Home Blog Page 2978

কৃষি বিপ্লৱৰ জৰিয়তে খিলঞ্জীয়াৰ অধিকাৰ সাব্যস্ত কৰি স্বাৱলম্বী হোৱাৰ অংগীকাৰ।

মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মাৰ চিন্তাৰে দৰং জিলাৰ ছিপাঝাৰ সমষ্টিৰ ধলপুৰৰ বেদখলকৃত ভূমিত বহুমুখী কৃষি প্ৰকল্প গঢ়াৰ প্ৰাৰম্ভিক চিন স্বৰূপে মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ তথা ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াৰ উপস্থিতিত আজি ছিপাঝাৰ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আনুষ্ঠানিকভাৱে মুকলি কৰা হয় কৃষক গোট পঞ্জীয়ন বিশেষ শিবিৰ।

শিবিৰ মুকলি অনুষ্ঠানত ছিপাঝাৰ সমষ্টিৰ বিধায়ক ড০ পৰমানন্দ ৰাজবংশীৰ লগতে উপস্থিত থাকে ছিপাঝাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ প্ৰদীপ চন্দ্ৰ ডেকা , উপাধ্যক্ষ ডঃ ৰাম চন্দ্ৰ ডেকা , দৰং জিলা বিজেপি , ছিপাঝাৰ মণ্ডল বিজেপিৰ কৰ্মকতা সকলৰ লগতে অগপ নেতা হবিবৰ ৰহমান।

–এনে বহুমুখী প্ৰকল্পৰ জৰিয়তে আমাৰ মাটি,আমাৰ শ্ৰম, আমাৰ উপাৰ্জনৰ যি চিন্তা আগত লৈ আমি আগবাঢ়িছোঁ সেয়া নিশ্চয়কৈ ফলপ্ৰসূ হ’ব ।

ছুইছ বেংকত ভাৰতীয়ৰ জমাধন বৃদ্ধি

ছুইছ বেংকত ভাৰতীয় লোকৰ জমাধনৰ পৰিমাণ ২০,৭০০ কোটি টকালৈ বৃদ্ধি পাইছে৷ ১৩ বছৰৰ ভিতৰত ২০২০ চনত বিদেশী বেংকত ভাৰতীয় বিভিন্ন বিত্তীয় প্রতিষ্ঠান তথা ব্যক্তি বিশেষৰ জমাধনৰ পৰিমাণ অভাৱনীয়ভাৱে বৃদ্ধি পোৱা দেখিবলৈ পাইছে৷ ছুইজাৰলেণ্ডৰ কেন্দ্রীয় বেংকটোৰ বার্ষিক প্রতিবেদনত কালি সদৰী হৈছে এই তথ্য৷ অৱশ্যে পূর্বৰ দৰে ধন জমা কৰা লোক বা প্রতিষ্ঠানৰ তথ্য সদৰী কৰা নাই বেংকটোৱে৷ এই সন্দর্ভত নতুন দিল্লী প্রশাসনেও কোনোধৰণৰ প্রতিক্রিয়া প্রকাশ কৰা নাই৷

চেন্নাই চিৰিয়াখানাত ৪ টা সিংহৰ দেহত ডেল্টা প্রকৰণৰ ক’ৰোনা

চেন্নাইৰ আৰিগনাৰ আন্না চিৰিয়াখানাত ক’ভিড-১৯ ৰ ফলত দুটা সিংহৰ মৃত্যু হোৱাৰ এসপ্তাহৰ পিছত, চাৰিটা সিংহৰ দেহত ক’ভিড-১৯ৰ ডেল্টা ভেৰিয়েণ্টৰ (বি.1.617.2) পজিটিভ পোৱা গৈছে।

আৰিগনাৰ আন্না চিৰিয়াখানাই ক’ভিডৰ পৰীক্ষাৰ বাবে ১১ টা সিংহৰ নমুনা প্ৰেৰণ কৰিছিল। ৩ জুনত ভূপালৰ এন.এইচ.এছ.এ.ডি.-য়ে প্ৰেৰণ কৰা প্ৰতিবেদন অনুসৰি, ৯ টা সিংহ ক’ৰোনা সংক্ৰমিত হোৱা দেখা যায়।

