Home Blog Page 2979

পাথৰিঘাট ৰাজহ চক্ৰ বিষয়াৰ উপস্থিতিত নিজ সৰাবাৰীত কৃত্ৰিমভাৱে পানী নিষ্কাশন

দৰঙৰ পাথৰিঘাট ৰাজহ চক্ৰৰ অন্তৰ্গত খাটৰদলৰ নিকটবৰ্ত্তী নিজ সৰাবাৰী, চিনাকোনা, শালৈপাৰা গাওঁৰ প্ৰায় ২০০০ পৰিয়ালৰ খেতি মাটি ২৫ বছৰ ধৰি পানীৰ তলত বুৰ গৈ আছিল ৷

এজাক ডাঙৰ বৰষুণৰ ফলত এই অঞ্চলৰ ৰাইজ কৃত্ৰিম বানত খেতি মাটি বুৰ যায় ৷ উল্লেখ্য যে হাতীমাৰা গোমোঠাপাৰা নামৰ ৰাষ্টাৰ দুয়োকাষে মাছ পালনৰ বাবে বৃহত আকাৰৰ পুখুৰীৰ পাৰ দিয়াত বৰষুণৰ পানী ওলাই যাৱ নোৱাৰি বানৰ সৃষ্টি হয় ৷

২৫ বছৰ ধৰি খেতি বাতি কৰিব নোৱাৰা এই অঞ্চলত কেৱল মেটেকাৰ বাবে বিখ্যাত হৈ পৰে অঞ্চলটি ৷ খাটৰদল নামে পৰিচিত দলনি খনৰ দুয়োকাষে নলাৰ সৈতে ৪৬ ফুট বহলৰ ৰাষ্টা আছিল বুলি জানিব দিয়ে চক্ৰ বিষয়া গৰাকীয়ে ৷ কিন্তু এতিয়া উক্ত ৰাষ্টাটি প্ৰায় নিচিহ্ন ৷

চক্ৰ বিষয়া অমৰজ্যোতি নাথ আৰু পাথৰিঘাট আৰক্ষীৰ উপস্থিতিত শুকুৰবাৰে আবেলি JCB লৈ পুখুৰীৰ পাৰ সমুহ কাটি কৃত্ৰিমবানৰ দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰে ৷

কলাইগাওঁ চক্ৰ বিষয়া সুজাতা গোস্বামী মণ্ডল কাননগো সৰাবাৰীৰ VDP ৰুনু বৰুৱা গাওঁবুঢ়া বিপিন বৰুৱাক ধৰি অঞ্চলটোৰ বহু গন্যমাণ্য ব্যক্তি উপস্থিত থাকে ৷

ৰঙিয়াৰ উচ্চশিক্ষিত যুৱক ,ব্ৰাইট কোটচিং চেন্টাৰৰ স্বত্তাধিকাৰী ৰেকিব আহমেদৰ প্ৰশংসনীয় পদক্ষেপ।

লকডাউনৰ সময়চোৱাত সমাজৰ দুৰ্গত সকলৰ কাষত থিয় দিলে শিক্ষানুষ্ঠানটোৰ স্বত্তাধিকাৰী তথা ছাত্ৰ-ছাত্ৰী সকলে । প্ৰায় ২১ টাকৈ পৰিয়ালৰ ৰোগীৰ ঔষধ ক্ৰয়ৰ নামত আগবঢ়ালে নগদ ৫०० টকাকৈ । ইয়াৰ ওপৰিও প্ৰতিদিনেই পদপথত বাস কৰা লোকক যোগান ধৰিছে খাদ্য-সামগ্ৰীও । কৰাইছে দুই চাৰিজনৰ চিকিৎসা । সাধ্যনুযায়ী আৰ্থিকভাৱে পিছপৰা ছাত্ৰ-ছাত্ৰীৰ পঢ়াৰ দায়িত্ব লবলৈও প্ৰস্তুত ৰেকিব । ৰঙিয়াৰ এই যুৱ শিক্ষকজনৰ মহানুভৱতাক লৈছে সকলোৱে শলাগ ।

জামুগুৰিহাটত সাংস্কৃতিক কৰ্মীৰ ঘৰত দুষ্কৃতিকাৰীয়ে বিহ দি নিধন কৰিলে ৫০টাকৈ হাঁহ।

