Breaking

অসম প্ৰেট্ৰৰাসায়নিক প্ৰকল্প নামৰূপলৈ অশনি সংকেত।

0 558

অসম চৰকাৰৰ অধীনস্থ অসম প্ৰেট্ৰ ৰাসায়নিক প্ৰকল্প। নামৰূপ চমুকৈ এ, পি, এল, বুলিলে সকলোৱে জ্ঞাত। ইতিমধ্যে সোণালী বৰ্ষত ভৰি দিয়া এই প্ৰকল্প টোলৈ নামিছে অশনি সংকেত। মুলপ্ৰকল্পটোৰ কাষতে নিৰ্মাণ কৰি থকা হৈছে দৈনিক ৫০০মেট্ৰিকটন মেঠানল উৎপাদনৰ লক্ষ্যৰে বহুকোটি টকাৰ ৰোপৰ বোজাৰে আন এটি অত্যধুনিক গোট। নামৰূপৰ একাংশ দল, সংগঠন, জনতা, শ্ৰমিক কৰ্মচাৰীয়ে পৰোক্ষভাৱে কব খোজে যে উক্ত গোটৰ নিৰ্মাণৰ কাম বৰ্তমান ৬০%য়ো সম্পূৰ্ণ হোৱা নাই। উল্লেখ যে প্ৰকল্পৰ বাবে কোটি কোটি টকাৰ ব্যয়ৰে ক্ৰয় কৰি অনা যন্ত্ৰাংশ তথা সামগ্ৰী সমূহ মুকলি খেল পথাৰত হাবিয়ে জংঘলে ভৰি পৰিছে আৰু আবাসৰ চৌহদত মুখ্য পথৰ দাঁতিত ৰদে বৰষুণে কি দৰে পেলাই থোৱা হৈছে সেয়া ইয়ে প্ৰমাণ কৰে প্ৰকৃত কামৰ অগ্ৰগতি আৰু এম, ডি, অধ্যক্ষৰ দায়িত্ব খতিয়ান। ইফালে প্ৰকল্পৰ ধন মুখ্য গেট, অফিছাৰ ক্লাৱ, আদিত ইত্যাদিৰ নামত খৰচ কৰিছে বুলিও একাংশ শ্ৰমিকে মৌখিক অভিযোগ উত্থাপন কৰা দেখা যায়। আনহাতে এচাম স্হায়ী শ্ৰমিকে প্ৰাপ্য বিচাৰি হাহাকাৰ কৰাৰ তথ্যত নামৰূপত ভাইৰেল হৈ পৰিছে। সচেতন মহলৰ আহ্বান নৱ নিৰ্মিত প্ৰকল্প শীঘ্ৰে সম্পূৰ্ণ কৰি উৎপাদন ক্ষণ কৰি লাভাংশৰ ধনেৰে নামৰূপ তথা অসমৰ সৌন্দৰ্য্য বৰ্দ্ধনত গুৰুত্ব দিয়ক। অন্যথা অচিৰেই প্ৰকল্পত লাগিব টলা।

Leave A Reply