সোমবাৰৰ পৰা ৰাজ্যত দৈনিক ৩ লাখ ভেকচিন দিয়াৰ লক্ষ্য ৰাজ্য চৰকাৰৰ

অহা ২১ জুনৰ পৰা সমগ্ৰ ৰাজ্যতে আৰম্ভ হ’বলগীয়া বৰ্ধিত টিকাকৰণ অভিযান সন্দৰ্ভত ৰাজ্যখনৰ সকলো জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক, স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক আৰু চিকিৎসা মহাবিদ্যালয়কেইখনৰ অধ্যক্ষসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় ৷ এই বৈঠকত মুখ্যমন্ত্ৰী ড০ শৰ্মাই তলত উল্লেখ কৰা নিৰ্দেশনাৱলীসমূহ প্ৰদান কৰে– মুখ্যমন্ত্ৰীয়ে অহা ২১ জুনৰ পৰা সমগ্ৰ ৰাজ্যখনত প্ৰতিদিনে তিনি লাখ লোকক টিকাকৰণ কৰাৰ লক্ষ্যত উপনীত হোৱাৰ বাবে এই কাৰ্যসূচী অভিযান আকাৰে ৰূপায়ণৰ বাবে জিলা উপায়ুক্তসকলক নিৰ্দেশ দিয়ে৷ তেখেতে ২১ জুনৰ পৰা ৩০ জুনলৈ এই লক্ষ্য বাহাল ৰখাৰ পদক্ষেপ ল’বলৈও নিৰ্দেশ দিয়ে৷ এই বৰ্ধিত টিকাকৰণ অভিযান তদাৰক কৰাৰ বাবে জিলাসমূহৰ অভিভাৱক মন্ত্ৰী আৰু তেওঁলোকৰ সচিবসকলে আগন্তুক সাত দিন সংশ্লিষ্ট জিলাসমূহত বাহৰ পাতি সমগ্ৰ কাম-কাজৰ তদাৰক কৰিব৷অহা ২১ জুনৰ পৰা কেন্দ্ৰীয় চৰকাৰে ১৮ বছৰ ঊৰ্ধ্বৰ সকলো লোকলৈ বিনামূলীয়া ভেকচিন প্ৰদান কৰিব ৷ সেয়েহে ২১ জুনৰ পৰা টিকাকৰণৰ ক্ষেত্ৰত কোনো পৃথক গোট নাথাকিব৷ ১৮ বছৰৰ ঊৰ্ধ্বৰ সকলো লোকে এই টিকা ল’ব পাৰিব৷ টিকাকৰণ কেন্দ্ৰসমূহত নিয়োজিত টিকা কৰ্মীসকলে পৰিবহণ ব্যয়ৰ নামত প্ৰতিদিনে ১০০ টকাকৈ লাভ কৰাৰ উপৰি প্ৰয়োজনীয় খাদ্য-সামগ্ৰীও লাভ কৰিব৷ ৰাজ্যখনত সৰ্বমুঠ ২ হাজাৰটা টিকাকৰণ কেন্দ্ৰৰ ব্যৱস্থা থাকিব৷নগৰ অঞ্চলত ২টা খেপত ৰাতিপুৱা ৮ বজাৰ পৰা নিশা ৮ বজালৈ টিকাকৰণ অব্যাহত থাকিব৷ আনহাতে, গ্ৰামাঞ্চলত ৰাতিপুৱা ৮ বজাৰ পৰা দিনৰ ১ বজালৈ এই কেন্দ্ৰসমূহে সেৱা অব্যাহত ৰাখিব৷ এই সময়খিনিৰ ভিতৰত কেন্দ্ৰত প্ৰৱেশ কৰা সকলো লোককে টিকাকৰণ কৰা হ’ব৷ এই অভিযান সফল কৰাৰ বাবে তৃণমূল পৰ্যায়লৈকে জনসচেতনতা সৃষ্টিৰ পদক্ষেপ ল’বলৈ মুখ্যমন্ত্ৰীয়ে স্বাস্থ্য বিভাগক নিৰ্দেশ দিয়ে৷ মুখ্যমন্ত্ৰীয়ে লগতে স্বেচ্ছাসেৱী সংস্থা, সামাজিক সংগঠন তথা ৰাজনৈতিক কৰ্মীসকলকো জনসাধাৰণক টিকা গ্ৰহণৰ দিশত উদ্বুদ্ধ কৰাৰ বাবে আহ্বান জনায়৷ নিজৰ নিজৰ কৰ্মস্থলীত যাতে সোনকালে যোগদান কৰিব পাৰে তাৰ বাবে মুখ্যমন্ত্ৰীয়ে সকলো চৰকাৰী কৰ্মচাৰী, ব্যক্তিগত প্ৰতিষ্ঠানৰ কৰ্মচাৰী, দোকানী ইত্যাদিক এই টিকা গ্ৰহণৰ বাবে আগবাঢ়ি আহিবলৈও আহ্বান জনায়৷চাহ বাগিচাকে ধৰি সকলো অঞ্চল এই ব্যাপক কাৰ্যসূচীৰে সঠিকভাৱে সামৰাৰ পদক্ষেপ ল’বলৈ তেখেতে নিৰ্দেশ দিয়ে৷দুখীয়া-নিছলা তথা নিৰক্ষৰ জনসাধাৰণক টিকাকৰণৰ পঞ্জীয়নত সহায় কৰাৰ বাবে সকলো টিকাকৰণ কেন্দ্ৰত থিতাতে পঞ্জীয়ন কৰিব পৰা একোগৰাকীকৈ সুনিৰ্দিষ্ট পঞ্জীয়ন কৰ্মী থাকিব বুলিও তেখেতে কয়৷

