Breaking

গুৱাহাটীত আবকাৰী বিভাগৰ অভিযান,বুজন পৰিমাণৰ দেশী – বিদেশী সুৰা জব্দ

0 2,036

ক’ভিড কেন্দ্ৰীক ভয়াবহতা স্বত্তেও গুৱাহাটী মহানগৰীত একাংশ লোকে কৌশলৰে চলাই আছে দেশী – বিদেশী অবৈধ সুৰাৰ বেহা । এনে অবৈধ বেহা বন্ধ কৰিবলৈ   আবকাৰী বিভাগৰ  কামৰূপ মহানগৰ জিলাৰ আবকাৰী অধীক্ষক মানৱী দাস আৰু উপ আবকাৰী অধীক্ষক  ভূপেন্দ্ৰ নাথ শৰ্মাৰ নেতৃত্বত  আজি দিনৰ ভাগত  গুৱাহাটী সদৰৰ আবকাৰী চক্ৰই  মহানগৰীৰ বিভিন্ন অঞ্চলত অবৈধ সুৰাৰ বিৰুদ্ধে এক অভিযান চলায় । আৱকাৰী বিভাগৰ সূত্ৰই সদৰি কৰা ফটাশিল আমবাৰীৰ হৰিজন কলনী আৰু আঠগাঁওৰ উৰণীয়া সেতুৰ তলত   চলোৱা অভিযানত  ১৪  কার্টুন বিভিন্ন ব্ৰেণ্ডৰ বিদেশী সুৰা , ৫ কাৰ্টুন বিয়েৰ আৰু প্ৰায় ৫০০ লিটাৰ চুলাই মদ  জব্দ কৰে ।  অৱশ্যে  অভিযানকাৰী দলটোৱে এই সন্দৰ্ভত কোনো লোককে আটক কৰা নাই বুলি জানিব পৰা গৈছে ।

Leave A Reply