প্ৰণৱ নাৰায়ন দেৱ নেতৃত্বাধীন কুৰিজনীয়া কোচ ৰাজবংশী উন্নয়ন পৰিষদখনে আজি শপত গ্ৰহণ কৰি জনগোষ্ঠীটোৰ সামগ্ৰিক বিকাশৰ স্বাৰ্থত কাম কৰি যোৱাৰ বাবে অঙ্গীকাৰ কৰে৷ দিছপুৰৰ ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণী উন্নয়ন সঞ্চালকালয়ত আজি পৰিষদৰ অধ্যক্ষ প্ৰণৱ নাৰায়ন দেৱ, উপাধ্যক্ষ ভিক্টৰ দাস আৰু কেইবাগৰাকীও সদস্যই শপত গ্ৰহণ কৰে৷ ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণী উন্নয়ন বিভাগৰ সঞ্চালক ভৱানী প্ৰসাদ শৰ্মা, উপ সঞ্চালক যাদৱ পেগু এই অনুষ্ঠানত উপস্থিত থাকে৷ শপত গ্ৰহণ কৰি অনাগত দিনত জনগোষ্ঠীটোৰ উন্নয়নৰ কাৰণে ঐক্যবদ্ধভাৱে সততা, নিষ্ঠা আৰু একাগ্ৰতাৰে উন্নয়ন পৰিষদৰ প্ৰতিগৰাকীয়েই দায়িত্ব পালন কৰি যাব মন্তব্য কৰে অধ্যক্ষ গৰাকীয়ে৷ ইফালে পূৰ্বৰ সৰ্বানন্দ সোণোৱাল চৰকাৰে ঘোষণা কৰা মুখ্যমন্ত্ৰীৰ এককালীন বিশেষ আৰ্থিক পেকেজৰ ১২৫ কোটি টকা কেৱল টাই আহোম জনগোষ্ঠীয়েহে লাভ কৰিলে যদিও কোচ ৰাজবংশী জনগোষ্ঠী লগতে আন চাৰি জনগোষ্ঠীয়ে লাভ নকৰা বুলি সদৰি কৰি বাকী কেইটা জনগোষ্ঠীৰ লগতে কোচ ৰাজবংশী সকলৰ সামগ্ৰিক বিকাশৰ স্বাৰ্থত শীঘ্ৰেই কোচ ৰাজবংশী উন্নয়ন পৰিষদক ১২৫ কোটিৰ বিশেষ পুঁজি মুকলি কৰি দিয়াৰো দাবী জনাইছে অধ্যক্ষ প্ৰণৱ নাৰায়ণ দেৱে৷ আনহাতে উন্নয়ন পৰিষদৰ হাতত বৰ্তমান ৩৬.৬৮ লাখ টকা জমা থকাৰ কথা সদৰি কৰি এইখিনি পুঁজি কোচ ৰাজবংশী জনগোষ্ঠীৰ সাংস্কৃতিক উন্নয়নৰ বাবে খৰছ কৰিব বুলিও সদৰি কৰিছে৷
পথাৰত এতিয়া কৃষি কৰ্মত ব্যস্ত কণ্ঠশিল্পী নীল আকাশৰ পত্নী নেনচি ফুকন
জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশৰ পত্নী এতিয়া কৃষি কৰ্মত ব্যস্ত। পথাৰৰ বোকা খচকি গুটি সিঁচিছে নেনচি ফুকনে। ছচিয়েল মিডিয়াতো শ্বেয়াৰ কৰিছে ফটো।কোৰোণা ভাইৰাছৰ আতংকৰ বাবে এতিয়া সকলো ঘৰতে আবদ্ধ। তাৰ মাজতে জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীৰ পত্নীয়ে পৰিয়ালৰে একাংশ মহিলাৰ সৈতে লগ হৈ পথাৰত শস্যৰ গুটি সিঁচিলে। বৃহস্পতিবাৰে বাবে নেনচি ফুকনে ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰে এই ফটো। নেনচি ছচিয়েল মিডিয়াতো অত্যন্ত সক্ৰিয়। প্ৰায়ে বিভিন্ন মুহূৰ্তৰ ফটো শ্বেয়াৰ কৰে ছচিয়েল মিডিয়াত।পেছাত অধিবক্তা নেনচিৰ এই ফটো এতিয়া ব্যাপক ভাবে চৰ্চিত হৈছে ছচিয়েল মিডিয়াত।উল্লেখ্য যে, চলিত বছৰৰ ফেব্ৰুৱাৰী মাহৰ ২৮ তাৰিখে সম্পন্ন হৈছিল নীল আকাশ আৰু নেনচি ফুকনৰ বিবাহ।
