ৰাজ্য চৰকাৰে মুকলি কৰাৰ ১৮ৰ পৰা ৪৪ বয়সৰ ব্যক্তিৰ ক’ভিড ১৯ৰ প্ৰতিষেধক তিনিচুকীয়া জিলাৰ অন্তৰ্গত মাৰ্ঘেৰিটা মহকুমাটোতো ৭ মে’ৰ পৰা কেইবাটাও ঠাইতো জনসাধাৰণক দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে| অন লাইন যোগেদি নিজৰ নাম পঞ্জীয়ন কৰাৰ ব্যক্তিসকলে গৈ নিজৰ নিজৰ প্ৰতিষেধক প্ৰদান কেন্দ্ৰলৈ গৈ প্ৰতিষেধক গ্ৰহণ কৰিব লাগে যদিও পঞ্জীয়ণ নকৰা লোকসকলেও প্ৰতিষেধক কেন্দ্ৰ সমূহত ভীৰ কৰা পৰিলক্ষিত হৈছে| অৱশ্যে পঞ্জীয়ন কৰা লোকৰ সংখ্যাও যথেষ্ট হৈছে| ৰাইজৰ ব্যাপক ভীৰ পৰিপেক্ষিতত মহকুমাটোত আৰু অধিক প্ৰতিষেধক প্ৰদান কেন্দ্ৰ মুকলি কৰা প্ৰয়োজন আছে| ইয়াৰ ওপৰিও যিসকস সাধৰণলোকে এন লাইন যোগে নিজৰ নাম পঞ্জীয়ন কৰিবলৈ সক্ষম হোৱা নাই তেনেলোকসকলোকো প্ৰতিষেধক কেন্দ্ৰলৈ গৈ নিজৰ নাম পঞ্জীয়ণ কৰি ক’ভিড-১৯ প্ৰতিষেধক লোৱা ব্যাৱস্থা কৰি গ্ৰহণ কৰিব বাৱে সচেতন লোকসকলে স্বাস্থ্য বিভাগলৈ আহ্বান জনাইছে|
অসমৰ অগ্নি গৰ্ভা পৰিস্থিতিত চৰকাৰ গঠনৰ হোহকা- পিচলা কৰা কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যত অসন্তুষ্টি মাজুলী বাসীৰ: সৰ্বানন্দ সোণোৱাল মূখ্যমন্ত্ৰী থকা স্বত্বেও দ্বিতীয় এগৰাকীৰ প্ৰয়োজন ক’ত ?
দ্বিতীয় বাৰৰ বাবে একক সংখ্যা গৰিষ্ঠ আসনত জয়লাভ কৰা অসমৰ নৱনিৰ্বাচিত বিজেপি মিত্ৰজোঁটৰ দলৰ চৰকাৰ গঠনৰ ক্ষেত্ৰত মূখ্য মন্ত্ৰী কেন্দ্ৰীক বিষয়টো লৈ হোহকা পিচলা কৰা কেন্দ্ৰীয় নেতৃত্বৰ কাৰ্যকলাপত অসন্তুষ্টি প্ৰকাশ কৰিছে মাজুলী বাসীয়ে। দেশৰ এনে অগ্নগৰ্ভা পৰিস্থিতিৰ সৈতে মুখামুখি হ’বলৈ এখন শক্তিশালী চৰকাৰৰ প্ৰয়োজন । কেৱল মূখ্য মন্ত্ৰী কেন্দ্ৰীক বিষয়টোৰে অনিশ্চয়তাৰ সৃষ্টি কৰি অসমবাসীক বিপদৰ সময়ত অনিশ্চিত ভৱিষ্যতৰ ইংগিত দিছে । অসমৰ বিজেপি দলৰ উত্থানৰ মূল হোতা,দক্ষ আৰু সৰ্বজন সমাদৃত মূখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল বিদ্যমান স্বত্বেও ইয়াত লৈ অযথা ৰাজনীতি কৰি বিভাজনৰ ৰাজনীতি নকৰিবলৈ মাজুলী বাসীয়ে সকীয়াই দিয়ে আৰু অনতি পলমে সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত চৰকাৰ গঠন কৰিবলৈ দাবী জনায়। মূখ্যমন্ত্ৰী সলনি কৰাৰ অপচেষ্টাত বিভিন্ন দলৰ বক্তব্য চৰকাৰ খনক অস্থিৰ কৰাৰ এক অভিসন্ধি বুলি আজিৰ সভাই মতপোষণ কৰে। ৰাইজৰ সেৱা কৰিব বুলি ভোট ভিক্ষা কৰা বহু কেইজন বিধায়কে পোনপটীয়াকৈ বৰ্তমানৰ মূখ্যমন্ত্ৰীৰ পৰিবৰ্তে আন কাৰোবাক বিচৰাৰ ৰহস্য কি জনসাধাৰণে এতিয়া বুজিবলৈ বাকী নাই । এনে জনপ্ৰতিধিৰ দ্বাৰা দলটো সুৰক্ষিত হ’ব বুলি বিশ্বাস কৰিবলৈ টান আৰু জনসাধাৰণ কেনেধৰণৰ সেৱা আগবঢ়াব সেয়াও অনিশ্চিত।
