Home Blog Page 2980

বোকাখাতৰ জাপৰিপথাৰত বনকৰ্মীৰ গুলীত ঢেকীয়াপতীয়া বাঘৰ মৃত্যু

 বোকাখাত মহকুমাৰ জাপৰি পথাৰত আজি পুৱা এটা মতা ঢেকীয়াপতীয়া বাঘৰ মৃতদেহ উদ্ধাৰ হয় ৷ উদ্ধাৰ হোৱা মৃত ঢেকীয়াপতীয়া বাঘটো বনকৰ্মীৰ গুলিতেই মৃত্যু হোৱা বুলি বনবিভাগে জানিবলৈ দিয়ে ৷ স্থানীয় লোকৰ মতে কাজিৰঙাৰ পৰা ওলায় অহা এই বাঘটোয়ে বিগত দুটা দিন ধৰি অঞ্চলটোত বিচৰণ কৰি ফুৰিছিল ৷ বৃহস্পতিবাৰৰ দিনা বাঘটোয়ে জাপৰিপথাৰৰ দিলীপ বৰা নামৰ লোকজনৰ বাৰীত এজনী গৰু হত্যা কৰে আৰু মৃত গৰু জনী কিছুদুৰলৈকে চোচৰাই নিয়ে ৷ গাওঁবাসীয়ে চিঞৰ বাখৰ কৰাত গৰুজনী এৰি আঁতৰি যায় বাঘটো ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলৰ ডিফলু নদীৰ পাৰত অৱস্থিত জাপৰি পথাৰ গাওঁৰ বাসিন্দাই আজি পুৱা মতা ঢেকীয়াপতীয়া বাঘটোৰ মৃতদেহটো জাৰণিৰ  এখনত প্ৰত্যক্ষ কৰে ৷ বাঘটো খেদি পঠিওয়াৰ লগতে গাওঁবাসীৰ নিৰাপত্তা প্ৰতি লক্ষ্য ৰাখি বনকৰ্মী সকলে বাঘলৈ লক্ষ কৰি গুলীও ফুটাব লগীয়া হয় ৷ বনকৰ্মীয়ে মৰা এনে গুলীয়ে আহত কৰে বাঘটোক আৰু ঘটনাস্থলীৰ নাতিদুৰতে বাঘটোয়ে মৃত্যুক সাৱতি লয় ৷ আজি পুৱা বাঘটোৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিচতে ঘটনাস্থলীত কাজিৰঙাৰ সঞ্চালক,  ডি এফ অ’ কে প্ৰমুখ্যে কৰি উচ্চ পদস্থ বিষয়াৰ উপস্থিতিত ঘটনাৰ তদন্তৰ লগতে মৰোনোত্তৰ পৰীক্ষাৰো ব্যৱস্থা কৰে ৷ মৰোনোত্তৰ পৰীক্ষাত বাঘটোৰ শৰীৰত গুলীৰ আঘাত পোৱা হয় ৷ বনকৰ্মীৰ গুলীত এটা ঢেকীয়াপতীয়া বাঘৰ মৃত্যুয়ে এতিয়া চাঞ্চল্যৰো সৃষ্টি কৰিছে ৷ ঘটনাৰ সম্পৰ্কত তদন্তও আৰম্ভ কৰিছে কাজিৰঙাৰ কৰ্তৃপক্ষই ৷

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত নগাঁৱত মৃত্যু হোৱা কেৰেলাৰ বাছ চালকৰ মৃতদেহ বিমানেৰে নিজ গৃহলৈ প্ৰেৰণ

