Home Blog Page 2981

জাগীৰোড,চৰাইবাহীত কণ্টেইনমেইন জ’ন ঘোষণা ,কোভিড আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিলে সহস্ৰাধিকৰ ঘৰ

ৰাজ্যখনৰ আন আন ঠাইৰ লগতে মৰিগাঁও জিলাতো দৈনিক কোভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাব ধৰিছে।জিলাখনৰ জাগীৰোডৰ নিজৰা পাৰ,কিশোৰ ক্লাৱৰ এলেকা আৰু চৰাইবাহী গাঁৱত ব্যাপক হাৰত কোভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি আৰু কালি জিলাখনৰ জাগীৰোড কলেজ ৰোডৰ স্বৰ্ণলতা পাঠক (৮০) নামৰ এগৰাকী মহিলা কোভিডত আক্ৰান্ত হৈ মৃত্যু ঘটাৰ পাছতে আজি তিনিওখন ঠাইকে মৰিগাঁও জিলা প্ৰশাসনে কণ্টেইনমেইন জ’ন হিচাপে ঘোষণা কৰিছেএই এলেকা কেইটাত কণ্টেইনমেইন জ’নৰ সকলো নীতি নিয়ম বলবৎ হব।কোভিডৰ প্ৰাৰ্দুভাৱৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে এই সিদ্ধান্ত লৈছে।উল্লেখ্য যে জিলাখনৰ বিভিন্ন কোভিড টেষ্ট চেন্টাৰত আজি  ২৮৫২ গৰাকীক কোভিড-১৯ ৰ পৰীক্ষা সম্পন্ন কৰা হয়। ইয়াৰে ১৮৭ গৰাকীৰ  দেহত ধৰা পৰে কোভিড পজিটিভৰ অৱস্থিতি। ইয়াৰ ফলত  যোৱা কালিৰ দিনটোত মৰিগাঁৱত কোভিড  ৰোগীৰ সংখ্যা ১২২৩  গৰাকীলৈ বৃদ্ধি পায়। 