আজি কমলাবাৰীত মাজুলীৰ দলসংগঠন একত্ৰিত হৈ অনুষ্ঠিত কৰা এক ৰাজহুৱা সভাত মাজুলী জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি প্ৰভাত বুঢ়া ভকত, ভোগপুৰ, আদি বিহিমপুৰ সত্ৰৰ ডেকা সত্ৰাধিকাৰ সকলক, মাজুলী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড° আনন্দ হাজৰিকা, মাজুলী জিলা মইনা পাৰিজাতৰ সভাপতি লোহিত বৰা, মাজুলী জিলা মাছৰ প্ৰাক্তন সভাপতি তিলক ৰাজখোৱা, হিন্দু যুব ছাত্ৰ পৰিষদৰ সভাপতি ধ্ৰুৱজ্যোতি গোস্বামী, অনুসুচীত জাতি যুব ছাত্ৰ পৰিষদৰ প্ৰাক্তন সভাপতি নিতুল হাজৰিকা প্ৰমুখ্যে টি এম পি কৰে, সংবাদ প্ৰতিষ্ঠান, সংবাদ কৰ্মী আৰু স্থানীয় ৰাইজ উপস্থিত আছিল।
নগৰবেৰাত ১৮ বৰ্ষৰ উৰ্ধৰ লোকে ভেকচিন লবলৈ পাতিলে দীঘলীয়া শাৰী। ভেকচিন নাপাই বহুত উভতিল অহাবাটে
দেশ তথা ৰাজ্যত কৰোণাৰ সংহাৰ অব্যাহত, প্ৰতিদিনে মৃত্যু হৈছে ইজনৰ পিছত সিজনকৈ লোকৰ। ৰাজ্যত কৰোণাৰ দ্বিতীয়টো ঢৌয়ে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ লগতে দ্ৰুত গতিত সংক্ৰমণৰ হাৰ বৃদ্ধি পাইছে যাৰ বাবে কৰোণা মহামাৰীৰ পৰা ৰক্ষা পাবলৈ চৰকাৰে কভিড’১৯ টিকাকৰণ অভিযান আৰম্ভ কৰিছে। আজি পুৱাৰে পৰা নগৰবেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ১৮ বৰ্ষৰ উৰ্ধৰ লোকে ভেকচিন লবলৈ দীঘলীয়া শাৰী পতাৰ দৃশ্য পৰিলক্ষিত হয়। অনলাইন পঞ্জীয়ন কৰি ভেকচিন থলীত দীঘলীয়া শাৰী পাতি সামাজিক দূৰত্ব নৰখাকৈ ঘন্টাৰ পাছত ঘন্টা ধৰি আশাৰে ৰৈ আছিল বহু লোক পিছে ভেকচিন নাপাই অহা বাটেৰে উভতি গল বহুতে। জানিব পৰা মতে অনলাইনত পঞ্জীয়ন কৰিলেই নাপাব ভেকচিন, কভিড ভেকচিন লবলৈ হলে অনলাইন পঞ্জীয়ন কৰাৰ লগতে আগতীয়াকৈ কৰিব লাগিব বুকিং। বিষয়টো লৈ ভেকচিন থলীত বঞ্চিত হিতাধিকাৰীৰ মাজত যথেষ্ট অসন্তুষ্টিৰ পৰিলক্ষিত হয়। অজ্ঞাতাৰ বাবেই আগতীয়াকৈ বুকিং নথকা সকলে ঘন্টাৰ পিছত ঘন্টা ধৰি আশাৰে ৰৈ থাকি অৱশেষত দুখে-বেজাৰে ঘৰমুৱা হবলগীয়া হয়।