 সুদূৰ কেৰেলাৰ পৰা দুমাহ পূৰ্বে নগাওঁলৈ শ্ৰমিক থবলৈ আহি ক’ভিড কেন্দ্ৰীক পৰিস্থিতিৰ  পৰিপ্ৰেক্ষিতত  আন্তঃ ৰাজ্যিক বন্ধৰ বাবে নগাঁওত আৱদ্ধ হৈ থাকি ১৬ জুনত এক দুৰ্ভাগ্যজনক পৰিস্থিতিত  অকাল মৃত্যুক সাৱটি লোৱা কেৰেলাৰ ক’চিৰ অভিজিৎ এম এম নামৰ বাছ চালক জনৰ মৃতদেহটো ১৭ জুনৰ দিনা সন্ধিয়া মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত পৰিবহন বিভাগে বিমানেৰে নিজ গৃহলৈ প্ৰেৰণ কৰে । জানিব পৰা মতে অকাল মৃত্যুক সাৱটি লোৱা চালক জনৰ মৃতদেহটো উপযুক্ত মৰ্য্যদা সহকাৰে যাতে বিমানেৰে প্ৰেৰণ কৰা হয় তাৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ১৬ জুনৰ দিনা নিশাই ৰাজ্যৰ পৰিবহন মন্ত্ৰী চন্দ্রমোহন পাটোৱাৰী আৰু পৰিবহন আয়ুক্ত আদিল খানক নিৰ্দেশ দিয়ে । মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতেই পৰিবহন মন্ত্ৰী আৰু পৰিবহন আয়ুক্তই ত ততালিকে কেৰেলালৈ যোৱা বিমানৰ সন্ধান কৰে । অৱশেষত গুৱাহাটীৰ পৰা নতুন দিল্লী হৈ কেৰেলাৰ ক’চিলৈ যোৱা এয়াৰ ইণ্ডিয়াৰ কাৰ্গ বিমান এখনত মৃতদেহ লৈ যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়  । সেই অনুসৰি কামৰূপ মহানগৰ জিলাৰ  জিলা পৰিবহন বিষয়াদ্বয়  গৌতম দাস আৰু হিমাংশু দাসৰ তত্বাৱধানত মৃতদেহ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰলৈ অনা হয় । বৰঝাৰ বিমান বন্দৰত দুয়োগৰাকী  জিলা পৰিবহন বিষয়াৰ উপৰি যান বাহন পৰিদৰ্শক জয় সিং ৰংফাৰ , প্ৰৱৰ্তক পৰিদৰ্শক নিতুল চেতীয়াকে ধৰি বিভাগৰ কেবাজনো কৰ্মীয়ে চালক অভিজিৎ এম এমৰ নশ্বৰ দেহত শেষ শ্ৰদ্ধা নিবেদন কৰে । তাৰ পাছত উপযুক্ত মৰ্যাদা সহকাৰে মৃতদেহটো  কেৰেলা চৰকাৰৰ সৈতে কৰা  যোগাযোগ অনুসৰি মৃত চালক জনৰ সহযোগী মহম্মদ লটিফৰ দায়িত্বত বিমানত প্ৰেৰণ কৰা হয় । ইতিমধ্যে মৃতদেহটো চালক জনৰ ঘৰ পোৱা বুলি কেৰেলা চৰকাৰে অসম চৰকাৰক জনাইছে ।

নৱপ্ৰজন্মৰ কণ্ঠশিল্পী অসীম ৰঞ্জনৰ গীতৰ তালে তালে নাচিলে দক্ষিণ আফ্ৰিকাৰ দুই যুৱকে

