Breaking

মুখ্যমন্ত্ৰী হিমন্ত বিশ্বক সুমতি প্ৰদান কৰিবলৈ শিৱ মন্দিৰত প্ৰাৰ্থনা জামুগুৰিহাটৰ মহিলাৰ।

0 515

নিৰ্বাচনৰ প্ৰাক মুহুৰ্তত মাইক্ৰ ফাইনেঞ্চৰ ঋণ মাফ কৰি দিয়া হ’ব বুলি সেই সময়ৰ স্বাস্থ্য মন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যদিও বৰ্তমান কিছু চৰ্ত সাপেক্ষেহে ঋণ মাফ কৰা হ’ব বুলি ঘোষনা কৰাৰ পাছত জামুগুৰিহাটৰ
মহিলাৰো ক্ষোভ আৰু প্ৰতিবাদ অব্যাহত আছে । জামুগুৰিহাটৰ ডেকাচুক গাঁওৰ এইসকল মহিলাও বুধবাৰে এইদৰে কোনো চৰ্ত নোহোৱাকৈ তেওঁলোকৰ মাইক্ৰ ফাইনেঞ্চৰ ঋণ মাফ কৰি দিবলৈ ৰাজ্য চৰকাৰক দাবী জনাই প্ৰতিৱাদ কৰাৰ লগতে গাঁওৰ শিৱমন্দিৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এই বিষয়ত সুমতি প্ৰদান কৰিবলৈ ভগৱানক প্ৰাৰ্থনা জনাই । নিৰ্বাচনৰ প্ৰাক মুহুৰ্তত এই সকল মহিলাই এই মন্দিৰতে হিমন্ত বিশ্ব শৰ্মা ৰজা হ’ব লাগে বুলি প্ৰাৰ্থনা কৰিছিল আৰু এতিয়া তেওঁ ৰজা হোৱাৰ পাছত মাইক্ৰফাইনেঞ্চৰ ঋণ মাফ কৰি তেওঁলোকৰ দুখ মোচন কৰিব লাগে বুলিও মন্তব্য কৰে মহিলা সকলে।

Leave A Reply