Breaking

চৰকাৰী গাওঁবুঢ়া অবিহনে চলিছে এটা বৃহত্তৰ অঞ্চল ।

0 548

নগাঁও জিলাৰ ধিং ৰাজহ চক্ৰৰ অধিনস্থ বৃহত্তৰ লহকৰ ঘাট গাঁৱত । দীৰ্ঘদিন ধৰি চৰকাৰী গাঁওবুঢ়া নথকাত ব্যাপক সমস্যাৰ সন্মুখীন হ’ব লগাত পৰিছে । এখন চৰকাৰী গাঁওবুঢ়াৰ প্ৰমাণ পত্ৰ কিম্বা এটা চহীৰ বাবে হাবাথুৰি খাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে অঞ্চলটোৰ সৰ্বসাধাৰণ ৰাইজে । কিয়নো বিগত সময়চোৱাত এইখন অঞ্চলত ডিম্বেশ্বৰ শইকীয়া নামৰ এজন চৰকাৰী গাঁওবুঢ়া আছিল যদিও এবছৰমান পূৰ্বে লহকৰ গাঁৱত সংঘটিত হৈছিল এক অপৃতিকৰ ঘটনা । উক্ত ঘটনাত কোনো ধৰণৰ তথ্য নোহোৱাকৈ একাংশ লোকে চৰকাৰী গাঁওবুঢ়া ডিম্বেশ্বৰ শইকীয়ৰ ওপৰতো অভিযোগ আনিছিল । আৰু সেই অভিযোগৰ ভিত্তিত ধিং ৰাজহ চক্ৰৰ চক্ৰ বিষয়াই ডিম্বেশ্বৰক গাঁওবুঢ়া পদবীৰ পৰা নিলম্বিত কৰিছিল । আৰু সেই তেতিয়াৰ পৰাই চৰকাৰী গাঁওবুঢ়া অবিহনেই ব্যাপক সমস্যাৰ মাজেৰে চলি আহিছে অঞ্চলবাসী । ঘটনাটোৰ সত্যাসত্যৰ সন্দৰ্ভত ইতিমধ্যে ডিম্বেশ্বৰ শইকীয়া আৰু অঞ্চলটোৰ শতাধিক ৰাইজৰ স্বাক্ষৰিত এক আবেদন দাখিল কৰিছে নগাঁও জিলা উপায়ুক্ত আৰু ধিং চক্ৰ বিষয়াক । আনহাতে ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলাম আৰু লহকৰ ঘাট গাঁও পঞ্চায়তৰ সভাপতি সহ অঞ্চলবাসীয়ে ডিম্বেশ্বৰ শইকীয়াৰ নিলম্বন প্ৰত্যাহাৰ কৰি পুনৰ চৰকাৰী গাঁওবুঢ়াৰ পদত নিযুক্তি দি অঞ্চলটোৰ ৰাইজক উপকৃত কৰিবলৈ নগাঁও জিলা উপায়ুক্ত মহোদয়ক অনুৰোধ জনাইছে ।

Leave A Reply