সমগ্ৰ ৰাজ্য মহামাৰী ক’ৰণাৰ গ্ৰাসত পৰাৰ সময়ত সাধাৰণ জনতাৰ সমান্তৰালভাৱে শিল্পীসকলৰ জীৱনলৈ নামি আহিছে অন্ধকাৰ। তাৰ মাজতেই যুৱপ্ৰজন্মৰ সংগীত শিল্পী অসীম ৰঞ্জনৰ এটি গানে বেছ চৰ্চা লাভ কৰিছে। পাতি ৰাভাসকলৰ ভাষাত এগৰাকী যুৱতীৰ বৰ্ণনাৰে কবি বিৰিঞ্চি ৰাভাই ৰচনা কৰা গীতটি কণ্ঠদান কৰিছিল উদীয়মান কণ্ঠশিল্পী অসীম ৰঞ্জনে। যোৱা জানুৱাৰী মাহত অসম মেঘালয় সীমান্তবৰ্তী চানডুবিৰ বাকৰিত ৰাইজৰ বাবে মুকলি কৰি দিয়া গীতটিয়ে সূদুৰ দক্ষিণ আফ্ৰিকাৰ দৰে দেশ এখনত চৰ্চিত হৈছে। আফ্ৰিকান লোকে উক্ত গীতৰ তালে তালে নৃত্যত মতলীয়া হৈ পৰাৰ দৃশ্য কেমেৰাত বন্দি কৰি এৰি দিছিল সামাজিক মাধ্যম CLIN CLASSIC নামৰ পেজ এটিত। ইয়াৰ পিছতেই চাৰিওফালে গীতৰ তালে তালে নৃত্য কৰা আফ্ৰিকান দুই যুৱকৰ ভিডিঅ’ ৰাজ্যত প্ৰচাৰ হোৱাত উৎফুল্লিত হৈ পৰিছে কণ্ঠশিল্পী অসীম ৰঞ্জনে। এই সন্দৰ্ভত কণ্ঠশিল্পী গৰাকীয়ে জানিবলৈ দিয়ে যে, যিকোনো শিল্পীয়ে কণ্ঠদান কৰা গীতত বৰ্হি: ৰাজ্যত এনেদৰে সমাদৰ লাভ কৰা বিষয়টো সচাকৈয়ে আনন্দৰ বিষয়। দেশ তথা ৰাজ্যত এনে দুৰ্যোগৰ সময়তো এনে ধৰণৰ খৱৰে বৰুকৈয়ে উৎসাহিত কৰা বুলি মন্তব্য কৰে কণ্ঠশিল্পী অসীম ৰঞ্জনে। লগতে কণ্ঠদান কৰা পাতি ৰাভাৰ “জেৱা এগো দেখা পালো চুলি জেল জেল” গীতটিৰ দুফাকি পৰিবেশন কৰি ‘জেৱা’ এগৰাকী ছোৱালী আৰু এই ছোৱালী গৰাকীকলৈয়ে ৰোমান্তিক গীতটিত পৰিস্ফূত হৈছে বুলি প্ৰকাশ কৰে কণ্ঠশিল্পী অসীমে। উল্লেখ্য যে, দক্ষিণ কামৰূপৰ ছয়গাঁও সমষ্টিৰ উদীয়মান কণ্ঠশিল্পী অসীম ৰঞ্জনে বৰ্তমানলৈ প্ৰায় ২০০ টি গীত নিজশ্ব কণ্ঠত পৰিবেশন কৰি ৰাইজৰ মাজত মুকলি কৰিছে। ছয়গাঁও নিবাসী যদিও বহুদিন ধৰি পলাশবাৰী সমষ্টিৰ মিৰ্জাত ভাড়াঘৰত সংগীতৰ চৰ্চা কৰি থকাৰ লগতে নিজা প্ৰচেষ্টাত ‘মা’ নামৰ ষ্টুডিঅ’ এটি খুলি সংগীত চৰ্চা কৰি আছে। আনহাতে অহা ২০ জুনত ‘ৰাভা দিৱস’ত কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ ওপৰত নিজেই ৰচনা কৰা গীত এটিত কণ্ঠ নিগৰাই ৰাইজৰ মাজত মুক্তি দিয়াৰ চিন্তা চৰ্চা কৰাৰ  লগতে গীতটিৰ যাৱতীয় কাম প্ৰায় সম্পূৰ্ণ হৈ উঠা বুলি জানিবলৈ দিয়ে কণ্ঠশিল্পী অসীম ৰঞ্জনে।

দিল্লীলৈ ৰাওঁনা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ অনুযায়ী দিল্লীলৈ ৰাওঁনা হয় অসমৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তথা বৰ্তমানৰ মাজুলীৰ বিধায়ক সৰ্বানন্দ সোণোৱাল। বৰঝাৰ বিমানবন্দৰৰ পৰা ১২:৩০ মিনিটত ‘ ভিষ্টাৰা ইউ কে-৭২১’ বিমানেৰে ৰাওঁনা প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকী। সূত্ৰ অনুসৰি এক বিশেষ আলোচনাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা তেওঁক তৎকালীনভাৱে মাতি পঠিওৱা হৈছে।

তামুলপুৰৰ কুমাৰীকাটাত বিদ্যুৎ বিভাগৰ আজব কাণ্ড। জধে-মধে গছগছনি কাটি জনবহুল এলেকাৰে উচ্চ ক্ষমতা পৰিবাহী বিদ্যুৎ তাৰ নিয়াৰ যো-জা

যি সময়ত সমগ্ৰ পৃথিৱীৰ মানুহে পৃথিৱীখন সেউজীয়া কৰি পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰি অক্সিজেনৰ নাটনি দূৰ কৰিবলৈ অহোপুৰুষাৰ্থ চেষ্টা অব্যাহত ৰাখিছে, যাদৱ পায়েঙৰ দৰে প্ৰকৃতি প্ৰেমীক বৃক্ষ ৰোপণৰ বাবে বিদেশে আমন্ত্ৰণ জনাইছে, তেনে সময়তে তামুলপুৰ বিদ্যুৎ উপ সংমণ্ডলৰ একাংশ বিষয়াৰ মই মতালিত বন ধ্বংস যজ্ঞ পাতিছে কুমাৰীকাটাত।

