰী ৰূপে শপত ল’লে ডঃ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যপাল জগদীশ মুখীয়ে শপত বাক্য পাঠ কৰোৱায় হিমন্ত বিশ্ব শৰ্মাক।

শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হৈছে এই শপত গ্ৰহণ অনুষ্ঠান। মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণৰ পিছতে আন কেইবাগৰাকীও মন্ত্ৰীয়েও শপত লয় এই অনুষ্ঠানত।এই শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি উত্তৰ পূবৰ কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰী। উপস্থিত থাকে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডা, কেন্দ্ৰীয় মন্ত্ৰী জীতেন্দ্ৰ সিং, নৰেন্দ্ৰ সিং টোমৰ, অৰুণ সিং সহ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথমখন সংবাদমেলঃ ১ লাখ নিবনুৱালৈ কৰ্মসংস্থাপন, কোৰোণা পৰিস্থিতি নিয়ন্ত্ৰণ, বানমুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰুতি প্ৰদান

ৰাজ্যৰ ১৫ সংখ্যক মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে ড০ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিয়েই হিমন্ত বিশ্ব শৰ্মাই সম্বোধন কৰে প্ৰথমখন সংবাদমেল। সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে নতুন চৰকাৰৰ বাবে ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰে। আনহাতে সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰা হ’ব বুলিও জনায়।সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰথম অৱস্থাত  এই সমূহ দিশত ৰাজ্য চৰকাৰে গুৰুত্ব প্ৰদান কৰিব বুলি উল্লেখ কৰে-

  • কোৰোণা পৰিস্থিতি নিয়ন্ত্ৰণ
  • ১ লাখ নিবনুৱালৈ কৰ্ম সংস্থাপন।
  • মাইক্ৰফাইনেন্সৰ ঋণ মাফ।
  • অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি।
  • বানমুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰুতি।

আনহাতে পৰেশ বৰুৱাকো মূল সুঁতিলৈ আহিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীৰ মতে, এই সমূহ কামত অত্যন্ত প্ৰত্যাহ্বান আছে। কিন্তু প্ৰত্যাহ্বানৰ মাজেৰে চৰকাৰ খন সফল হ’ব বুলিও আশা প্ৰকাশ কৰে হিমন্ত বিশ্ব শৰ্মাই।

মৈৰাবাৰীত সম্পন্ন সম্প্ৰীতিৰ অভিনৱ কাব্যানুষ্ঠান

কৰ’না বিষয়ক কবিতাৰে জীপাল ‘বাটৰ কবিতা’

মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ ‘খাইৰ প্ৰকাশন’ৰ উদ্যোগত ২০১৫ চনৰ ১০ জানুৱাৰীৰ পৰা প্ৰতি ইংৰাজী মাহৰ ১০ তাৰিখে নিয়মীয়াকৈ অনুষ্ঠিত হৈ অহা সম্প্ৰীতিৰ অভিনৱ কাব্যানুষ্ঠান ‘বাটৰ কবিতা’ আজি সোমবাৰে দুপৰীয়া ১২ বজাত মৈৰাবাৰী কলেজ ৰোডত ‘খাইৰ প্ৰকাশন’ৰ কাৰ্যালয়ৰ সন্মুখত অনুষ্ঠিত হৈ যায়। জ্যেষ্ঠ সাংবাদিক, কবি বদৰুজ জামান আকতাৰৰ সঞ্চালনাত অনুষ্ঠিত ব্যতিক্ৰমী কাব্যানুষ্ঠানটিৰ উদ্দেশ্য ব্যাখ্যা কৰে ‘বাটৰ কবিতা’ৰ যুটীয়া সমন্বয়ক তথা ‘খাইৰ প্ৰকাশন’ৰ স্বত্বাধিকাৰী খাইৰুল ইছলামে। ইয়াৰ পাছতে যোৱা দুবছৰে সমগ্ৰ বিশ্বজুৰি মহামাৰী ৰূপ ধাৰণ কৰা কৰ’না ভাইৰাছৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজৰ মাজত অধিক সজাগতা আৰু সতৰ্কতা গঢ়ি তুলিবলৈ এলানি কৰ’না বিষয়ক কবিতা পাঠ কৰে উপস্থিত কবিসকলে। এই কবিতা পাঠ অনুষ্ঠানত ভাগ লয় ক্ৰমে মুহাম্মাদ আফজাল, খাইৰুল ইছলাম, বদৰুজ জামান আকতাৰ আৰু এম. ওছমান আলী মিঞাই। লক্ষণীয়ভাৱে কৰ’না বিষয়ক কবিতাসমূহে ৰাইজৰ ব্যাপক সমাদৰ লাভ কৰিবলৈ সক্ষম হয়। একেটা অনুষ্ঠানতে মায়িশ্বা নাৱাৰ আহমেদ, মুহাম্মাদ ফাহিম, আৰিফা খানকে আদি কৰি কেইবাগৰাকী স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে শুৱলা কণ্ঠেৰে কবিতা আবৃত্তি কৰি সকলোকে আমোদ দিয়ে।
সঞ্চালক বদৰুজ জামান আকতাৰে নিজৰ বক্তব্যত দিনক দিনে বাঢ়ি অহা মহামাৰী কৰ’না ভাইৰাছৰ পৰা হাত সাৰিবলৈ সকলোৱে সজাগ আৰু সতৰ্ক হোৱাৰ লগতে প্ৰশাসনে বান্ধি দিয়া নীতি-নিৰ্দেশনাৱলী মানি চলিবলৈ সকলোকে বিনম্ৰ আহ্বান জনায়।
তৰুণ কবিৰ প্ৰতিভা বিকাশৰ উৎকৃষ্ট ক্ষেত্ৰ এই মাহেকীয়া কাব্যানুষ্ঠানটিত অংশগ্ৰহণ বিচৰা আগ্ৰহী কবিসকলে অনুষ্ঠানটিৰ যুটীয়া সমন্বয়ক ক্ৰমে খাইৰুল ইছলামক ৮৪৮৬২-৮৯৪৫৪ আৰু মুহাম্মাদ আফজালক ৯৫০৮১-৫৩৮০২ ফোন নম্বৰত যোগাযোগ কৰিবলৈ উদ্যোক্তা খাইৰ প্ৰকাশনে আহ্বান জনাইছে।