দক্ষিণ শালমাৰা আৰু ফকিৰগঞ্জ আৰক্ষীৰ যৌথ অভিযানত বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট জব্দৰ লগতে দুজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ
দক্ষিণ শালমাৰা আৰু ফকিৰগঞ্জ আৰক্ষীৰ যৌথ যৌথ ভাবে ফকিৰগঞ্জ বজাৰত অভিযান চলাই বৃহৎ পৰিমানৰ নিচাজাতীয় টেবলেট জব্দ কৰিবলৈ সক্ষম হয়৷ আৰক্ষীয়ে জব্দ কৰা নিচাজাতীয় টেবলেটৰ পৰিমাণ ৫৭৬ টা৷ এই নিচাজাতীয় টেবলেট খিনি বিক্ৰী কৰি থকা সময়তে আৰক্ষীয়ে হাতেলোটে জব্দ কৰিবলৈ সক্ষম হয় লগতে আৰক্ষীয়ে ৰাজিব হোচেইন (২৫) আৰু আবেদ আলী (২৭) নামৰ দুজন ব্যক্তিক কৰায়ত্ত কৰে৷ উক্ত ঘটনাক কেন্দ্ৰ কৰি অঞ্চল জুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হোৱা পৰিলক্ষিত হয়৷
বৰপেটাত সাৰ-কীটনাশকৰ খুচুৰা বিক্ৰেতাক লৈ কৃষি বিভাগৰ সজাগতা সভা
বৰপেটা জিলাৰ সাৰৰ খুচুৰা বিক্ৰেতা সকলক নিজৰ অনুজ্ঞাপত্ৰ নবীকৰণ কৰাৰ লগতে ডিজিটেল লেনদেনৰ বাবে পোছ মেচিন অনিৰ্বায্যভাবে ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালে। আজি বৰপেটাৰ জিলা গ্ৰামীণ বিকাশ অভিকৰণৰ সভাকক্ষত অনুষ্ঠিত সাৰ বিক্ৰেতা সকলৰ এখন সভাত অংশগ্ৰহন কৰি উপায়ুক্ত গৰাকীয়ে এইদৰে কয়। তেওঁ কয় যে সাৰ, কীটনাশক দ্ৰব্য, বীজ আদিৰ ব্যৱসায়টো হৈছে আমাৰ দেশৰ খাতিখোৱা কৃষক আৰু কৃষি অৰ্থনীতিৰ সৈতে উত:প্ৰোত ভাবে জড়িত। সেয়ে এই ব্যৱসায় বৈধভাবে নীতি-নিয়মৰ মাজেৰে কৰিবলৈ তেওঁ আহ্বান জনায়। সভাত অতিৰিক্ত উপায়ুক্ত নৱজিৎ পাঠক, জিলা কৃষি বিষয়া অৰুণ চন্দ্ৰ হাজৰিকা আৰু মহকুমা কৃষি বিষয়া পৰীক্ষিত বায়নে বিক্ৰেতা সকলক পালন কৰিব লগীয়া নীতি-নিয়ম সমূহৰ বিষয়ে বুজাই কয়। জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই জনোৱা মতে, বৰপেটা জিলাত সাৰ, কীটনাশক দ্ৰব্য আৰু বীজৰ ১৭২ জন খুচুৰা বিক্ৰেতা আৰু ১৬ জন পাইকাৰী বিক্ৰেতা আছে। তেওঁলোকৰ মাজৰ ১৬ খন খুচুৰা বিক্ৰেতাৰ দোকান অনুজ্ঞাপত্ৰ নবীকৰণ নকৰা আৰু পোছ মেচিনৰ জৰিয়তে লেন-দেন নকৰাৰ অভিযোগত উপায়ুক্তৰ নিৰ্দেশত অলপতে বন্ধ কৰি দিয়া হয়। সেয়েহে বাকী সকলকৰ মাজতো সজাগতা সৃষ্টিৰ উদ্যেশ্যে জিলা উপায়ুক্তৰ পৰামৰ্শক্ৰমে আজি এই সভাখন অনুষ্ঠিত কৰা হয় বুলি জনসংযোগ বিষয়াই জনাইছে। সভাত জিলাখনৰ প্ৰায় সকলো সাৰ-কীটনাশক বিক্ৰেতাই অংশগ্ৰহণ কৰে। সকলোকে অহা চাৰি সপ্তাহৰ ভিতৰত অনুজ্ঞাপত্ৰ নবীকৰণ, মেচিন সংস্থাপন, পৰিচয় নম্বৰ সংগ্ৰহ আদি বিভাগীয় সকলো নিৰ্দেশনা কাৰ্য ৰূপায়ন কৰিবলৈ নিৰ্দেশ দিয়া হয়।
ওৰাঙত স্বাস্থ্য কৰ্মীৰ ব্যাপক প্ৰতিবাদ
ওদালগুৰি জিলাৰ মাজবাট বিধানসভা সমষ্টিৰ ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু ওৰাং সামূহিক স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত এই কেন্দ্ৰ দুয়োটাৰ স্বাস্থ্য কৰ্মী সকলে ১৮জুনত ওৰাং স্বাস্থ্য কেন্দ্ৰৰ চৌহদত এক প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰে । স্বাস্থ্য কৰ্মী সকলে সমগ্ৰ অসমত স্বাস্থ্য কৰ্মী সকলৰ ওপৰত চলি অহা বৰ্বৰ অত্যাচাৰ , মাৰ ধৰ ,নানান ধৰণৰ গালি গালাজ কৰাৰ লোকৰ সংখ্যা দিনক দিনে বাঢ়ি অহাৰ বাবে দেশজুৰি প্ৰতিবাদত কৰাৰ অংশীদাৰ হৈছে । প্ৰতিবাদ সাব্যস্ত কৰা স্বাস্থ্য কৰ্মী সকলে ব্যক্ত কৰা মতে তেওঁলোকে নিষ্ঠাৰে জনগণৰ স্বাৰ্থত দিন ৰাত একাকাৰ কৰি নিজৰ জীৱনৰ মূল্যৰ কথা কোনো চিন্তা নকৰি ,ঘৰ পৰিয়াল এৰি দৈনিক এই মাৰাত্মক কৰুণা কালত সেৱা আগবঢ়াই অহাৰ পিছতো স্বাস্থ্য কৰ্মী সকলৰ ওপৰত একাংশ দুস্কৃকাৰীয়ে এইদৰে এইদৰে মাৰ পিট কৰা অতি লজ্জাজনক বুলি অতি দুখমনে সদৰী কৰে । কোভিডত সমগ্ৰ দেশ অসুস্থ হৈ থকা সময়ত চিকিৎসক আৰু স্বাস্থ্য কৰ্মি সকলৰ নিৰাপত্তা বিচাৰি ওৰাঙত তীব্ৰ প্ৰতিবাদ চিকিৎসা কৰ্মী সকলৰ। চিকিৎসালয়ত চিকিৎসক আৰু স্বাস্থ্য কৰ্মী সকলে ক’লা বেজ পৰিধান কৰি চিকিৎসালয়ৰ চৌহদত প্ৰতিবাদ সাব্যস্ত কৰে ৰাতিপুৱা ১০ বজাৰ ১০-৩০ বজালৈ
