Home Blog Page 2982

‘ৰূপজ্যোতি কুৰ্মীৰ কংগ্ৰেছ ত্যাগ দলটোৰ বাবে বৃহত্‍ ক্ষতি’:ভৰত নৰহ

  • ‘ৰূপজ্যোতি কুৰ্মীৰ কংগ্ৰেছ ত্যাগ দলটোৰ বাবে বৃহত্‍ ক্ষতি’
  • মন্তব্য কৰিলে জ্যেষ্ঠ নেতা ভৰত নৰহে
  • ‘চাৰিবাৰৰ বিধায়ক কুৰ্মীৰ প্ৰস্থানৰ কাৰণ পৰ্যালোচনা কৰিব কংগ্ৰেছে’

‘বহনক্ষম উন্নয়নৰ লক্ষ্য- সৰ্বভাৰতীয় সূচক ২০২০-২১’ কৰ্মশালাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

অসম চৰকাৰৰ ৰূপান্তৰ আৰু উন্নয়ন বিভাগৰ উদ্যোগত আৰু নিতি আয়োগৰ সহযোগত দুদিনীয়াকৈ অনুষ্ঠিত হৈ থকা বহনক্ষম উন্নয়নৰ লক্ষ্য- সৰ্বভাৰতীয় সূচক ২০২০-২১ বিষয়ক কৰ্মশালাত অংশগ্ৰহণ কৰে মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। গুৱাহাটীৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত আয়োজিত এই কৰ্মশালাৰ আজি অন্তিম দিন। উক্ত কৰ্মশালাত কেবিনেট মন্ত্ৰীসকলৰ লগতে ৰাজ্য চৰকাৰৰ উচ্চ পদস্থ বিষয়াসকলে অংশগ্ৰহণ কৰে।

স্বৰ্গীয় ৰেৱতী মোহন বৰঠাকুৰ সামাজিক ন্যাসৰ উদ্যোগত চেনিটাইজেচন কাৰ্য্যসূচী।

স্বৰ্গীয় ৰেৱতী মোহন বৰঠাকুৰ সামাজিক ন্যাসৰ উদ্যোগত চেনিটাইজেচন কাৰ্য্যসূচী।
ন্যাসৰ উদ্যোগত হোজাই চহৰৰ বিভিন্ন প্ৰান্তত চেনিটাইচ কৰা হয়।
ক’ভিড সংক্ৰমণ ৰোধৰ বাবে সংস্থাটোৱে এই পদক্ষেপ গ্ৰহণ কৰা বুলি মন্তব্য আগবঢ়ায়। লগতে সংস্থাৰ উদ্যোগত ৰাজ্যৰ অনান্য অঞ্চলসমূহতো এনে কাৰ্য্যসূচী কৰা হৈছে বুলি প্ৰকাশ কৰে। আজি হোজাই চহৰৰ চেনিটাইজ কৰাৰ ওপৰিও পৰৱৰ্তী সময়ত জিলাৰ লংকা আৰু লামডিং চহৰতো কৰাৰ কথা উল্লেখ কৰে।
আজিৰ এই চেনিটাইজেচন কাৰ্যসূচীত হোজাইৰ বিধায়ক ৰামকৃষ্ণ ঘোষ, হোজাই বিজেপিৰ জিলা সভাপতি অনুপ দেৱৰ লগতে সংস্থাটোৰ বিষয়বৱীয়া সকল উপস্থিত থাকে৷ বিধায়ক ৰামকৃষ্ণ ঘোষে নিজে হোজাইৰ বিভিন্ন প্ৰান্তত চেনিটানজেচন কৰাৰ লগতে ৰাইজক কৰ’ণা সন্দৰ্ভত সজাগ কৰাৰ প্ৰয়াস কৰে৷

স্বৰ্গীয় ৰেৱতী মোহন বৰঠাকুৰ সামাজিক ন্যাসৰ উদ্যোগত কৰা এই পদক্ষেপৰ শলাগ লৈছে হোজাইৰ সচেতন মহলে৷ চেনিটাইজেচন কাৰ্যসূচীত অংশগ্ৰহণ কৰা সকলোকে ধন্যবাদ জ্ঞাপন কৰে সংস্থাটোৰ মুখ্য ন্যাসৰক্ষী বিভুতি ভূষণ বৰঠাকুৰে৷