কোৰোণাক পৰাস্ত কৰি ঘৰলৈ উভতিল বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞি।
কোৰোণাক পৰাস্ত কৰি সুস্থ শৰীৰে ঘৰলৈ উভতিল বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞি। GMCHত ১৫ দিন ধৰি কোৰণাৰে যুজি আছিল সাহিত্যিকগৰাকী। শুকুৰবাৰেই বৰগোহাঞিৰ ৰিপ’ৰ্ট নিগেটিভ আহিছিল যদিও আজিহে চিকিৎসালয়ৰ পৰা ৰিলিজ দিয়া হয় সাহিত্যিক গৰাকীক।যোৱ ২৪ এপ্ৰিলত সাহিত্যিকগৰাকীৰ দেহত ধৰা পৰিছিল কোৰোণাৰ ভাইৰাছ। লগে লগে তেওঁক ভৰ্তি কৰোৱা হৈছিল GMCHত।৮৮ বছৰীয়া স্বনামধন্য সাহিত্যিক গৰাকী কোৰোণাত আক্ৰান্ত হোৱা বাতৰিয়ে সকলোকে মৰ্মাহত কৰিছিল যদিও আজি এই খবৰে সকলোৰে মনত এক ইটিবাচকতাৰ সঞ্ছাৰ কৰিছে ।
দৰঙৰ শ্বপিং মল,ছুপাৰ মাৰ্কেট সমূহ বন্ধৰ দাবী ইত্তেহাদ ফ্ৰন্টৰ।
দৰং জিলাৰ বিভিন্ন শ্বপিং মল,ছুপাৰ মাৰ্কেট সমূহ বন্ধ কৰাৰ দাবী ইত্তেহাদ ফ্ৰন্ট অসম ৰাজ্যিক সমিতিৰ ।বিশেষকৈ ইছলাম ধৰ্মালম্বী লোকসকলৰ পবিত্ৰ ঈদৰ গয়না লৈ দৰঙৰ বিভিন্ন প্ৰান্তৰ বজাৰ সমূহত জনসমাগম দেখা যায়, বেছিমাৰী দলগাও,খাৰুপেটীয়া,ধূলা,মঙ্গলদৈকে আদি কৰি প্ৰায়বোৰ ছুপাৰ মাৰ্কেট,শ্বপিং মলৰ লগতে আন সৰু-বৰ কাপোৰ দোকানী সমূহে কভিড১৯ৰ নীতি নিৰ্দেশনা অৱমাননা কৰি সামাজিক দূৰত্ব বজাই নাৰাখি অত্যন্ত ভীৰ কৰা পৰিলক্ষিত হৈছে। চৰকাৰৰ নীতি নিৰ্দেশনাক বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছে । সাধাৰণ ৰাইজেও যেন সমগ্ৰ দেশৰ লগতে অসমতো যে ক’ৰনাৰ দ্বিতীয়টো ঢৌৱে যে এক বিভিসিকাময় পৰিবেশ সৃষ্টি কৰিছে, তাৰ প্ৰতি কোনো গুৰুত্ব বা ভ্ৰূক্ষেপ নাই।
যিদৰে ভীৰ কৰা পৰিলক্ষিত হৈছে, যদি বৰ্তমান ৰখাব পৰা নাযায় তেনেহলে ভয়াৱহ পৰিস্থিতিৰ সম্মুখীন হব লাগিব ।লগতে দৰঙৰ বিভিন্ন বজাৰত অত্যাৱশ্যকীয় সামগ্ৰীৰ যথেষ্ট সংখ্যক মূল্য বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে ।বজাৰত কৰোণাৰ দ্বিতীয় লহৰত একাংশ অসাধু ব্যৱসায় সকলে নিজ খিয়াল খুছিমতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি কৰা পৰিলক্ষিত হৈছে। মূল্য বৃদ্ধি ৰোধ কৰাৰ বাবে জিলা প্ৰশাসনক সভাপতি নুৰ ইছলামে দাবী জনায় ।লগতে শ্বপিং মল,ছুপাৰ মাৰ্কেট সমূহৰ লগতে আন আন কাপোৰৰ দোকান সমূহ বন্ধৰ ব্যৱস্থা গ্ৰহণ কৰি দৰং বাসীক ক’ৰনা ভাইৰাছৰ অধিক সংক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ আব্বাহন জনায় ইত্তেহাদ ফ্ৰন্ট অসম ৰাজ্যিক সমিতিৰ সভাপতি নুৰ ইছলামে ।