হোজাইত বন বিভাগৰ অভিযানত জব্দ চাৰি লাখ টকাৰ চোৰাং কাঠ

হোজাইত বন বিভাগৰ অভিযানত জব্দ কৰা হৈছে চাৰি লক্ষাধিক টকাৰ চোৰাং কাঠ। ডি এফ অ গুনদীপ দাসে লাভ কৰা এক গোপন সূত্ৰৰ ভিত্তিত দিয়া নিৰ্দেশত  বন সুৰক্ষা বাহিনীৰ মহেশ নাথ আৰু কেভি ৰেঞ্জৰ উৎপল ডেকাই চলাই অভিযান। বিষয়াদ্বয়ে মোৰাঝাৰ আৰক্ষী আৰু বন কৰ্মীৰ এটা দলৰ সহযোগত বৰহাওৰ অঞ্চলৰ নাচিৰ আহমেদৰ বাৰীত চলাইছিল এই  অভিযান। অভিযানত বাৰীত পৰিত্যক্ত অৱস্থাত পৰি থকা প্ৰায় ২০০ কেবিৰ বৃহৎ আকাৰৰ  ফাণ্টা কাঠ জব্দ কৰিবলৈ সক্ষম হয়। জব্দ কাঠখিনিৰ গৰাকী কোন সেয়া এতিয়াও জানিব পৰা হোৱা নাই যদিও কাঠখিনি পৰি থকা মাটিৰ গৰাকীক অভিযানকাৰী দলে সোধ-পোছ কৰি চোৰাং কাঠখিনিৰ প্ৰকৃত গৰাকীক কৰায়ত্ত কৰিবলৈ তদন্ত  অব্যাহত ৰাখিছে। আন্হাতে জব্দ কাঠখিনি হোজাইৰ কেভি ৰেঞ্জলৈ প্ৰেৰণ কৰা পিছত কাঠখিনিৰ মূল্য প্ৰায় চাৰি লাখ টকা বুলি অভিযানকাৰী দলটোক নেতৃত্ব দিয়া বনকৰ্মী মহেশ নাথে  জানিবলৈ দিয়ে।

আজিৰ দৈনন্দিন বাৰ্তা পঢ়িবলৈ এই linkত Click কৰক

https://portal.dainandinbartagroup.in/epaper/file/167

আজিৰ The Assam Rising পঢ়িবলৈ এই linkত Click কৰক

https://portal.dainandinbartagroup.in/epaper/file/166

কোভিড পৰিস্থিতি: ভাৰতলৈ ১১৩কোটিত অনুদান গুগলৰ।

Googleৰ জনহিতকৰ শাখাই গ্ৰাম্য ভাৰতত অক্সিজেন উৎপাদন প্ৰকল্প নিৰ্মাণ আৰু স্বাস্থ্যসেৱা কৰ্মীসকলক প্ৰশিক্ষণ দিয়াৰ বাবে অতিৰিক্ত ১১৩কোটি টকাৰ অনুদান প্ৰদান কৰে। এই সিদ্ধান্ত কোম্পানীটোৰ মুখ্য কাৰ্যবাহী সুন্দৰ পিচাইয়ে বৃহস্পতিবাৰে ঘোষণা কৰে। Google ৰ নতুন অনুদান মুঠ ১১৩ কোটি টকা এপ্ৰিলত ঘোষণা কৰা ১৩৫ কোটি টকাতকৈ শীৰ্ষত আছে যাৰ উদ্দেশ্য হৈছে জনস্বাস্থ্য তথ্য প্ৰচাৰৰ প্ৰসাৰ সম্প্ৰচাৰিত কৰা আৰু জৰুৰীকালীন সাহায্য ৰক্ষাৰ কামত সহায় কৰা। কৰোনা ভাইৰাছ (কোভিড-19) মহামাৰীৰ দ্বিতীয় ঢৌয়ে ভাৰতৰ স্বাস্থ্য আন্তঃগাঁথনিক অভিভূত হৈছিল। য’ত বৃহৎ পৰিমাণৰ অক্সিজেনৰ অভাৱ দেখিবলৈ পোৱা গৈছিল।

