Breaking

প্ৰাক্তন মন্ত্ৰীয়ে মূৰৰ পৰা হাত উঠোৱাৰ পিছত ঈশ্বৰকেই বিচাৰক পাতিলে অন্তহীন দুৰ্নীতিৰ অভিযোগত অভিযুক্ত হোৱা মনেশ্বৰ ডেকাই

0 2,048

অন্তহীন দুৰ্নীতিৰ বোকাত বুৰ যোৱা অভিযুক্ত মনেশ্বৰ ডেকাই শৰণ ল’লে এইবাৰ ভগৱানৰ। দীৰ্ঘদিনীয়া অপেক্ষাৰ পিছত সংযোগ স্থাপন হোৱা আমাৰ এক আছুতীয়া সাক্ষাৎকাৰত তেওঁ এই কথা ব্যক্ত কৰে। তেওঁ কয় যে তেওঁৰ বিৰুদ্ধে উত্থাপন হোৱা অভিযোগ, অপবাদবোৰ মিছা আৰু ইয়াৰ বিচাৰ হেনো ঈশ্বৰে দিব। Attention বৰ্তমানৰ জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহল। অসমৰ কোনো এটা চৰকাৰী বিভাগত শীৰ্ষ বিষয়াৰ নাটনি হোৱাটো স্বাভাৱিক। আৰু ইতিমধ্যে এই কথা বৰ্তমানৰ মূখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই স্বীকাৰ কৰিছে। সেয়েহে তেওঁ এক লাখ বিষয়াক নতুনকৈ নিযুক্তি প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। আমাৰ পূৰ্বৰ প্ৰতিবেদনত উল্লেখ্য প্ৰাক্তন মন্ত্ৰী ভৱেশ কলিতাৰ সৈতে হোৱা এক টেলিফোনিক সাক্ষাৎকাৰত তেওঁ জানিবলৈ দিয়া মতে তেওঁৰ কাৰ্যকালত হেনো উচ্চ পদস্থ বিষয়াৰ খুবেই নাটনি আছিল। সেই বাবে মনেশ্বৰ ডেকাৰ দৰে এগৰাকী কনিষ্ঠ বিষয়াক ভাৰপ্ৰাপ্ত কাৰ্যবাহী অভিযন্তা হিচাপে পদস্থ কৰা হৈছিল। কিন্তু প্ৰকৃততে তেনে ভাৰপ্ৰাপ্ত বিষয়াৰ কাৰ্যকাল থাকে প্ৰায় ছমাহ। এতিয়া প্ৰশ্ন হৈছে যদিহে বিভাগীয় নিয়মানুবৰ্তিতা অনুসৰি এগৰাকী কনিষ্ঠ বিষয়াক মাত্ৰ ছমাহলৈ হে ভাৰপ্ৰাপ্ত বিষয়া ৰূপে পদস্থ কৰিব পৰা যায়। কিন্তু দুৰ্নীতিৰ অভিযোগত অভিযুক্ত মনেশ্বৰ ডেকাই সুকলমে অতিক্ৰম কৰে তিনিটা বছৰ। জলসিঞ্চন বিভাগৰ দৰে অসমৰ এক প্ৰধান আগশাৰীৰ চৰকাৰী বিভাগত হোৱা এনে দুৰবস্থাৰ চূড়ান্ত দুৰ্ভাগ্যজনক আৰু চিন্তনীয় বিষয় । আমাৰ পূৰ্বৰ সকলো প্ৰতিবেদনত ফাদিল হোৱা কিছু নাভূত নাশ্ৰুত কথা বিভাগটোৰ একাংশৰ মতে এক লজ্জাজনক আৰু চিন্তাৰ বিষয় হৈ পৰিছে। দীৰ্ঘদিন ধৰি বিভাগত চলাই অহা তেওঁৰ একনায়কত্ববাদ, বিষয়াৰ পদোন্নটি আৰু বদলিকৰণত কমিচনৰ মুকলি বজাৰ চলোৱাৰ লগতে আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত কৰা দুৰ্নীতিৰ অভিযোগ উত্থাপন হোৱা মনেশ্বৰ ডেকাৰ মূৰৰ পৰা তদানীন্তন মন্ত্ৰীয়ে হাত উঠুৱাৰ পিছতেই তেওঁ সকলো ঈশ্বৰৰ বিচাৰত এৰি দিয়ে। বিভাগীয় দুৰৱস্থাক এতিয়া কোনে চকু দিব সেইয়া এক ডাঙৰ প্ৰশ্ন। প্ৰাক্তন মন্ত্ৰীৰ কাৰ্যকালত হোৱা এনে দূৰৱস্থাক এপলক চকু ফুৰাব নে বৰ্তমানৰ মন্ত্ৰী অশোক সিংহালে? অৱশেষত কেইবাদিনজোৰা প্ৰচেষ্টাৰ অন্তত আমাৰ সাংবাদিকৰ সৈতে হোৱা এক আছুতীয়া আলাপত তেখেতে কয় যে যদিহে তেওঁ ইমানেই লুণ্ঠন আৰু দুৰ্নীতি কৰা বুলি উত্থাপন হৈছে তেন্তে তেখেতৰ বিভাগীয় কৰ্তিপক্ষৰদ্বাৰা তেওঁৰ ওপৰত কোনো শীৰ্ষ বিষয়াই কিয় কোনো তদন্ত চলোৱা নাই অৰ্থাৎ Higher Authority য়ে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই কিয় । তেওঁ ব্যক্ত কৰে যে বিভাগত হোৱা যিকোনো কাৰ্যৰ বাবে লোৱা সিদ্ধান্ত তেওঁৰ দ্বাৰা গ্ৰহণ হোৱাৰ পিছত শীৰ্ষ বিষয়ালৈও প্ৰেৰণ কৰা হয়। ঠিক তেনে স্থলত যদিহে দুৰ্নীতি আৰু লুণ্ঠন কাৰ্য সংঘটিত হৈছে তেনেহলে ইয়াতে বিভাগীয় শীৰ্ষ বিষয়া আৰু বিভাগীয় কতৃপক্ষও সমানে জড়িত হৈ আছে।

Leave A Reply