কুমাৰীকাটাত বিদ্যুৎ বিভাগে এনেদৰে জধে-মধে গছ-গছনি কাটি জনবসতি পূৰ্ণ ঠাইৰে বিপদসংকুল ভাৱে তেত্ৰিশ হাজাৰ ভোল্টৰ ঔদ্যোগিক বিদ্যুৎ পৰিবাহী লাইন নিয়াৰ যো-জা চলোৱাত ইয়াকে লৈ অঞ্চলটোৰ ৰাইজ বাৰুকৈয়ে চিন্তিত আৰু ভীতিগ্ৰস্ত হৈ পৰিছে ।

তামুলপুৰৰ মহকুমাৰ ভাৰত-ভূটান সীমান্তৰ নিকটবৰ্তী কুমাৰীকাটাত বিদ্যৎ বিভাগৰ এনে আজৱ কাণ্ডৰ বিৰুদ্ধে সৰৱ হৈছে কুমাৰীকাটা আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে স্থানীয় দল সংগঠন আৰু ৰাইজ ।

অভিযোগ অনুসৰি বৃহত্তৰ কুমাৰীকাটা অঞ্চলত কোনোধৰণৰ জাননী জাৰী নকৰাকৈ জধে-মধে বিভিন্ন ধৰণৰ মুল্যবান গছ-গছনি কাটি জনবসতিপূৰ্ণ ঠাইৰ মাজেৰে অতি বিপদসংকুল ভাৱে তেত্ৰিশ হাজাৰ ভোল্টৰ উচ্চ ক্ষমতাসম্পন্ন ঔদ্যোগিক বিদ্যুত পৰিবাহী তাৰ নিয়াৰ যো-জা বিদ্যুত বিভাগৰ, অন্যহাতে এই ঔদ্যোগিক বিদ্যুত সমূহ ৰাইজৰ কোনোধৰণৰ অসুবিধা নোহোৱাকৈ কালা নদীৰ পাৰেদি নিয়াৰিকৈ নিব পৰা এক সুপৰিকল্পিত ব্যৱস্থা থকাৰ পিছতো কি কাৰণে এনেদৰে ৰাইজৰ বিপদসংকুল ভাৱে নিবলৈ যো জা চলাইছে সেয়া এক ডাঙৰ প্ৰশ্ন?

উল্লেখ্য যে পথৰ দুয়ো ফালে ইতিমধ্যে এঘাৰ হাজাৰ ভোল্টৰ বিদ্যুৎ যোগান ব্যৱস্থা আছে। পুনৰ এনেদৰে তেত্ৰিশ হাজাৰ ভোল্টৰ উচ্চ ক্ষমতা সম্পন্ন বিদ্যুতৰ তাৰ গলে জনসাধাৰণৰ বাবে বিপদজনকো হ’ব পাৰে। তাৰোপৰি সঘনাই

অঞ্চলটোত তীব্ৰ বেগী ডাম্পাৰৰ দুৰ্ঘটনা সংঘটিত হৈ থকাৰ বাবে যিকোনো মূহুৰ্তত ইয়ে জনসাধাৰণৰ লগতে জীৱ জন্তুৰ বিপদ ঘটোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি।

সেয়ে একাংশ সচেতন মহলৰ প্ৰশ্ন কাৰ আশীৰ্বাদত এনেবোৰ কাম বিনা দ্বিধাই কৰি আছে বিদ্যুৎ বিভাগে ? গছ গছনি জধে মধে কাটিবলৈ বন বিভাগৰ অনুমোদন লাভ কৰিছে নে ?।
বনমন্ত্ৰী ডাঙৰীয়া আপুনিও জ্ঞাত নে বিদ্যুৎ বিভাগৰ এই কাণ্ড কাৰখানা সম্পৰ্কে ?

পৰিবৰ্তনকামী নতুন চৰকাৰৰ  নৱনিৰ্বাচিত মুখ্যমন্ত্ৰীৰ হাতত ইয়াৰ উত্তৰ আছেনে??

নৱনিৰ্বাচিত বিটিচি প্ৰধান আপুনি কি কয় এই বিষয়ে ???