নগাঁও প্ৰেছ ক্লাবত সাংবাদিকক ভেকচিন প্ৰদান

 ক’ৰনাৰ দ্বিতীয় লহৰৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে ব্যাপক হাৰত ক’ভিড ভেকচিন প্ৰদান কাৰ্যসূচী অব্যাহত আছে। নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি জনসাধাৰণৰ সেৱা কৰি থকা সাংবাদিক সকলকো চৰকাৰে ভেকচিন দিয়াৰ ব্যৱস্থা কৰিছে। সেই অনুসৰি নগাঁও প্ৰেছ ক্লাবৰ অনুৰোধ মৰ্মে নগাঁও জিলা প্ৰশাসন আৰু নগাঁও জিলা স্বাস্থ্য বিভাগে আজি নগাঁও প্ৰেছ ক্লাবত সাংবাদিক সকলক ভেকচিন প্ৰদান কৰে।আজি সাংবাদিক সকলৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদস্য আৰু অন্যান্য লোককো ভেকচিন প্ৰদান কৰা হয়। নগাঁও প্ৰেছ ক্লাবত আজি প্ৰায় ২২০ জন লোকক ক’ভিড ভেকচিন প্ৰদান কৰা হৈছে। আজি ভেকচিন প্ৰদান কাৰ্যসূচীত নগাঁও জিলা স্বাস্থ্য বিভাগৰ মহকুমা স্বাস্থ্য বিষয়া ডা° মধুমিতা বৰা, স্বাস্থ্য বিষয়া ডা° ডেইজী বৰা, এল এইচ এছ চামচুন নেহাৰ, নাৰ্চ ক্ৰমে হেমা প্ৰভা ডেকা, পম্পী নাথ, হেনা কাশ্যপ, অৰ্চনা নাথ, ৰূপাঞ্জলী হাজৰিকা আদিয়ে অংশগ্ৰহণ কৰে। নগাঁও প্ৰেছ ক্লাবৰ সভাপতি কনক হাজৰিকা আৰু সম্পাদক দ্বয়, ভাস্কৰ জ্যোতি মেধি আৰু চন্দনজ্যোতি বৰাই সা‍ংবাদিক সকলক ভেকচিন প্ৰদান কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰাত নগাঁও জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য বিভাগক কৃতজ্ঞতা জ্ঞাপন কৰে। নগাঁও প্ৰেছ ক্লাবে ক’ভিড মহামাৰীৰ প্ৰতিৰোধৰ বাবে ৰাইজক ক’ভিড প্ৰ’টকল মানি চলিবলৈ আহ্বান জনাই। আনহাতে আজিৰ পৰা ১৪ বছৰৰ পৰা ৪৪ বছৰ বয়সৰ লোক সকলক এই ভেকচিন প্ৰদান কৰা হৈছে। সেই অনুসৰি নগাঁও চহৰৰ ১নং আমোলাপট্টি এল পি স্কুল, জিতেন শইকীয়া এল পি স্কুল, নুৰুদ্দিন এম ই স্কুলৰ লগতে ৰহা এম ভি স্কুল, কঠিয়াতলি উচ্চতৰ মাধ্যমিক বিদ্যালয়, চামগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়, দগাঁও এ, কে হাই স্কুল, শিঙিমাৰী মহম্মদ আলি হাই স্কুল, কুৱঁৰীটোল হাই স্কুল, জখলাবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়, দক্ষিণ পাট উচ্চতৰ মাধ্যমিক বিদ্যালয়, বেবেজীয়া ভোগেশ্বৰ হাজৰিকা ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়, ধিং হিন্দী মাৰোৱাৰী এল পি স্কুলত আজি এই ভেকচিন প্ৰদান কৰা হৈছে।

নলবাৰী জিলাৰ প্ৰতিটো জিলা পৰিষদ এলেকাত ক’ভিড হস্পিতাল আৰু ভেকচিন কেন্দ্র স্থাপনৰ দাবী নলবাৰী কৃষক মুক্তি সংগ্ৰাম সমিতিৰ