ঐতিহ্যমণ্ডিত বহৰি সত্ৰক যিকোনো উপায়ে সুৰক্ষা দিয়াৰ প্ৰতিশ্ৰুতি মন্ত্ৰী পিযুষ হাজৰিকাৰ

ৰাজ্যৰ জলসম্পদ মন্ত্ৰী পিযুষ হাজৰিকাই আজি বৰপেটা জিলাৰ বহৰিত উপস্থিত হৈ ব্ৰহ্মপুত্ৰ নৈয়ে সৃষ্টি কৰা ব্যাপক খহনীয়া জনিত পৰিস্থিতিৰ  পৰিদৰ্শন কৰি অৱস্থাৰ বুজ লয়। নৈৰ গৰাখহনীয়াই অঞ্চলটোৰ লগতে ইয়াৰ মহাপুৰুষ হৰিদেৱৰ দ্বাৰা স্থাপিত ঐতিহাসিক সত্ৰখনৰ প্ৰতি সৃষ্টি কৰা প্ৰবল ভাবুকি স্বচক্ষে প্ৰত্যক্ষ কৰি উদ্বিগ্নতা প্ৰকাশ কৰে আৰু ঐতিহ্যমণ্ডিত সত্ৰখন যিকোনো উপায়ে ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। তেওঁ সত্ৰখনৰ লগতে বহৰি বজাৰ অঞ্চলটোৰ সুৰক্ষাৰ বাবে এখন জিও বেগৰ আঁচনি চলিত বিত্তীয় বৰ্ষতে গ্ৰহণ কৰা হ’ব বুলি ঘোষণা কৰে । সমগ্ৰ খহনীয়া পীড়িত অঞ্চলটো পৰিদৰ্শনৰ অন্তত তেওঁ কয় যে বহৰিৰ সুৰক্ষাৰ বাবে  দুতৰপীয়া ব্যৱস্থা গ্ৰহণ কৰা হ’ব। প্ৰথম পৰ্যায়ত সত্ৰৰ কাষৰ এক-ডেৰ কিলোমিটাৰ অঞ্চলত জিও বেগেৰে সুৰক্ষাৰ ব্যৱস্থা লোৱা হ’ব। তাৰ লগে লগে উজনিৰ দিশে পাৰ্কুপাইন দি নৈখনৰ গতি সলনিৰো প্ৰয়াস চলোৱা হ’ব। এই কাৰ্যত সফল হলে বাকী অংশ্ও সুৰক্ষিত হোৱাৰ আশা আছে। অন্যথা বাকী অংশৰ বাবে পৰ্যায়ক্ৰমে অন্য প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি মন্ত্ৰী গৰাকীয়ে উপস্থিত সাংবাদিকৰ আগত সদৰি কৰে। তদুপৰি সাময়িক সকাহৰ বাবে জলসম্পদ বিভাগৰ  নিয়মীয়া মেৰামতি আৰু প্ৰতিপালন শিতানৰ পুজিৰে যৎপৰোনাস্তি প্ৰচেষ্টা চলাই যাবলৈ বিভাগীয় বিষয়া সকলক নিৰ্দেশ দিয়াৰ কথা উল্লেখ কৰি তেওঁ কয় যে, ইতিমধ্যে এই অস্থায়ী ব্যৱস্থায়ো কিছু কাম দিছে। ম‌ই ইয়ালৈ আহিবলৈ সময় পোৱা নাছিলো যদিও গুৱাহাটীৰ পৰাই ফোনযোগে সকলো কাম-কাজৰ তদাৰক কৰি আছোঁ।  মন্ত্ৰী গৰাকীয়ে নাওত উঠি কিছুদূৰলৈ গৈ খহনীয়াৰ ভয়াবহতা প্ৰত্যক্ষ কৰে। এই পৰিদৰ্শন কালত চেঙা সমষ্টিৰ বিধায়ক‌ আশ্ৰাফুল হুছেইন, বৰপেটাৰ বিধায়ক আব্দুৰ ৰহিম আহমেদ, বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদ, জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচাল, অসম উদ্যোগিক উন্নয়ন নিগমৰ উপাধ্যক্ষ জিতু তালুকদাৰ, জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা, চেঙাৰ চক্ৰ বিষয়া নিতুল খাটনিয়াৰ আৰু জলসম্পদ বিভাগৰ  জেষ্ঠ বিষয়া সকল উপস্থিত থাকে।  ৰাজ্যৰ তথ্য আৰু জনসংযোগ তথা সংসদীয় পৰিক্ৰমা বিভাগৰো দায়িত্বত থকা মন্ত্ৰী গৰাকীয়ে ইয়াৰ আগতে প্ৰথমেই বহৰি সত্ৰত সেৱা জনাই সত্ৰ চৌহদতে এটা গছপুলি ৰূপণ কৰে। সত্ৰ সমিতিৰ তৰফৰ পৰা মন্ত্ৰী গৰাকীক গায়ন বায়নেৰে আদৰণি জনোৱাৰ লগতে চেলেং চাদৰ, গ্ৰন্থৰ টোপোলা আদিৰে সম্বৰ্ধনা জনায়। জিলা জনসংযোগ বিষয়া আৰু জলসম্পদ বিভাগৰ তৰফৰ পৰাও  মন্ত্ৰী গৰাকীক ফুলাম গামোছা, শৰাই আদিৰে আদৰণি জনোৱা হয়। বহৰিৰ খহনীয়া পৰিদৰ্শনৰ পিছতে মন্ত্ৰী হাজৰিকাই সৰভোগলৈ গৈ কালি মৃত্যু বৰণ কৰা বিজেপিৰ জিলা সভাপতি তথা অসম শক্তি উৎপাদন প্ৰতিষ্ঠানৰ অন্যতম সঞ্চালক শংকৰ চন্দ্ৰ দাসৰ বাসগৃহলৈ গৈ পৰিয়াল বৰ্গক সাক্ষাৎ কৰাৰ লগতে মৃতকৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। তাৰ পিছতে তেওঁ পাঠশালালৈ গৈ অলপতে মৃত্যু মুখত পৰা বিশিষ্ট শিক্ষাবিদ তথা সমাজ কৰ্মী সম্পূৰ্ণানন্দ তালুকদাৰৰ ঘৰলৈ গৈ মৃতকৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে।