ওদালগুৰি জিলা এৱছু’ৰ বিদ্যালয় চাফাইকৰণ আৰু চেনিটাইজেচন

নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত আজিৰে পৰা আৰম্ভ হৈছে বিদ্যালয় চাফাইকৰণ অভিযান।ওদালগুৰি জিলা বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত টংলা আঞ্চলিকৰ সহযোগত জিলাখনৰ চমুৱাপৰা মধ্যইংৰাজী বিদ্যালয়,প্ৰাথমিক বিদ্যালয়ত উক্ত কাৰ্যসূচীৰ শুভাৰম্ভ কৰে জিলা সভাপতি লোহিত চন্দ্ৰ বড়োৱে।বিশ্বজুৰি ক’ভিড-১৯ মহামাৰীৰ প্ৰকোপৰ পৰা জীয়াই থাকিবলৈ নিখিল বড়ো ছাত্ৰ সন্থাৰ ওদালগুৰি জিলা সমিতিয়ে বিদ্যালয় চাফ চিকুণ, বৃক্ষ ৰোপণৰ লগতে চেনিটাইজেচন কৰাৰ ওপৰত গুৰুত্ব দিয়া হৈছে।অতিমাৰীৰ বাবে বিদ্যালয় সমূহ খোলা নাই যদিও সমগ্ৰ ওদালগুৰি জিলাৰ বিদ্যালয় ,মহাবিদ্যালয় সমূহত উক্ত কাৰ্যসূচী ৰূপায়িত কৰা হ’ব লগতে গুণগত শিক্ষা আৰু দক্ষতাৰ ওপৰতো মিছন চলোৱা হব বুলি জানিব দিয়ে জিলা এৱছু ‘ৰ সভাপতি লোহিত চন্দ্ৰ বড়োৱে।আজি উদ্বোধনী কাৰ্যসূচীত অংশগ্ৰহণ কৰি শুভেচ্ছামূলক বক্তব্য ৰাখি খালিংদুৱাৰ পৰিষদীয় সমষ্টিৰ পাৰিষদ দিলীপ বড়োৱে কয় নিখিল বড়ো ছাত্ৰ সন্থাই লোৱা মহৎ কাৰ্যসূচীৰ জৰিয়তে নতুন প্ৰজন্মৰ লগতে জনসাধাৰণ সজাগ সচেতন নিশ্চয় হ’ব।বিটিআৰ চৰকাৰেও গাঁৱে -ভূঞে ,চহৰে- -নগৰে গণ সজাগতা অভিযান আৰম্ভ কৰি মহামাৰীৰ পৰা বাচিবলৈ বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে।গুণগত শিক্ষাৰ ওপৰত লোৱা গুৰুত্বপূৰ্ণ পদক্ষেপৰ বাবে আমি এৱছু ‘ৰ যুৱ বন্ধু সকলক ধন্যবাদ জ্ঞাপন কৰিলো। চমুৱাপাৰা মধ্যে ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক অক্ষয় প্ৰসাদ ৰাভা, জিলা এৱছু’ৰ উপসভাপতি ৰবীন্দ্ৰ বড়ো,সাধাৰণ সম্পাদক নিজুমছা বড়ো ,টংলা আঞ্চলিক বড়ো ছাত্ৰ সন্থাৰ সভাপতি ৰাজীব বড়ো আৰু সাধাৰণ সম্পাদক গুমছাৰ বড়ো উপস্থিত উক্ত অনুষ্ঠানৰ পিছতে বিদ্যালয় চৌহদ ,গৃহ চেনিটাইজেচন,বৃক্ষ ৰোপণ আৰু চাফাইকৰণ অভিযান চলাই এৱছু’ৰ কৰ্ম -কৰ্তা সকলে।

প্ৰাক্তন মন্ত্ৰীয়ে মূৰৰ পৰা হাত উঠোৱাৰ পিছত ঈশ্বৰকেই বিচাৰক পাতিলে অন্তহীন দুৰ্নীতিৰ অভিযোগত অভিযুক্ত হোৱা মনেশ্বৰ ডেকাই

