Breaking

স্বৰ্গীয় ৰেৱতী মোহন বৰঠাকুৰ সামাজিক ন্যাসৰ উদ্যোগত চেনিটাইজেচন কাৰ্য্যসূচী।

0 518

স্বৰ্গীয় ৰেৱতী মোহন বৰঠাকুৰ সামাজিক ন্যাসৰ উদ্যোগত চেনিটাইজেচন কাৰ্য্যসূচী।
ন্যাসৰ উদ্যোগত হোজাই চহৰৰ বিভিন্ন প্ৰান্তত চেনিটাইচ কৰা হয়।
ক’ভিড সংক্ৰমণ ৰোধৰ বাবে সংস্থাটোৱে এই পদক্ষেপ গ্ৰহণ কৰা বুলি মন্তব্য আগবঢ়ায়। লগতে সংস্থাৰ উদ্যোগত ৰাজ্যৰ অনান্য অঞ্চলসমূহতো এনে কাৰ্য্যসূচী কৰা হৈছে বুলি প্ৰকাশ কৰে। আজি হোজাই চহৰৰ চেনিটাইজ কৰাৰ ওপৰিও পৰৱৰ্তী সময়ত জিলাৰ লংকা আৰু লামডিং চহৰতো কৰাৰ কথা উল্লেখ কৰে।
আজিৰ এই চেনিটাইজেচন কাৰ্যসূচীত হোজাইৰ বিধায়ক ৰামকৃষ্ণ ঘোষ, হোজাই বিজেপিৰ জিলা সভাপতি অনুপ দেৱৰ লগতে সংস্থাটোৰ বিষয়বৱীয়া সকল উপস্থিত থাকে৷ বিধায়ক ৰামকৃষ্ণ ঘোষে নিজে হোজাইৰ বিভিন্ন প্ৰান্তত চেনিটানজেচন কৰাৰ লগতে ৰাইজক কৰ’ণা সন্দৰ্ভত সজাগ কৰাৰ প্ৰয়াস কৰে৷

স্বৰ্গীয় ৰেৱতী মোহন বৰঠাকুৰ সামাজিক ন্যাসৰ উদ্যোগত কৰা এই পদক্ষেপৰ শলাগ লৈছে হোজাইৰ সচেতন মহলে৷ চেনিটাইজেচন কাৰ্যসূচীত অংশগ্ৰহণ কৰা সকলোকে ধন্যবাদ জ্ঞাপন কৰে সংস্থাটোৰ মুখ্য ন্যাসৰক্ষী বিভুতি ভূষণ বৰঠাকুৰে৷

Leave A Reply