নগাঁৱত সাংসদ গৌৰৱ গগৈৰ কভিড চিকিৎসাৰ বাবে অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ : এখন এম্বূলেঞ্চ দিয়াৰ ঘোষণা

নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ” ফাৰ্ম টু ফুড ফাউণ্ডেচন” আৰু “গুঞ্জৰ” নামৰ অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠানৰ উদ্যোগত আৰু কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈৰ প্ৰচেষ্টাত আজি কভিড চিকিৎসাৰ বাবে প্ৰয়োজনীয় কেতবোৰ অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰা হয়। আজি এই অত্যাৱশ্যকীয় সামগ্ৰীসমুহ আনুষ্ঠানিক ভাবে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয় কৰ্তৃপক্ষক প্ৰদান কৰে সাংসদ গগৈয়ে। সাংসদ গৰাকীয়ে বিতৰণ কৰা সামগ্ৰী সমুহ হ’ল- অক্সিমিটাৰ, থাৰ্মস্কেনাৰ, থাৰ্মোমিটাৰ, পি পি ই কিট, অক্সিজেন কনচানটেটৰ, উন্নতমানৰ মাস্ক আদি। তেওঁ এই সামগ্ৰী বিতৰণ কৰাৰ পূৰ্বে নিজৰ মন্তব্য প্ৰকাশ কৰি কয়, কভিড-১৯ সমগ্ৰ দেশৰ লগতে অসমতো ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰিছে। চৰকাৰে এতিয়া সৰ্বসাধাৰণ ৰাইজক ভেকচিন দিব পৰা নাই। আনকি, অসমত এতিয়াও পৰ্যাপ্ত পৰিমাণে ভেকচিন নাই। এই ক্ষেত্ৰত চৰকাৰক গুৰুত্ব দিবলৈ তেওঁ আহ্বান জনাই কয়, যিহেতু কডিড কেয়াৰৰ ক্ষেত্ৰত ৰোগীৰ বাবে প্ৰয়োজনীয় অত্যাৱশ্যকীয় সামগ্ৰী পৰ্যন্ত নহয়, সেয়ে তেওঁ কেইটামান স্বেচ্ছাসেৱী অনুষ্ঠানৰ সহযোগত ৰোগী আৰু চিকিৎসা কৰ্মীৰ বাবে কেতবোৰ সহায়ক সামগ্ৰী বিতৰণৰ ব্যৱস্থা কৰিছে। সাংসদ গৰাকীয়ে তেওঁৰ সাংসদ উন্নয়ন পুজিৰ পৰা নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ বাবে এখন এম্বূলেঞ্চ প্ৰদান কৰিব বুলিও নিজৰ মন্তব্যত ঘোষণা কৰে। আজিৰ অনুষ্ঠানত বটদ্ৰৱাৰ বিধায়িকা শিবামনি বৰা, স্বাস্থ্য বিভাগৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ অতুল চন্দ্ৰ পাটৰ, নগাঁও অসামৰিক চিকিৎসাৰ অধীক্ষক ডাঃ এল চি নাথ, সমাজকৰ্মী সুৰেশ বৰা, মৃণাল শ‌ইকীয়াকে ধৰি বহু কেইগৰাকী বিশিষ্ট লোক উপস্থিত থাকে। উল্লেখ্য যে সাংসদ গৰাকীয়ে আজিৰ দিনটোত ৰূপহীহাট আৰু ধিং সমষ্টিৰ কেবাটাও চিকিৎসালয়ত অনুৰূপ সামগ্ৰী বিতৰণ কৰিব।

