Breaking

হোজাইত বন বিভাগৰ অভিযানত জব্দ চাৰি লাখ টকাৰ চোৰাং কাঠ

0 562

হোজাইত বন বিভাগৰ অভিযানত জব্দ কৰা হৈছে চাৰি লক্ষাধিক টকাৰ চোৰাং কাঠ। ডি এফ অ গুনদীপ দাসে লাভ কৰা এক গোপন সূত্ৰৰ ভিত্তিত দিয়া নিৰ্দেশত  বন সুৰক্ষা বাহিনীৰ মহেশ নাথ আৰু কেভি ৰেঞ্জৰ উৎপল ডেকাই চলাই অভিযান। বিষয়াদ্বয়ে মোৰাঝাৰ আৰক্ষী আৰু বন কৰ্মীৰ এটা দলৰ সহযোগত বৰহাওৰ অঞ্চলৰ নাচিৰ আহমেদৰ বাৰীত চলাইছিল এই  অভিযান। অভিযানত বাৰীত পৰিত্যক্ত অৱস্থাত পৰি থকা প্ৰায় ২০০ কেবিৰ বৃহৎ আকাৰৰ  ফাণ্টা কাঠ জব্দ কৰিবলৈ সক্ষম হয়। জব্দ কাঠখিনিৰ গৰাকী কোন সেয়া এতিয়াও জানিব পৰা হোৱা নাই যদিও কাঠখিনি পৰি থকা মাটিৰ গৰাকীক অভিযানকাৰী দলে সোধ-পোছ কৰি চোৰাং কাঠখিনিৰ প্ৰকৃত গৰাকীক কৰায়ত্ত কৰিবলৈ তদন্ত  অব্যাহত ৰাখিছে। আন্হাতে জব্দ কাঠখিনি হোজাইৰ কেভি ৰেঞ্জলৈ প্ৰেৰণ কৰা পিছত কাঠখিনিৰ মূল্য প্ৰায় চাৰি লাখ টকা বুলি অভিযানকাৰী দলটোক নেতৃত্ব দিয়া বনকৰ্মী মহেশ নাথে  জানিবলৈ দিয়ে।

আজিৰ দৈনন্দিন বাৰ্তা পঢ়িবলৈ এই linkত Click কৰক

https://portal.dainandinbartagroup.in/epaper/file/167

আজিৰ The Assam Rising পঢ়িবলৈ এই linkত Click কৰক

https://portal.dainandinbartagroup.in/epaper/file/166

Leave A Reply