ধুবুৰীত বগা চাউলৰ ক’লা বেহা

ধুবুৰীত ব্ৰহ্মপুত্ৰৰ মাজত জব্দ হয় চাউলভৰ্তি নাওঁ। বাংলাদেশলৈ সৰবৰাহ কৰা চাউলভৰ্তি নাওঁ জব্দ কৰে আৰক্ষীয়ে। বিলাসীপাৰাৰ পৰা দক্ষিণ শালমাৰা অভিমুখে বৃহৎ পৰিমানৰ চোৰাং চাউল বাংলাদেশলৈ সৰবৰাহ কৰাৰ সময়তে ব্ৰহ্মপুত্ৰত জব্দ কৰে আৰক্ষীয়ে। ধুবুৰী আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত ব্ৰহ্মপুত্ৰত শুক্ৰবাৰে সন্ধিয়া অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমানৰ FCI চোৰাং চাউল। লগতে সৰবৰাহ কৰা দুজন লোকক আটক কৰে আৰক্ষীয়ে। ধৃত লোক দুজন পাছেৰ আলী আৰু ছমীৰন সেখ বুলি জানিব পৰা গৈছে। সম্প্রতি ঘটনা সম্পর্কত ধুবুৰী আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

চৰকাৰী গাওঁবুঢ়া অবিহনে চলিছে এটা বৃহত্তৰ অঞ্চল ।

নগাঁও জিলাৰ ধিং ৰাজহ চক্ৰৰ অধিনস্থ বৃহত্তৰ লহকৰ ঘাট গাঁৱত । দীৰ্ঘদিন ধৰি চৰকাৰী গাঁওবুঢ়া নথকাত ব্যাপক সমস্যাৰ সন্মুখীন হ’ব লগাত পৰিছে । এখন চৰকাৰী গাঁওবুঢ়াৰ প্ৰমাণ পত্ৰ কিম্বা এটা চহীৰ বাবে হাবাথুৰি খাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে অঞ্চলটোৰ সৰ্বসাধাৰণ ৰাইজে । কিয়নো বিগত সময়চোৱাত এইখন অঞ্চলত ডিম্বেশ্বৰ শইকীয়া নামৰ এজন চৰকাৰী গাঁওবুঢ়া আছিল যদিও এবছৰমান পূৰ্বে লহকৰ গাঁৱত সংঘটিত হৈছিল এক অপৃতিকৰ ঘটনা । উক্ত ঘটনাত কোনো ধৰণৰ তথ্য নোহোৱাকৈ একাংশ লোকে চৰকাৰী গাঁওবুঢ়া ডিম্বেশ্বৰ শইকীয়ৰ ওপৰতো অভিযোগ আনিছিল । আৰু সেই অভিযোগৰ ভিত্তিত ধিং ৰাজহ চক্ৰৰ চক্ৰ বিষয়াই ডিম্বেশ্বৰক গাঁওবুঢ়া পদবীৰ পৰা নিলম্বিত কৰিছিল । আৰু সেই তেতিয়াৰ পৰাই চৰকাৰী গাঁওবুঢ়া অবিহনেই ব্যাপক সমস্যাৰ মাজেৰে চলি আহিছে অঞ্চলবাসী । ঘটনাটোৰ সত্যাসত্যৰ সন্দৰ্ভত ইতিমধ্যে ডিম্বেশ্বৰ শইকীয়া আৰু অঞ্চলটোৰ শতাধিক ৰাইজৰ স্বাক্ষৰিত এক আবেদন দাখিল কৰিছে নগাঁও জিলা উপায়ুক্ত আৰু ধিং চক্ৰ বিষয়াক । আনহাতে ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলাম আৰু লহকৰ ঘাট গাঁও পঞ্চায়তৰ সভাপতি সহ অঞ্চলবাসীয়ে ডিম্বেশ্বৰ শইকীয়াৰ নিলম্বন প্ৰত্যাহাৰ কৰি পুনৰ চৰকাৰী গাঁওবুঢ়াৰ পদত নিযুক্তি দি অঞ্চলটোৰ ৰাইজক উপকৃত কৰিবলৈ নগাঁও জিলা উপায়ুক্ত মহোদয়ক অনুৰোধ জনাইছে ।