ৰূপকোঁৱৰৰ জন্মস্থান তামোলবাৰীত শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনাবলৈ সময় নহ’ল চৰকাৰ প্ৰশাসনৰ

অসমীয়া কলা সাহিত্য সংস্কৃতিৰ অন্যতম নৱজাগৰণৰ সোঁতা, খনিকৰ ,সুন্দৰৰ পূজাৰী, অসমীয়া চলচ্চিত্ৰ জগতৰ পিতৃ পুৰুষ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতি চৰম বঞ্চনা অসম চৰকাৰৰ। এগছি বন্তি প্ৰজ্বলন, পুষ্পাঞ্জলি প্ৰদান কৰিবলৈ সময় নহ’ল অসম চৰকাৰ তথা ডিব্ৰুগড় জিলা প্ৰশাসনৰ। ৰূপকোঁৱৰৰ জন্মস্থান ডিব্ৰুগড় জিলা সদৰৰ পূবলৈ প্ৰায় ১৪ কিলোমিটাৰ নিলগৰ তামোলবাৰী চাহ বাগিচাত ১৯০৩ চনৰ ১৭ জুন তাৰিখে হৈছিল যদিও অসম চৰকাৰ তথা ডিব্ৰুগড় জিলা প্ৰশাসনে এইগৰাকী মহান শিল্পীক শ্ৰদ্ধা জনাবলৈ আহৰি নোপোৱাৰ কাৰ্যত স্থানীয় ৰাইজ তথা তামোলবাৰী জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মগৃহ সংৰক্ষণ আৰু সংবৰ্ধনৰ দাবী সমিতিৰ সভাপতি, জ্যোতিপ্ৰসাদ আগৰৱালাৰ সংগ লাভ কৰা একমাত্ৰ জীৱিত ব্যক্তি, চিৰতৰুণ থুল কোঁৱৰ,সম্পাদক যাদৱ গগৈকে ধৰি বিভিন্ন জনে ক্ষোভ প্ৰকাশ কৰি চৰকাৰ তথা জিলা প্ৰশাসনক কঠোৰ ভাষাৰে সমালোচনা কৰিছে। উল্লেখযোগ্য যে এই গৰাকী ক্ষনজন্মা পুৰুষ,আজীৱন কলা সংস্কৃতিৰ সাধনা কৰি অসম আৰু অসমীয়া জাতীয় জীৱনলৈ অমূল্য  অৱদান আগবঢ়াই এক বিশেষ মৰ্যদা প্ৰদান কৰি এক মাইলৰ খুঁটি স্থাপন কৰা মহান শিল্পী জনালৈ সমান্যতম সোজন্যতাও প্ৰদৰ্শন কৰিবলৈ সময় নোহোৱাটোৱে শিল্পী সাহিত্যিক সকলৰ প্ৰতি ৰজাঘৰীয়া মনোভাব কেনে তাকে প্ৰমাণ কৰে। আজি শিল্পী জনাৰ জন্ম তিথি উপলক্ষে তামোলবাৰী জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম গৃহত থকা আৱক্ষ মূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ কৰা লগতে বন্তি প্ৰজ্বলন কৰে জ্যোতিপ্ৰসাদৰ একান্ত অনুৰাগী,সাহিত্যৰ অনুবাদক বঁটা প্ৰাপক, জ্যোতিপ্ৰসাদৰ ৰচনাক হিন্দীলৈ অনুবাদ কৰা দেৱীপ্ৰসাদ বাগ্ৰদিয়াই। তেখেতৰ একক প্ৰচেষ্টাত তামোলবাৰীৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মগৃহটোক জ্যোতি তীৰ্থ হিচাপে গঢ়ি তোলাই নহয় এক সাংস্কৃতিক প্ৰকল্প, গৱেষণা কেন্দ্ৰ, চাহ সংৰক্ষণ গৱেষণা, কলা কেন্দ্ৰ স্থাপন কৰি চৰ্চা কেন্দ্ৰ কৰি তোলাই নহয় আৰ্থিক ভাৱে