চিকিৎসক আৰু স্বাস্থ্য কৰ্মীৰ নিৰাপত্তা নিশ্চিত কৰা, চিকিৎসা কৰ্মীক আক্ৰমণ কৰা বন্ধ কৰা আদি বিভিন্ন দাবীৰে হাতত প্লেকাৰ্ড লৈ চিকিৎসা কৰ্মী সকলে ক’লা বেজ পৰিধান কৰে । চিকিৎসা চৌহদত প্ৰতিবাদ সাব্যস্ত কৰে চিকিৎসা কৰ্মী সকলে।
নুনমাটিৰ ‘ওজ মেডিক’জ’ত জুই। লাখ টকাৰ ক্ষতি
মহানগৰীৰ নুনমাটিত আজি পুৱাৰ ভাগত সংঘটিত এক অগ্ণিকাণ্ডত এখন ফার্মাচী ক্ষতিগ্রস্ত হয়৷ জানিব পৰা মতে আজি পুৱা প্রায় ৭ বজাত নুনমাটিস্থিত ‘ওজ মেডিকো’ নামৰ ফার্মাচীখনৰ ওপৰ মহলাৰ চিকিৎসকৰ কেবিনত প্রথমতে জুই লগা প্রত্যক্ষ কৰে পদপথত পাণ–তামোলৰ দোকান দিয়া এগৰাকী মহিলাই৷লগে লগে মহিলাগৰাকীয়ে স্থানীয় লোকক অৱগত কৰে৷ স্থানীয় লোকৰ তৎপৰতাত কিছু সময়ৰ পিছতে ঘটনাস্থলীত উপস্থিত হোৱা এখন অগ্ণিনির্বাপক বাহিনীৰ গাডীয়ে ততালিকে এই জুই নিয়ন্ত্রণ কৰিবলৈ সক্ষম হয়৷
অৱশ্যে অগ্ণিনির্বাপক বাহিনীৰ তৎপৰতাত জুই নিয়ন্ত্রণলৈ অহাৰ বাবে এলেকাটোৰ অন্যান্য দোকান–পোহাৰ ৰক্ষা পৰে৷ ইফালে ঘটনাস্থলীত উপস্থিত হোৱা নুনমাটি আৰক্ষীয়ে প্রাথমিক তদন্তত বৈদ্যুতিক শ্বট চার্কিটৰ ফলত এই অগ্ণিকাণ্ডৰ সূত্রপাত হোৱা বুলি সন্দেহ কৰিছে৷ এই অগ্ণিকাণ্ডৰ ফলত চিকিৎসকৰ চেম্বাৰটোৰ চকী–মেজ, টেবুল, ঔষধ, ফার্মাচীখনৰ অন্যান্য প্রয়োজনীয় সামগ্রীকে ধৰি কেইবালাখ টকাৰ সম্পত্তি ক্ষতিগ্রস্ত হয় বুলি জানিবলৈ দিছে ফার্মাচীখনৰ গৰাকী ডুলু ডেকাই৷
অইল ইণ্ডিয়া লিমিটেডৰ বাহন নিবিদা-চালক নিযুক্তিত ব্যাপক দুৰ্নীতি : সৰৱ সদৌ টাই আহোম ছাত্ৰ সন্থা
দেশৰ অন্যতম ৰাজহুৱা খণ্ডৰ লাভজনক তৈল উদ্যোগ প্ৰতিষ্ঠান অইল ইণ্ডিয়া লিমিটেডৰ ঠিকাভিত্তিত চলাচল কৰা যানবাহন নিবিদা আৰু চালক-সহযোগী নিযুক্তিৰ ক্ষেত্ৰত ব্যাপক অনিয়ম সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন কৰিছে সদৌ টাই আহোম ছাত্ৰ সন্থা চমুকৈ ‘আটাছু’ৱে । দুলীয়াজানৰ পুৰণি বাছ আস্থানত অৱস্থিত ‘মিডিয়া চেণ্টাৰ’ত আহ্বান কৰা এখন সংবাদ মেলত টাই আহোম ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা সমিতি আৰু দুলীয়াজান আঞ্চলিক সমিতিয়ে অইল ইণ্ডিয়া লিমিটেড কৰ্তৃপক্ষই ঠিকাভিত্তিত চলাচল কৰা বাহন আৰু চালক-সহযোগীৰ নিযুক্তিৰ ক্ষেত্ৰত স্থানীয় নিবনুৱাৰ স্বাৰ্থৰ পৰিপন্থী নীতি গ্ৰহণ কৰা