জামুগুৰিহাটৰ কুসুমটোলাত সাংস্কৃতিক কৰ্মী ৰাজীৱ বৰঠাকুৰৰ ঘৰত আজি কোনো দুষ্কৃতিকাৰীয়ে বিহ দি ৫০টাকৈ হাঁহ নিধন কৰে।কৰ’ণা মহামাৰীয়ে সাংস্কৃতিক জগতখনলৈও স্হবিৰতা আনি দিয়াৰ পাছত সাংস্কৃতিক কৰ্মী গৰাকীয়ে সাময়িকভাৱে অভিনয় জগতখন এৰি ঘৰলৈ ঘুৰি আহি এইদৰে হাঁহ, কুকুৰা,ছাগলী, গৰু পোহপাল দি জীৱিকাৰ পথ বাচি লৈছিল যদিও আজি পুৱা কোনো দুষ্কৃতিকাৰীয়ে তেওঁলোকৰ চৌহদৰ পুখুৰীত থকা হাঁহ সমুহক এইদৰে বিহ দি নিধন কৰাৰ পাছত মানসিকভাবে এতিয়া ভাগি পৰিছে যুৱ সাংস্কৃতিক কৰ্মী গৰাকী। ইতিমধ্যে এই সন্দৰ্ভত সাংস্কৃতিক কৰ্মী গৰাকীয়ে জামুগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।

ওদালগুৰিত গ্ৰেপ্তাৰ ৪জন চোৰাং গৰু ব্যৱসায়ী

ওদালগুৰিৰ আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত ১৭জুনৰ পুৱতি নিশা ওদালগুৰি আৰক্ষী থানাৰ অন্তৰ্গত ৰাণীপুখুৰী গাওঁৰ পৰা ৪ জন চোৰাং গৰু সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰে‌।ভাৰপ্ৰাপ্ত বিষয়া অসীম বৰাই জনাই যে-স্হানীয়লোকৰ সহযোগত ১৭জুনৰ নিশা ৰাণীপুখুৰী নিবাসী ফনীন্দ্ৰ বসুমতাৰীৰ ঘৰৰ চৌহদৰ পৰা গৰু চুৰি কৰিবলৈ যোৱা সময়তে এক বৃহৎ আৰক্ষীৰ দলে অতৰ্কিতে তালাচী চলায়। চোৰাং গৰুৰ ব্যৱসায়ীৰ সৈতে জড়িত ক্ৰমে খাৰুপেটীয়াৰ ম: ছহিদুল আলী(১৮),ধূলাৰ ম: আমিৰুল ইছলাম(২১),খাৰুপেটীয়াৰ ম:ইনচান আলী আৰু ঢেকিয়াজুলিৰ ম: ইচুল আলীক এখন মালবাহী টাটা ডিআই পঞ্জীয়ন নং এএছ২৫ডিচি/০৬১০সহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।এই সন্দৰ্ভত ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ৩৭৯ ত ১৫৯/২১ এটি গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে বুৰি ভাৰপ্ৰাপ্ত বিষয়া অসীম বৰাই জানিবলৈ দিয়ে।

আজিৰ দৈনন্দিন বাৰ্তা পঢ়িবলৈ এই linkত Click কৰক

https://portal.dainandinbartagroup.in/epaper/file/167

আজিৰ The Assam Rising পঢ়িবলৈ এই linkত Click কৰক

https://portal.dainandinbartagroup.in/epaper/file/166

কাকপথাৰ সোনজান অঞ্চলৰ তিনি যুৱকৰ হাতত মৰণাস্ত্র::আলফা স্বাধীনত যোগদানৰ সন্দেহ

অসম অৰুণাচল সীমান্তৱৰ্তী তিনিচুকীয়া জিলাৰ ডিৰাক সোনজান অঞ্চলৰ তিনিজনকৈ যুৱকৰ হাতত মৰণাস্ত্ৰ লৈ থকা ফটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পাছতে তিনিচুকীয়া জিলাত তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে ৷ তিনিচুকীয়া জিলাৰ ডিৰাক সোনজান গাঁৱৰ অসীম মৰাণ ওৰফে মচৌ (১৮), মুকুট মৰাণ ওৰফে ধুনু (১৯) আৰু বৰডিৰাক গোসাই গাঁৱৰ বুধিন বৰগোহাঁই ওৰফে বনমালী ( ১৯) নামৰ যুৱক কেইজনে কৰ’ণা অতিমাৰীৰ সময়ত নিজৰ লগতে ঘৰখনক আর্থিকভাৱে সবল কৰি তুলিবলৈ কামৰ সন্ধানত চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ খ্ৰাচাং আৰু জয়ৰামপুৰৰ কাঠৰ মিলত কাম কৰিবলৈ  এমাহৰ পূৰ্বেই  ঘৰৰ পৰা ওলাই গৈছিল । ল’ৰাকেইজনে  জয়ৰামপুৰৰ হনুমান টিম্বাৰত কাম কৰিছিল বুলি জানিব পৰা গৈছে । বিগত কিছুদিনৰ পৰা তেওঁলোকৰ ঘৰৰ সতে কোনো সংযোগ নাই । শেহতীয়াকৈ দুজন মান অস্ত্ৰধাৰী যুৱক আৰু এই ল’ৰা কেইজনে সামৰিক পোচাক পিন্ধি তোলা ফ’টো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাত ঘটনাটো পোহৰলৈ আহিছে ।  পৰিয়ালৰ লোকে লৰাকেইজনে  আলফা স্বাধীনত যোগদান কৰিছে বুলি সন্দেহ কৰিছে । পৰিয়ালৰ লোকৰ এটাই আহ্বান যি সংগঠনতেই যোগদান নকৰক কিয় তেওঁলোকক ঘূৰাই পঠাবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে সগঠনৰ মুৰব্বীসকলক । 