স্বচ্ছল কৰি তুলিবলৈ নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা লগতে আগন্তুক বৰ্ষৰ শিল্পী দিৱস ১৭ জানুৱাৰী তাৰিখে আনুষ্ঠানিক ভাৱে  মুকলি কৰিব বুলি ঘোষণা কৰে। মনকৰিবলগীয়া কথা যে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে তামোলবাৰী জ্যোতি গৃহক সংৰক্ষণ কৰা লগতে অসম সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ এটি শাখা স্থাপন কৰি গৱেষণা আৰু চৰ্চা কেন্দ্ৰ হিচাপে গঢ়ি তোলা হ’ব বুলি ৰাজহুৱাকৈ ঘোষণা কৰিছিল যদিও সকলো ফুটুকাৰ ফেন হোৱা লগতে মিছা প্ৰতিশ্ৰুতি হৈ পৰিল।আনহাতে প্ৰাক্তন বিধায়ক ঋতুপৰ্ণ বৰুৱাইও জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম গৃহটো সংৰক্ষণ কৰাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও কাৰ্য ক্ষেত্ৰত একোৱেই হৈ নুঠিল। জ্যোতিৰ অনুৰাগী দেৱীপ্ৰসাদ বাগ্ৰদিয়াৰ একক প্ৰচেষ্টাত জ্যোতি তীৰ্থই প্ৰাণ পাই উঠিছে আৰু পৰৱৰ্তী সময়ত প্ৰয়োজন হ’বলগীয়া টকা পইচা যাতে অসম চৰকাৰে ব্যয়  কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিলে কামৰ গতি ক্ষিপ্ৰ হ’ব বুলি মত প্ৰকাশ কৰে।আজি এইগৰাকী মহান শিল্পীৰ জন্মতিথিত বাগিচা খনৰ  পৰিচালক প্ৰফুল্ল মহন্ত,লাহোৱাল প্ৰেছ ক্লাবৰ সভাপতি মুক্তামনি হাজৰিকা, সাংবাদিক সুৰক্ষা মঞ্চৰ জ্যোতিষ পাতিৰ, যুগল কোঁৱৰ, কৰুণা ফুকন, ৰাহুল মণ্ডল, স্বৰূপ দত্ত, সমাজ কল্যান বিষয়া অম্বেশ্বৰ গগৈ, দাবী সমিতিৰ সম্পাদক যাদৱ গগৈকে ধৰি বিভিন্নজনে শ্ৰদ্ধাঞ্জলি নিবেদন কৰি চৰকাৰ তথা জিলা প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰা লগতে সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই তামোলবাৰীৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম গৃহ জ্যোতি তীৰ্থ পুনৰ নিৰ্মাণৰ লগতে অসম সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ শাখা স্থাপন কৰি জ্যোতি চৰ্চা,গৱেষণা কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে দৃঢ় পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনোৱা লগতে তামোলবাৰী ভ্ৰমণ কৰি ক্ষেত্ৰ ভিত্তিক অধ্যয়ন কৰি যাবতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে।