বুলি অভিযোগ উত্থাপন কৰে । উক্ত সংবাদমেলত অইল ইণ্ডিয়া লিমিটেড কৰ্তৃপক্ষই স্থানীয় নিৱনুৱা সংস্থাপনৰ বাবে লঘু আৰু গধুৰ যানবাহনৰ নিবিদা আহ্বান কৰি আহিছে । এইক্ষেত্ৰত এক বাহন এক ব্যক্তি নীতি অনুসৰি নিবিদা লাভ কৰা নিবনুৱা সকলে নিজে বাহনৰ চালক হিচাপে কৰ্ম সংস্থাপন লাভ কৰি আহিছে বুলি আটাছুৰ ডিব্ৰুগড় জিলা সমিতিৰ সাধাৰণ সম্পাদক ৰূপম গগৈয়ে সংবাদমেলত মন্তব্য কৰে ।
তেওঁ লগতে জানিবলৈ দিয়ামতে কিছু ক্ষেত্ৰত নিজা পৰিয়াল তথা নিকট আত্মীয় চালক আৰু সহযোগী ৰূপে দায়িত্ব প্ৰদান কৰিব পাৰে । তদুপৰি টেংকাৰ বা অন্য গধুৰ বাহনৰ নিবিদাৰ জাননী (এন আই টি)ত চালক আৰু সহযোগীক নিয়োগৰ ক্ষেত্ৰত সম্পূৰ্ণ দায়িত্ব ঠিকাদাৰ সকলৰ নিজৰ বুলি উল্লেখ কৰা থাকে । কিন্তু এনে বাহন সমূহৰ চালক আৰু সহযোগী নিযুক্তিৰ পৰা অইল কৰ্তৃপক্ষই উদ্যোগ প্ৰতিষ্ঠানটোৰ অধ্যুষিত অঞ্চলৰ নিৱনুৱা সকলক বিভিন্ন কৌশলেৰে বঞ্চিত কৰি এক বিশেষ চক্ৰক দিবৰ বাবে অহৰহ চেষ্টা কৰি অহা বুলিও আটাছুৱে গুৰুত্বৰ অভিযোগ উত্থাপন কৰে । লগতে সংবাদমেলাত জানিবলৈ দিয়ামতে মটৰ শ্ৰমিক ইউনিয়নৰ বিষয়-ববীয়া তথা সদস্য ন’হলে নিজে লাভ কৰা লঘু বাহন অথবা ঠিকাদাৰে নিযুক্তি লাভ কৰাত খোদ অইলৰ বিষয়াই বাধা প্ৰদান কৰি আহিছে বুলি অভিযোগ কৰে । এইক্ষেত্ৰত বিশেষ এটা চক্ৰক লাভাম্বিত কৰাৰ বাবে নিবিদা লাভ কৰাৰ পিচতো বাহন নিযুক্ত নকৰি অইলৰ বিভাগীয় বিষয়াই নিজে প্ৰস্তুত কৰা নীতি নিজে ভংগ কৰি স্থানীয় নিবনুৱাৰ ভাত মৰাৰ ষড়যন্ত্ৰ কৰা বুলিও আটাছুৱে সংবাদমেলত অভিযোগ কৰে । শেহতীয়াকৈ অইলে ঘোষণা কৰা টেংকাৰ নিবিদাৰ ক্ষেত্ৰত ব্যাপক অনিয়ম সংঘটিত হোৱা বুলিও সংবাদমেলাত অভিযোগ কৰে । ছাত্ৰ সংগঠনটোৱে এই সৰ্ন্দভত মুখ্যমন্ত্ৰীক এখন স্মাৰকপত্ৰ প্ৰদান কৰিব বুলিও সংবাদমেলত জানিবলৈ দিয়ে । লগতে উল্লেখিত বিষয় সমূহৰ সমাধানৰ বাবে আটাছুৰ সংবাদমেলৰ যোগেদি অইল কৰ্তৃপক্ষক সাতদিনৰ সময়সীমা বান্ধি দিছে । অন্যথা পৰৱৰ্তী সময়ত সৰ্বাত্মক অইল অৱৰোধ কৰাৰ লগতে জংগী আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও হুংকাৰ প্ৰদান কৰে ।