নাজিৰাৰ আকাশত মাজনিশা ইউ এফ অ’ নে কোনো অনুসন্ধানকাৰী গুপ্তচৰ ?

নাজিৰাৰ আকাশত প্ৰচণ্ড ধুমুহা বৰষুণৰ মাজতে ১৭ আৰু ১৮ জুনৰ নিশা প্ৰায় ১১মান বজা চকুত পৰে এটা জোন অথবা তৰা সদৃশ এক মৃদু পোহৰৰ উৎস । নাজিৰাৰ ব’ৰ্ডিং ৰোডৰ এজন নাগৰিকে প্ৰথমে কলাঘন আকাশত প্ৰচণ্ড ডাৱৰৰ মাজতে পূব আৰু দক্ষিণ আকাশত দেখা পোৱা এই পোহৰৰ উৎস কোনো তৰা বুলি ঠাৱৰ কৰিবলৈও অৱকাশ নাছিল । নিশাই কেইবাজনো বন্ধুক ব্যক্তিজনে এই কলা ডাৱৰৰ মাজত জিলিকি থকা পোহৰৰ কথা ফোনযোগে জনোৱাত কোনো কোনোৱে প্ৰত্যক্ষ কৰিবলৈ সক্ষম হয় । স্থানীয় সাংবাদিক সকলেও সেই পোহৰ উৎসৰ ফটো লোৱাৰ প্ৰয়াস কৰিও কেমেৰাৰে ঢুকি পোৱাত বিফল  হয় । নাজিৰা ব’ৰ্ডিং ৰোডৰ পৰা এই প্ৰতিবেদকে  কেমেৰাৰে প্ৰচেষ্টা চলাই ফটো তুলিবলৈ সক্ষম হয় । কোনো সময়ত লুকাই পৰা পোহৰ উৎস ক্ৰমাৎ দক্ষিণ আকাশমুখী হোৱা প্ৰত্যক্ষ কৰাৰ লগতে নিশা ১ বজা পৰ্য্যন্ত ছেগা-চোৰোকাকৈ প্ৰত্যক্ষ কৰা হয় এই পোহৰ । হঠাৎ  ধুমুহা বৰষুণৰ পাছতে ডাৱৰ ভৰা আকাশৰ সকলো জ্যোতিস্ক নিস্প্ৰভ হৈ ৰোৱাৰ সময়ত এই পোহৰৰ উৎস প্ৰকৃততে কি ? কোনো কোনো অনুসন্ধিৎসু ব্যক্তিয়ে এয়া কোনো অনুসন্ধানকাৰী সংস্থাৰ উপগ্ৰহৰ বিচৰণ নতুবা “ইউএফঅ’ বুলি কোৱাৰ বিপৰীতে আন একাংশই ইছৰ’ অথবা  নাছাৰ মিছনবুলি অভিহিত কৰিছে ।  আকাশৰ বুকুত আকস্মিকভাৱে আৱিৰ্ভাৱ হোৱা এই পোহৰ উৎসই এক ৰহস্যৰ সৃষ্টি কৰিছে ।

গুৱাহাটীতেই আছে শ্বিলঙৰ সুখ দিব পৰা ঠাই। কেলৈনো যাব লাগে বহুদূৰ বাটকুৰি বাই!