নতুন মন্ত্ৰী সভালৈ ৰাজ্যিক সাংবাদিক সন্থাৰ অভিনন্দনঃ

ভাৰতীয় জনতা পার্টি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰৰ ড° হিমন্ত বিশ্ব শৰ্মাই আজি ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ লগতে আন কেইবাজনেও শপত গ্ৰহণ কৰা কাৰ্যক অসম ৰাজ্যিক সাংবাদিক সন্থাই অভিনন্দন জনাইছে। সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা আৰু সম্পাদক ৰাতুল বৰাই এক বিবৃতিৰ জৰিয়তে ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰে ৰাজ্যবাসীৰ আশা আকাংক্ষা পূৰ্ণ কৰাত সফল হ’ব বুলি আশা প্ৰকাশ কৰি লগতে উল্লেখ কৰে যে, বর্তমান মূল বিষয়টোৱেই হৈছে ৰাজ্যখনৰ সংক্রমিত হোৱা ক’ৰণা মহামাৰী নিয়ন্ত্ৰণৰ বাবে চৰকাৰে অতি সক্রিয়তাৰে যথোচিত ব্যৱস্থা গ্ৰহণ কৰা৷ ইয়াৰ লগে লগে কেইবা দশক ধৰি ৰাজ্যবাসীয়ে সন্মুখীন হৈ অহা জাতীয় সমস্যাসমূহৰ ক্ষেত্ৰতো দৃঢ় ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। এখন শুদ্ধ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰস্তুতকৰণৰ ক্ষেত্ৰত চৰকাৰে আগভাগ ল’ব লাগিব। আনফালে ৰাজ্যখনৰ অস্বাভাৱিকভাৱে বৃদ্ধি হোৱা অত্যাৱশ্যকীয় সা-সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণ কৰা, অসম চুক্তিৰ সকলো দফা কাৰ্যকৰী কৰা আদিৰ ক্ষেত্ৰতো ৰাজ্যবাসীয়ে আশা কৰাৰ দৰে ব্যৱস্থা ল’ব লাগিব। তদুপৰি ৰাজ্যখনৰ বৰ্দ্ধিত নিবনুৱা সমস্যা সমাধানৰ বাবেও পদক্ষেপ লোৱাটো অতি প্রয়োজনীয়। নির্বাচনীৰ প্ৰতিশ্ৰুতি পালন কৰাৰ ক্ষেত্ৰতো অগ্রাধিকাৰ দিব লাগিব। বিবৃতিটো সাংবাদিক সন্থাৰ সভাপতি-সম্পাদকে ৰাজ্যখনৰ মফচলীয় সাংবাদিকসকলে সন্মুখীন হোৱা সমস্যাসমূহৰ ক্ষেত্ৰতো দৃঢ় পদক্ষেপ গ্ৰহণ কৰিবলৈ চৰকাৰক অনুৰোধ জনায়। লগতে বৰ্তমান ক’ৰণা নিয়ন্ত্ৰণৰ বাবে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰাৰ ক্ষেত্ৰত সাংবাদিকসকলে গ্ৰহণ কৰা পদক্ষেপক ৰাজ্যবাসীয়ে কৃতজ্ঞতা জনাইছে। ইতিমধ্যে ৰাজ্যখনৰ কেইবাগৰাকীও সাংবাদিকৰ মৃত্যু হৈছে। সেয়েহে ভাৰতবৰ্ষৰ আন ৰাজ্যত স্বীকৃতি দিয়াৰ দৰে অসমৰ ক্ষেত্ৰতো সাংবাদিকসকলক প্ৰথম শ্ৰেণীৰ যোদ্ধা হিচাবে স্বীকৃতি দিবলৈ অনুৰোধ জনাই। বিবৃতিটোত সফলতাৰে পাঁচবছৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব বহন কৰি ৰাজ্যখনৰ সৰ্বাঙ্গীন উন্নয়নৰ বাবে পদক্ষেপ গ্রহণ কৰা সৰ্বানন্দ সোনোৱালদেৱক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে নতুন মুখ্যমন্ত্ৰীৰ দায়িত্ব অৰ্পনৰ ক্ষেত্ৰত সোনোৱালদেৱে দেখুওৱা ত্যাগ আৰু আদৰ্শ ভাৰতবৰ্ষৰ ৰাজনীতিত এক অভূতপূৰ্ব আৰু বিৰল দিশ হিচাবে বিবেচনা হ’ব বুলি উল্লেখ কৰে।