নলবাৰী জিলাত ক’ভিড মহামাৰীৰ সময়চোৱাত সৰ্বসাধাৰণ ৰাইজৰ বাবে অত্যাৱশ্যকীয় সামগ্ৰী মূল্যবৃদ্ধি ৰোধ কৰাৰ লগতে নলবাৰী জিলাৰ প্ৰতিটো জিলা পৰিষদ এলেকাত ক’ভিড  হস্পিতাল আৰু ক’ভিড ভেকচিন কেন্দ্র স্থাপন কৰাৰ দাবী উত্থাপন কৰে কৃষক মুক্তি সংগ্ৰাম সমিতি নলবাৰী জিলা সমিতিয়ে । নলবাৰীৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক দ্বিপেন কলিতাই স্বাক্ষৰিত এক প্ৰেছ বিবৃতি যোগে প্ৰকাশ কৰে যে নলবাৰী জিলাৰ প্ৰতিটো জিলা পৰিষদৰ এলেকাত পৰ্যাপ্ত কোভিড ভেকচিন থকা আৰু আই চি ইউ ৰ সুবিধা থকা ক’ভিড হস্পিতালৰ স্থাপন কৰাৰ বাবে নলবাৰী কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা দাবী উত্থাপন কৰে ।তদুপৰি প্ৰেছ বিবৃতি খনত উল্লেখ কৰে যে জিলাখনত  চিকিৎসা ব্যবস্থাৰ আন্তগাঠনি একেবাৰে শোচনীয় হৈ পৰাত উপযুক্ত চিকিৎসাৰ অভাৱত ইজনৰ  পিচত সিজন ক’ভিড ৰোগীৰ মৃত্যুৰ মুখত পৰিবলগীয়া হৈছে । দিনক দিনে পৰিস্থিতি ভয়ানক হোৱাৰ পূৰ্বে জিলাখনৰ তিনিটা সমষ্টিত ৫০ টাকৈ  আই চি ইউ গোট থকা ৫০০ খন বিচনা থকা তিনিখন ক’ভিড হাস্পতাল স্থাপন কৰাৰ দাবী উত্থাপন কৰে নলবাৰীৰ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ।তদুপৰি নলবাৰী কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক দ্বিপেন কলিতাই প্ৰকাশ কৰে যে, ক’ভিড হস্পিতাল আৰু ভেকচিন কেন্দ্ৰ স্থাপনৰ বাবে  ৰাজ্য চৰকাৰে প্ৰয়োজনীয় পুজিঁ সাতদিনৰ ভিতৰত জিলা প্ৰশাসনক  যোগান ধৰক আৰু এই ক’ভিড মহামাৰীৰ সময়ত জিলা খনৰ তিনিওজন নবনির্বাচিত বিধায়ক সক্ৰিয় হব লাগিব বুলি মন্তব্য প্ৰকাশ কৰে দ্বিপেন কলিতাই । আনহাতে জিলাখনত ক’ভিড আক্ৰান্ত হৈ মৃত ব্যক্তিৰ পৰিয়ালক  আৰ্থিক সাহায্য প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনাই দ্বিপেন কলিতাই । তদুপৰি এই প্ৰেছ বিবৃতিত নলবাৰী কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি মনোজ ডেকাই দাবী উত্থাপন কৰে যে এই মহামাৰীৰ সময়ত অত্যাৱশকীয় সামগ্ৰী মূল্য ৰোধ কৰক  । লগতে এই ক’ভিড মহামাৰীৰ আতংকৰ সময়ত জিলাখনৰ সৰ্বসাধাৰণ ৰাইজক প্ৰশাসন তথা স্বাস্থ্য বিভাগৰ ক’ভিড প্ৰটোকল মানি নিজৰ লগতে নিজৰ পৰিয়ালক ৰক্ষা কৰিবলৈ আহ্বান জনাই সভাপতি গৰাকীয়ে

মাৰ্ঘেৰিটাত শিল-বালিৰ অবৈধ ৰমৰমীয়া বেহা দিন দুপৰতে সৰবৰাহ হয় অবৈধ শিল- বালি ভৰ্তী বাহন

 তিনিচুকীয়া জিলাৰ অন্তৰ্গত মাৰ্ঘেৰিটাত বৰ্তমানেও অব্যাহত আছে শিল,বালি, কাঠৰ লগতে চোৰাং কয়লাৰ অবৈধ ৰমৰমীয়া বেহা|বন বিভাগৰ একাংশ দূৰ্নীতিগ্ৰস্ত বিষয়া কৰ্মচাৰী প্ৰত্যক্ষ সহযোগতেই মাৰ্ঘেৰিৰ্টাত  শিল-বালি ,কাঠৰ এই অবৈধ ৰমৰমীয়া বেহা চলি থকা অভিযোগ স্থানীয় একাধিক দল সংগঠনৰ |মাৰ্ঘেৰিটাত অব্যাহত থকাসকলোবোৰ অবৈধ ব্যৱসায় অতি শীৰ্ঘ্ৰ বন্ধ কৰিবলৈ আমছু’ৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিয়ে মহকুমাৰ প্ৰশাসনক দাবী জনাইছে| অন্যথা আমছু’য়ে ইয়াৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰীক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সঁকিয়াই দিছে|

