Breaking

ধুবুৰীত বগা চাউলৰ ক’লা বেহা

0 527

ধুবুৰীত ব্ৰহ্মপুত্ৰৰ মাজত জব্দ হয় চাউলভৰ্তি নাওঁ। বাংলাদেশলৈ সৰবৰাহ কৰা চাউলভৰ্তি নাওঁ জব্দ কৰে আৰক্ষীয়ে। বিলাসীপাৰাৰ পৰা দক্ষিণ শালমাৰা অভিমুখে বৃহৎ পৰিমানৰ চোৰাং চাউল বাংলাদেশলৈ সৰবৰাহ কৰাৰ সময়তে ব্ৰহ্মপুত্ৰত জব্দ কৰে আৰক্ষীয়ে। ধুবুৰী আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত ব্ৰহ্মপুত্ৰত শুক্ৰবাৰে সন্ধিয়া অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমানৰ FCI চোৰাং চাউল। লগতে সৰবৰাহ কৰা দুজন লোকক আটক কৰে আৰক্ষীয়ে। ধৃত লোক দুজন পাছেৰ আলী আৰু ছমীৰন সেখ বুলি জানিব পৰা গৈছে। সম্প্রতি ঘটনা সম্পর্কত ধুবুৰী আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

Leave A Reply