অন্তহীন দুৰ্নীতিৰ বোকাত বুৰ যোৱা অভিযুক্ত মনেশ্বৰ ডেকাই শৰণ ল’লে এইবাৰ ভগৱানৰ। দীৰ্ঘদিনীয়া অপেক্ষাৰ পিছত সংযোগ স্থাপন হোৱা আমাৰ এক আছুতীয়া সাক্ষাৎকাৰত তেওঁ এই কথা ব্যক্ত কৰে। তেওঁ কয় যে তেওঁৰ বিৰুদ্ধে উত্থাপন হোৱা অভিযোগ, অপবাদবোৰ মিছা আৰু ইয়াৰ বিচাৰ হেনো ঈশ্বৰে দিব। Attention বৰ্তমানৰ জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহল। অসমৰ কোনো এটা চৰকাৰী বিভাগত শীৰ্ষ বিষয়াৰ নাটনি হোৱাটো স্বাভাৱিক। আৰু ইতিমধ্যে এই কথা বৰ্তমানৰ মূখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই স্বীকাৰ কৰিছে। সেয়েহে তেওঁ এক লাখ বিষয়াক নতুনকৈ নিযুক্তি প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। আমাৰ পূৰ্বৰ প্ৰতিবেদনত উল্লেখ্য প্ৰাক্তন মন্ত্ৰী ভৱেশ কলিতাৰ সৈতে হোৱা এক টেলিফোনিক সাক্ষাৎকাৰত তেওঁ জানিবলৈ দিয়া মতে তেওঁৰ কাৰ্যকালত হেনো উচ্চ পদস্থ বিষয়াৰ খুবেই নাটনি আছিল। সেই বাবে মনেশ্বৰ ডেকাৰ দৰে এগৰাকী কনিষ্ঠ বিষয়াক ভাৰপ্ৰাপ্ত কাৰ্যবাহী অভিযন্তা হিচাপে পদস্থ কৰা হৈছিল। কিন্তু প্ৰকৃততে তেনে ভাৰপ্ৰাপ্ত বিষয়াৰ কাৰ্যকাল থাকে প্ৰায় ছমাহ। এতিয়া প্ৰশ্ন হৈছে যদিহে বিভাগীয় নিয়মানুবৰ্তিতা অনুসৰি এগৰাকী কনিষ্ঠ বিষয়াক মাত্ৰ ছমাহলৈ হে ভাৰপ্ৰাপ্ত বিষয়া ৰূপে পদস্থ কৰিব পৰা যায়। কিন্তু দুৰ্নীতিৰ অভিযোগত অভিযুক্ত মনেশ্বৰ ডেকাই সুকলমে অতিক্ৰম কৰে তিনিটা বছৰ। জলসিঞ্চন বিভাগৰ দৰে অসমৰ এক প্ৰধান আগশাৰীৰ চৰকাৰী বিভাগত হোৱা এনে দুৰবস্থাৰ চূড়ান্ত দুৰ্ভাগ্যজনক আৰু চিন্তনীয় বিষয় । আমাৰ পূৰ্বৰ সকলো প্ৰতিবেদনত ফাদিল হোৱা কিছু নাভূত নাশ্ৰুত কথা বিভাগটোৰ একাংশৰ মতে এক লজ্জাজনক আৰু চিন্তাৰ বিষয় হৈ পৰিছে। দীৰ্ঘদিন ধৰি বিভাগত চলাই অহা তেওঁৰ একনায়কত্ববাদ, বিষয়াৰ পদোন্নটি আৰু বদলিকৰণত কমিচনৰ মুকলি বজাৰ চলোৱাৰ লগতে আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত কৰা দুৰ্নীতিৰ অভিযোগ উত্থাপন হোৱা মনেশ্বৰ ডেকাৰ মূৰৰ পৰা তদানীন্তন মন্ত্ৰীয়ে হাত উঠুৱাৰ পিছতেই তেওঁ সকলো ঈশ্বৰৰ বিচাৰত এৰি দিয়ে। বিভাগীয় দুৰৱস্থাক এতিয়া কোনে চকু দিব সেইয়া এক ডাঙৰ প্ৰশ্ন। প্ৰাক্তন মন্ত্ৰীৰ কাৰ্যকালত হোৱা এনে দূৰৱস্থাক এপলক চকু ফুৰাব নে বৰ্তমানৰ মন্ত্ৰী অশোক সিংহালে? অৱশেষত কেইবাদিনজোৰা প্ৰচেষ্টাৰ অন্তত আমাৰ সাংবাদিকৰ সৈতে হোৱা এক আছুতীয়া আলাপত তেখেতে কয় যে যদিহে তেওঁ ইমানেই লুণ্ঠন আৰু দুৰ্নীতি কৰা বুলি উত্থাপন হৈছে তেন্তে তেখেতৰ বিভাগীয় কৰ্তিপক্ষৰদ্বাৰা তেওঁৰ ওপৰত কোনো শীৰ্ষ বিষয়াই কিয় কোনো তদন্ত চলোৱা নাই অৰ্থাৎ Higher Authority য়ে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই কিয় । তেওঁ ব্যক্ত কৰে যে বিভাগত হোৱা যিকোনো কাৰ্যৰ বাবে লোৱা সিদ্ধান্ত তেওঁৰ দ্বাৰা গ্ৰহণ হোৱাৰ পিছত শীৰ্ষ বিষয়ালৈও প্ৰেৰণ কৰা হয়। ঠিক তেনে স্থলত যদিহে দুৰ্নীতি আৰু লুণ্ঠন কাৰ্য সংঘটিত হৈছে তেনেহলে ইয়াতে বিভাগীয় শীৰ্ষ বিষয়া আৰু বিভাগীয় কতৃপক্ষও সমানে জড়িত হৈ আছে।