এয়াৰ ইণ্ডিয়াত নিযুক্তি: অসমৰ নিবনুৱাক প্রৱঞ্চনা দিল্লীৰ অসাধু চক্রৰ
ক’ভিডকেন্দ্রিক পৰিস্থিতিৰ মাজতে নতুন দিল্লীত সক্রিয় এক দুষ্ট চক্রই ৰাজ্যৰ শিক্ষিত নিবনুৱা যুৱক–যুৱতীক নিযুক্তি দিয়াৰ নামত প্রতাৰণা কৰাৰ ঘটনা শেহতীয়াভাৱে পোহৰলৈ আহিছে৷
নলবাৰী জিলাৰ মুগকুছি অঞ্চলৰ উচ্চশিক্ষিত যুৱক পল্লৱ শর্মাই এক সপ্তাহ পূর্বে নিজৰ ম’বাইলত ফেচবুকত হঠাতে এয়াৰ ইণ্ডিয়াৰ কার্যালয় সহায়ক পদৰ বিজ্ঞাপন দেখি তাত নির্দিষ্ট ছাইটত গৈ চার্চ কৰোঁতে তেওঁৰ আবেদন গ্রহণ কৰা বুলি জনায়৷ তাৰ পাছত তেওঁৰ হোৱাটছআপ নম্বৰত ১৫ জুনত পোনপটীয়াকৈ এখন নিযুক্তি পত্র প্রদান কৰে আৰু নির্দিষ্ট একাউণ্টছ নম্বৰত অনলাইনযোগে পাঁচ হাজাৰ টকা আদায় দি ১৭ জুনত গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানবন্দৰ চৌহদত থকা এয়াৰ ইণ্ডিয়াৰ কার্যালয়ত যোগদান কৰিবলৈ নির্দেশ দিয়ে৷
আনকি নতুন দিল্লীৰ মুখ্য কার্যালয়ত নিয়োজিত পংকজ বুলি চিনাকি দিয়া এজন লোকে ০৯৫৪৯১৭৪৪৮ নম্বৰৰ পৰা ফোন কৰি পল্লৱক পাঁচ হাজাৰ টকা নির্দিষ্ট একাউণ্টছত পেমেণ্ট কৰাৰ পাছত বৰঝাৰ বিমানবন্দৰত এয়াৰ ইণ্ডিয়াৰ কার্যালয়ত যোগদান কৰিবলৈ নির্দেশনা দিয়ে৷
কিন্তু এয়াৰ ইণ্ডিয়াৰ দৰে দেশৰ অগ্রণী বিমান পৰিবহণ সংস্থা এটাই কোনো ধৰণৰ সাক্ষাৎকাৰ নোলোৱাকৈ ক’ভিডৰ সময়ত নিযুক্তি দিয়া বিষয়টোত সন্দেহ ওপজাত বৃহস্পতিবাৰে তেওঁ বৰঝাৰ বিমানবন্দৰলৈ যায়৷ তাত থকা এয়াৰ ইণ্ডিয়াৰ কার্যালয়ত তেওঁলৈ নতুন দিল্লীৰ পৰা হোৱাটছআপ নম্বৰত প্রেৰণ কৰা নিযুক্তি পত্র দাখিল কৰে৷
তেতিয়া কার্যালয়ত থকা এয়াৰ ইণ্ডিয়াৰ কর্মচাৰীয়ে নিযুক্তি পত্রখন ভুৱা বুলি নিশ্চিত কৰে৷ আনকি দায়িত্ববাহী কর্মচাৰীয়ে পল্লৱ শর্মাক সদৰী কৰা অনুসৰি এয়াৰ ইণ্ডিয়াৰ নতুন নিযুক্তি ক’ভিড– ১৯ ৰোধৰ বাবে বিগত বর্ষৰ মার্চ মাহত দেশজুৰি আৰম্ভ হোৱা লকডাউনৰ সময়ৰে পৰা বন্ধ হৈ আছে৷ তেনেদৰে এয়াৰ ইণ্ডিয়াৰ দৰে সংস্থাই প্রতিষ্ঠিত বাতৰিকাকত আৰু এমপ্লয়িমেণ্ট নিউজ বা ৰোজগাৰ সমাছাৰ আদিৰ দৰে কাকতত নিযুক্তিৰ বাবে বিজ্ঞাপন দিযাৰ পাছতহে সাক্ষাৎকাৰ অনুষ্ঠিত কৰি মেধাৰ ভিত্তিত নিযুক্তি প্রদান কৰে৷