BREAKING বাতিল হল HSLC আৰু HS পৰীক্ষা

ৰাজ্যত অৱশেষত বাতিল কৰা হ’ল ২০২১ বৰ্ষৰ HSLC আৰু HS চূড়ান্ত পৰীক্ষা। দীঘলীয়া বৈঠকৰ অন্তত এই ঘোষণা কৰিলে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে।আজি পৰীক্ষা অনুষ্ঠিত কৰাৰ সন্দৰ্ভত ৰাজ্যৰ কেইবাটাও দল-সংগঠনৰ সৈতে যেনে AASU, NBVP, RSS, SEBA, HSLC বৈঠকত বহিছিল ৰাজ্যৰ শিক্ষা বিভাগ। আৰু কোভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত পৰীক্ষা বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।আজিৰ বৈঠকত স্বাস্থ্য বিভাগে শেহতীয়া পৰিস্থিতিৰ সন্দৰ্ভত এখন প্ৰেজেণ্টেশ্যন দিয়ে।

বৰ্তমান মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল পূৰ্বৰ নম্বৰৰ ভিত্তিত দিয়া হ’ব। কাইলৈৰ দিনটোত দুখন কমিটী গঠন কৰিব ৰাজ্যৰ শিক্ষা বিভাগে। দুয়োখন কমিটীয়ে তৈয়াৰ কৰা মডেলিটীৰ ভিত্তিত অহা ৩১ জুলাইৰ পূৰ্বে উচ্চতৰ মাধ্যমিক আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’ব।

বিধস্ত ফিল’বাৰী -কাকপথাৰ সংযোগী লোক নিৰ্মাণ বিভাগৰ অধীনৰ পথে জ্বলা-কলা খুৱাইছে পথাচাৰীক

তিনিচুকীয়া জিলাৰ ১২৫ নং ডুমডুমা বিধান সভা সমষ্টিৰ অন্তৰ্গত মুঠ পোন্ধৰ কিলোমিটাৰ দৈঘ্যৰ ফিল’বাৰী -কাকপথাৰ সংযোগী লোক নিৰ্মাণ বিভাগৰ অধীনৰ পথৰ  প্ৰায় ২ কিলোমিটাৰ দৈৰ্ঘ্যৰ অংশ বিগত দুবছৰ ধৰি  বিধস্ত হৈ থকা অৱস্থাই জ্বলা-কলা খুৱাইছে অঞ্চলটোৰ ৰাইজক । ডুমডুমা-ফিল’বাৰী ঘাই পথৰ পৰা গৌৰীপুৰ, শিতলপুৰ,  নগাঁও, ৰুমাই গাভৰু আদি গাঁৱৰ মাজেদি পাৰহৈ  কাকপথাৰ- টঙনা পথত সংযোগ হোৱা দুৱাৰমৰা খেৰজান পথ নামেৰে লোক নিৰ্মান বিভাগে নাম কৰণ কৰা তথা ফিল’বাৰীৰ ৰাইজৰ কাকপথাৰস্থিত উন্নয়ন খণ্ড কাৰ্য্যালয়লৈ যাতায়তৰ একমাত্ৰ  পথটোৰ   ডুমডুমা নদীৰ দলঙৰ দুয়ো পাৰে বিধস্ত হোৱা প্ৰায় তিনি কিলোমিটাৰ অংশ মেৰামতিৰ দাবীত বাৰম্বাৰ দাবী সাব্যস্ত কৰি অহা হৈছে যদিও কোনো গুৰুত্ব প্ৰদান কৰা নাই গড়কাপ্তানী বিভাগ আৰু জনপ্ৰতিনিধিয়ে। প্ৰায় চাৰি বছৰৰ আগতে প্ৰধানমন্ত্ৰী গ্ৰাম চৰক যোজনাৰ অধীনত পকীকৈ নিৰ্মাণ কৰা এই পথটোৰ  বৰ্তমান ফিল’বাৰী নেপালী প্ৰাথমিক বিদ্যালয়ৰ পৰা   ডাঙৰীয়া থান লৈকে প্ৰায়  তিনি কিলোমিটাৰ অংশত সৃষ্টি হৈছে প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ। যাৰ ফলত, দুচকীয়া-চাৰিচকীয়া বাহনটো বাদেই, পদচাৰীয়েও সেই পথ অংশ অতিক্ৰম কৰাত অসুবিধাৰ সৃষ্টি হয়। সেই পথেৰে  বিশেষকৈ  ৰোগীক অনা নিয়া কৰাটো হৈ পৰিছে অন্যতম প্ৰত্যাহ্বান। বিগত সময়ত তদানীন্তন কংগ্ৰেছী বিধায়ক দুৰ্গা ভূমিজক ৰাইজে বহুবাৰ আবেদন জনোৱাত  তেওঁ সেই ভগ্ন অংশ মেৰামতিৰ আশ্বাস দিছিল যদিও, এই আবেদন অৰণ্য ৰোদনত পৰিণত হয়। তদুপৰি, বৰ্তমান ডুমডুমা সমষ্টিৰ নৱনিৰ্বাচিত বিজেপি দলৰ বিধায়ক ৰূপেশ গোৱালায়ো এই ক্ষেত্ৰত নীৰৱতা অৱলম্বন কৰা দেখা গৈছে। উল্লেখ্য যে , প্ৰধানমন্ত্ৰী গ্ৰাম চৰক যোজনাৰ নীতি অনুসৰি , সংশ্লিষ্ট নির্মাণকাৰী সংস্থাই নিৰ্দিষ্ট সময়লৈকে পথৰ মেৰামতি কৰিব লাগে যদিও, লোকনিৰ্মান বিভাগৰ গুৰুত্বহীনতাত কোনো ধৰণৰ মেৰামতি কৰা নাই। কিন্তু, লোক নিৰ্মাণ  বিভাগৰ অকৰ্মণ্যতাতেই হওক কিম্বা জনপ্ৰতিনিধিসকলৰ অমনোযোগিতাই হওক এই পথঅংশৰ মেৰামতি বা পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত বাৰে বাৰে  বঞ্চিত হোৱাত অঞ্চলবাসীৰ পুঞ্জীভূত ক্ষোভৰ উদ্গীৰণ যে নিশ্চিতভাৱে এদিন হব সেইয়া ধূৰুপ ।