গুৱাহাটীত আবকাৰী বিভাগৰ অভিযান,বুজন পৰিমাণৰ দেশী – বিদেশী সুৰা জব্দ

ক’ভিড কেন্দ্ৰীক ভয়াবহতা স্বত্তেও গুৱাহাটী মহানগৰীত একাংশ লোকে কৌশলৰে চলাই আছে দেশী – বিদেশী অবৈধ সুৰাৰ বেহা । এনে অবৈধ বেহা বন্ধ কৰিবলৈ   আবকাৰী বিভাগৰ  কামৰূপ মহানগৰ জিলাৰ আবকাৰী অধীক্ষক মানৱী দাস আৰু উপ আবকাৰী অধীক্ষক  ভূপেন্দ্ৰ নাথ শৰ্মাৰ নেতৃত্বত  আজি দিনৰ ভাগত  গুৱাহাটী সদৰৰ আবকাৰী চক্ৰই  মহানগৰীৰ বিভিন্ন অঞ্চলত অবৈধ সুৰাৰ বিৰুদ্ধে এক অভিযান চলায় । আৱকাৰী বিভাগৰ সূত্ৰই সদৰি কৰা ফটাশিল আমবাৰীৰ হৰিজন কলনী আৰু আঠগাঁওৰ উৰণীয়া সেতুৰ তলত   চলোৱা অভিযানত  ১৪  কার্টুন বিভিন্ন ব্ৰেণ্ডৰ বিদেশী সুৰা , ৫ কাৰ্টুন বিয়েৰ আৰু প্ৰায় ৫০০ লিটাৰ চুলাই মদ  জব্দ কৰে ।  অৱশ্যে  অভিযানকাৰী দলটোৱে এই সন্দৰ্ভত কোনো লোককে আটক কৰা নাই বুলি জানিব পৰা গৈছে ।

কৃত্ৰিম বানৰ গ্ৰাহত ঐতিহাসিক নাজিৰা নগৰ

যোৱা নিশা মুষলধাৰ বৰষুণৰ ফলত কৃত্ৰিম বানৰ গ্ৰাহত পৰিল ঐতিহাসিক নাজিৰা নগৰ । ১৯০৯চনত স্থাপিত হোৱা এই নাজিৰা নগৰৰ নলা – নৰ্দমা সমূহৰ  পৰিস্কাৰকৰণ  , পকী নলা নিৰ্মাণ , পদ পথ নিৰ্মাণ আদি সুপৰিকল্পিত ভাৱে কামবোৰ কৰাৰ ক্ষেত্ৰত নিৰ্বাচিত জনপ্ৰতিনিধি সকলৰ লগতে পূৰ্বৰ নগৰ সমিতি তথা বৰ্তমানৰ পৌৰসভা – পৌৰ প্ৰশাসনৰ অপিপক্কতাৰ বাবেই এজাক পাতল বৰষুণতে ডুব যায় নগৰখনৰ ভালেকেইটা ৱাৰ্ড । তাৰোপৰি ক্ষমতাৰ খকত বলিয়ান জনপ্ৰতিনিধি সকলৰ জ্ঞানহীনতা আৰু গোপন ধনৰ খকৰ বাবেই যধে – মধে পকী গৃহ – সীমা বেৰা নিৰ্মাণৰ অনুমতি দিয়া অথবা অনুমতি বিহীন ভাৱেও নিৰ্মাণ হোৱা গৃহ – পকী বেৰা আদি বোৰৰ বাবেও নলা সমূহ ঠেক আৰু পানী ওলাই যাব নোৱাৰাকৈ নলা সমূহ বন্ধ কৰি ৰখা তথাকথিত সম্ভ্ৰান্ত পৰিয়ালৰ লোকসকলৰ কাণ্ডজ্ঞানহীনতাৰ বাবেই এনে কৃত্ৰিম বানত জোলোকা – জোলোকে জীয়াতু ভোগিব লগা হৈছে জনগণে । এজাক পাতল বৰষুণতে নগৰৰ মাজমজীয়াৰ চৰকাৰী সাহাৰ্য প্ৰাপ্ত চিকিৎসালয় , ২ , ৩ , ৪ , ৫ ,৬ , ৭ , ৮ , ৯ আৰু ১০ নং ৱাৰ্ডৰ বিভিন্ন স্থান , পথ আদি ডুব যায় । যোৱা নিশা অহা মুষলধাৰ বৰষুণৰ ফলত উক্ত ৱাৰ্ডৰ পথ সমূহৰ লগতে ভালেকেইটা গৃহত পানী সোমাই বিস্তৰ ক্ষতি কৰে । পৰিতাপৰ বিষয় যে , পৌৰ কৰ্তৃপক্ষই নিয়মীয়াকৈ নলা – নৰ্দমা পৰিস্কাৰ নকৰাৰ ফলত পানী ওলাই যাব নোৱাৰাৰ বাবেই এনেদৰে কৃত্ৰিম বানৰ সমস্যাৰ সন্মুখীন হৈ আহিছে নগৰৰ জনগণ । অবশ্যে মাজে মাজে নলাসমূহ পৰিস্কাৰ কৰে যদিও নলাৰ পৰা তুলি থোৱা জাবৰ – আবৰ্জনা আদিবোৰ পৌৰ কৰ্তৃপক্ষৰ গাড়ী থকাৰ পিছতো উঠাই নি নিৰ্দিষ্ট স্থানত পেলোৱাৰ সুপৰিকল্পিত ব্যৱস্থা নোহোৱাৰ বাবেই পুনৰ সেইবোৰ নলাত পৰি পোত যায় । যাৰ বাবে বৰষুণৰ পানী সহজতে ওলাই যাব নোৱাৰে । আনহাতে নগৰৰ নলাৰ পানী ওলাই যোৱাৰ বাবে আমোলাপট্টি এলেকাত পূৰ্বে থকা এটা নলা এতিয়া দখল কৰি বন্ধ কৰি দিয়াৰ উপৰি অপৰিকল্পিত ভাৱে নিৰ্মাণ হোৱা পকী নলা বোৰেদি পানী ওলাই যোৱাৰ সুগম নহয় । আনফালে নলাৰ পানী নাফুক জানত পেলোৱাৰ সুগম দিশ আছে যদিও কৰ্তৃপক্ষই আজি পৰ্যন্ত নলা সমূহেই নিৰ্মাণ কৰি সম্পূৰ্ণ কৰিব নোৱাৰাটো চৰম পৰিতাপৰ বিষয় হৈ পৰিছে । 