ক’ৰনাত আক্ৰান্ত হ’ল অভিনেত্ৰী কংগনা ৰাণাৱট।
ক’ৰনাত আক্ৰান্ত হৈছে বলীউডৰ অভিনেত্ৰী কংগনা ৰাণাৱট। ছচিয়েল মিডিয়াযোগে নিজে এই কথা ৰাজহুৱা কৰিলে অভিনেত্ৰীগৰাকীয়ে। ক’ৰনা পজিটিভ হোৱাৰ পাছৰে পৰা কংগনা আছে কোৱৰেণ্টাইনত।বিগত কেইদিনমান ধৰি কিছু অসুস্থ হৈ থকা কংগনাই দেহত ক’ৰনাৰ লক্ষণ দেখা পোৱাৰ পাছতে ক’ৰনাৰ পৰীক্ষা কৰায়। পৰীক্ষাত ক’ৰনা ভাইৰাছ ধৰা পৰে কংগনাৰ দেহত।
কোভিড প্ৰট’কল ভংগ কৰি কুকুৰ গ’ল কাৰাগাৰলৈ
কোভিড-১৯ প্ৰট’কল উলংঘা কৰাৰ বাবে কাৰাগাৰলৈ যাব লগা হৈছিল কিছুসংখ্যক অসচেতন নাগৰিক। কিন্তু এইবাৰ কোভিড বিধি নামানি জেলত গ’ল এটা কুকুৰ। দোষ কুকুৰটোৰ নাছিল। অসচেতন মালিকৰ বাবে কাৰাগাৰত যাব লগীয়া হ’ল প্ৰভুভক্ত কুকুৰটো। ঘটনাটো মধ্য প্ৰদেশৰ ইন্দোৰ চহৰৰ। চহৰখনৰ পালাচিয়া অঞ্চলত এজন লোকে কোভিড নিয়ম উলংঘা কৰি নৈশ কাৰ্ফিউৰ সময়ত পোহনীয়া কুকুৰৰ সৈতে বাহিৰলৈ ওলাই গৈছিল। পুলিচে কাৰ্ফিউৰ সময়ত ৰাস্তাত ঘূৰি ফুৰা বাবে নাগৰিকজনক আটক কৰে। লগতে কুকুৰটোকো আটক কৰি অস্থায়ী কাৰাগাৰলৈ নিক্ষেপ কৰে।নাগৰিকজন পেছাত ব্যৱসায়ী। ৰাতি ৰাস্তা খালী হোৱাৰ বাবে পোহনীয়া কুকুৰটোৰ সৈতে অলপ খোজ কাঢ়িবলৈ ওলাই অহা বুলি উল্লেখ কৰাৰ পিছতো আৰক্ষীয়ে এইক্ষেত্ৰত কোনো ৰেহাই নিদিলে লোকজনক। ঘটনাটো এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰল হৈ পৰিছে।
দিল্লীত উপস্থিত হিমন্ত-সৰ্বানন্দ

জে পি নাড্ডাৰ বাসগৃহত উপস্থিত দুয়ো, অৱসান হোৱাৰ দিশত মুখ্যমন্ত্ৰী কেন্দ্ৰীক বিতৰ্ক
ক’ভিড-১৯ৰ ভয়াবহতা: সজাগ আৰু সচেতনতাৰ বাবে টীয়কত চুটি ছবি “প্ৰতিৰোধ” শুভ মুক্তি
যি সময়ত সমগ্ৰ ভাৰতবৰ্ষৰ লগতে ৰাজ্যতো ক’ভিড-১৯ য়ে ভয়াবহ ৰূপ ধাৰণ কৰি দৈনিক আক্ৰান্ত ৰোগী আৰু মৃতকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে সেইসময়তে টীয়কৰ কেইজনমান উদীয়মান যুৱকে ক’ভিডক লৈ সাধাৰণ জনতাক প্ৰশাসনৰ সমান্তৰালকৈ সজাগ আৰু সচেতন কৰিবৰ বাবে ” প্ৰতিৰোধ” নামেৰে এখন চুটি ছবি নিৰ্মাণ কৰি উলিয়াইছে। TS প্ৰডাকচনৰ বেনাৰত নিৰ্মিত চুটি ছবিখন মুদৈজান কমলাবাৰী সংগীত মহাবিদ্যালয়, টীয়কত ক’ভিড প্ৰ’টকল মানি শুভ উন্মোচন কৰে। বিশেষকৈ ছবিখনৰ জৰিয়তে কণকণ ছাত্ৰ ছাত্ৰী সকলৰ মাজত ক’ভিডক লৈ সচেতনতা বৃদ্ধিৰ প্ৰয়াস কৰা হৈছে। ছবি খন শুভ মুক্তি কৰে টীয়ক প্ৰেছ ক্লাৱৰ উপদেষ্টা ৰিজু কুমাৰ শইকীয়াই লগতে অনুষ্ঠানটোত উপস্থিত থাকি সৌষ্ঠব বৃদ্ধি কৰে বি.