Breaking

তামুলপুৰৰ কুমাৰীকাটাত বিদ্যুৎ বিভাগৰ আজব কাণ্ড। জধে-মধে গছগছনি কাটি জনবহুল এলেকাৰে উচ্চ ক্ষমতা পৰিবাহী বিদ্যুৎ তাৰ নিয়াৰ যো-জা

0 529

যি সময়ত সমগ্ৰ পৃথিৱীৰ মানুহে পৃথিৱীখন সেউজীয়া কৰি পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰি অক্সিজেনৰ নাটনি দূৰ কৰিবলৈ অহোপুৰুষাৰ্থ চেষ্টা অব্যাহত ৰাখিছে, যাদৱ পায়েঙৰ দৰে প্ৰকৃতি প্ৰেমীক বৃক্ষ ৰোপণৰ বাবে বিদেশে আমন্ত্ৰণ জনাইছে, তেনে সময়তে তামুলপুৰ বিদ্যুৎ উপ সংমণ্ডলৰ একাংশ বিষয়াৰ মই মতালিত বন ধ্বংস যজ্ঞ পাতিছে কুমাৰীকাটাত।

কুমাৰীকাটাত বিদ্যুৎ বিভাগে এনেদৰে জধে-মধে গছ-গছনি কাটি জনবসতি পূৰ্ণ ঠাইৰে বিপদসংকুল ভাৱে তেত্ৰিশ হাজাৰ ভোল্টৰ ঔদ্যোগিক বিদ্যুৎ পৰিবাহী লাইন নিয়াৰ যো-জা চলোৱাত ইয়াকে লৈ অঞ্চলটোৰ ৰাইজ বাৰুকৈয়ে চিন্তিত আৰু ভীতিগ্ৰস্ত হৈ পৰিছে ।

তামুলপুৰৰ মহকুমাৰ ভাৰত-ভূটান সীমান্তৰ নিকটবৰ্তী কুমাৰীকাটাত বিদ্যৎ বিভাগৰ এনে আজৱ কাণ্ডৰ বিৰুদ্ধে সৰৱ হৈছে কুমাৰীকাটা আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে স্থানীয় দল সংগঠন আৰু ৰাইজ ।

অভিযোগ অনুসৰি বৃহত্তৰ কুমাৰীকাটা অঞ্চলত কোনোধৰণৰ জাননী জাৰী নকৰাকৈ জধে-মধে বিভিন্ন ধৰণৰ মুল্যবান গছ-গছনি কাটি জনবসতিপূৰ্ণ ঠাইৰ মাজেৰে অতি বিপদসংকুল ভাৱে তেত্ৰিশ হাজাৰ ভোল্টৰ উচ্চ ক্ষমতাসম্পন্ন ঔদ্যোগিক বিদ্যুত পৰিবাহী তাৰ নিয়াৰ যো-জা বিদ্যুত বিভাগৰ, অন্যহাতে এই ঔদ্যোগিক বিদ্যুত সমূহ ৰাইজৰ কোনোধৰণৰ অসুবিধা নোহোৱাকৈ কালা নদীৰ পাৰেদি নিয়াৰিকৈ নিব পৰা এক সুপৰিকল্পিত ব্যৱস্থা থকাৰ পিছতো কি কাৰণে এনেদৰে ৰাইজৰ বিপদসংকুল ভাৱে নিবলৈ যো জা চলাইছে সেয়া এক ডাঙৰ প্ৰশ্ন?

উল্লেখ্য যে পথৰ দুয়ো ফালে ইতিমধ্যে এঘাৰ হাজাৰ ভোল্টৰ বিদ্যুৎ যোগান ব্যৱস্থা আছে। পুনৰ এনেদৰে তেত্ৰিশ হাজাৰ ভোল্টৰ উচ্চ ক্ষমতা সম্পন্ন বিদ্যুতৰ তাৰ গলে জনসাধাৰণৰ বাবে বিপদজনকো হ’ব পাৰে। তাৰোপৰি সঘনাই

অঞ্চলটোত তীব্ৰ বেগী ডাম্পাৰৰ দুৰ্ঘটনা সংঘটিত হৈ থকাৰ বাবে যিকোনো মূহুৰ্তত ইয়ে জনসাধাৰণৰ লগতে জীৱ জন্তুৰ বিপদ ঘটোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি।

সেয়ে একাংশ সচেতন মহলৰ প্ৰশ্ন কাৰ আশীৰ্বাদত এনেবোৰ কাম বিনা দ্বিধাই কৰি আছে বিদ্যুৎ বিভাগে ? গছ গছনি জধে মধে কাটিবলৈ বন বিভাগৰ অনুমোদন লাভ কৰিছে নে ?।
বনমন্ত্ৰী ডাঙৰীয়া আপুনিও জ্ঞাত নে বিদ্যুৎ বিভাগৰ এই কাণ্ড কাৰখানা সম্পৰ্কে ?

পৰিবৰ্তনকামী নতুন চৰকাৰৰ  নৱনিৰ্বাচিত মুখ্যমন্ত্ৰীৰ হাতত ইয়াৰ উত্তৰ আছেনে??

নৱনিৰ্বাচিত বিটিচি প্ৰধান আপুনি কি কয় এই বিষয়ে ???

Leave A Reply