নিৰ্বাচনৰ আগতে টীয়ক বাসীক দিয়া প্ৰতিশ্ৰুতি ৰাখিব পাৰিবনে নতুন মুখ্যমন্ত্ৰীয়ে

অৱশেষত বহু জল্পনা কল্পনাৰ মূৰত ৰাজ্যবাসীয়ে এজন  দক্ষতা সম্পন্ন নেতাক মুখ্যমন্ত্ৰী হিচাবে লাভ কৰিলে । সদ্য প্ৰাক্তন জননেতা সৰ্বানন্দ সোনোৱালে নিকা ভাৱ মূৰ্তিয়ে যেনেদৰে অসমৰ জনতাৰ হৃদয় জয় কৰিব পাৰিছিল ঠিক তেনেদৰে ডঃ হিমন্ত বিশ্ব শৰ্মাইও ৰাইজৰ মৰম আৰু পত্যাশা পূৰণ কৰিব পাৰিব বুলি ৰাইজ আশাবাদী ।টীয়ক সমষ্টি বাসীয়েও অধিৰ আগ্ৰহেৰে বাট চাইছে সেইজন হিমন্ত বিশ্ব শৰ্মালৈ যি জনে যোৱা ২৩ মাৰ্চত মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰেণুপমা ৰাজখোৱাৰ হৈ কাকজানৰ একবিশাল  নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি ৰাইজক কেইবাটাও গুৰুত্বপূৰ্ণ  প্ৰতিশ্ৰুতি দিছিল । অসম চৰকাৰৰ  বিগত কাৰ্যকালৰ উন্নয়নৰ এক চমু খতিয়ান ডাঙি ধৰি সেই সময়ৰ বিত্ত, স্বাস্থ্য, শিক্ষামন্ত্ৰী গৰাকীয়ে বিজেপি চৰকাৰ পুনৰ ক্ষমতা লৈ আহিলে ঐতিহাসিক ঢেঁকীয়াখোৱা বৰনামঘৰ কলাক্ষেত্ৰলৈ উন্নীত কৰাৰ লগতে ললিত চন্দ্ৰ ৰাজখোৱা মিনি ষ্টেডিয়ামলৈ পাঁচ কোটি টকা আৰু টীয়ক এফ আৰ ইউ ১০০খন বিচনাযুক্ত চিকিৎসালয়লৈ উন্নীত কৰা ,  জাঁজীমুখৰ গৰাখহনীয়াৰ স্থায়ী সমাধান কৰা হব বুলি ৰাইজক আশ্বাস প্ৰদান কৰিছিল ।ইয়াৰ উপৰিও  যি সকল মহিলাই মাইক’ফাইনেন্সৰ ঋণ পৰিশোধ কৰি আছে তেওঁলোকক ঋণ মুক্ত কৰি দিয়াৰ লগতে  দুখীয়া মহিলা আত্মসহায়ক গোটলৈ এক লাখ টকাকৈ ঋণ দিয়াৰ ব্যৱস্থা কৰাৰো আশ্বাস প্ৰদান কৰিছিল । অৱশ্যে তেওঁ টীয়কত স্বয়ম আঁচনিত হোৱা কেলেংকাৰীৰ কথা স্বীকাৰ কৰি কয় যে টীয়কত কোনোৱে পালে কোনোৱে নাপালে  সেইবাবে অহাবাৰ আমি এজিপি বিজেপিৰ কৰ্মকর্তাক লৈ এখনি কমিটি গঠন কৰি দিয়া হব। যাতে সকলো দুখীয়া মহিলাই লাভ কৰে । এই আশ্বাসৰ প্ৰতি সঁহাৰি জনাই টীয়কৰ ৰাইজে মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰেণুপমা ৰাজখোৱাক জয়যুক্ত কৰি পুনৰবাৰ বিধানসভালৈ পঠালে। বিধায়িকা গৰাকীয়েও হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী বিচাৰি দলৰ সভাপতি অতুল বৰালৈ প্ৰস্তাৱ প্ৰেৰণ কৰিছিল । সেইবাবে টীয়ক সমষ্টিবাসী এতিয়া গভীৰ প্ৰত্যাশাৰে বাট চাইছে কেনেদৰে প্ৰতিশ্ৰুতি ৰক্ষা কৰে নতুন মুখ্যমন্ত্ৰীয়ে । সমষ্টিবাসীয়ে নতুন মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক উষ্ণ অভিনন্দন জ্ঞাপন কৰিছে ।

নিশা পুনৰ ভুমিকম্পৰ জোকাৰণি

নিশা পুনৰ আন এক ভুমিকম্পই জোকাৰি যায় অসম। এইবাৰো নিশা অহা ভুমিকম্পৰ অভিকেন্দ্ৰ শোণিতপুৰেই আছিল ।ৰাষ্ট্ৰীয় ভুমিকম্প বিভাগে সদৰি কৰা অনুসৰি নিশা প্ৰায় ১১.২৬ বজাত অনুভুত হয় এই ভুমিকম্পৰ।

ৰিখটাৰ স্কেলৰ মাপ অনুসৰি ভুমিকম্পটোৰ প্ৰাবল্য আছিল ৩.৭। যদিও কম ৰিখটাৰ স্কেলৰ জোকাৰণি আছিল তথাপি ই বহু দূৰ পৰ্যন্ত অনুভুত হয়। অৱশ্যে বিশেষ কোনো ক্ষয় ক্ষতিৰ বিষয়ে জানিব পৰা হোৱা নাই।

হিমন্ত বিশ্বৰ মন্ত্ৰীসভাত কোন কোন হ’ব কেবিনেট মন্ত্ৰী, চুড়ান্ত তালিকা!