আৰ. আম্বেদকাৰ ৰাষ্ট্ৰীয় বঁটা প্ৰাপক তুষাৰ পাল, মুদৈজান কমলাবাৰী সংগীত মহাবিদ্যালয় অধ্যক্ষ দীলিপ ভূঞা বৰবায়নৰ লগতে টীয়কৰ কেইবাজনো নাট্যকর্মী। সকলোৱে চুটি ছবি খন আদৰি লোৱাৰ লগতে সজাগতা বৃদ্ধিত বিশেষ অৰিহণা যোগাব বুলি উদীয়মান যুৱক কেইজ আশাবাদী।এই ছুটি ছবি খন ইউটিওবতো উপলব্ধ হ’ব বুলি উদ্যোক্তা জানিবলৈ দিয়ে ।
ইণ্ডিয়া বুক অৱ ৰেকৰ্ড’ত নিজৰ নাম অন্তর্ভুক্ত কৰি ৰঙিয়ালৈ গৌৰৱ কঢ়িয়াই আনিলে খনীন মেধীয়ে
ৰঙিয়া মহকুমাৰ অন্তৰ্গত লাচি-বিষ্ণুপুৰ গাঁৱৰ ভিঠেলীপাৰা চুবুৰীৰ উমেশ চন্দ্ৰ মেধী আৰু নিৰলা মেধীৰ জেষ্ঠ পুত্ৰ খনীন মেধীয়ে ইণ্ডিয়া বুক অৱ ৰেকৰ্ড’ত নিজৰ নাম অন্তর্ভুক্ত কৰি ৰঙিয়ালৈ গৌৰৱ কঢ়িয়াই আনিলে । ভাৰতবৰ্ষৰ অতি ক্ষুদ্ৰ কব্য সংকলন হিচাপে বিবেচিত হৈ ইণ্ডিয়া বুক অৱ ৰেকৰ্ড’ত নিজৰ নাম অন্তর্ভুক্ত হ’ল মেধীৰ । মেধী এগৰাকী কবি, গীতিকাৰ, লেখক, প্ৰকাশক আৰু যুৱ উদ্দোগী ৷ মেধীয়ে ২০০৯ চনত প্ৰকাশ কৰা অসমীয়া কব্য সংকলন “দুখত হালে জানো বুকুৰ কলিজা” ক ইংৰাজীলৈ “The Bosom Of The Heart Tilt In Grief” নামেৰে ২০১৩ চনত অনুবাদ কৰি প্ৰকাশ কৰে ৷ ইয়াৰ পিছত এই গ্ৰন্থখনিক পূৰ্বৰ সম পৃষ্ঠাৰ সমসংখ্যক কবিতাৰে ২.৪ ইঞ্চি × ২.৭ ইঞ্চি আকাৰত যোৱা ৮ মাৰ্চত প্ৰকাশ কৰি “ইণ্ডিয়া বুক অৱ ৰেকৰ্ড” লৈ প্ৰেৰণ কৰিছিল আৰু যোৱা ২৫ মাৰ্চত ভাৰতবৰ্ষৰ অতি ক্ষুদ্ৰ কব্য সংকলন হিচাপে বিবেচিত হৈ “ইণ্ডিয়া বুক অৱ ৰেকৰ্ড ২০২১”ত স্থান লাভ কৰে । পেছাত এগৰাকী সফল ছপা মাধ্যমৰ ব্যৱসায়ী ৰঙিয়া মহকুমাৰ অন্তৰ্গত ভিঠেলীপাৰা গাঁৱত জন্মগ্ৰহণ কৰা মেধী বৰ্তমান গুৱাহাটী মহানগৰৰ চানমাৰীৰ বাসিন্দা হিচাপে এই অঞ্চলললৈও এই গৌৰৱ কঢ়িয়াই আনে ৷ মেধীয়ে এতিয়ালৈকে স্ব-ৰচীত অসমীয়া ভাষাত আঠখন, ইংৰাজী ভাষাত তিনিখন, হিন্দী ভাষাত এখন গ্ৰন্থ প্ৰকাশ কৰিছে । লগতে মাহেকীয়া আলোচনী মূহুৰ্ত, আৰোহণ আৰু ৰামধেনু কাব্যলোচনী সম্পাদনা কৰি অসমীয়া সাহিত্যলৈ বৰঙণি আগবঢ়াইছে ৷









