Breaking

নগাঁৱত সাংসদ গৌৰৱ গগৈৰ কভিড চিকিৎসাৰ বাবে অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ : এখন এম্বূলেঞ্চ দিয়াৰ ঘোষণা

0 519

নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ” ফাৰ্ম টু ফুড ফাউণ্ডেচন” আৰু “গুঞ্জৰ” নামৰ অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠানৰ উদ্যোগত আৰু কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈৰ প্ৰচেষ্টাত আজি কভিড চিকিৎসাৰ বাবে প্ৰয়োজনীয় কেতবোৰ অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰা হয়। আজি এই অত্যাৱশ্যকীয় সামগ্ৰীসমুহ আনুষ্ঠানিক ভাবে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয় কৰ্তৃপক্ষক প্ৰদান কৰে সাংসদ গগৈয়ে। সাংসদ গৰাকীয়ে বিতৰণ কৰা সামগ্ৰী সমুহ হ’ল- অক্সিমিটাৰ, থাৰ্মস্কেনাৰ, থাৰ্মোমিটাৰ, পি পি ই কিট, অক্সিজেন কনচানটেটৰ, উন্নতমানৰ মাস্ক আদি। তেওঁ এই সামগ্ৰী বিতৰণ কৰাৰ পূৰ্বে নিজৰ মন্তব্য প্ৰকাশ কৰি কয়, কভিড-১৯ সমগ্ৰ দেশৰ লগতে অসমতো ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰিছে। চৰকাৰে এতিয়া সৰ্বসাধাৰণ ৰাইজক ভেকচিন দিব পৰা নাই। আনকি, অসমত এতিয়াও পৰ্যাপ্ত পৰিমাণে ভেকচিন নাই। এই ক্ষেত্ৰত চৰকাৰক গুৰুত্ব দিবলৈ তেওঁ আহ্বান জনাই কয়, যিহেতু কডিড কেয়াৰৰ ক্ষেত্ৰত ৰোগীৰ বাবে প্ৰয়োজনীয় অত্যাৱশ্যকীয় সামগ্ৰী পৰ্যন্ত নহয়, সেয়ে তেওঁ কেইটামান স্বেচ্ছাসেৱী অনুষ্ঠানৰ সহযোগত ৰোগী আৰু চিকিৎসা কৰ্মীৰ বাবে কেতবোৰ সহায়ক সামগ্ৰী বিতৰণৰ ব্যৱস্থা কৰিছে। সাংসদ গৰাকীয়ে তেওঁৰ সাংসদ উন্নয়ন পুজিৰ পৰা নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ বাবে এখন এম্বূলেঞ্চ প্ৰদান কৰিব বুলিও নিজৰ মন্তব্যত ঘোষণা কৰে। আজিৰ অনুষ্ঠানত বটদ্ৰৱাৰ বিধায়িকা শিবামনি বৰা, স্বাস্থ্য বিভাগৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ অতুল চন্দ্ৰ পাটৰ, নগাঁও অসামৰিক চিকিৎসাৰ অধীক্ষক ডাঃ এল চি নাথ, সমাজকৰ্মী সুৰেশ বৰা, মৃণাল শ‌ইকীয়াকে ধৰি বহু কেইগৰাকী বিশিষ্ট লোক উপস্থিত থাকে। উল্লেখ্য যে সাংসদ গৰাকীয়ে আজিৰ দিনটোত ৰূপহীহাট আৰু ধিং সমষ্টিৰ কেবাটাও চিকিৎসালয়ত অনুৰূপ সামগ্ৰী বিতৰণ কৰিব।

Leave A Reply