বাক্সাৰ মইনাগুৰিত এছএছবি জোৱানৰ বৃহৎ সংখ্যক অবৈধ কাঠ জব্দ

বাক্সা জিলাৰ মুছলপুৰ সদৰ আৰক্ষী থানাৰ অন্তৰ্গত মইনাগুৰিত আজি সশস্ত্ৰ সীমা বলে বৃহৎ সংখ্যক অবৈধ কাঠ জব্দ কৰে। এখন এএছ-১৯চি-৫২০২ নম্বৰৰ আৰু আন এখন নম্বৰবিহিন টাটা ম’বাইল গাড়ীৰে কঢ়িয়াই আনি থকা অৱস্থাত এছএছবিৰ জোৱানে জব্দ কৰে কাঠৰ কুণ্ডাসহ গাড়ী দুখন। পিছত বাটাবাৰী বনাঞ্চলিক কাৰ্যালয়ত দুয়োখন গাড়ী কাঠসহ জমা দিয়ে সশস্ত্ৰ সীমা বলে ৷ বনাঞ্চলিক বিষয়া গৰাকীয়ে জব্দ কৰা কাঠৰ কুণ্ডা সমূহৰ আনুমানিক মূল্য ২৬ হাজাৰ টকাৰ হ’ব বুলি কৈছে যদিও প্ৰত্যক্ষদৰ্শীয়ে ইয়াৰ প্ৰকৃত মূল্য ২ লক্ষাধিক হ’ব বুলি সাংবাদিকক জনায় ৷  উল্লেখ্য যে খবৰ পাই সংবাদ মাধ্যমৰ লোক ঘটনাস্থলীত উপস্থিত হোৱাৰ লগে-লগে বাটাবাৰী ৰেঞ্জৰ বন বিষয়া গৰাকীয়ে কিছু বিবুদ্ধিত পৰা পৰিলক্ষিত হোৱাৰ লগতে কোনো ধৰণৰ মন্তব্য কৰিবলৈ ইচ্ছা প্ৰকাশ কৰা নাছিল যদিও পৰৱৰ্তী সময়ত সাংবাদিকৰ প্ৰৱল হেঁচাত তেওঁ যেনেতেনে কিছু গা এৰা ধৰণৰ মন্তব্য আগবঢ়ায় ৷

নগাঁও সদৰ সমষ্টিৰ দ্বিতীয় বাৰৰ বিধায়ক ৰূপক শৰ্মাক মন্ত্ৰীত্ব প্ৰদানৰ দাবী

নগাঁও সদৰ বিধান সভা সমষ্টিৰ পৰা দ্বিতীয় বাৰৰ বাবে বিধায়ক নিৰ্বাচিত হোৱা ৰূপক শৰ্মাক অসম মন্ত্ৰীসভাত স্থান দিবলৈ কৃষক শ্ৰমিক উন্নয়ন পৰিষদে বিজেপি শীৰ্ষ নেতৃত্বক দাবী জনাইছে। কাকতলৈ প্ৰেৰণ কৰা এক বিবৃতিত পৰিষদৰ সাধাৰণ সম্পাদক উৎপল বৰুৱাই কয়- ৰূপক শৰ্মা এগৰাকী দক্ষ বিধায়ক। বিগত পাঁচটা বছৰত নগাঁও সদৰ সমষ্টিত ৰূপক শৰ্মাৰ নেতৃত্বত অভূতপূৰ্ব উন্নয়ন হৈছে। সেয়ে ৰূপক শৰ্মাক মন্ত্ৰীত্ব দিলে নগাঁও জিলাৰ লগতে অসমৰ উন্নয়নত বিধায়ক ৰূপক শৰ্মাই গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিব বুলি পৰিষদে বিশ্বাস কৰে। উল্লেখ্য যে সুদীৰ্ঘ ২০ বছৰত জিলাখনৰ এই ঐতিহ্য মণ্ডিত সমষ্টিটোত কোনো বিধায়কে মন্ত্ৰীত্ব লাভ কৰা নাই। তদুপৰি পৰিষদে চতীয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা, ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন আৰু খুমটাই বিধায়ক মৃণাল শইকীয়াকো মন্ত্ৰীত্ব প্ৰদানৰ দাবী জনাইছে। তদুপৰি নগাঁও জিলা কোঁচ ৰাজবংশী সন্মিলনীৰ সভাপতি দিপক বৰা আৰু সম্পাদক প্ৰভাত বৰাইও নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাক মন্ত্ৰীত্ব দিবলৈ বিজেপিৰ শীৰ্ষ নেতৃত্বক দাবী জনাইছে।