গোসাইগাঁৱৰ তুলসীবিলত ধৰ্ষণৰ বলি হৈ আত্মহত্যা যুৱতীৰ

কোকৰাঝাৰ জিলাৰ গোসাইগাঁওৰ মহকুমাৰ তুলসীবিল আৰক্ষী চকীৰ অন্তৰ্গত কুমগুৰী গাঁৱৰ এগৰাকী যুৱতী ধৰ্ষণৰ বলি হৈ আত্মহত্যা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি হৈছে ৷প্ৰাপ্ত বাতৰি মতে ,জামাল প্ৰধানীৰ ১৯ বছৰীয়া কন্যা  নূছতাৰা বেগমে  হাৰভাংগা  গাৱঁৰ  লতিফ আলীৰ পুত্ৰ খয়বৰ আলীৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল ৷ প্ৰেমক যুগ্মজীৱনৰ ৰূপ দিয়াৰ বাবে প্ৰেম প্ৰেমিকাই যোৱা দহ জুনৰ ৰাতি পলায়ন কৰি বিবাহ হোৱাৰ বাসনা লৈ ওলাই আহে যদিও  কুমগুৰী গাঁৱৰ প্ৰায়ত আব্দুল ওহাৱৰ পুত্ৰ বাদশা শ্বেখ (৪৫ য়ে নছতাৰা আৰু খয়বৰ আলীক  ৰাস্তাত আগভেটি ধৰি  খয়বৰক মাৰধৰ কৰি খেদি নূছতাৰাক ধৰ্ষণ  কৰি পথাৰত পেলাই থৈয় আহি নূছতাৰা বেগমৰ পৰিয়ালক বাদশা শ্বেখেই কয় যে আপোনাৰ ছোৱালী পথাৰত পৰি আছে ৷পৰিয়ালৰ লোকে লগে লগে গাৱঁৰ মানুহ আৰু আৰক্ষীক অৱগত কৰাত আৰক্ষী ঘটনাস্হলীত উপস্থিত হৈ যুৱতীগৰাকীক উদ্ধাৰ কৰি মৰনোত্তৰ পৰিক্ষাৰ বাবে কোকৰাঝাৰলৈ প্ৰেৰণ কৰে ৷উল্লেখ যে ধৰ্ষনৰ  সৈতে জড়িত বাদশা শ্বেখ আৰু খয়বৰ আলীক তুলসীবিল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি কোকোৰাঝাৰ জেল হাজোতলৈ প্ৰেৰণ কৰে ৷