Breaking

ৰূপকোঁৱৰৰ জন্মস্থান তামোলবাৰীত শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনাবলৈ সময় নহ’ল চৰকাৰ প্ৰশাসনৰ

0 565

অসমীয়া কলা সাহিত্য সংস্কৃতিৰ অন্যতম নৱজাগৰণৰ সোঁতা, খনিকৰ ,সুন্দৰৰ পূজাৰী, অসমীয়া চলচ্চিত্ৰ জগতৰ পিতৃ পুৰুষ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতি চৰম বঞ্চনা অসম চৰকাৰৰ। এগছি বন্তি প্ৰজ্বলন, পুষ্পাঞ্জলি প্ৰদান কৰিবলৈ সময় নহ’ল অসম চৰকাৰ তথা ডিব্ৰুগড় জিলা প্ৰশাসনৰ। ৰূপকোঁৱৰৰ জন্মস্থান ডিব্ৰুগড় জিলা সদৰৰ পূবলৈ প্ৰায় ১৪ কিলোমিটাৰ নিলগৰ তামোলবাৰী চাহ বাগিচাত ১৯০৩ চনৰ ১৭ জুন তাৰিখে হৈছিল যদিও অসম চৰকাৰ তথা ডিব্ৰুগড় জিলা প্ৰশাসনে এইগৰাকী মহান শিল্পীক শ্ৰদ্ধা জনাবলৈ আহৰি নোপোৱাৰ কাৰ্যত স্থানীয় ৰাইজ তথা তামোলবাৰী জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মগৃহ সংৰক্ষণ আৰু সংবৰ্ধনৰ দাবী সমিতিৰ সভাপতি, জ্যোতিপ্ৰসাদ আগৰৱালাৰ সংগ লাভ কৰা একমাত্ৰ জীৱিত ব্যক্তি, চিৰতৰুণ থুল কোঁৱৰ,সম্পাদক যাদৱ গগৈকে ধৰি বিভিন্ন জনে ক্ষোভ প্ৰকাশ কৰি চৰকাৰ তথা জিলা প্ৰশাসনক কঠোৰ ভাষাৰে সমালোচনা কৰিছে। উল্লেখযোগ্য যে এই গৰাকী ক্ষনজন্মা পুৰুষ,আজীৱন কলা সংস্কৃতিৰ সাধনা কৰি অসম আৰু অসমীয়া জাতীয় জীৱনলৈ অমূল্য  অৱদান আগবঢ়াই এক বিশেষ মৰ্যদা প্ৰদান কৰি এক মাইলৰ খুঁটি স্থাপন কৰা মহান শিল্পী জনালৈ সমান্যতম সোজন্যতাও প্ৰদৰ্শন কৰিবলৈ সময় নোহোৱাটোৱে শিল্পী সাহিত্যিক সকলৰ প্ৰতি ৰজাঘৰীয়া মনোভাব কেনে তাকে প্ৰমাণ কৰে। আজি শিল্পী জনাৰ জন্ম তিথি উপলক্ষে তামোলবাৰী জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম গৃহত থকা আৱক্ষ মূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ কৰা লগতে বন্তি প্ৰজ্বলন কৰে জ্যোতিপ্ৰসাদৰ একান্ত অনুৰাগী,সাহিত্যৰ অনুবাদক বঁটা প্ৰাপক, জ্যোতিপ্ৰসাদৰ ৰচনাক হিন্দীলৈ অনুবাদ কৰা দেৱীপ্ৰসাদ বাগ্ৰদিয়াই। তেখেতৰ একক প্ৰচেষ্টাত তামোলবাৰীৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মগৃহটোক জ্যোতি তীৰ্থ হিচাপে গঢ়ি তোলাই নহয় এক সাংস্কৃতিক প্ৰকল্প, গৱেষণা কেন্দ্ৰ, চাহ সংৰক্ষণ গৱেষণা, কলা কেন্দ্ৰ স্থাপন কৰি চৰ্চা কেন্দ্ৰ কৰি তোলাই নহয় আৰ্থিক ভাৱে স্বচ্ছল কৰি তুলিবলৈ নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা লগতে আগন্তুক বৰ্ষৰ শিল্পী দিৱস ১৭ জানুৱাৰী তাৰিখে আনুষ্ঠানিক ভাৱে  মুকলি কৰিব বুলি ঘোষণা কৰে। মনকৰিবলগীয়া কথা যে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে তামোলবাৰী জ্যোতি গৃহক সংৰক্ষণ কৰা লগতে অসম সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ এটি শাখা স্থাপন কৰি গৱেষণা আৰু চৰ্চা কেন্দ্ৰ হিচাপে গঢ়ি তোলা হ’ব বুলি ৰাজহুৱাকৈ ঘোষণা কৰিছিল যদিও সকলো ফুটুকাৰ ফেন হোৱা লগতে মিছা প্ৰতিশ্ৰুতি হৈ পৰিল।আনহাতে প্ৰাক্তন বিধায়ক ঋতুপৰ্ণ বৰুৱাইও জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম গৃহটো সংৰক্ষণ কৰাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও কাৰ্য ক্ষেত্ৰত একোৱেই হৈ নুঠিল। জ্যোতিৰ অনুৰাগী দেৱীপ্ৰসাদ বাগ্ৰদিয়াৰ একক প্ৰচেষ্টাত জ্যোতি তীৰ্থই প্ৰাণ পাই উঠিছে আৰু পৰৱৰ্তী সময়ত প্ৰয়োজন হ’বলগীয়া টকা পইচা যাতে অসম চৰকাৰে ব্যয়  কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিলে কামৰ গতি ক্ষিপ্ৰ হ’ব বুলি মত প্ৰকাশ কৰে।আজি এইগৰাকী মহান শিল্পীৰ জন্মতিথিত বাগিচা খনৰ  পৰিচালক প্ৰফুল্ল মহন্ত,লাহোৱাল প্ৰেছ ক্লাবৰ সভাপতি মুক্তামনি হাজৰিকা, সাংবাদিক সুৰক্ষা মঞ্চৰ জ্যোতিষ পাতিৰ, যুগল কোঁৱৰ, কৰুণা ফুকন, ৰাহুল মণ্ডল, স্বৰূপ দত্ত, সমাজ কল্যান বিষয়া অম্বেশ্বৰ গগৈ, দাবী সমিতিৰ সম্পাদক যাদৱ গগৈকে ধৰি বিভিন্নজনে শ্ৰদ্ধাঞ্জলি নিবেদন কৰি চৰকাৰ তথা জিলা প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰা লগতে সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই তামোলবাৰীৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম গৃহ জ্যোতি তীৰ্থ পুনৰ নিৰ্মাণৰ লগতে অসম সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ শাখা স্থাপন কৰি জ্যোতি চৰ্চা,গৱেষণা কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে দৃঢ় পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনোৱা লগতে তামোলবাৰী ভ্ৰমণ কৰি ক্ষেত্ৰ ভিত্তিক অধ্যয়ন কৰি যাবতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে।

Leave A Reply