মাৰ্ঘেৰিটাত মাস্ক পৰিধান নকৰা লোকৰ বিৰুদ্ধে মহকুমাৰ প্ৰশাসনৰ অভিযান

সমগ্ৰ ৰাজ্যজুৰি ক’ৰোনাই ধাৰণ কৰিছে তীব্ৰ ভয়াবহ ৰূপ |মাৰ্ঘেৰিটাতো দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে ক’ৰোনাৰ সংক্ৰমণৰ ঘটনা| ইয়াৰ পিছতো যেন কানসাৰ নাই মাৰ্ঘেৰিটাৰ নগৰৰ একাংশ লোকৰ | নাই মাস্ক , নাই সামাজিক দূৰত্ব|একাংশ লোকৰ এনে ব্যৱহাৰে  সচেতন মহলক চিন্তিত কৰি তুলিছে| ইয়াৰ মাজতে আজি ক’ভিড প’টকল অমান্য কৰি  মাস্ক পৰিধান নকৰা নগৰখনৰ একাংশৰ দোকানী আৰু বজাৰত বিনা কামত টিঘিল ঘিলাই থকা  লোকৰ বিৰুদ্ধে মাৰ্ঘেৰিটাৰ মহকুমাৰ চক্ৰ বিষয়া সোনবৰ চুতিয়া নেতৃত্বত আৰক্ষীয়ে অভযান চলায়| অভিযানকাৰী দলটোৱে মাৰ্ঘেৰিটাৰ নগৰৰ নদী দুয়োপাৰৰ দৈনিক বজাৰৰ লগতে মাৰ্ঘেৰিটাৰ বিভিন্ন স্থানত এই অভিযান চলায়| অভিযান কালত ক’ভিড প’টকল ভংগকাৰী কোনো লোককে জৰিমণা বিহা হোৱা নাই যদিও সকলোকে নিজৰ সুৰক্ষাৰ বাবে মাস্ক পৰিধান কৰিবলৈ মহকুমাৰ চক্ৰ বিষয়া গৰাকীয়ে আহ্বান জনায়|মাৰ্ঘেৰিটা মহকুমাৰ প্ৰশাসনৰ তৰফৰ পৰা ক’ভিড পটকল ভংগকাৰী বিৰুদ্ধে চলোৱা এই  অভিযানত সচেতন মহলে সন্তুষ্টি প্ৰকাশ কৰিছে|

