Breaking

বোকাখাতৰ জাপৰিপথাৰত বনকৰ্মীৰ গুলীত ঢেকীয়াপতীয়া বাঘৰ মৃত্যু

0 1,042

 বোকাখাত মহকুমাৰ জাপৰি পথাৰত আজি পুৱা এটা মতা ঢেকীয়াপতীয়া বাঘৰ মৃতদেহ উদ্ধাৰ হয় ৷ উদ্ধাৰ হোৱা মৃত ঢেকীয়াপতীয়া বাঘটো বনকৰ্মীৰ গুলিতেই মৃত্যু হোৱা বুলি বনবিভাগে জানিবলৈ দিয়ে ৷ স্থানীয় লোকৰ মতে কাজিৰঙাৰ পৰা ওলায় অহা এই বাঘটোয়ে বিগত দুটা দিন ধৰি অঞ্চলটোত বিচৰণ কৰি ফুৰিছিল ৷ বৃহস্পতিবাৰৰ দিনা বাঘটোয়ে জাপৰিপথাৰৰ দিলীপ বৰা নামৰ লোকজনৰ বাৰীত এজনী গৰু হত্যা কৰে আৰু মৃত গৰু জনী কিছুদুৰলৈকে চোচৰাই নিয়ে ৷ গাওঁবাসীয়ে চিঞৰ বাখৰ কৰাত গৰুজনী এৰি আঁতৰি যায় বাঘটো ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলৰ ডিফলু নদীৰ পাৰত অৱস্থিত জাপৰি পথাৰ গাওঁৰ বাসিন্দাই আজি পুৱা মতা ঢেকীয়াপতীয়া বাঘটোৰ মৃতদেহটো জাৰণিৰ  এখনত প্ৰত্যক্ষ কৰে ৷ বাঘটো খেদি পঠিওয়াৰ লগতে গাওঁবাসীৰ নিৰাপত্তা প্ৰতি লক্ষ্য ৰাখি বনকৰ্মী সকলে বাঘলৈ লক্ষ কৰি গুলীও ফুটাব লগীয়া হয় ৷ বনকৰ্মীয়ে মৰা এনে গুলীয়ে আহত কৰে বাঘটোক আৰু ঘটনাস্থলীৰ নাতিদুৰতে বাঘটোয়ে মৃত্যুক সাৱতি লয় ৷ আজি পুৱা বাঘটোৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিচতে ঘটনাস্থলীত কাজিৰঙাৰ সঞ্চালক,  ডি এফ অ’ কে প্ৰমুখ্যে কৰি উচ্চ পদস্থ বিষয়াৰ উপস্থিতিত ঘটনাৰ তদন্তৰ লগতে মৰোনোত্তৰ পৰীক্ষাৰো ব্যৱস্থা কৰে ৷ মৰোনোত্তৰ পৰীক্ষাত বাঘটোৰ শৰীৰত গুলীৰ আঘাত পোৱা হয় ৷ বনকৰ্মীৰ গুলীত এটা ঢেকীয়াপতীয়া বাঘৰ মৃত্যুয়ে এতিয়া চাঞ্চল্যৰো সৃষ্টি কৰিছে ৷ ঘটনাৰ সম্পৰ্কত তদন্তও আৰম্ভ কৰিছে কাজিৰঙাৰ কৰ্তৃপক্ষই ৷

Leave A Reply