Breaking

ঐতিহ্যমণ্ডিত বহৰি সত্ৰক যিকোনো উপায়ে সুৰক্ষা দিয়াৰ প্ৰতিশ্ৰুতি মন্ত্ৰী পিযুষ হাজৰিকাৰ

0 526

ৰাজ্যৰ জলসম্পদ মন্ত্ৰী পিযুষ হাজৰিকাই আজি বৰপেটা জিলাৰ বহৰিত উপস্থিত হৈ ব্ৰহ্মপুত্ৰ নৈয়ে সৃষ্টি কৰা ব্যাপক খহনীয়া জনিত পৰিস্থিতিৰ  পৰিদৰ্শন কৰি অৱস্থাৰ বুজ লয়। নৈৰ গৰাখহনীয়াই অঞ্চলটোৰ লগতে ইয়াৰ মহাপুৰুষ হৰিদেৱৰ দ্বাৰা স্থাপিত ঐতিহাসিক সত্ৰখনৰ প্ৰতি সৃষ্টি কৰা প্ৰবল ভাবুকি স্বচক্ষে প্ৰত্যক্ষ কৰি উদ্বিগ্নতা প্ৰকাশ কৰে আৰু ঐতিহ্যমণ্ডিত সত্ৰখন যিকোনো উপায়ে ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। তেওঁ সত্ৰখনৰ লগতে বহৰি বজাৰ অঞ্চলটোৰ সুৰক্ষাৰ বাবে এখন জিও বেগৰ আঁচনি চলিত বিত্তীয় বৰ্ষতে গ্ৰহণ কৰা হ’ব বুলি ঘোষণা কৰে । সমগ্ৰ খহনীয়া পীড়িত অঞ্চলটো পৰিদৰ্শনৰ অন্তত তেওঁ কয় যে বহৰিৰ সুৰক্ষাৰ বাবে  দুতৰপীয়া ব্যৱস্থা গ্ৰহণ কৰা হ’ব। প্ৰথম পৰ্যায়ত সত্ৰৰ কাষৰ এক-ডেৰ কিলোমিটাৰ অঞ্চলত জিও বেগেৰে সুৰক্ষাৰ ব্যৱস্থা লোৱা হ’ব। তাৰ লগে লগে উজনিৰ দিশে পাৰ্কুপাইন দি নৈখনৰ গতি সলনিৰো প্ৰয়াস চলোৱা হ’ব। এই কাৰ্যত সফল হলে বাকী অংশ্ও সুৰক্ষিত হোৱাৰ আশা আছে। অন্যথা বাকী অংশৰ বাবে পৰ্যায়ক্ৰমে অন্য প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি মন্ত্ৰী গৰাকীয়ে উপস্থিত সাংবাদিকৰ আগত সদৰি কৰে। তদুপৰি সাময়িক সকাহৰ বাবে জলসম্পদ বিভাগৰ  নিয়মীয়া মেৰামতি আৰু প্ৰতিপালন শিতানৰ পুজিৰে যৎপৰোনাস্তি প্ৰচেষ্টা চলাই যাবলৈ বিভাগীয় বিষয়া সকলক নিৰ্দেশ দিয়াৰ কথা উল্লেখ কৰি তেওঁ কয় যে, ইতিমধ্যে এই অস্থায়ী ব্যৱস্থায়ো কিছু কাম দিছে। ম‌ই ইয়ালৈ আহিবলৈ সময় পোৱা নাছিলো যদিও গুৱাহাটীৰ পৰাই ফোনযোগে সকলো কাম-কাজৰ তদাৰক কৰি আছোঁ।  মন্ত্ৰী গৰাকীয়ে নাওত উঠি কিছুদূৰলৈ গৈ খহনীয়াৰ ভয়াবহতা প্ৰত্যক্ষ কৰে। এই পৰিদৰ্শন কালত চেঙা সমষ্টিৰ বিধায়ক‌ আশ্ৰাফুল হুছেইন, বৰপেটাৰ বিধায়ক আব্দুৰ ৰহিম আহমেদ, বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদ, জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচাল, অসম উদ্যোগিক উন্নয়ন নিগমৰ উপাধ্যক্ষ জিতু তালুকদাৰ, জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা, চেঙাৰ চক্ৰ বিষয়া নিতুল খাটনিয়াৰ আৰু জলসম্পদ বিভাগৰ  জেষ্ঠ বিষয়া সকল উপস্থিত থাকে।  ৰাজ্যৰ তথ্য আৰু জনসংযোগ তথা সংসদীয় পৰিক্ৰমা বিভাগৰো দায়িত্বত থকা মন্ত্ৰী গৰাকীয়ে ইয়াৰ আগতে প্ৰথমেই বহৰি সত্ৰত সেৱা জনাই সত্ৰ চৌহদতে এটা গছপুলি ৰূপণ কৰে। সত্ৰ সমিতিৰ তৰফৰ পৰা মন্ত্ৰী গৰাকীক গায়ন বায়নেৰে আদৰণি জনোৱাৰ লগতে চেলেং চাদৰ, গ্ৰন্থৰ টোপোলা আদিৰে সম্বৰ্ধনা জনায়। জিলা জনসংযোগ বিষয়া আৰু জলসম্পদ বিভাগৰ তৰফৰ পৰাও  মন্ত্ৰী গৰাকীক ফুলাম গামোছা, শৰাই আদিৰে আদৰণি জনোৱা হয়। বহৰিৰ খহনীয়া পৰিদৰ্শনৰ পিছতে মন্ত্ৰী হাজৰিকাই সৰভোগলৈ গৈ কালি মৃত্যু বৰণ কৰা বিজেপিৰ জিলা সভাপতি তথা অসম শক্তি উৎপাদন প্ৰতিষ্ঠানৰ অন্যতম সঞ্চালক শংকৰ চন্দ্ৰ দাসৰ বাসগৃহলৈ গৈ পৰিয়াল বৰ্গক সাক্ষাৎ কৰাৰ লগতে মৃতকৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। তাৰ পিছতে তেওঁ পাঠশালালৈ গৈ অলপতে মৃত্যু মুখত পৰা বিশিষ্ট শিক্ষাবিদ তথা সমাজ কৰ্মী সম্পূৰ্ণানন্দ তালুকদাৰৰ ঘৰলৈ গৈ মৃতকৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে।

Leave A Reply