দক্ষিণপাট গাওঁৰক্ষী বাহিনীৰ আদৰণিয় পদক্ষেপ

 দেশৰ বতমান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে ইতিমধ্যে জাৰী কৰা নীতি -নিদ্দেশনা সমুহ কঠোৰ ভাৱে যাতে গাঁওবাসী ৰাইজে মানি চলে তাৰ উদ্দেশ্যে মাজুলীত গাঁওৰক্ষী বাহিনীয়ে এক আদৰণিয় পদক্ষেপ গ্ৰহণ কৰে ৷ মাজুলী কমলাবাৰী থানাৰ বনগাঁও আৰক্ষী চকী অন্তগত দক্ষিণপাট আঞ্চলিক গাওঁৰক্ষী বাহিনীৰ কৰ্মী সকলে ক’ভিড নিয়ম নীতিৰ মাজেদি আজি পুৱা বাহিনীৰ এলেকাধীন-দক্ষিণ পাট দিঘলী গাওঁ, পুৰনি সত্ৰ , কলিতা গাওঁৰ প্ৰতিটো পৰিয়াল ঘৰে ঘৰে গৈ চৰকাৰী নীতি নিৰ্দেশনা সমূহ আখৰে আখৰে মানি চলিবলৈ গোহাৰি জনায় ৷ বাধ্যতামূলক ভাবে মাস্ক পৰিধান কৰা, শাৰিৰীক দূৰত্ব বজাই ৰখা, সঘনাই চাবোনৰে হাত ধোৱা, চেনিটাইজাৰ ব্যৱহাৰ কৰা, মাস্ক নিপিন্ধাকৈ অযথা ঘূৰি নুফুৰিবলৈ, বিয়লি ২ বজাৰ আগতে বজাৰ সমাৰ কৰি ঘৰলৈ ঘুৰি অহা, নৈশ সান্ধ্য আইন কালত সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৫ বজা পৰ্যন্ত বাহিৰলৈ ওলাই নাযাবলৈ কৰ্মী সকলে ৰাইজৰ প্ৰতি অনুৰোধ জনাই ৷ ৰাইজৰ এনে দুৰ্যোগৰ সময়ত জন সজাগতা সৃষ্টি কৰা পদক্ষেপক সচেতন মহলে আদৰণি জনায় ৷ আজিৰ সজাগতা অভিযানত বাহিনীৰ আন আন সদস্য- সদস্যাৰ লগতে সভাপতি নৰেন্দ্ৰ নাথ দত্ত , উপ সভাপতি চিদাম বৰা,  সম্পাদক দিবাকৰ শইকীয়া, যুটীয়া  সহকাৰী সম্পাদক অবিনাশ কাকতি, নায়ক পিংকু দত্তই অংশ গ্ৰহণ কৰে ৷ ক্ষুদ্ৰ ক্ষুদ্ৰ গোটত বিভক্ত হৈ বাহিনী কৰ্মী সকলে  গাওঁসমূহৰ পৰিয়াল মাজত সজাগতা সৃষ্টি কৰাত ৰাইজে সন্তোষ প্ৰকাশ কৰে ৷ 

গোলাঘাটত আজিৰে পৰা ৰেজিষ্ট্ৰেচন কৰা ১৮-৪৪ বছৰ লোকক কভিড-১৯ প্ৰতিৰোধী কভেকচিন টিকাকৰণ আৰম্ভ

Close up of Covid-19 vaccine - vials and syringe. Glass bottles on a reflective surface

গোলাঘাটত আজিৰে পৰা ১৮ বছৰৰ পৰা ৪৪ বছৰ লোক সকলক প্ৰথম পৰ্যায়ৰ কভিড ভেকচিন প্ৰদান কৰা হয়। স্বাস্থ্য বিভাগৰ উদ্যোগত গোলাঘাট নগৰৰ দুটাকৈ কোভিড-১৯ প্ৰতিৰোধী ভেকচিন কেন্দ্ৰত কভেকচিনৰ প্ৰথম ভেকচিন প্ৰদান কৰা হৈছে । গোলাঘাট স্পৰ্টছ অথৰটি কমপ্লেক্সত আৰু মাৰোৱাৰী সন্মিলন গোলাঘাট শাখাৰ সহযোগত সুভাষ কলনি স্থিত গজানন্দ জালান সেৱা সদনত ভেকচিন প্ৰদান কৰিছে স্বাস্থ্য বিভাগে ।  অনলাইন যোগে ৰেজিস্ট্ৰেছন কৰা লোকক দুয়োটা ভেকচিন কেন্দ্ৰতে ১৫০ জনকৈ মুঠ ৩০০ লোকক ভেকচিন প্ৰদান কৰা হ’ব। ভেকচিন ল’বলৈ ৰাতিপুৱাৰে পৰা দুয়োটা কেন্দ্ৰতে জনসাধাৰণে শাৰী পতাৰ পৰিলক্ষিত হয়।