লক্ষণীয়ভাৱে পল্লৱ শর্মাক প্রদান কৰা নিযুক্তি পত্রত ১৭ জুনৰ পৰা প্রশিক্ষণ আৰু তিনি মাহৰ বাবে প্রবেচন, তাৰ পাছত একেবাৰে যাত্রীৰ সেৱা বিভাগত ২০ বছৰৰ বাবে নিযুক্তি দিয়াৰ বিষয়েও উল্লেখ কৰা হৈছে৷
বিধায়ক পদৰ পৰা পদত্যাগ কৰিলে ৰূপজ্যোতি কুৰ্মীয়ে
কংগ্ৰেছত মোক্ষম আঘাত। বিধায়ক পদৰ পৰা পদত্যাগ কৰিলে ৰূপজ্যোতি কুৰ্মীয়ে । বিধানসভাৰ অধ্যক্ষক দাখিল কৰিলে পদত্যাগ পত্ৰ।
সৌসিদিনালৈ প্রদেশ কংগ্রেছৰ সভাপতি পদৰ বাবে নিজকে যোগ্য বুলি দাবী কৰি অহা কুর্মীয়ে এইবাৰ দলটোকে বিদায় জনাবলৈ সাজু হৈছে৷ আৰু আজি পদত্যাগ পত্ৰ দাখিল কৰিয়ে ৰিপুন বৰাৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰা দেখিবলৈ পোৱা যায় বিধায়কগৰাকীক। তদুপৰি এআইইউডিএফৰে কংগ্রেছৰ মিত্রতা সন্দৰ্ভতো প্রদেশ কংগ্রেছৰ নেতৃত্বক ক্ষুৰধাৰ সমালোচনা কৰে ৰূপজ্যোতি কুৰ্মীয়ে ।
ইটাখোলাত তিনিদিন পূৰ্বে সংঘটিত নৃশংস হত্যাকাণ্ডৰ মূল অভিযুক্তক আটক
ড্ৰাগছৰে জড়িত চতিয়াৰ ইটাখোলাৰ যুৱকৰ হত্যাকাণ্ডই অঞ্চলজুৰি শোকৰ ছাঁ পেলোৱা ঘটনাৰ মূল অভিযুক্তক আজি আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় । যোৱা ১৫ জুনত ইটাখোলাৰ মনাইত উদ্ধাৰ হোৱা দেহৰ বহু অংশত চোকা অস্ত্ৰৰ আঘাতৰ চিন থকা ২ নং ইটাখোলাৰ সঞ্জীৱ শইকীয়া (23) নামৰ যুৱক জনৰ মৃতদেহ ৷ ইয়াৰ পিছতে চতিয়া চক্ৰ আৰক্ষী বিষয়া দীলিপ বনিয়াৰ নেতৃত্বত চতিয়া আৰু ইটাখোলাৰ আৰক্ষীয়ে চলাইছিল ঘটনাৰ তদন্ত ৷ আজি পুৱতি নিশা ঘটনাৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷ ধৃত হত্যাকাৰীৰ নাম নিৰ্মল কুৰ্মী ৷ আৰক্ষীৰ জেৰাত হত্যাকাণ্ড সংঘটিত কৰাৰ কথা স্বীকাৰ কৰিছে নিৰ্মলে ৷ উল্লেখ্য যে আৰক্ষীয়ে সন্দেহ কৰা অনুসৰি উক্ত হত্যাকাণ্ড বৰ্তমান ৰাজ্যজুৰি প্ৰশাসনে চলাই অহা ড্ৰাগছ বিৰোধী অভিযানৰ লগত নিশ্চিত ভাবে জড়িত । সেয়েহে আৰক্ষীয়ে উক্ত হত্যাকাণ্ডৰ জোৰদাৰ তদন্ত আৰম্ভ কৰিছিল । হত্যাকাণ্ডটি সংঘটিত কৰা হত্যাকাৰীয়ে আগধন লৈ মৃত সঞ্জীৱক ড্ৰাগছ যোগান ধৰিব নোৱৰাৰ বাবেই সংঘটিত কৰা বুলি উল্লেখ কৰে। আৰক্ষীয়ে হত্যাকাৰী নিৰ্মলৰ পৰা হত্যাকাণ্ডত ব্যৱহাৰ কৰা এখন দা উদ্ধাৰ কৰে।