নতুন মন্ত্ৰীসভাৰ প্ৰাথমিক তালিকা চুড়ান্ত কৰিছে বিজেপি নেতৃত্বই।

হিমন্ত বিশ্ব শৰ্মাই আজি মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰাৰ লগতে নতুন চৰকাৰৰ মন্ত্ৰীসভাৰো কেইবাজনো নতুন মন্ত্ৰীয়ে কৰিব শপত গ্ৰহণ। জানিব পৰা মতে নতুন মন্ত্ৰীসভাৰ প্ৰাথমিক তালিকা চুড়ান্ত কৰিছে বিজেপি নেতৃত্বই। এই তালিকামতে সম্ভাব্য মন্ত্ৰী সভাত থাকিব এইসকল :

মুখ্যমন্ত্ৰী : ড° হিমন্ত বিশ্ব শৰ্মা

কেবিনেট মন্ত্ৰী হিচাপে শপত ল’ব :

চন্দ্ৰমোহন পাটোৱাৰী
ৰণজিত কুমাৰ দাস
অতুল বৰা (অগপ)
পৰিমল শুক্লবৈদ্য
কেশৱ মহন্ত
পিয়ূষ হাজৰিকা
অজন্তা নেওঁগ
ডাঃ ৰণোজ পেগু
উৰ্খাও গৌৰা ব্ৰহ্ম
সঞ্জয় কিষাণ
যোগেন মহন
অশোক সিংঘাল
বিমল বৰা

উল্লেখ্য যে এতিয়ালৈ আনুষ্ঠানিকভাবে কোনো তালিকা প্ৰকাশ কৰা নাই বিজেপিয়ে। এই তালিকাখন যুগুত কৰা হৈছে দলীয় সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত।

শুভ উদ্ধোধন কৰাৰ ৩মাহৰ পিছতো মুকলি নহ’ল মাজবাটৰ মহলীয়াপাৰা আদৰ্শ চিকিৎসালয়।অতিশীঘ্ৰে মুকলি কৰাৰ বাবে স্বাস্থ্য বিভাগক দাবী জনাইছে