চাৰিজন ছাইবাৰ অপৰাধীক প্ৰেপ্তাৰ লাহৰীঘাটত

মৰিগাঁও জিলাৰ  লাহৰীঘাট আৰক্ষীৰএক সফলতা । লাহৰীঘাট আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি লাহৰীঘাটৰ নগাবান্ধা গাঁৱৰ পৰা বহু আপত্তি জনক সামগ্ৰীৰ লগতে চাৰি গৰাকী ছাইবাৰ অপৰাধী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । ধৃত অপৰাধী কেইজন হৈছে গৰৈমাৰী গাঁৱৰ ৰাজিবুল ইছলাম (২৭) , ইনজামুল হক (২১), ৰাকিব আলম (২১) , ছফিকুল ইছলাম (৩২)। ধৃত অপৰাধী কেইজনৰ পৰা আৰক্ষীয়ে বেংক পাচবুক, ছিম কাৰ্ড, পেন কাৰ্ড, আধাৰ কাৰ্ড, এ এটি এম , আৰু মোবাইল জব্দ কৰিবলৈ সক্ষম হয় । সম্প্ৰতি লাহৰীঘাট আৰক্ষী য়ে   ধৃত  Cyber অপৰাধী ৪ জনৰ বিৰুদ্ধে ৩৫৫/২১ US ১২০( B)৪১৯/৪২০/৪৬৮/৪৭১/৪০৯ IPC, R/W Sec.৬৬(C) ৬৬ (D)IT Act ৰ অধীনত গোচৰ ৰুজু কৰি চাৰি অপৰাধীক জেললৈ প্ৰেৰণ কৰে।

আজিৰ দৈনন্দিন বাৰ্তা পঢ়িবলৈ এই linkত Click কৰক

https://portal.dainandinbartagroup.in/epaper/file/167

আজিৰ The Assam Rising পঢ়িবলৈ এই linkত Click কৰক

https://portal.dainandinbartagroup.in/epaper/file/166

ভাৰতত এতিয়ালৈকে কৰোনা ভাইৰাছৰ ১২০ৰো অধিক মিউটেন্ট:৮টা আটাইতকৈ বিপদজনক।

বৰ্তমানলৈ সমগ্ৰ দেশত কৰোনা ভাইৰাছৰ ৩৮০ নিযুতৰো অধিক নমুনা পৰীক্ষা কৰা হৈছে, কিন্তু তাৰে মাত্ৰ ২৮,000 নমুনা জিনম চিকুৱেঞ্চিংৰ বাবে পৰীক্ষা কৰা হৈছে। অধ্যয়নটোৱে প্ৰকাশ কৰিছিল যে ভাৰতত এতিয়ালৈকে কৰোনা ভাইৰাছৰ ১২০ৰো অধিক মিউটেন্ট (Mutant) পোৱা গৈছে, যাৰ ভিতৰত ৮টা আটাইতকৈ বিপদজনক। অৱশ্যে, বিজ্ঞানীসকলে এতিয়াও ১৪টা মিউটেন্টৰ অনুসন্ধান কৰি আছে।

সমগ্ৰ দেশৰ ২৮টা পৰীক্ষাগাৰ ক্ৰমবদ্ধ কৰা হৈছে-
বিশ্ব স্বাস্থ্য সংস্থাই নামাকৰণ কৰা বিপদজনক প্ৰকাৰবোৰ হৈছে আলফা, বিটা, গামা, ডেল্টা প্লাছ, কাপা, ইটা আৰু লোটা। এই সকলোবোৰ প্ৰকাৰ দেশত পোৱা গৈছে। এই প্ৰকাৰবোৰত, কাৰোবাৰ অধিক আৰু কাৰোবাৰ কম কেছ আছে। তেওঁলোকক সমগ্ৰ দেশৰ ২৮ টা পৰীক্ষাগাৰত ক্ৰমবদ্ধ কৰা হৈছে। প্ৰকাৰটোৰ প্ৰাৰম্ভিক প্ৰতিবেদনৰ ফলাফল যথেষ্ট আচৰিত। সূত্ৰ অনুসৰি, ভাৰতত ডেল্টাৰ সৈতে কাপা ভেৰিয়েণ্ট ও আছে। বিগত ৬০দিনত, ৭৬শতাংশ নমুনাই সেই তথ্য নিশ্চিত কৰিছে।