ঢকুৱাখনা মহকুমাৰ সকলো বিভাগৰ মুৰব্বী বিষয়াৰে উপায়ুক্ত,বিধায়কৰ বৈঠক

লখিমপুৰ জিলাৰ ঢকুৱাখনা মহকুমাৰ বিভিন্ন চৰকাৰী বিভাগবোৰৰ মুৰব্বী বিষয়া সকলক লৈ আজি ঢকুৱাখনাৰ মহকুমাধিপতিৰ কাৰ্যলয়ৰ সভা কক্ষত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।আজি ঢকুৱাখনা মহকুমাধি পতিৰ কাৰ্যালয়ৰ সভাকক্ষত লখিমপুৰ জিলাৰ উপায়ুক্ত সুমিত সৎৱানৰ উপস্থিতিত বিধায়ক নৱ কুমাৰ দলেৰ অধ্যক্ষতাত আৰু ঢকুৱাখনাৰ মহকুমাধিপতি গুৰনেইল সিঙৰ সহযোগত অনুষ্ঠিত সভাখনত ঢকুৱাখনা মহকুমাটোৰ-স্বাস্থ্য বিভাগ,শিক্ষা বিভাগ,লোক নিৰ্মাণ বিভাগ,জন স্বাস্থ্য কাৰিকৰী বিভাগ,পশুপালন বিভাগ,কৃষি বিভাগ,বিদ্যুৎ বিভাগ,জল সিঞ্চন বিভাগ,পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ লগতে অন্যান্য চৰকাৰী বিভাগৰ মুৰব্বী বিষয়া সকলে অংশগ্ৰহণ কৰে।সভাত জিলা উপায়ুক্ত আৰু বিধায়ক গৰাকীৰ আগত বিভিন্ন চৰকাৰী বিভাগবোৰে মহকুমাটোত ৰূপায়ন কৰা ভিন্ন আঁচনিৰ কাম-কাজৰ অগ্ৰগতিৰ সন্দৰ্ভত এক পৰ্যালোচনা আগবঢ়াই। তদুপৰি এই সভাখনতে ক’ভিড-১৯ মহামাৰীয়ে সৃষ্টি কৰা সাম্প্ৰতিক পৰিস্থিতি,সম্ভাব্য বানপানী,খহনীয়া সমস্যা আৰু ইয়াৰ সমাধান, কৃষি, যাতায়ত-যোগাযোগ ব্যৱস্থা আদি কৰি বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰা হয়। বৈঠকত লখিমপুৰ জিলা পৰিষদৰ সভানেত্ৰী মঞ্জু বৰগোঁ‌হাই,ঢকুৱাখনা, ঘিলামৰা আৰু বগীনদী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া সকলৰ লগতে ভালে সংখ্যক অন্যান্য বিভাগৰ বিষয়া-কৰ্মচাৰী সকলো উপস্থিত থাকে।