শুভ উদ্ধোধন কৰাৰ ৩ মাহৰ পিছতো মুকলি কৰা নহল ওদালগুৰি জিলাৰ মাজবাটত অৱস্থিত মহলীয়াপাৰা আদৰ্শ চিকিৎসালয়ৰ খন ৷আদৰ্শ চিকিৎসালয় থাকিও চিকিৎসা সেৱাৰ পৰা বঞ্চিত বৃহত্তৰ মাজবাট অঞ্চলৰ ৰাইজ। দেশত তথা ৰাজ্যত ইতিমধ্যে মহামাৰী কাল কৰণাই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। সমগ্ৰ ওৰাং,মাজবাট  অঞ্চল সমুহত প্ৰতিদিনে মহামাৰী কৰোণাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈ ২শতাধিক হৈছে ৷ কভিডৰ সংক্ৰমণৰ বাবে চিকিৎসালত অভাব হৈছে চিকিৎসা সেৱা আৰু বিচনাৰ। কভিডৰ ভয়াবহ সংক্ৰমণৰ পিছতো মাজবাটৰ মহলীয়াপাৰা আদৰ্শ চিকিৎসালয়ত চলা নাই চিকিৎসা সেৱা। আনুষ্ঠানিক ভাবে চিকিৎসালয় খন মুকলি কৰাৰ পিছতো আজিলৈকে ৰাইজৰ চিকিৎসা সেৱাৰ বাবে কাৰ্যক্ষম হৈ নুঠিল আদৰ্শ চিকিৎসালয় খন। আদৰ্শ চিকিৎসালয় খন উদ্বোধন হোৱা প্ৰায় তিনি মাহ হ’ল। যোৱা ১৭ ফেব্ৰুৱাৰীত বিটিচিৰ মূখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো আৰু বিটিচিৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য অৰূপ দে’ই আনুস্থানিক ভাবে উদ্বোধন কৰিছিল আদৰ্শ চিকিৎসালয় খন। কিন্ত মহলীয়াপাৰা আদৰ্শ চিকিৎসালয় খন আনুষ্ঠানিক ভাৱে উদ্বোধন কৰাৰ পিছতো দুৰ্ভাগ্যজনক ভাবে চিকিৎসালয় খনত আৰাম্ভ নহ’ল চিকিৎসা সেৱা। আদৰ্শ চিকিৎসালয় খনত নাই কোনো বিভাগীয় কৰ্মচাৰী নাই কোনো চিকিৎসক অথবা নাৰ্চ। আদৰ্শ চিকিৎসালয় খনত ৰাইজৰ চিকিৎসা সেৱা প্ৰদানৰ পৰিবৰ্তে চিকিৎসালয় খনৰ গেটত উলমি ৰৈছে প্ৰকাণ্ড তলা। চিকিৎসালয় খনত চিকিৎসা সেৱা উপলব্ধ নোহোৱা বাবে সমস্যাত ভুগিবলগীয়া হৈছে বৃহত্তৰ মাজবাট অঞ্চলৰ ৰাইজে। দুৰ্ভাগ্যজনক ভাবে আদৰ্শ চিকিৎসালয়খন উদ্বোধন কৰাৰ তিনি মাহৰ পিছত আজিলৈকে কি কাৰণত আৰাম্ভ নহল চিকিৎসা সেৱা তাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মহামাৰী কাল কৰোণাৰ বিভীষিকাত প্ৰতিদিনে গম সংক্ৰমণ আৰু কভিডত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে। সকলোৱে সজাগ সচেতন হৈ কৰোণাৰ পৰা পৰিত্ৰাণ বিচাৰি হাঁহাকাৰ কৰিছে। উদ্বেগজনক হাৰত বৃদ্ধি পোৱা কৰোণাৰ সংক্ৰমণৰ বাবে চিকিৎসালয়ত নাটনি হৈছে চিকিৎসা সেৱাৰ। কিন্তু চৌদিশে ইমান ভয়ংকৰ পৰিস্থিতিৰ পিছতো চিকিৎসা সেৱা উপলব্ধ হোৱা নাই মাজবাটৰ মহলীয়াপাৰা আদৰ্শ চিকিৎসালয়ত। চিকিৎসালয় খনত অতি শ্ৰীঘ্ৰে চিকিৎসাসেৱা প্ৰদান কৰিবলৈ মাজবাটৰ বিভিন্ন জাতীয়-জনগোষ্ঠীয় দল সংগঠনে দাবী জনাইছে। প্ৰতিদিনে ওদালগুৰি জিলাৰ লগতে মাজবাট অঞ্চলত কভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাত চিন্তিত হৈ পৰিছে দল