গোলাঘাটত পুনৰ ২ জন ক’ভিড ৰোগীৰ মৃত্যু ; মুঠ ৯ জনলৈ বৃদ্ধি হ’ল ক’ভিড ৰোগীৰ মৃত্যুৰ হাৰ

গোলাঘাটত এইপৰ্যন্ত এক ভয়ংকৰ পৰিস্থিতিলৈ গতি কৰিছে ক’ভিড আক্ৰান্তৰ সংখ্যাই। সমান্তৰালকৈ পুনৰ দুজন ক’ভিড আক্ৰান্ত হৈ মৃত্যু মুখত পৰিছে । জানিব পৰা মতে, গোলাঘাট মহিমা চাহ বাগিচাৰ ৪৪ বছৰীয়া এজন লোক ক’ভিডত আক্ৰান্ত হোৱাত আজি পুৱাতে ক’ভিড চিকিৎসালয় ভৰ্তি কৰায় যদিও লগে লগে চিকিৎসালয়তে মৃত্যু হয় লোকজনৰ।  আনহাতে গোলাঘাট বেঙেনাখোৱাৰ ৫৮ বছৰীয়া এগৰাকী মহিলা আজি পুৱা  মৃত্যু হয়। মহিলা গৰাকী বৃহস্পতিবাৰে নিশা ১০ বজাত ক’ভিড আক্ৰান্ত হোৱাত ক’ভিড চিকিৎসালয় ভৰ্তি কৰাইছিল যদিও চিকিৎসালয়তে মহিলাগৰাকীৰ আজি পুৱা সাত বজাত মৃত্যু হয়। গোলাঘাটত মৃতকৰ সংখ্যা ৯ জনলৈ বৃদ্ধি হয়।সামগ্ৰিক পৰিস্থিতিৰ প্ৰতি ৰাখি  প্ৰশাসনৰ নিৰ্দেশ অনুযায়ী জিলাখনত কালি দুটাকৈ কন্টেইমেন্ট জ’ন ঘোষণা কৰিছে। বোকাখাতৰ বৰচাপৰি বাগিচা গাঁৱত ক’ভিড  সংক্ৰমণ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে এই সিদ্ধান্ত গ্ৰহণ কৰে।কন্টেইমেন্ট জ’ন ঘোষণা কৰা অঞ্চলটোৰ উত্তৰে ৰাজগড় ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ ,দক্ষিণে কাৰ্বি আংলং জিলাৰ দুৱাৰ বাগৰি মৌজা , পূবে বিহৰা চাহ বাগিচা আৰু পশ্চিমে লখৌজান চাহ বাগিচাক এই কন্টেইমেন্ট জ’নৰ সীমা নিৰ্ধাৰণ কৰা হৈছে । সমগ্ৰ অঞ্চলটোত অকৰ্তৃত্বশীলভাৱে কোনো লোকৰ প্ৰৱেশ -প্ৰস্থানত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ।একেদৰে দেৰগাঁৱৰ আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰকো কন্টেইমেন্ট জ’ন হিচাবে ঘোষণা কৰা হৈছে। উত্তৰে আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰৰ ১ নং গেট ,দক্ষিণে পিটিচি তিনিআলিৰ সমীপৰ অসম আৰক্ষীৰ পুৰণা প্লেয়াৰ বেৰেক , পূবে কেন্দ্ৰৰ অধ্যক্ষৰ কাৰ্যালয় আৰু ফেমেলি লাইন কেম্পাছ আৰু পশ্চিমে ৰিক্ৰুইট ট্ৰেইনিং চেন্টাৰ চাৰিআলি কন্টেইমেন্ট জ’নৰ সীমা হিচাবে নিৰ্ধাৰণ কৰা হৈছে। অঞ্চলটোত অকৰ্তত্বশীলভাৱে কোনো লোকৰ প্ৰৱেশ-প্ৰস্থান আৰু আহ-যাহত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।