অসম প্ৰেট্ৰৰাসায়নিক প্ৰকল্প নামৰূপলৈ অশনি সংকেত।

অসম চৰকাৰৰ অধীনস্থ অসম প্ৰেট্ৰ ৰাসায়নিক প্ৰকল্প। নামৰূপ চমুকৈ এ, পি, এল, বুলিলে সকলোৱে জ্ঞাত। ইতিমধ্যে সোণালী বৰ্ষত ভৰি দিয়া এই প্ৰকল্প টোলৈ নামিছে অশনি সংকেত। মুলপ্ৰকল্পটোৰ কাষতে নিৰ্মাণ কৰি থকা হৈছে দৈনিক ৫০০মেট্ৰিকটন মেঠানল উৎপাদনৰ লক্ষ্যৰে বহুকোটি টকাৰ ৰোপৰ বোজাৰে আন এটি অত্যধুনিক গোট। নামৰূপৰ একাংশ দল, সংগঠন, জনতা, শ্ৰমিক কৰ্মচাৰীয়ে পৰোক্ষভাৱে কব খোজে যে উক্ত গোটৰ নিৰ্মাণৰ কাম বৰ্তমান ৬০%য়ো সম্পূৰ্ণ হোৱা নাই। উল্লেখ যে প্ৰকল্পৰ বাবে কোটি কোটি টকাৰ ব্যয়ৰে ক্ৰয় কৰি অনা যন্ত্ৰাংশ তথা সামগ্ৰী সমূহ মুকলি খেল পথাৰত হাবিয়ে জংঘলে ভৰি পৰিছে আৰু আবাসৰ চৌহদত মুখ্য পথৰ দাঁতিত ৰদে বৰষুণে কি দৰে পেলাই থোৱা হৈছে সেয়া ইয়ে প্ৰমাণ কৰে প্ৰকৃত কামৰ অগ্ৰগতি আৰু এম, ডি, অধ্যক্ষৰ দায়িত্ব খতিয়ান। ইফালে প্ৰকল্পৰ ধন মুখ্য গেট, অফিছাৰ ক্লাৱ, আদিত ইত্যাদিৰ নামত খৰচ কৰিছে বুলিও একাংশ শ্ৰমিকে মৌখিক অভিযোগ উত্থাপন কৰা দেখা যায়। আনহাতে এচাম স্হায়ী শ্ৰমিকে প্ৰাপ্য বিচাৰি হাহাকাৰ কৰাৰ তথ্যত নামৰূপত ভাইৰেল হৈ পৰিছে। সচেতন মহলৰ আহ্বান নৱ নিৰ্মিত প্ৰকল্প শীঘ্ৰে সম্পূৰ্ণ কৰি উৎপাদন ক্ষণ কৰি লাভাংশৰ ধনেৰে নামৰূপ তথা অসমৰ সৌন্দৰ্য্য বৰ্দ্ধনত গুৰুত্ব দিয়ক। অন্যথা অচিৰেই প্ৰকল্পত লাগিব টলা।

ডিব্ৰুগড়ত দুই ছাগলী চোৰক আটক

ক’ভিড পৰিস্থিতিৰ মাজত ডিব্ৰুগড়ত বৃদ্ধি পাইছে চোৰৰ সন্ত্ৰাস। সান্ধ্য আইন বলৱৎ হৈ থকাৰ মাজতে বিলাসী বাহনত ছাগলী কঢ়িয়াই নিয়াৰ অৱস্থাত দুজনক গ্ৰেপ্তাৰ ডিব্ৰুগড় আৰক্ষীৰ। ডিব্ৰুগড় চহৰৰ এইছ এছ ৰোডত এ এছ ০৬ জে ৫৮৬৩ নম্বৰৰ বিলাসী বাহনখনৰ পৰা ৮ টাকৈ চুৰি ছাগলী উদ্ধাৰ আৰক্ষীৰ। চুৰি কৰি অনা ছাগলীকেইটাৰ সৈতে আটক ৰাজীৱ কলিতা আৰু গুডু কৰ্মকাৰ নামৰ দুই গভাইত চোৰক। ঘটনা সন্দৰ্ভত ডিব্ৰুগড় আৰক্ষীয়ে গোচৰ ৰুজু কৰি প্ৰেৰণ ৰঙাঘৰলৈ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্বক সুমতি প্ৰদান কৰিবলৈ শিৱ মন্দিৰত প্ৰাৰ্থনা জামুগুৰিহাটৰ মহিলাৰ।