সংগঠনৰ লগতে সাধাৰণ জনতা। কভিড সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ অতি শীঘ্ৰে মহলীয়া পাৰা আদৰ্শ চিকিৎসালয় খনত চিকিৎসা সেৱা প্ৰদান কৰিবলৈ মাজবাট ৰাজহ চক্ৰ বিষয়াৰ জড়িয়তে স্বাস্থ্য মন্ত্ৰী আৰু স্বাস্থ্য বিভাগলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে মাজবাটৰ কেইবাটাও  দল-সংগঠনে। অতি শীঘ্ৰে আদৰ্শ চিকিৎসালয় খনত চিকিৎসা সেৱা প্ৰদান নকৰিলে স্বাস্থ্য বিভাগৰ বিৰুদ্ধে আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে দল-সংগঠনসমূহে। নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত ততাতৈয়াকে চিকিৎসালয় খন উদ্বোধন কৰি দায়িত্ব সামৰি চিকিৎসা সেৱা প্ৰদান নকৰাৰো অভিযোগ উত্থাপন কৰিছে দল  সংগঠনসমুহে। অতি শীঘ্ৰে আদৰ্শ চিকিৎসালয় খনত কভিডৰ চিকিৎসা সেৱা প্ৰদান কৰি মাজবাটবাসী ৰাইজক উপকৃত কৰিবলৈ দাবী জনাইছে  ওদালগুৰি জিলা সচেতন নাগৰিক সমিতিয়ে ৷ওদালগুৰি জিলা সচেতন নাগৰিক সমিতিয়ে এক প্ৰেছ বিবৃতিযোগে প্ৰশ্ন কৰিছে যে -তিনিমাহ পূৰ্বে মাজবাট অঞ্চলস্থিত মহলিয়াপাৰা আদৰ্শ চিকিৎসালয় উদ্বোধন হোৱাৰ পিছত  বিশ্বজুৰি কৰনা মহামাৰীয়ে কালৰূপ ধাৰণ কৰা পিছতো তাত চিকিৎসা সেৱাৰ পৰিবৰ্তে  চিকিৎসালয়খনত কিয় উলমি আছে আজি প্ৰকাণ্ড তলা কিয় ?এনেধৰণৰ  দৃশ্যাংশ হৈছে ওদালগুৰি জিলাৰ মাজবাট অঞ্চলস্হিত মহলিয়াপাৰা আদৰ্শ চিকিৎসালয় এখনৰ উদ্বোধনী অনুষ্ঠানৰ । যত উদ্বোধন কৰিছে বিটিছিৰ মুখ্য কাৰ্য্যবাহী সদস্য প্ৰমোদ বড়োই । আপোনাৰ হয়টো মনত প্ৰশ্ন উদয় হৈছে হস্পিতালখনৰ সেৱা বৰ্তমান কেনে চলিছে ? অতি দুখ জনক কথা যে হস্পিতালখন ১৭ ফেব্ৰুৱাৰী ২০২১ তেই উদ্বোধন কৰা হৈছিল যদিও চিকিৎসালয় খনত চিকিৎসা সেৱাৰ পৰিবৰ্তে লাগি আছে বৰ্তমানে এটি প্ৰকাণ্ড তলা । নাই তাত কোনো বিভাগীয় কতৃপক্ষ, নাই তাত কোনো চিকিৎসক নাৰ্চ । বৰ্তমান বিশ্বজুৰি কৰনা মহামাৰিয়ে কালৰূপ ধাৰণ কৰিছে । প্ৰতিদিনে মহামাৰীত আক্ৰান্ত হোৱাৰ লগতে মৃত্যুৰ সংখ্যাও বৃদ্ধি পাইছে যাৰ বাবে চিকিৎসালয়ত চিকিৎসা সেৱাৰ অভাৱ হোৱা পৰিলক্ষিত হৈছে । তেনেস্থলত মাজবাট স্থিত মহলীয়াপাৰা আদৰ্শ চিকিৎসালয় খন তিনিমাহ পূৰ্বে উদ্বোধন হোৱাৰ পিছতো আজিলৈ কিয় তাত চিকিৎসা সেৱা উপলব্ধ নহল বিষয়টোক লৈ চিন্তাত পৰিছে মাজবাটবাসী ৰাইজে বুলি সংগঠনটোবে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে ৷ গতিকে চিকিৎসালয়খনত ওলোমাই থোৱা প্ৰকাণ্ড তলাটো আঁতৰাই যাতে চিকিৎসা সেৱা প্ৰদান কৰাৰ ব্যৱস্থা অতি শীঘ্ৰে কৰাৰ দাবীত  সংগঠনটোবে  স্বাস্থ্য মন্ত্ৰী আৰু স্বাস্থ্য বিভাগক  দাবী জনাইছে ৷