Breaking

নাজিৰাৰ আকাশত মাজনিশা ইউ এফ অ’ নে কোনো অনুসন্ধানকাৰী গুপ্তচৰ ?

0 2,066

নাজিৰাৰ আকাশত প্ৰচণ্ড ধুমুহা বৰষুণৰ মাজতে ১৭ আৰু ১৮ জুনৰ নিশা প্ৰায় ১১মান বজা চকুত পৰে এটা জোন অথবা তৰা সদৃশ এক মৃদু পোহৰৰ উৎস । নাজিৰাৰ ব’ৰ্ডিং ৰোডৰ এজন নাগৰিকে প্ৰথমে কলাঘন আকাশত প্ৰচণ্ড ডাৱৰৰ মাজতে পূব আৰু দক্ষিণ আকাশত দেখা পোৱা এই পোহৰৰ উৎস কোনো তৰা বুলি ঠাৱৰ কৰিবলৈও অৱকাশ নাছিল । নিশাই কেইবাজনো বন্ধুক ব্যক্তিজনে এই কলা ডাৱৰৰ মাজত জিলিকি থকা পোহৰৰ কথা ফোনযোগে জনোৱাত কোনো কোনোৱে প্ৰত্যক্ষ কৰিবলৈ সক্ষম হয় । স্থানীয় সাংবাদিক সকলেও সেই পোহৰ উৎসৰ ফটো লোৱাৰ প্ৰয়াস কৰিও কেমেৰাৰে ঢুকি পোৱাত বিফল  হয় । নাজিৰা ব’ৰ্ডিং ৰোডৰ পৰা এই প্ৰতিবেদকে  কেমেৰাৰে প্ৰচেষ্টা চলাই ফটো তুলিবলৈ সক্ষম হয় । কোনো সময়ত লুকাই পৰা পোহৰ উৎস ক্ৰমাৎ দক্ষিণ আকাশমুখী হোৱা প্ৰত্যক্ষ কৰাৰ লগতে নিশা ১ বজা পৰ্য্যন্ত ছেগা-চোৰোকাকৈ প্ৰত্যক্ষ কৰা হয় এই পোহৰ । হঠাৎ  ধুমুহা বৰষুণৰ পাছতে ডাৱৰ ভৰা আকাশৰ সকলো জ্যোতিস্ক নিস্প্ৰভ হৈ ৰোৱাৰ সময়ত এই পোহৰৰ উৎস প্ৰকৃততে কি ? কোনো কোনো অনুসন্ধিৎসু ব্যক্তিয়ে এয়া কোনো অনুসন্ধানকাৰী সংস্থাৰ উপগ্ৰহৰ বিচৰণ নতুবা “ইউএফঅ’ বুলি কোৱাৰ বিপৰীতে আন একাংশই ইছৰ’ অথবা  নাছাৰ মিছনবুলি অভিহিত কৰিছে ।  আকাশৰ বুকুত আকস্মিকভাৱে আৱিৰ্ভাৱ হোৱা এই পোহৰ উৎসই এক ৰহস্যৰ সৃষ্টি কৰিছে ।

Leave A Reply