Breaking

কৃত্ৰিম বানৰ গ্ৰাহত ঐতিহাসিক নাজিৰা নগৰ

0 1,029

যোৱা নিশা মুষলধাৰ বৰষুণৰ ফলত কৃত্ৰিম বানৰ গ্ৰাহত পৰিল ঐতিহাসিক নাজিৰা নগৰ । ১৯০৯চনত স্থাপিত হোৱা এই নাজিৰা নগৰৰ নলা – নৰ্দমা সমূহৰ  পৰিস্কাৰকৰণ  , পকী নলা নিৰ্মাণ , পদ পথ নিৰ্মাণ আদি সুপৰিকল্পিত ভাৱে কামবোৰ কৰাৰ ক্ষেত্ৰত নিৰ্বাচিত জনপ্ৰতিনিধি সকলৰ লগতে পূৰ্বৰ নগৰ সমিতি তথা বৰ্তমানৰ পৌৰসভা – পৌৰ প্ৰশাসনৰ অপিপক্কতাৰ বাবেই এজাক পাতল বৰষুণতে ডুব যায় নগৰখনৰ ভালেকেইটা ৱাৰ্ড । তাৰোপৰি ক্ষমতাৰ খকত বলিয়ান জনপ্ৰতিনিধি সকলৰ জ্ঞানহীনতা আৰু গোপন ধনৰ খকৰ বাবেই যধে – মধে পকী গৃহ – সীমা বেৰা নিৰ্মাণৰ অনুমতি দিয়া অথবা অনুমতি বিহীন ভাৱেও নিৰ্মাণ হোৱা গৃহ – পকী বেৰা আদি বোৰৰ বাবেও নলা সমূহ ঠেক আৰু পানী ওলাই যাব নোৱাৰাকৈ নলা সমূহ বন্ধ কৰি ৰখা তথাকথিত সম্ভ্ৰান্ত পৰিয়ালৰ লোকসকলৰ কাণ্ডজ্ঞানহীনতাৰ বাবেই এনে কৃত্ৰিম বানত জোলোকা – জোলোকে জীয়াতু ভোগিব লগা হৈছে জনগণে । এজাক পাতল বৰষুণতে নগৰৰ মাজমজীয়াৰ চৰকাৰী সাহাৰ্য প্ৰাপ্ত চিকিৎসালয় , ২ , ৩ , ৪ , ৫ ,৬ , ৭ , ৮ , ৯ আৰু ১০ নং ৱাৰ্ডৰ বিভিন্ন স্থান , পথ আদি ডুব যায় । যোৱা নিশা অহা মুষলধাৰ বৰষুণৰ ফলত উক্ত ৱাৰ্ডৰ পথ সমূহৰ লগতে ভালেকেইটা গৃহত পানী সোমাই বিস্তৰ ক্ষতি কৰে । পৰিতাপৰ বিষয় যে , পৌৰ কৰ্তৃপক্ষই নিয়মীয়াকৈ নলা – নৰ্দমা পৰিস্কাৰ নকৰাৰ ফলত পানী ওলাই যাব নোৱাৰাৰ বাবেই এনেদৰে কৃত্ৰিম বানৰ সমস্যাৰ সন্মুখীন হৈ আহিছে নগৰৰ জনগণ । অবশ্যে মাজে মাজে নলাসমূহ পৰিস্কাৰ কৰে যদিও নলাৰ পৰা তুলি থোৱা জাবৰ – আবৰ্জনা আদিবোৰ পৌৰ কৰ্তৃপক্ষৰ গাড়ী থকাৰ পিছতো উঠাই নি নিৰ্দিষ্ট স্থানত পেলোৱাৰ সুপৰিকল্পিত ব্যৱস্থা নোহোৱাৰ বাবেই পুনৰ সেইবোৰ নলাত পৰি পোত যায় । যাৰ বাবে বৰষুণৰ পানী সহজতে ওলাই যাব নোৱাৰে । আনহাতে নগৰৰ নলাৰ পানী ওলাই যোৱাৰ বাবে আমোলাপট্টি এলেকাত পূৰ্বে থকা এটা নলা এতিয়া দখল কৰি বন্ধ কৰি দিয়াৰ উপৰি অপৰিকল্পিত ভাৱে নিৰ্মাণ হোৱা পকী নলা বোৰেদি পানী ওলাই যোৱাৰ সুগম নহয় । আনফালে নলাৰ পানী নাফুক জানত পেলোৱাৰ সুগম দিশ আছে যদিও কৰ্তৃপক্ষই আজি পৰ্যন্ত নলা সমূহেই নিৰ্মাণ কৰি সম্পূৰ্ণ কৰিব নোৱাৰাটো চৰম পৰিতাপৰ বিষয় হৈ পৰিছে । 

Leave A Reply