নিৰ্বাচনৰ প্ৰাক মুহুৰ্তত মাইক্ৰ ফাইনেঞ্চৰ ঋণ মাফ কৰি দিয়া হ’ব বুলি সেই সময়ৰ স্বাস্থ্য মন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যদিও বৰ্তমান কিছু চৰ্ত সাপেক্ষেহে ঋণ মাফ কৰা হ’ব বুলি ঘোষনা কৰাৰ পাছত জামুগুৰিহাটৰ
মহিলাৰো ক্ষোভ আৰু প্ৰতিবাদ অব্যাহত আছে । জামুগুৰিহাটৰ ডেকাচুক গাঁওৰ এইসকল মহিলাও বুধবাৰে এইদৰে কোনো চৰ্ত নোহোৱাকৈ তেওঁলোকৰ মাইক্ৰ ফাইনেঞ্চৰ ঋণ মাফ কৰি দিবলৈ ৰাজ্য চৰকাৰক দাবী জনাই প্ৰতিৱাদ কৰাৰ লগতে গাঁওৰ শিৱমন্দিৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এই বিষয়ত সুমতি প্ৰদান কৰিবলৈ ভগৱানক প্ৰাৰ্থনা জনাই । নিৰ্বাচনৰ প্ৰাক মুহুৰ্তত এই সকল মহিলাই এই মন্দিৰতে হিমন্ত বিশ্ব শৰ্মা ৰজা হ’ব লাগে বুলি প্ৰাৰ্থনা কৰিছিল আৰু এতিয়া তেওঁ ৰজা হোৱাৰ পাছত মাইক্ৰফাইনেঞ্চৰ ঋণ মাফ কৰি তেওঁলোকৰ দুখ মোচন কৰিব লাগে বুলিও মন্তব্য কৰে মহিলা সকলে।

টংলাত ৰাভা সাংস্কৃতিক প্ৰকল্পৰ আধাৰশিলাৰ শুভ উদ্ধোধন সাংসদ দিলীপ শইকীয়াৰ

উত্তৰ পূৱ পৰিষদৰ উন্নয়ন পুঁজিৰ দ্বাৰা নিৰ্মাণ হ’বলগীয়া ৰাভা সাংস্কৃতিক প্ৰকল্পৰ আধাৰশিলাটি বৃহস্পতি বাৰে মাংগলিক কাৰ্যসূচীৰে শুভাৰম্ভ কৰে বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক তথা ৮নং মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই। শুভাৰম্ভ কৰাৰ পিছতে সভাত সাংবাদিকক কয় ৯০লাখ টকা ব্যয়েৰে নিৰ্মাণ হ’বলগীয়া প্ৰকল্প সম্পূৰ্ণকৰণ হ’লে ৰাভা ৰাইজৰ বহুদিনীয়া অভাৱ আঁতৰ হব। ৰাভা জাতিৰ উত্তৰণৰ লগতে ভাষা সাহিত্য সংস্কৃতি তথা সভ্যতা বিকাশৰ অগ্ৰগতি হোৱাটো বিচাৰো।ৰাভা হাছঙৰ বাহিৰে অন্য জিলাসমূহক আমি অচিৰেই ৰাভা উন্নয়ন পৰিষদ দিয়াৰ সু ব্যৱস্থা গ্ৰহণ কৰি ৰাভা ৰাইজৰ বহুদিনৰ অভাৱ পূৰণৰ স্বাৰ্থত বিজেপি নেতৃত্বাধীন মিত্ৰযুঁট চৰকাৰে সদায় সুদৃষ্টি প্ৰদান কৰিব বুলি সাংসদ দিলীপ শইকীয়াই মন্তব্য কৰে।